Issue: Vol. IV, No. 1, May-July, 2025
বগা ঘোঁৰা বগা গোলাপ
পথাৰত ধান নাই – বালি
পুখুৰীত মাছ নাই – চপৰা
পাহাৰত গছ নাই – জুই
গছত চৰাই নাই – তেজ
চহৰৰ আঙুলিবোৰত, আঙঠিৰ আৰু ঠাই নাই
বগা ঘোঁৰা এটাৰ দৰে
মূৰ দুপিয়াই মাতে মৃত্যুৱে
২)
সপোনত, টোপনিত পৰক হাজাৰ মানুহ
চকুৰ চাৱনি শাওণৰ আকাশ হওক
আন্ধাৰত, মেকুৰীৰ চকু হৈ
জিলিকি উঠক মৃত্যু
৩)
ফুলৰ কাণে কাণে
পখিলাই কি মন্ত্ৰ শুনায়
অৰণ্যই, এতিয়াও ধুমুহাৰ ভাষা বুজি পায়
ক্ষুধাগ্নি
ক্ৰোধাগ্নি
মৰিগজা ঘাঁহনিৰে পোহৰৰ জুৰি বৈ যায়
ভেকুলীৰ গান
ভূঁই ৰোৱাৰ গান
তাকে শুনি শুনি চাই থাকিম চিৰকাল
আকাশৰ সেই গোলাপপাহৰ
অনগ্ন অনন্ত যৌৱন
জুৱা
কোনো ফলেই শিল হৈ নসৰে
ফুলে, কাকো দুখ দি পোৱা নাই
পৰ্বতবোৰে জানো গালি পাৰে কাৰোবাক
বাঁহীয়ে কাকো নাকামোৰে
বাতৰি-কাকত এখনে নিচিঞৰে—
কয় নীৰৱে
বহু বেলি বুৰিল
বহু ভগৱান ডুবিল
কতজনৰ কপালত
মৰণেযে চহী মাৰি থৈছে :
ক'ভিড - ১৯
ৰুমালত আজি, ফুল তোলে কোনে
টোকে হুকহুকনি
নীৰৱে
বিচিত্র চৰাইবোৰে, ওচৰলে' আহি সুধিছেহি
: কেনে আছা বন্ধু ?
: জুৱা
জুৱা খেলি আছোঁ, জীৱনৰ লগত
একান্ত নীৰৱে