দৃশ্য কবিতা : কবিতাৰ এক অনন্য ধাৰা

Issue: Vol. IV, No. 1, May-July, 2025

অনিৰ্বাণ দত্ত

কবিতা সন্দৰ্ভত বিভিন্ন সম্পৰীক্ষা সময়ে সময়ে হৈ থাকে৷ পৰিৱৰ্তিত সময় আৰু সমাজ-বাস্তৱৰ দাবীত কবিতাৰ আংগিক, বিষয়বস্তু, উপস্থাপন ৰীতি, ভাবাদৰ্শ, শব্দচয়ন, ছন্দপ্ৰয়োগ আদিলৈ অনেক পৰিৱৰ্তন আহি থাকে৷ অভিজ্ঞ কবি-সাহিত্যিকৰ নিজা বা সামূহিক প্ৰচেষ্টাত আগলৈ অহা তেনে কিছুমান পৰিৱৰ্তনে সাহিত্যত নিজাপি ঠাই দখল কৰিব পাৰে৷ এনে সম্পৰীক্ষাবোৰৰ মূল উদ্দেশ্য হ’ল যুগৰ লগত খাপ খুৱাই কবিতাৰ ক্ৰমবিৱৰ্তন সধা, কবিতাক আকৰ্ষণীয় তথা প্ৰভাৱশালী শিল্প হিচাপে প্ৰতিষ্ঠা কৰা আৰু কবিতাক সৰ্বসাধাৰণ পাঠকৰ ওচৰ চপাই নিয়া৷ উল্লেখযোগ্য যে, ঊনবিংশ শতিকাৰ ফৰাচী প্ৰতীকবাদ আৰু কবি এলিয়ট আদিৰ প্ৰভাৱত কবিতা সৰ্বসাধাৰণ পাঠকৰ বাবে দুৰ্বোধ্য হৈ পৰিছিল৷ কবিতা হৈ পৰিছিল বেছি বেছি বৈদগ্ধ্য আৰু কবি-কেন্দ্ৰিক৷ আনহাতে, দ্বিতীয় মহাসমৰে নতুন কবিসকলক তদানীন্তন আধুনিক সাহিত্য, শিল্প, সমাজ আৰু সংস্কৃতিৰ চলতি ধাৰণা আৰু তত্ত্ববোৰৰ প্ৰতি স্বপ্নভংগ ঘটাইছিল৷ এনে পৰিপেক্ষিততে সাহিত্যৰ অন্যতম প্ৰধান ভাগ— কাব্যলৈ উত্তৰ আধুনিকতাবাদী চিন্তা-দৰ্শনৰ আগমন ঘটিছিল৷ ১৯৫০ত নিউইয়ৰ্ক চহৰত ‘দ্য বিট জেনেৰেশ্যন’ৰ দৰে প্ৰতিবাদী শিল্প-সাহিত্যৰ আন্দোলন উদ্ভৱ হৈ আন আন দেশলৈও প্ৰসাৰিত হৈ পৰিছিল৷ এনে পৰিস্থিতিত নতুন দৃষ্টি-দৰ্শন অনুসৰণকাৰী কবিসকলে নতুন নতুন বিষয়বস্তুক আধাৰ কৰি নতুন নতুন আংগিক আৰু শৈলী কবিতাত প্ৰয়োগ কৰিছিল৷ দৃশ্য কবিতা(visual poetry)ও এনেকুৱা কিছুমান কাৰণতে, একাংশ কবিৰ হাতত পুনৰ্জীৱিত হৈছিল— ইয়াৰ কৃষিক্ষেত্ৰ আছিল তদানীন্তন দক্ষিণ আমেৰিকা আৰু উত্তৰ ইউৰোপ৷

ধাৰণা : দৃশ্য কবিতা (visual poetry) সাধাৰণ কবিতাৰ দৰেই ভাষাৰ সমলেৰে অৰ্থাৎ আখৰ, শব্দ, বাক্য, প্ৰতীক, উপমা, অলংকাৰ আদিৰ সহায়তে লিখা হয়৷ কিন্তু, এনে কবিতাত কবিতাৰ পাঠ(text)টোৰ অংগসৌষ্ঠৱ কেনেকুৱা কৰা হৈছে অৰ্থাৎ কবিতাটোৰ টাইপোগ্ৰাফিক উপস্থাপনটো কেনেকুৱা হৈছে— সি অধিক গুৰুত্বপূৰ্ণ৷ ভাষাৰ সমল ব্যৱহাৰ কৰি দৃশ্য কবিতা এটাৰ পাঠটো লিখাৰ একেসময়তে একেখিনি সমলেৰেই পাঠটোক এনেকুৱা এটা আকৃতিও প্ৰদান কৰা হয় যাতে আকৃতিটো দেখাত কবিতাটোৱে আলোচনা কৰা বস্তুটোৰ মূৰ্ত ছবিখন হৈ পৰে৷ তাৰমানে কবিয়ে একে হেঁচাতে দুটা কাম সিদ্ধি কৰিব লাগিব— কবিতাৰ পাঠটোও লিখিব লাগিব আৰু বিষয়বস্তুৰ ছবিখনো আঁকিব লাগিব৷ ইয়াৰ উপৰি,  দৃশ্য কবিতাটোৰ আত্মাত থাকিব লাগিব অনিন্দ্যসুন্দৰ সৌন্দৰ্যবোধ আৰু শৰীৰত থাকিব লাগিব দুৰ্লভ শিল্পগুণ৷ একাধিক জ্ঞানেন্দ্ৰিয়ক একত্ৰ উদ্দীপিত কৰি মানৱীয় সংবেদনশীলতাক অধিক সক্ৰিয় ৰূপত জগাই তুলিবলৈ দৃশ্য কবিতাবোৰে প্ৰয়াস কৰে৷ উদাহৰণস্বৰূপে, যদি কবিতাটো ‘গছ’ বিষয়ক হয় তেন্তে কবিতাৰ পাঠটোৰ বাবে নিৰ্বাচিত শব্দ, বাক্য আৰু আখৰবোৰ সুগঢ়ীকৈ লিখাৰ সমান্তৰালভাৱে সেই একেখিনি সমলেৰেই কবিতাৰ পাঠটো যাতে দেখাত বৰ্ণিত গছজোপাৰ ছবিখন হৈ পৰে তাক নিশ্চিত কৰা হয়৷ কিতাপৰ পৃষ্ঠাটোত পাঠকে সামগ্ৰিক দৃষ্টিত গছ এজোপাৰ ছবিখনহে দেখে আৰু আংশিক দৃষ্টি নিবদ্ধ কৰি কবিতাৰ পাঠটো পঢ়িব পাৰে৷ কবিতাটোৰ পঠন আৰু দৰ্শনে পাঠকক গছ এজোপাৰ প্ৰতি গভীৰ সংবেদনশীল কৰি তুলিব পাৰিব লাগিব৷ সি যি নহওক, কবিতাৰ পৰিদৃশ্যমান অৱস্থাটোৰ কেন্দ্ৰীয় গুৰুত্বলৈ লক্ষ্য কৰিয়ে এই নতুন কাব্যধাৰাক দৃশ্য কবিতা বুলি কোৱা হৈছে৷ ইয়াত মূলতঃ তিনিটা দিশত গুৰুত্ব প্ৰদান কৰা হয়— আক্ষৰিক (verbal), কণ্ঠধ্বনি (vocal) আৰু দৃশ্যমান (visual)৷ সেয়ে এনে কবিতাক verbivocovisual কবিতা বুলিও কোৱা হয়৷  verbivocovisual —এই বিনিৰ্ণীত শব্দটো আইৰিচ লেখক জেমছ জইচ(James Joyce)-এ Finnegans Wake নামৰ উপন্যাসখনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল৷ অৱশ্যে, কাব্য ইতিহাসত এনে কবিতাক আৰু বিভিন্ন নামেৰে অভিহিত কৰি অহা হৈছিল৷ যেনে— shaped poem, systematic poem, concrete poem আদি৷ আমি এই প্ৰবন্ধত তেনে শৈলীৰ কবিতাক বুজাবলৈ দৃশ্য কবিতা (visual poem) অভিধা ব্যৱহাৰ কৰিছোঁ৷ মন কৰিবলগীয়া যে, কবিতাক ইমানদিনে বিমূৰ্ত অনুভৱ আৰু উপলব্ধিৰ বস্তু বুলিহে গণ্য কৰা হৈছিল ৷ অনুভৱ কৰা, কল্পনা কৰা, চিন্তা কৰা, অনুমান কৰা আদি ভাবাত্মক কামবোৰ আৰু যুক্তি বিচাৰ বিশ্লেষণেৰে চালিজাৰি চোৱা, তুলনা কৰা আদি বৌদ্ধিক কামবোৰ কবিতাৰ লগত জড়িত বুলি ধৰা হৈছিল৷ প্ৰতীক, উপমা, অলংকাৰেৰে সমৃদ্ধ কবিতা এটি পঢ়ি পাঠকে এখন কল্পলোকত বিচৰণ কৰি ফুৰিব লাগিছিল, কবিতাৰ ভাববস্তুক প্ৰতিনিধিত্ব কৰা কোনো মূৰ্ত বস্তু পাঠকে কবিতাত চাবলৈ বা চুবলৈ নাপাইছিল৷ কিন্তু, দৃশ্য কবিতাই কবিতাৰ সেই পৰম্পৰাৰ অৱসান ঘটাইছে৷ দৃশ্য কবিতাৰ কাব্যশৰীৰটোক এখন ছবি হিচাপে পাঠকে প্ৰথম দৰ্শনতে প্ৰত্যক্ষ কৰে, যিটো ছবি আচলতে গোটেই কবিতাটোৰ এক মূৰ্ত প্ৰকাশ৷ গতিকে, দৃশ্য কবিতাৰ বিকাশে কবিতাক এক সমৃদ্ধিশালী দৃশ্য শিল্প ৰূপেও প্ৰতিষ্ঠা কৰিলে৷

দৃশ্য কবিতাৰ প্ৰকাৰ : পদ্য, ছনেট, হাইকু, মুক্ত পদ্য, গীতি কবিতা (Lyric), কাহিনী কবিতা (ballad) আদি ৰূপত পৰম্পৰাগত (traditional text poetry) কবিতাৰ বিভিন্ন ভাগ থকাৰ দৰেই দৃশ্য কবিতাৰো কিছুমান ভাগ আছে৷ যেনে—

(ক) মূৰ্ত কবিতা (Concrete Poetry): এইটোৱেই দৃশ্য কবিতাৰ আটাইতকৈ পৰিচিত ৰূপ। এনে কবিতাত শব্দবোৰ বিশেষ শৈলীত কাগজৰ পৃষ্ঠাত সজাই কবিতাৰ বিষয়বস্তু প্ৰতিফলিত কৰাকৈ এখন ছবি বা এটা আকৃতি গঠন কৰা হয়। উদাহৰণস্বৰূপে, তৰা বিষয়বস্তুৰ কবিতা এটাৰ পাঠটো তৰাৰ আকৃতিত সজাই থোৱা হ’ব পাৰে৷

(খ) শব্দৰ বাছনি আৰু বৰ্জন কবিতা (Found and Blackout Poetry): কিতাপ বা বাতৰিকাকতৰ পৃষ্ঠাত লিখা থকা পাঠ এটাৰ ওপৰত ভিত্তি কৰি এই প্ৰকাৰৰ কবিতা তৈয়াৰ কৰা হয়৷ ইয়াৰ বাবে নিৰ্দিষ্ট পাঠটোৰ কিছুমান শব্দ বাছনি (Found) কৰি একেদৰে ৰখা হয় আৰু বাকীবোৰ পেঞ্চিলেৰে ক’লা কৰি নেদেখা (Blackout) কৰি দিয়া হয়৷ অৰ্থাৎ ই  হৈছে অন্য উৎসৰ শব্দ, বাক্যাংশ বা অংশ ব্যৱহাৰ কৰি তৈয়াৰ কৰা এক প্ৰকাৰৰ কবিতা। তাৰ পিছত ধাৰে লোৱা পাঠটো সৃষ্টিশীল চিন্তাৰে সজাই-পৰাই নতুন কবিতা এটা কৰা হয়। কলাজৰ (collage) সৈতে এই সৃষ্টিকৰ্মৰ মিল আছে।

(গ) আখৰ-শিল্প (Calligrams): কেলিগ্ৰাম হৈছে এনে এক প্ৰকাৰৰ দৃশ্য কবিতা য’ত শব্দ বা বাক্যাংশৰ ভিতৰৰ আখৰবোৰক সজাই কবিতাৰ ভাববস্তুৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত চিনাকি প্ৰতিচ্ছবি একোটা সৃষ্টি কৰা হয়৷ আখৰবোৰক সুন্দৰ গঢ়ত আঁকি শিল্পগুণ বৃদ্ধি কৰা হয়৷ কেতিয়াবা পাঠকে কেলিগ্ৰাম আৰু কংক্ৰিট প্ৰকাৰৰ সৈতে বিভ্ৰান্তিত পৰে৷ কিন্তু, জনা উচিত কংক্ৰিট প্ৰকাৰত, শব্দবোৰ নিষ্পন্ন কৰা গাইগুটীয়া আখৰবোৰক বিভিন্ন আকৃতিত সজোৱা আৰু গঢ়া কামটো বাধ্যতামূলক নহয়৷ মূলতঃ কেলিগ্ৰাম হৈছে এটা দৃশ্য কবিতাৰ আৰু ভিতৰলৈ প্ৰৱেশ কৰি অধিক কেন্দ্ৰীভূতভাৱে লক্ষ্য কৰিব পৰা দৃশ্যগত উপাদানৰ শৃংখলা৷

(ঘ) দৃশ্য-বৰ্ণন কবিতা (Ekphrastic Poetry): এক্ফ্ৰাষ্টিক মানে কোনো দৃশ্যমান শিল্পকৰ্মক শব্দৰে বৰ্ণনা কৰা৷ একফ্ৰাষ্টিক কবিতা হৈছে এনে এটা কবিতা যিয়ে কোনো শিল্পকৰ্ম, যেনে কোনো চিত্ৰ, ভাস্কৰ্য বা ফটোগ্ৰাফক প্ৰাঞ্জলভাৱে বৰ্ণনা কৰে। ই দেখা আৰু অনুভৱ কৰাৰ মাজৰ দূৰত্ব হ্ৰাস কৰে৷ ‘Ekphrastic’ শব্দটো গ্ৰীক শব্দ ‘ekphrasis’ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে “বৰ্ণনা” বা “ব্যাখ্যা”৷

(ঙ) কলাজ কবিতা (Collage Poetry): কলাজ কবিতাক কলাজৰ সাহিত্যিক সংস্কৰণ বুলি ক’ব পাৰি৷ কলাজ কবিসকলে আলোচনী, বাতৰিকাকত, কিতাপ আদিৰ পৰা শব্দ আৰু বাক্যাংশ কাটি আনি সেইবোৰক এটা পৃষ্ঠাত অৰ্থপূৰ্ণভাৱে সজাই কলাজ কবিতা সৃষ্টি কৰে৷ কাটি উলিওৱা শব্দবোৰক কবিয়ে দিয়া অৱস্থান (position) আৰু শৈলী (style) গুৰুত্বপূৰ্ণ৷ এনে এটি কলাজ কবিতাই পাঠকক বহুমুখী অৰ্থ দান কৰিব পাৰে৷

(চ) গণিতীয় কবিতা (Mathviz Poetry): এই শৈলীত গণিতৰ নিখুঁততা আৰু আৰ্হিৰ সৈতে কবিতাৰ প্ৰকাশিকা শক্তিক যোগ কৰা হয়৷ গণিতৰ সমীকৰণ আৰু জ্যামিতিৰ আকৃতিবোৰ কবিতাৰ পংক্তিৰ (verse) সৈতে মিলাই লিখা হয়— য’ত সংখ্যা, চিহ্ন আৰু শব্দৰ বিন্যাসে (arrangement) এক সুষম আৰু সুদৰ্শন পাঠ(text)ৰ সৃষ্টি কৰে৷ গণিততো যে কাব্যিক আত্মা এটা আছে মেথভিজ কবিতাই তাক প্ৰমাণ কৰি যুক্তি আৰু আৱেগৰ মাজৰ ব্যৱধান দূৰ কৰিছে৷

বুৰঞ্জী:

(ক) ঐতিহাসিকভাৱে দৃশ্য কবিতা (visual poetry) গঢ় লৈ উঠিছে আকৃতি বা আৰ্হিযুক্ত (shaped poem) কবিতাৰ এক দীঘলীয়া পৰম্পৰাৰ পৰা৷ আৰ্হিযুক্ত কবিতাত শব্দবোৰ এনেদৰে সজ্জিত কৰা হয় যাতে কবিতাৰ বিষয়বস্তুটোৰ এটি চিত্ৰ পাঠটোত দৃশ্যমান হৈ উঠে৷ খ্ৰীষ্টপূৰ্ব তৃতীয় আৰু দ্বিতীয় শতিকাত গ্ৰীচ দেশৰ আলেকজেণ্ড্ৰিয়া চহৰত এনে আকৃতিৰ কবিতা জনপ্ৰিয় আছিল যদিও গ্ৰীক সংকলন (Greek Anthology) নামৰ কিতাপত মুষ্টিমেয় কেইটামান কবিতাহে এতিয়া উপলব্ধ৷ উদাহৰণস্বৰূপে, গ্ৰীক কবি আৰু ব্যাকৰণৰ পণ্ডিত ছিমিয়াছ অব্ ৰোডছ(Simias of Rhodes)ৰ ডেউকা, কণী আৰু হেচেট বা কুঠাৰ আকৃতিৰ কবিতা উল্লেখযোগ্য৷ উত্তৰ ধ্ৰুপদী (Post-Classical Age—  500 CE to 1500 CE) যুগ বা ইউৰোপীয় মধ্যযুগতো আৰ্হিযুক্ত কবিতা ৰচিত হৈছিল৷ জাৰ্মানীৰ হেচেৰ প্ৰদেশৰ কিড্ৰিচ নগৰত অৱস্থিত ছেইণ্ট ভেলেণ্টিন নামৰ কেথলিক গীৰ্জাত Gerechtigkeitsspirale (জাৰ্মান ভাষাত— “ন্যায়ৰ সৰ্পিল”) হৈছে এটা কবিতাৰ এক খোদাই। পাঠটো মণ্ডলীৰ বাবে এখন পিউ(বহা আসন)ৰ সন্মুখত সৰ্পিল ৰূপত খোদিত কৰা হৈছে৷ জাৰ্মান ভাষাৰ সম্ভৱতঃ এইটোৱে আটাইতকৈ পুৰণি আৰ্হিযুক্ত কবিতা৷ ইয়াক ১৫১০ খ্ৰীষ্টাব্দত বিশেষজ্ঞ কাঠমিস্ত্ৰী এৰহাৰ্ট ফাল্কেনাৰ(Erhart Falckener)-এ সৃষ্টি কৰিছিল। ইংৰাজী ভাষাত আৰ্হিযুক্ত কবিতাৰ উদাহৰণ হ’ল কবি জৰ্জ হাৰ্বাৰ্ট (George Herbert) ৰচিত ‘ইষ্টাৰ উইংছ’ আৰু ‘দ্য অলটাৰ’৷ এই দুয়োটা কবিতা হাৰ্বাটৰ ১৬৩৩ খ্ৰীষ্টাব্দত প্ৰকাশিত ‘দ্য টেম্পল’ কবিতাপুথিত সন্নিৱিষ্ট৷ ৰবাৰ্ট হেৰিক(Robert Herrick)ৰ কবিতা পুথি দ্য ন’বেল নম্বৰ্ছত সন্নিৱিষ্ট ‘দ্য ক্ৰছট্ৰি হিয়েৰ’ আন এটা আৰ্হিযুক্ত কবিতাৰ উদাহৰণ৷ এই কবিতাবোৰত খ্ৰীষ্ট ধৰ্মীয় ভাবনা প্ৰকাশ হৈছিল৷ কিন্তু, ফৰাচী লেখক ফ্ৰেনকইছ ৰাবেলিছ (François Rabelais) আৰু নাট্যকাৰ চাৰ্লছ-ফ্ৰাচোৱা পেনাৰ্ড(Charles-François Panard)-এ ১৭৫০ খ্ৰীষ্টাব্দত ‘ৱাইন ফ্লেগন’ নামে সুৰাৰ পিয়লাৰ আকৃতিত মদ্যপান বিষয়ক কবিতা লিখিছিল৷ একে শৈলীতে কবি কুইৰিনাছ মশ্বেৰোচ(Quirinus Moscherosch)-এ ১৬৬০ খ্ৰীষ্টাব্দত  ‘ইলাবৰেট গবলেট’ (elaborate goblet বা উপাচাৰসহ সুৰাৰ পিয়লা) বুলি আৰ্হিযুক্ত কবিতা লিখিছিল৷ একেদৰে, ১৮৬৫ খ্ৰীষ্টাব্দত ইংৰাজ কবি লুইছ কেৰল(Lewis Carroll)-এ ‘মাউছৰ কাহিনী’ নামে মেকুৰীৰ নেজৰ আকৃতিৰ কিছুমান কবিতা প্ৰকাশ কৰিছিল৷ প্ৰায় অৰ্ধশতিকা স্থবিৰ হৈ থকাৰ পাছত বিংশশতিকাৰ আৰম্ভণিতে এই কাব্যধাৰটোৰ পুনৰ আবিৰ্ভাৱ হয়৷ ১৯১৮ চনত ফৰাচী কবি গুইলম এপলিনেয়াৰ(Guillaume Apollinaire)-এ Calligrammes: Poems of Peace and War 1913–1916 বুলি এখন কবিতাপুথি প্ৰকাশ কৰে৷ সেই পুথিখনত ঘোঁৰা, পাৰ, হৃদযন্ত্ৰ, মুকুট আৰু দাপোণ, চৰাই আৰু ফুল আদি বিভিন্ন আকৃতিৰে দৃশ্য কবিতাবোৰ গঢ়ি উলিয়াইছিল৷ সেই কবিতাবোৰে গভীৰ কাব্যিক ভাবনাৰ উন্মেষ ঘটোৱাৰ সমান্তৰালকৈ দৃশ্যকলাৰ নান্দনিক ৰূপ একোটা প্ৰকট কৰিছিল৷

 (খ) যুদ্ধোত্তৰ যুগৰ আৰ্হি কবিতা (Post-war shaped Poetry): ১৯৫০ৰ দশকৰ প্ৰথমৰ ফালে ব্ৰাজিলৰ দুটা শিল্পকলাৰ দল লগ হৈ একেলগে অত্যন্ত বিমূৰ্ত আৰু নৈৰ্ব্যক্তিক কিছুমান শিল্প সৃষ্টি কৰিছিল৷ তেওঁলোকৰ লগ লাগিছিলহি ব্ৰাজিলৰ চাও প’ল চহৰ আৰু ৰিঅ’ ডি জেনেইৰ’  চহৰৰ প্ৰগতিবাদী সাহিত্য আন্দোলন(Avant-grade Literary Movement)ৰ কেইগৰাকীমান কৰ্মী৷ তেওঁলোক হ’ল— অগাষ্টো ডি কেম্পছ, হাৰল্ডো ডি কেম্পছ, ডেচিঅ’ পিগনাটাৰী, ফেৰেইৰা গুলাৰ, ৰ’নাল্ডো আজেৰেডো আৰু ৱলাডেমিৰ ডায়েছ পিনো৷ এওঁলোকে লিখিত ভাষাটোকো বিমূৰ্তভাৱে ব্যৱহাৰ কৰি শিল্প সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছিল৷ ১৯৫৬/৫৭ চনত ‘নেশ্যনেল এক্সিবিজন অব্‌ কংক্ৰিট আৰ্ট’ বুলি এখন প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল৷ সেই প্ৰদৰ্শনীত এইসকল প্ৰগতিবাদী সাহিত্য কৰ্মীয়েও তেওঁলোকৰ শিল্পকৰ্মবোৰ প্ৰদৰ্শন কৰিছিল৷ তেওঁলোকৰ সেই শিল্পকৰ্মবোৰে তাতে Concrete Poetry বুলি পৰিচয় লাভ কৰিছিল৷ তেতিয়াৰ পৰাই  shaped poetry ঠাঁচৰ কবিতাবোৰক বুজাবলৈ concrete poetry নামটো জনপ্ৰিয় হৈ পৰিল৷ সেইসকল কবিৰ উদ্যোগতে ১৯৫৮ চনত কংক্ৰিটৰ কবিতাৰ এখন ইস্তাহাৰ (The Manifesto) আৰু ১৯৬২ চনত এখন সংকলন প্ৰকাশ হৈ ওলাইছিল৷ বহু গৱেষকৰ মতে, আচলতে ছুইডিছ ভাষাৰ কবি ঐভিণ্ড ফলষ্ট্ৰমেহে (Oyvind Fahlstrom) ১৯৫৪ চনত Hätila ragulpr på fåtskliaben (Manifesto for Concrete Poetry) নামেৰে কংক্ৰিট কবিতাৰ সৰ্বপ্ৰথম ইস্তাহাৰখন প্ৰকাশ কৰি উলিয়াইছিল৷ বৰ্তমান Concrete Poetry নামটোৰ ঠাইত বহল অৰ্থত Visual Poetry নামটোহে অধিক জনপ্ৰিয়৷

দৃশ্য কবিতাৰ মূল বৈশিষ্ট্য :

(ক) দৃশ্য-পাঠ্য সংযোজন (Visual-Textual Fusion): লিখিত পাঠ (text) আৰু পাঠৰ দৃশ্যযোগ্য সুন্দৰ আকৃতি এটা সংযোগ কৰি কবিতাটো সম্পূৰ্ণ কৰা হয়৷ কবিতাটোৰ আকৃতি, টাইপ’গ্ৰাফী, ব্যৱধান আদিৰ বিন্যাস (arrangement) কবিতাটোৰ বিষয়বস্তুৰ সৈতে খাপ খোৱা৷ 

(খ) ভাষাৰ বস্তুনিষ্ঠতা (Materiality of Language) : পাঠ(text)ৰ প্ৰতিটো শব্দৰ বস্তুনিষ্ঠ অৰ্থত অধিক গুৰুত্ব দিয়া হয়৷ ইয়াৰউপৰি, আখৰ আৰু শব্দবোৰক কেৱল অৰ্থ প্ৰকাশৰ সমল বুলি নধৰি কলাত্মক (Artistic) উপস্থাপনৰ সমল হিচাপেও গণ্য কৰা

(গ) অৰৈখিক পঠন (Non-Linear Reading): কবিতাৰ পাঠটো শাৰী শাৰীকৈ পঢ়াৰ পৰম্পৰাগত নিয়মটো ইয়াত নাথাকে৷ পাঠকসকলে নিজৰ সুবিধামতে পঢ়াৰ যথেষ্ট সুবিধা পায়৷

(ঘ) ন্যূনতাবাদ (Minimalism):  ন্যূনতাবাদ হ’ল শিল্প আৰু সংগীতৰ এক প্ৰগতিশীল মতবাদ যি সৰু সৰু অংশবোৰক অধিক সুন্দৰকৈ সজোৱাত, ভিন্ন শৈলীত পুনৰাবৃত্তি কৰাত গুৰুত্ব আৰোপ কৰে, যাতে শিল্পটো অধিক আকৰ্ষণীয় হৈ পৰে৷ দৃশ্য কবিতালৈকো এই মতবাদটো লৈ অহা হৈছে৷ দৃশ্য কবিতাবোৰক অধিক প্ৰভাৱশালী কৰিবলৈ সেৰেঙা পাঠ সজ্জা (sparse text) কৰা হয়৷ একেটা শব্দৰ পুনঃ পুনঃ ব্যৱহাৰ আৰু শব্দবোৰ খণ্ডিত কৰি আখৰবোৰ সেৰেঙাকৈ  সজাই পাঠৰ সন্মোহিনী গুণ বৃদ্ধি কৰা হয়৷

জন হলাণ্ডেৰৰ কবিতা, দ্য অক্সফৰ্ড বুক অৱ আমেৰিকান পয়েট্ৰী সংকলনত সন্নিৱিষ্ট।

অসমীয়া ভাষাত দৃশ্য কবিতা চৰ্চা : অসমীয়া ভাষাত দৃশ্য কবিতাৰ চৰ্চা কোনে কেনেকৈ কৰি আছে বিশেষ তথ্য বিচাৰি পোৱা নাই ৷ কিন্তু, পাৰিপাৰ্শ্বিক কাব্য আন্দোলনৰ অগ্ৰণী কবি প্ৰকল্প ৰঞ্জন ভাগৱতীৰ বলধাৰোহী (অসম পাবলিচিং কোম্পানী, ২০২১) নামৰ কাব্যগ্ৰন্থখনত দুটা দৃশ্য কবিতা সংযোগ হৈছে৷ তাৰে এটা কবিতা তলত উল্লেখ কৰা হ’ল :

প্ৰকল্প ৰঞ্জন ভাগৱতীৰ কবিতা, বলধাৰোহী সংকলনত সন্নিৱিষ্ট।

সামৰণি : সি যি নহওক, দৃশ্য কবিতা সাম্প্ৰতিক বিশ্ব কবিতাৰ এক অভিনৱ ৰূপ, যিয়ে কবিতা সম্পৰ্কীয় সুদীৰ্ঘ কালৰ কিছুমান ধাৰণা আৰু পৰম্পৰা ভংগ কৰি কবিতাৰ অৰ্থ-প্ৰকাশক ক্ষমতা আৰু কবিতাৰ সামগ্ৰিক অংগসৌষ্ঠৱ বৃদ্ধি কৰিবলৈ আন্তৰিক প্ৰয়াস কৰিছে৷ ই সাহিত্য আৰু দৃশ্য কলাৰ মিশ্ৰণ ঘটাইছে, কবিতাৰ আংগিক আৰু বিষয়বস্তুক সংহত কৰি পৰম্পৰাগত ৰৈখিক পঠন(linear reading)ক প্ৰত্যাহ্বান জনাইছে। এনেধৰণৰ কবিতা নিৰ্মাণ কৰিবলৈ আমাৰ নতুন কবিসকলেও যত্ন কৰিব পাৰে৷

অনিৰ্বাণ দত্ত এগৰাকী কবি আৰু নিবন্ধকাৰ।