Issue: Vol. IV, No. 1, May-July, 2025
প্ৰকল্প ৰঞ্জন ভাগৱতী
পাৰিপাৰ্শ্বিক কবিতা(Ecopoems)ই আমাক এই উপলব্ধি দিয়ে যে আমি জীৱ-জগতত বহিঃপৰ্যবেক্ষক নহয়, আমি ইয়াৰ অন্তৰংগ এক সক্ৰিয় অংশগ্ৰহণকাৰী। পাৰিপাৰ্শ্বিক কবিতাই আমাৰ মনত এই বোধো জন্মায় যে জীৱজগত আৰু পৰিৱেশতন্ত্ৰৰ অখণ্ডতাৰ যত্ন লোৱাটো আমাৰ এক কৰ্তব্য। পাৰিপাৰ্শ্বিক কবিসকলে জীৱজগত আৰু পৰিৱেশতন্ত্ৰৰ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে ই আমাক সুন্দৰ ভৱিষ্যতৰ আশ্বাসো দিয়ে। শেহতীয়াকৈ অসমীয়া ভাষাত কেইবাখনো পাৰিপাৰ্শ্বিক কবিতাৰ সংকলন প্ৰকাশ পাইছে আৰু সিবোৰত আমাৰ জীৱমণ্ডল আৰু পৰিৱেশৰ সংকট আৰু সমস্যাৰ কথাবোৰে গুৰুত্ব লাভ কৰিছে। এই লেখাত তেনেকুৱা তিনিখন কবিতা-সংকলনৰ ওপৰত চমুকৈ আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।

প্ৰথমখন সংকলন হ’ল ডাঃ দেৱেন চাপকোটাৰ পৰিশ্ৰান্ত পৃথিৱী। দ্বিভাষিক এই সংকলনখনৰ কবিতাবোৰত জীৱমণ্ডল আৰু পৰিৱেশতন্ত্ৰৰ বিভিন্ন সমস্যাবোৰৰ প্ৰতি কবিৰ সজাগ সঁহাৰি লক্ষ্য কৰা যায়। চাপকোটা এগৰাকী নেপালী-ভাষী কবি আৰু লেখক। মূল নেপালীত লিখা কবিতাসমূহ অসমীয়ালৈ অনুবাদ কৰিছে নিৰু শৰ্মা পৰাজুলীয়ে। সংকলনটোৰ প্ৰথমটো কবিতাৰ শিৰোনাম হ’ল ‘পৃথিৱীবাদ’। কবিতাটো ছুইডিশ্ব কিশোৰী পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গৰ প্ৰতি সমৰ্পিত। ২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত বহা ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন এখনত গ্ৰেটাই নিজৰ ভাষণত বিশ্বৰ নেতাসকলৰ জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ প্ৰতি উদাসিনতা আৰু নিষ্ক্ৰীয়তাক ‘তোমালোকে কেনেকৈ সাহস কৰিলা’ বুলি চোকা সমালোচনা কৰিছিল। কবিতাটোত সেই প্ৰসংগৰ উল্লেখেৰে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি ৰাজনৈতিক নেতাসকলৰ চৰম উদাসিনতাক প্ৰশ্ন কৰা হৈছে। ৰাজনৈতিক নেতাসকলৰ পৰিৱেশ চেতনাক কবিতাটোত ‘শ্মশান বৈৰাগ্য’ৰ চেতনাৰ সৈতে তুলনা কৰা হৈছে। শ্মশান বৈৰাগ্য হ’ল শ্মশানলৈ যাওঁতে নিজে কৰা দুষ্কাৰ্যৰ কথা সুঁৱৰি মনত উদ্ভৱ হোৱা বৈৰাগ্যৰ অনুভৱ, যি শ্মশানৰপৰা ওলাই অহাৰ লগে লগে পাহৰি যোৱা হয়।
পাৰিপাৰ্শ্বিক কবিসকলে কবিতাৰ কলা-কৌশলতকৈ কবিতাৰ বিষয়বস্তুৰ ওপৰত ঘাইকৈ গুৰুত্ব দিয়ে। চাপকোটাৰ কবিতাবোৰতো বিষয়বস্তুৱে প্ৰাধান্য পাইছে। ‘নিমাখিত মৌমাখি’ শীৰ্ষক কবিতাটোৰ বিষয় হ’ল সংকটাপন্ন মৌমাখি প্ৰজাতি। মৌমাখি জৈৱ-বৈচিত্ৰ্যৰ এক অন্তৰংগ অংশ। মৌমাখিয়ে মানুহক কেৱল উচ্চমানৰ খাদ্যই যোগান নধৰে, ই উদ্ভিদৰ এক গৰিষ্ঠ অংশৰ পৰাগ সংযোগ ঘটোৱাতো ভূমিকা পালন কৰে। মৌমাখিকে ধৰি অন্য পৰাগ সংযোগকাৰী যেনে পখিলা, মৌপিয়া চৰাই আদিয়ে উদ্ভিদ প্ৰজাতিৰ বংশ বৃদ্ধিত সহায় কৰে। শেহতীয়া জলবায়ু পৰিৱৰ্তন আৰু মানুহৰ বিভিন্ন অবিবেচক কাণ্ড-কাৰখানাৰ বাবে মৌমাখি প্ৰজাতিলৈয়ো সংকট আহিছে। মৌমাখিবোৰ বিলুপ্ত হৈ গ’লে শস্যৰ উৎপাদন কমি যাব আৰু তেতিয়া মানৱ প্ৰজাতিলৈকো সংকট আহিব। কবিতাটোত সেই শংকা সৰল আৰু পোনপটীয়া ভাষাত এনেকৈ ব্যক্ত কৰা হৈছে– “কিন্তু বিলুপ্ত হ’লে মৌমাখিবোৰ/ এই বিশ্বৰ পৰা/ নুফুলিব ফুল/ নধৰিব ফল/ বিনাশ হ’ব মানৱৰ অকালতে”।
সংকলনটোৰ আন এটা কবিতা ‘ফুটা থকা ছাতি’ত অ’জন স্তৰক ছাতিৰ সৈতে কৰা তুলনা চিত্তাকৰ্ষক। ছাতি ৰ’দ-বৰষুণৰপৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা হয়। ছাতিত কেতিয়াবা ফুটা ওলালে তাত সুন্দৰকৈ টাপলি মাৰি দিয়া হয়। নাতিয়েকে স্কুলত পঢ়িবলৈ পাইছে যে অ’জন গেছৰ ছাতি এটাই পৃথিৱীখনক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰপৰা সুৰক্ষা দি আছে। সেই ছাতিটোত ফুটা ওলাইছে। নাতিয়েকে ককাকক সুধিছে, এই ছাতিটোৰ নিচিনাকৈ পৃথিৱীক সুৰক্ষা দিয়া ছাতিটোৰ ফুটাবোৰো টাপলি মাৰিব নোৱাৰি নেকি? তেতিয়া ককাকে কৈছে– “নিশ্চয় পাৰি, নাতি/ এয়াৰকণ্ডিছন আৰু গাড়ীৰ ব্যৱহাৰ কম কৰি/ আমাৰ উপযোগী খাদ্য, ফল-মূলৰ নিজেই খেতি কৰি,/ কাৰ্বন ফাৰ্মিং কৰি, বৃক্ষৰোপণ কৰি।” ককাকৰ উত্তৰ শুনি নাতি কিছু ক্ষণ মৌন হৈ ৰয় আৰু তাৰপিছত অতি উৎসাহেৰে কোৰ-খন্তি লৈ ককাকৰ হাতত ধৰি বাৰীলৈ যায়। পৰিৱেশতন্ত্ৰৰ সুৰক্ষাৰ প্ৰসংগত ককা আৰু নাতিৰ এই সৰল উপলব্ধি আৰু সজাগতা পাঠকৰ চেতনালৈকো ক’ব নোৱাৰাকৈয়ে সঞ্চাৰিত হয়।
‘বিৱশতা’ শীৰ্ষক কবিতাৰ বিষয়বস্তু টিছু পেপাৰ। টিছু পেপাৰ কাঠৰ মণ্ডৰপৰা তৈয়াৰ কৰা হয়। টিছু পেপাৰ তৈয়াৰৰ নামত অনেক বনাঞ্চল ধ্বংস কৰা হয়। সেয়ে কবিতাৰ বক্তাই ক’ৰবাত টিছু দেখিলেই তাৰ স্নিগ্দ্ধ ৰূপৰ আঁৰত বিষাদৰ ছাঁ দেখিবলৈ পায়। কেতিয়াবা বাধ্যত পৰি মুখৰ ওচৰলৈ নিলেও এটি অকটা গোন্ধ পায়, ঠিক পঠাৰ বলিশালৰ গোন্ধৰ দৰে। কবিতাটোত প্ৰকৃতিৰ ওপৰত বিভিন্ন ধৰণে চলি থকা ধ্বংসযজ্ঞৰ ওচৰত সাধাৰণ লোকৰ একো কৰিব নোৱৰাৰ অসহায়তা প্ৰকাশ পাইছে।
সাম্প্ৰতিক সময়ত সচেতনভাৱে পাৰিপাৰ্শ্বিক কবিতাৰ চৰ্চা কৰা এগৰাকী কবি হ’ল সত্যজিৎ গগৈ। ২০২৪ চনত তেওঁৰ আজিও আহিছিল অৰণ্যখন শীৰ্ষক সংকলনটি প্ৰকাশ পায়। বিভিন্ন পাৰিপাৰ্শ্বিক সমস্যাক সংকলনটোৰ কবিতাবোৰত সম্বোধন কৰা হৈছে। ‘আজিও আহিছিল অৰণ্যখন’ শীৰ্ষক কবিতাত নগৰীকৰণে জলবায়ুৰ ওপৰত পেলোৱা ক্ষয়ংকৰ প্ৰভাৱৰ কথা আছে। কবিতাটোত ধূলিৰ ঘূৰ্ণী বতাহক ধূলিচকাৰ ৰথৰ সৈতে তুলনা কৰা হৈছে। ‘তাইৰ জ্বৰ’ শীৰ্ষক কবিতাত গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যাক স্থান দিয়া হৈছে। কবিতাটোত অ’জন স্তৰক চোলাকাপোৰৰ লগত তুলনা কৰা হৈছে। দেৱেন চাপকোটাই তেওঁৰ কবিতাত অ’জন স্তৰক ছাতিৰ সৈতে কৰা তুলনাৰ নিচিনাকৈ সত্যজিৎ গগৈয়ে চোলাৰ সৈতে কৰা তুলনাতো অভিনৱত্ব প্ৰকাশ পাইছে। চোলাকাপোৰটো ফাটিছে। সেয়ে পৃথিৱীত তাপমান বৃদ্ধি পাইছে।
নগৰীকৰণৰ ফলত সৃষ্টি হোৱা সমস্যাই কেইবাটাও কবিতাত স্থান পাইছে। ‘বিশাল খুলি এটা হৈ পৰি আছে’ কবিতাত নগৰীকৰণৰ বাবে জধে-মধে পাহাৰ খননৰ ফলত হোৱা সমস্যাৰ প্ৰসংগ আছে। ‘এই চহৰত বৰষুণ নাই’ কবিতাতো নগৰীকৰণৰ নামত অবাধে পাহাৰ খনন আৰু বনানী ধ্বংসযজ্ঞ প্ৰকৃতি আৰু জনজীৱনৰ বাবে অভিশাপ হৈ দেখা দিছে।
‘শুকান মাটিত শিতান লৈ’ শীৰ্ষক কবিতাটোৰ বিষয়বস্তু হ’ল খৰাং। প্ৰথম তিনিটা শাৰীত শুকান মাটিত শিতান লৈ আকাশলৈ চাই থকা বীজৰ এখন চিত্ৰকল্প দাঙি ধৰা হৈছে– “শুকান মাটিত শিতান লৈ/ বীজবোৰৰ প্ৰাৰ্থনা/ আকাশলৈ”। যদিও কবিতাটোৰ ক’তো কৈ দিয়া নাই বীজবোৰে কিহৰ কাৰণে আকাশক উদ্দেশ্যি প্ৰাৰ্থনা কৰিছে, তথাপি পাঠকৰ বাবে অনুমান কৰাত অলপো কঠিন নহয় যে সেয়া বৰষুণৰ বাবে প্ৰাৰ্থনা। ‘শুকান মাটি’ শব্দযুগলে খৰাঙৰ ইংগিত দিছে।
‘ক্ৰমে ধূসৰ হৈ অহা’ শীৰ্ষক কবিতাটোত প্ৰকৃতিৰ ওপৰত অবাধ অত্যাচাৰ চলোৱা মানুহৰ লোভ আৰু স্বাৰ্থপৰতাক কটাক্ষ কৰা হৈছে। ‘কৰত কুঠাৰ মাতে’ শীৰ্ষক কবিতাটোৰ বিষয়বস্তুও বনাঞ্চল ধ্বংস। মানুহে নিজৰ স্বাৰ্থৰ বাবে অবাধে বনাঞ্চল ধ্বংস কৰি গৈছে– “কৰত কুঠাৰ মাতে/ হাবিখন হুৰাই দিলে/ সুহৃদৰ আকাশখন ভাগে”। অৰণ্য ধ্বংস হ’লে আপোনজনৰে ক্ষতি হয়। ‘সুহৃদ’ শব্দই আপোনজনকে বুজাইছে। এই আপোনজন অৰণ্যক আশ্ৰয় কৰি জীয়াই থকা চৰাই-চিৰিকতিও হ’ব পাৰে, পশু-পক্ষীও হ’ব পাৰে। এই আপোনজন স্বজাতি মানুহো হ’ব পাৰে। ‘আকাশখন ভাগে’ বাক্যাংশই আকস্মিকভাৱে অহা বিপদৰ ইংগিত দিছে। কবিতাটোৰ শেষৰ স্তৱকটো মৰ্মস্পৰ্শী। মানুহৰ নিৰ্বিচাৰ ধ্বংসযজ্ঞৰ ফলত অৰণ্য এতিয়া ঘৰৰ বেৰত আঁৰি থোৱা ছবিতহে বাছি আছেগৈ– “ধূলিয়ৰি বতাহ এছাটি হৈ/ হাবিখন কেতিয়াবা আহে/ সুহৃদৰ ঘৰলৈ/ বেৰত আঁৰি থোৱা নিজৰ ছবিখন চাবলৈ/ সুহৃদৰ কণমানি বেলিয়ে কান্দে।”
কবিসকলৰ বাবে প্ৰকৃতি বিভিন্ন সময়ত প্ৰেৰণাৰ উৎস হৈ আহিছে। গ্ৰীক গৰখীয়া গীতি, জাপানী হাইকু, অসমৰ শংকৰদেৱৰ শৰৎ বৰ্ণনাৰপৰা আৰম্ভ কৰি ৰোমাণ্টিক যুগৰ গীতিকবিতাসমূহলৈকে প্ৰকৃতিয়ে কবিসকলক বিভিন্ন ধৰণে অনুপ্ৰাণিত কৰি আহিছে। আনকি আধুনিক যুগৰ কবিতাতো কম-বেছি পৰিমাণে প্ৰকৃতি-প্ৰীতি কবিসকলৰ মাজত দেখিবলৈ পোৱা গৈছে। পাৰিপাৰ্শ্বিক কবিতাত কবিৰ প্ৰকৃতি-প্ৰীতি প্ৰকৃতি-সুৰক্ষা চেতনালৈ সলনি হয়। সত্যজিৎ গগৈৰ এইখন দ্বিতীয় সংকলন। প্ৰথম সংকলনৰ কবিতাবোৰত তেওঁৰ প্ৰকৃতি আৰু পৰিৱেশতন্ত্ৰৰ প্ৰতি সঁহাৰি আছিল উচ্ছ্বাসভৰা। সাম্প্ৰতিক সংকলনখনত সেই উচ্ছ্বাস সজাগতালৈ সলনি হৈছে। এগৰাকী পৰিৱেশ সুৰক্ষা কৰ্মীৰ দৰেই তেওঁ নিজৰ চৌপাশৰ জগতখনক চায় আৰু চকুত পৰা বিসংগতিবোৰৰ বিষয়ে পাঠকক সচেতন কৰিব বিচাৰে।

কবি অনিৰ্বাণ দত্তয়ো নিজকে এগৰাকী পাৰিপাৰ্শ্বিক কবি হিচাপে গঢ়ি তুলিছে। তেওঁৰ শেহতীয়া গ্ৰন্থ গছ আৰু অন্য কবিতা পাৰিপাৰ্শ্বিক কবিতাৰ এটি সংকলন। সংকলনটিৰ কবিতাবোৰত পাৰিপাৰ্শ্বিক চেতনা স্পষ্ট ৰূপত প্ৰকাশ পাইছে। ‘গছ’ শীৰ্ষক কবিতাটো সংকলনটোৰ এটা উল্লেখযোগ্য কবিতা। কবিতাটোত বক্তাই কৈছে যে এই পৃথিৱীত কোনোবাই যদি আটাইতকৈ বেছি হিংসা ভোগ কৰিছে সেয়া গছ। এই হিংসাৰ উৎস মানুহ। ঘৰ সজাৰ নামত, পথ বহলোৱাৰ নামত মন গ’লেই মানুহে গছ কাটি পেলায়। নানান অত্যাচাৰৰ পিছতো গছবোৰে মানুহৰ উপকাৰ সাধিবলৈ নেৰে। কটা যোৱাৰ পিছতো গুৰিতে গজালি মেলি আকৌ থন ধৰি উঠে। স্বাৰ্থপৰ মানুহ কেতিয়াও গছ হ’ব নোৱাৰে। কবিতাটোত মানুহৰ লোভী আৰু স্বাৰ্থপৰ চৰিত্ৰৰ বিপৰীতে গছক পৰোপকাৰী আৰু অমায়িক ৰূপত দাঙি ধৰা হৈছে– “কটা যোৱাৰ পাছতো/ গুৰিতে গজালি মেলা/ পৰোপকাৰী আৰু অত্যন্ত অমায়িক গছবোৰ/ আসুৰিক মানুহ নহয়/ সিহঁতক তুলি ধৰিবলৈ/ অলপো আতংকিত হ’ব নালাগে।” মানুহৰ লোভী আৰু স্বাৰ্থপৰতাৰ ছবি এখন ‘ভুল’ শীৰ্ষক কবিতাটোতো ফুটি উঠিছে। নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বশৱৰ্তী হৈ মানুহে কৰা ভুলৰ পৰিণাম চৰাই-চিৰিকটি আৰু জীৱ-জন্তুবোৰে ভুগিবলগীয়া হৈছে। চেঁচুক হোৱা, সৰা পাতবোৰে চোতাল লেতেৰা কৰা এনেকুৱা সৰু সৰু অজুহাততে মানুহে বাৰীৰ ফল-মূলৰ গছবোৰ কাটি পেলায়। গছজোপা কটাৰ সময়ত এবাৰো নাভাবে যে সেই গছজোপা কোনো চৰাই-চিৰিকটিৰ একো একোটা সমৃদ্ধ ঘৰ, একো একোটা মেটমৰা খাদ্যৰ ভঁৰাল। নিজৰ ভোক আৰু সম্ভোগৰ বাবে মানুহে চৰাই-চিৰিকটি, পশু-পক্ষীৰ বাসস্থান আৰু খাদ্যৰ ভঁৰাল ধ্বংস কৰি গৈছে– “নিজৰ ভোক আৰু সম্ভোগৰ বাবে/ বাৰ মাহ বেহা কৰা মানুহ/ ভাঙিছোঁ আনৰ ভঁৰাল/ তৈয়াৰ কৰিছোঁ ক্ষুধাৰ পৃথিৱী।” মানুহৰ নিৰ্দয়তাৰ আন এখন চিত্ৰ ‘বোধহয় প্ৰতিজন মানুহেই অন্ধ’ কবিতাটোত দেখিবলৈ পাওঁ। দিনৰ পোহৰত গাড়ীয়ে কুকুৰপোৱালি এটাক চেপি থৈ যায়। আহত পোৱালিটো মাজ ৰাস্তাতে পৰি থাকে। কাৰো থমকি ৰ’বলৈ সময় নাই। আহত পোৱালিটোৰ গাৰ ওপৰেৰেই গাড়ীবোৰ পাৰ হৈ গৈ থাকে। এয়া ৰাস্তাত প্ৰায়ে দেখি থকা এটা পৰিচিত দৃশ্য। কবিয়ে এই পৰিচিত দৃশ্যটোকে চিত্ৰধৰ্মী ভাষাৰে অন্তৰ্স্পৰ্শীকৈ দাঙি ধৰিছে– “তাৰ ছিৰাছিৰ দেহটোত সি নাই/ মাকজনীৰ অসহায় দুচকুৰ একোণত বহি/ দাঁতিৰ পৰা চাই আছে মানুহৰ ৰেহ-ৰূপ।” সংকলনটোৰ আন এটা কবিতা ‘এই ৰাস্তাৰে কোন ক’লৈ যাব’ প্ৰকৃতিৰ ওপৰত হস্তক্ষেপ কৰি কৰা উন্নয়নৰ ভৱিষ্যৎ কি তাক শ্লেষাত্মকভাৱে উত্থাপন কৰা হৈছে।
পাৰিপাৰ্শ্বিক চেতনাৰ কেন্দ্ৰ হিচাপে প্ৰকৃতি আৰু পাৰিপাৰ্শ্বিকতাক কল্পনা কৰি লোৱা হয়। পাৰিপাৰ্শ্বিক কবিসকলৰ দৃষ্টিত গছ-বন, চৰাই-চিৰকটিৰ দৰে মানুহো প্ৰকৃতিৰে এক অবিচ্ছেদ্য অংগ। পূৰ্বতে মানুহ প্ৰকৃতিৰে অংগ হৈ আছিল। নদ-নদী, গছ-বিৰিখ, পশু-পক্ষীৰ সৈতে মানুহৰ অভিন্ন সংযোগ আছিল। বিজ্ঞান-প্ৰযুক্তিৰ উন্নতিয়ে মানুহক প্ৰকৃতিক দমন কৰাৰ ক্ষমতা দিলে। ফলত মানুহ প্ৰকৃতিৰ কৰ্তা হ’বলৈ ধৰিলে আৰু নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ চলাবলৈ ধৰিলে। পাৰিপাৰ্শ্বিক কবিতাই মানুহক পুনৰ প্ৰকৃতিৰ মাজত স্থাপন কৰিব বিচাৰে। পাৰিপাৰ্শ্বিক কবিতাই মানুহ প্ৰকৃতিৰ অধিকৰ্তা হোৱাটো নিবিচাৰে। পাৰিপাৰ্শ্বিক কবিতাই বিচাৰে মানুহ প্ৰকৃতিৰ অংগ হৈ থাকক। দেবেন চাপকোটা, সত্যজিৎ গগৈ আৰু অনিৰ্বাণ দত্তৰ পাৰিপাৰ্শ্বিক কবিতাসমূহত প্ৰকৃতি আৰু পাৰিপাৰ্শ্বিক-কেন্দ্ৰিক চেতনা প্ৰবল ৰূপত ক্ৰিয়াশীল হৈ আছে। প্ৰকৃতি আৰু পাৰিপাৰ্শ্বিকতাৰ সংৰক্ষণ আৰু সুৰক্ষা সম্পৰ্কে পঢ়ুৱৈৰ নৈতিক চেতনা বৃদ্ধিত তেওঁলোকৰ কবিতাই নিঃসন্দেহে সহায় কৰিব।