Issue: Vol. IV, No. 1, May-July, 2025
দুৱাৰ
সপোন এটা লৈ তুমি
দুৱাৰৰ ওচৰলৈ আহিছিলা।
কিন্তু দুৱাৰ বন্ধ দেখি উভতি গ’লা।
দুৱাৰ খোলা আছিল।
কোনখন দুৱাৰ খোলা,
কোনখন বন্ধ
নাজানিলে
সপোন এনেকৈয়ে ভাগে।
কেতিয়াবা দুৱাৰ দিঠকত থাকে
সপোনত হেৰায়।
আৰু সপোনত খোলা দুৱাৰ
দিঠকত পোৱা নাযায়।
খোলা দুৱাৰ যদি বন্ধ দেখা
দুৱাৰৰ দোষ নাই।
হয়তো তোমাৰ দোষ
নাইবা ভিতৰত থকাজনৰ।
কিন্তু নিজৰ দোষ বুলি দুয়োজনৰ
এজনেও নাভাবা।
দুৱাৰৰ আঁৰত থকা অভ্যাসে
আমাক দুৱাৰৰ দুফালে
ৰাখি থৈছে।