কবিয়ে নিজৰ সামাজিক দায়বদ্ধতাক কেতিয়াও পাহৰি যোৱা উচিত নহয়

বীৰ্কে বি. থাপা

birke b thapa
বীৰ্কে বি. থাপা

কবিতাৰ মই এজন অতি ছিৰিয়াছ পাঠক। সৰুৰে পৰাই মই কবিতা পঢ়ি আহিছোঁ। বিংশ শতিকাৰ আশীৰ দশকটো মোৰ যৌৱনৰ এটা সোণালী কাল। সেই সময়ছোৱাত আমি হেম বৰুৱা, নৱকান্ত বৰুৱা,হীৰেন ভট্টাচাৰ্য, নিৰ্মলপ্ৰভা বৰদলৈ আদি অগ্ৰজ কবিৰ উপৰি আশীৰ দশকত আত্মপ্ৰকাশ কৰি নিজা একোটা শৈলীৰে সেই সময়ৰ অগ্নিগৰ্ভা পৰিস্থিতিক লৈ কবিতা লিখি সুখ্যাতি লাভ কৰা সমীৰ তাঁতী, সনন্ত তাঁতি, নন্দ সিং, বিপুলজ্যোতি শইকীয়া, ৰফিকুল হুচেইন, ৰাজু বৰুৱা, মেঘালী ফুকন আদিৰ কবিতা খুব পঢ়িছিলোঁ।হীৰেন ভট্টৰ ‘দেশ বুলিলে আদেশ নালাগে’ৰ দৰে বিপ্লৱী ভাবাপন্ন কবিতাসমূহে আমাৰ চেতনাক যেনেদৰে বিদ্ৰোহী কৰি তুলিছিল তেনেদৰে ‘মমডাল এনেকৈ জ্বলি থকা দেখিলে মোৰ দুখ লাগি যায়/তাতকৈ ব’লা, এন্ধাৰতে বহোঁ’ৰ দৰে কবিতাসমূহে আমাৰ মনবোৰ ৰোমাণ্টিক বিষাদেৰে আৱৰি পেলাইছিল। সেইদৰে সনন্ত তাঁতিৰ বিদ্ৰোহী কবিতাসমূহ পঢ়ি আমাৰ মনবোৰ সাম্যবাদী চেতনাৰে উদ্বুদ্ধ হৈ উঠিছিল। সৰ্বহাৰাৰ দুৰ্জেয় শক্তিৰে শোষণমুক্ত সমাজ গঢ়াৰ সপোন জাগি উঠিছিল দুচকুত। মেঘালী ফুকনৰ কবিতাত প্ৰতিফলিত হোৱা গ্ৰাম্য আৰু নৈসৰ্গিক দৃশ্যবোৰে আমাৰ ল’ৰালিৰ ৰম্যভূমি পথাৰ, নৈ-জান-জুৰি, বোকা-পানী, খাল-দোং আদিক এনেদৰে সজীৱ কৰি তুলিছিল যে আমিও গ্ৰাম্য আৰু নৈসৰ্গিকতাৰ প্ৰেমত পৰিবলৈ আৰম্ভ কৰিছিলোঁ। মেঘালী ফুকনৰ কবিতাত অনুৰণিত নিভাঁজ অসমীয়া শব্দবোৰেৰে উপচি পৰিছিল আমাৰ মন-প্ৰাণ।

এনেকৈয়ে কবিতাৰ প্ৰেমত পৰিছিলোঁ সৌ তাহানিতে। তাৰ পাছতে কবিতাই তাৰ সুদীৰ্ঘ পথপৰিক্ৰমাত অনেক পৰিৱৰ্তন লাভ কৰিলে। একবিংশ শতিকাৰ নতুন প্ৰজন্মৰ কবিতাত প্ৰকাশ পোৱা নতুন শৈলী, নিৰ্মাণ-ৰীতি, প্ৰতীক আৰু চিত্ৰকল্পৰ ব্যৱহাৰেও আমাক যথেষ্ট আকৃষ্ট কৰে। নতুন প্ৰজন্মৰ কবিতাত প্ৰকাশ পোৱা ভাবৰ গভীৰতা আৰু বিষয়বস্তুৰ নতুনত্ব ভাল লাগে। আজিৰ কবিতা দুৰ্বোধ্য বুলি উঠা অভিযোগ সত্ত্বেও প্ৰণব কুমাৰ বৰ্মনৰ দৰে কিছুসংখ্যক কবিৰ কবিতাত দেখা পোৱা প্ৰবল সামাজিক দায়বদ্ধতা, শ্ৰেণীহীন সমাজ গঢ়াৰ স্বপ্নাতুৰ মন, ধৰ্মীয় সাম্প্ৰদায়িকতাৰ বিষবাষ্প কঢ়িওৱা শক্তিবোৰৰ বিৰুদ্ধে মুক্তভাৱে থিয় দিব পৰা নিৰ্ভীকতা আদিয়ে আমাৰ মনত সদায়ে এক আশাবাদ জগাই তোলে। সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ কবিতাই এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি আমি বিশ্বাস কৰোঁ।

বহুতে কয় যে মানুহে ৰস আস্বাদনৰ বাবেই কবিতা পঢ়ে। আগতে হয়তো তেনেকুৱা কিবা এটা আছিল। আমাৰ কৈশোৰ আৰু যৌৱনৰ দিনবোৰতো আমি কবিতা পঢ়িছিলোঁ কেৱল ৰস আস্বাদনৰ বাবে। যৌৱনৰ দিনবোৰত পঢ়া প্ৰেমৰ কবিতাবোৰত নিজৰ অন্তৰ্বেদনা, আৱেগ-অনুভূতিৰ মিল দেখি আমোদ পাইছিলোঁ। কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে কবিতা পঢ়াৰ উদ্দেশ্য কেৱল ৰসাস্বাদনেই হৈ থকা নাই। আজি মই কবিতা পঢ়োঁ নতুন প্ৰজন্মৰ মানসিকতা, সামাজিক দায়বদ্ধতা, অধ্যয়নৰ গভীৰতা আদি বিষয়বোৰ জনাৰ উদ্দেশ্যেৰে। যিসকল কবিৰ কবিতাত জীৱনৰ সত্যক আৱিষ্কাৰ কৰোঁ সেইসকল কবিৰ কবিতাই মই বাৰে বাৰে পঢ়োঁ—আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰোঁ আজিৰ প্ৰজন্মৰ দৃষ্টিভংগীক। নতুন প্ৰজন্মৰ বহু কবিয়ে প্ৰেমক লৈ অজস্ৰ কবিতা লিখিছে, যিবোৰ কবিতা পঢ়িবলৈ বা আবৃত্তি কৰিবলৈ ভাল। কিন্তু সুগভীৰ জীৱন-দৰ্শন আৰু সততা নথকা কবিতাই কেতিয়াও মনত স্থায়ী সাঁচ পেলাব নোৱাৰে। নীলিম কুমাৰৰ প্ৰেমৰ কবিতাসমূহত মই সদায়ে নতুনত্ব বিচাৰি পাওঁ—জীৱনক পৰ্যৱেক্ষণ কৰা নতুন দৃষ্টিভংগী বিচাৰি পাওঁ। নীলিম কুমাৰৰ ‘জোনাক ভাল পোৱা তিৰোতাজনী’ শীৰ্ষক কবিতাত প্ৰতিফলিত হোৱাৰ দৰে নাৰীৰ মান-অভিমান আদিৰ দৰে সূক্ষ্মাতিসূক্ষ্ম বিষয়বোৰ মই বিচাৰি চলাথ কৰোঁ নতুন প্ৰজন্মৰ কবিতাত। কাৰণ, সামাজিক দায়ৱদ্ধতাৰ লগে লগে নাৰীৰ আৱেগ-অনুভূতি, সমানাধিকাৰ আদিৰ প্ৰতি সহমৰ্মিতা আজিৰ সময়ৰ পৰিপ্ৰেক্ষিতত এক অত্যন্ত প্ৰয়োজনীয় বিষয় হৈ পৰিছে। নতুন প্ৰজন্মৰ কবিতাত এনেবোৰ বিষয় মই নিৰন্তৰ অন্বেষণ কৰোঁ।

গল্প, কবিতা, নাটক, উপন্যাস আদি সাহিত্যৰ সকলোবোৰ ক্ষেত্ৰৰে প্ৰধান বিষয় হৈছে প্ৰেম। এই প্ৰেম কেৱল নাৰী আৰু পুৰুষৰ প্ৰেমেই নহয়, এই প্ৰেম হ’ব পাৰে মানুহৰ প্ৰতি প্ৰেম, জাতিৰ প্ৰতি প্ৰেম, দেশৰ প্ৰতি প্ৰেম, প্ৰকৃতিৰ প্ৰতি প্ৰেম, নিঃসংগতাৰ প্ৰতি প্ৰেম, সংগীত, শিল্প-কলাৰ প্ৰতি প্ৰেম, জীৱৰ প্ৰতি প্ৰেম, নিঃস্ব-সৰ্বহাৰাৰ প্ৰতি প্ৰেম অথবা নিৰ্দিষ্ট একোটা আদৰ্শৰ প্ৰতি প্ৰেম।কবিৰ কবিতাসমূহতো এই প্ৰেম প্ৰতিফলিত হয়। এই কবিতাবোৰেই মোৰ ভাল লাগে। কিন্তু মই ভাবোঁ, কবিতাত কেৱল সৰল চিত্ৰণ নাথাকি তাত সমাজৰ প্ৰতি একোটা বাৰ্তা (message) থকা উচিত। আজিৰ কবিয়ে নিজৰ সামাজিক দায়বদ্ধতাক কেতিয়াও পাহৰি যোৱা উচিত নহয়। সুন্দৰ শব্দ, বাক্য-সজ্জা, চিত্ৰকল্প আদিৰে আদৰ্শ-নৈতিকতাহীন কবিতা লিখি চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰাতকৈ আজিৰ প্ৰজন্মৰ কবিয়ে তেওঁলোকৰ কবিতাৰ মাজেৰে সামাজিক দায়ৱদ্ধতাক প্ৰকাশ কৰিবলৈ চেষ্টা কৰা উচিত। সেইদৰে নতুন চিন্তা-চেতনাৰে জীৱনক পৰ্যৱেক্ষণ কৰা কবিতাসমূহেও আমাৰ দৰে পাঠকৰ চিন্তাৰ দ্বাৰ মুকলি কৰে। এনেধৰণৰ গভীৰ ভাবোদ্দীপক কবিতাই মোৰ প্ৰিয়।

সাম্প্ৰতিক অসমীয়া কবিতাৰ প্ৰতি মই সদায়ে আশাবাদী। সঁচা কথা যে, কবি নীলিম কুমাৰে কোৱাৰ দৰে সম্প্ৰতি বিভিন্ন কাকত-আলোচনী আৰু সামাজিক মাধ্যমসমূহত প্ৰকাশ পোৱা বহুসংখ্যক কবিতাই ‘অকবিতা’। এই কথাষাৰক লৈ এসময়ত যথেষ্ট বিতৰ্কৰো সূত্ৰপাত হৈছিল। কিন্তু কবিতাৰ এগৰাকী ছিৰিয়াছ পাঠক হিচাপে আমিও উপলব্ধি কৰোঁ যে সাম্প্ৰতিক কালৰ বহু কবিয়েই চমক সৃষ্টি কৰাৰ উদ্দেশ্যে জটিল শব্দ, বাক্যসজ্জা আৰু প্ৰতীক-চিত্ৰকল্প আদিৰে তেনেই দুৰূহ কবিতা লিখাত ব্ৰতী হৈছে। মই ভাবোঁ, কবিতা সহজবোধ্য হোৱাই মংগলজনক। আজিৰ কবিয়ে মনত ৰখা দৰকাৰ যে কবিতা হৈছে চিত্ৰশিল্পৰ দৰেই এক অত্যন্ত জটিল শিল্পকৰ্ম। অসাৱধানবশতঃ পৰা সামান্য এডাল আঁক বা ৰেখাৰ বাবে যিদৰে গোটেই ছবিখনেই নষ্ট হৈ যায়, ঠিক সেইদৰে এটা মাত্ৰ  শব্দ বা বাক্যৰ ভুল প্ৰয়োগৰ বাবে কবিতাৰ সমস্ত অন্তৰ্নিহিত ভাব বা শিল্পগুণ বিনষ্ট হ’ব পাৰে।

কি এই কবিতা? কবিতাৰ সাৰ্বজনীন সংজ্ঞা আজিলৈকে সম্ভৱ কোনেও দিব পৰা নাই। কবি ৱৰ্ডছৱৰ্থৰ সংজ্ঞা অনুসৰি সাধাৰণতে ভাবৰ স্বতঃস্ফূৰ্ত প্ৰকাশেই কবিতা বুলি বহুতে ক’ব খোজে যদিও এই কথাও সত্য যে, আমাৰ মন-মস্তিষ্কত দোলা দি থকা অলেখ চিন্তা-ভাবনাৰ  বেছিভাগেই হয়তো শৃংখলিত আৰু সুবিন্যস্ত নহয় আৰু সেয়ে আৱেগিক মুহূৰ্তত উথলি উঠা ভাবৰ স্বতঃস্ফূৰ্ত প্ৰকাশেই যে কবিতা—এই সংজ্ঞা বহু সময়ত মানি ল’বলৈ অসুবিধা হয়। বৰঞ্চ এই কথাহে সত্য যে অন্তৰত উথলি উঠা ভাব বা উপলব্ধিক অবিকৃতভাৱে প্ৰকাশ কৰাৰ তাগিদাতে কবিতাক বাৰে বাৰে ভাঙি-পিটি গঢ়া হয়, নিৰ্মাণ কৰা হয়। ডমহেন্দ্ৰ বৰাৰ মতে, কবিতা ৱৰ্ডছৱৰ্থে কোৱাৰ দৰে কেৱল আৱেগৰ অভিব্যক্তিয়েই নহয়, ইয়াত বৌদ্ধিক আৰু কল্পনাপ্ৰৱণতাৰ দিশ দুটাও সংলগ্ন হৈ থাকে।

কবিতা সৃষ্টিৰ প্ৰথম চৰ্তই হৈছে জীৱন আৰু জগতক সূক্ষ্মভাৱে উপলব্ধি কৰিব পৰাৰ সামৰ্থ্য। এই উপলব্ধিয়েই স্বতঃস্ফূৰ্তভাৱে কবিতাৰ ৰূপ লয়। কিন্তু কবিতাত ব্যৱহৃত শব্দ অথবা বাক্যসজ্জাবোৰক অভিব্যক্তিপূৰ্ণ কৰি তুলিবলৈ সূক্ষ্ম আৰু সচেতন মগজুৰে পুনৰ্নিমাণ কৰা হয়।

কিন্তু বহুসময়ত দেখা যায় যে কিছুসংখ্যক কবিয়ে তৎমুহূৰ্ততে কবিতা একোটা লিখি চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰে। এনে কবিতাৰ সৰহ সংখ্যকেই ছিৰিয়াছ পাঠকৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে। সামাজিক মাধ্যমত প্ৰকাশিত কবিতাসমূহত সততে দেখিবলৈ পোৱা অজস্ৰ লাইক-কমেণ্টেই কেৱল একোটা কবিতাৰ  মান নিৰূপণৰ প্ৰকৃত মাপকাঠি হ’ব নোৱাৰে। সেইদৰে কাকত-আলোচনীসমূহো ‘অকবিতা’ প্ৰকাশত বহুখিনি জগৰীয়া।কেইবাখনো আগশাৰীৰ আলোচনীতো মাজে-সময়ে তেনে কবিতা প্ৰকাশ পোৱা পৰিলক্ষিত হয়। গভীৰ অন্তৰ্দৃষ্টি, জীৱন আৰু জগত সম্পৰ্কে সূক্ষ্ম অনুভূতি, ইতিহাস-চেতনা, মনস্তাত্ত্বিক অধ্যয়ন, মানৱীয় অনুভূতি, ঐতিহ্য আৰু প্ৰমূল্যৰ প্ৰতি শ্ৰদ্ধা, প্ৰগতিশীল চেতনা ইত্যাদি অবিহনে কবিতাৰ সৃষ্টি যেনেদৰে অসম্ভৱ, তেনেদৰে কবিতাৰ বিচাৰো সম্ভৱপৰ নহয়। কিন্তু কিছু সংখ্যক কবিৰ ‘অকবিতা’বোৰক বাদ দি সাম্প্ৰতিক কালত অসমীয়া কাব্যজগতত বহু ভাল কবিতাও সৃষ্টি হৈছে—যি কথাক আমি স্বীকাৰ কৰিবই লাগিব। ইতিবাচক কথা এয়ে যে কবিতাৰ নিৰ্মাণশৈলীত দোষ-ত্ৰুটি থাকিলেও সাম্প্ৰতিক কালৰ অসমীয়া কবিসকলৰ কবিতাত প্ৰতিফলিত হোৱা এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে সমাজ চেতনা। আজিৰ কবিয়ে তেওঁলোকৰ কবিতাৰ মাজেৰে শ্ৰেণী-বৈষম্যহীন সমাজ গঢ়াৰ প্ৰগতিশীল মানসিকতাক সততে প্ৰকাশ কৰা দেখা যায়। ধৰ্মীয় সাম্প্ৰদায়িকতাৰ বিষবাষ্পৰে এচাম লোকে দেশখন কলুষিত কৰি তুলিবলৈ অপচেষ্টা কৰি থকা সময়ত আমাৰ বহুসংখ্যক নতুন প্ৰজন্মৰ কবিয়ে তেওঁলোকৰ কবিতাৰে তেনে অপশক্তিৰ বিৰুদ্ধে মূৰ দাঙি উঠা অত্যন্ত শুভ লক্ষণ।

আজিৰ প্ৰজন্মৰ কবিসকলৰ প্ৰতি মোৰ আহ্বান এয়ে যে আপোনালোকে শিপাক পাহৰি নাযাব। নিজৰ জন্মভূমি, সমাজ, দেশৰ ঐতিহ্যক শ্ৰদ্ধা কৰি প্ৰবল এক সামাজিক দায়বদ্ধতাৰে কবিতা লিখাত ব্ৰতী হওক। জটিল শব্দেৰে দুৰূহ কবিতা লিখি চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে সহজভাৱে কবিতা লিখাত গুৰুত্ব দিয়ক। কেৱল বিলাসী ৰেষ্টুৰেণ্টত আয়োজিত কবি-সন্মিলনসমূহত স্পন্দিত সুৰেৰে স্পীকাৰত কবিতা পাঠ কৰি, জাউৰিয়ে জাউৰিয়ে হাত-চাপৰি পোৱাটোৱেই আপোনাৰ কবিতাৰ উদ্দেশ্য হোৱা উচিত নহয়। আপোনালোকে এনে কবিতা লিখক যি কবিতাই বৃহত্তৰ সংখ্যক সৰ্বসাধাৰণ পাঠকৰো হৃদয় স্পৰ্শ কৰিব পাৰে, তেওঁলোকক আন্ধাৰ ৰাতিৰ বাট দেখুৱাব পাৰে।

বীৰ্কে বি. থাপা এগৰাকী লেখক। বৃত্তিত তেওঁ এগৰাকী শিক্ষক।

Leave a Reply

Your email address will not be published. Required fields are marked *