Issue: Vol. IV, No. 1, May-July, 2025
নীলকান্ত শইকীয়া
প্ৰশ্নটো আহিছে, মই কবিতা কিয় লিখোঁ? উত্তৰ এটা বাক্যতে দিব পাৰি— মই কবিতা লিখি সাহিত্যৰ আন ভাগবোৰতকৈ বেছি ভাল পাওঁ।গল্প, ব্যংগ গল্প, নিবন্ধ আদি লিখিছোঁ। নাটক, ৰেডিঅ‘ নাটক আদিও লিখোঁ। প্ৰথম অৱস্থাত কবিতাৰ লগতে উপন্যাসো লিখি চাইছিলোঁ। কিন্তু গদ্য লিখি কবিতাৰ সমান ভাল নাপাওঁ। গদ্য পঢ়িহে ভাল পাওঁ। কবিতা লিখি সম্পাদনা কৰা, মাজে মাজে কবিতাটোত অহা উপমা, প্ৰতীক, চিত্ৰকল্প, অনুষংগ আদিৰ শুদ্ধতা পৰীক্ষা কৰা বা সলনি কৰা আৰু শব্দ নিৰ্মাণৰ দৰে অপৰিসীম আনন্দৰ মাজত বুৰ গৈ থকা অৱস্থাটোৱে মোক বিৰল আনন্দ দিয়ে। মই আনন্দ নোপোৱা কাম বা লেখা লিখি সমূলি ভাল নাপাওঁ। কবিতা এটা সৃষ্টিৰ পাছত হয়তো সন্তুষ্ট নহওঁ। আৰু ভাল হোৱা হ‘লে ধৰণৰ অসন্তুষ্টি এটা সদায় থাকে। তথাপি কবিতা লিখা, কবিতাৰ বিষয়ে ভাবি থকা আনন্দই বেলেগ। সেয়ে মই কবিতা লিখোঁ। আনকি কোনো পৰিচিতজন বা সান্নিধ্য পোৱা প্ৰখ্যাতজনৰ বিয়োগতো গদ্য লিখাতকৈ কবিতাৰে অনুভৱ, উপলব্ধি প্ৰকাশ কৰিহে ভাল পাওঁ। তেনে ধৰণৰ শতাধিক কবিতা লিখা হৈছে।

কবিতা ঈশ্বৰৰ দান বুলি মই নাভাবোঁ। ছবছৰমান বয়সৰপৰাই মোৰ কবিতাৰ প্ৰতি আকৰ্ষণ বাঢ়িছিল। কিয় বাঢ়িছিল সেয়া ইয়াত লিখিলে দীঘল হ’ব আৰু প্ৰশ্নৰ বাহিৰলৈ যোৱা হ’ব। অৱশ্যে সেইবোৰ আছিল পদ্য। মোৰ খেতিয়ক পিতা আৰু অনাখৰী আই সৰল, উদাৰ আৰু কবিৰ দৰে মানুহ আছিল। শৈশৱ-কৈশোৰৰ মোৰ দাৰ্শনিক বন্ধু গান্ধী, বুদ্ধ, শংকৰদেৱ, মাধৱদেৱ, আৰু মোৰ চুবুৰীৰ বিশ্বনাথ বৰা প্ৰমুখ্যে শুভাকাংক্ষীসকলে মোক আজিও কবিতা লিখাই থাকে। পাছত অৱশ্যে আৰু বহুজন লগ হৈছে।
ঘৰৰ সন্মুখৰ বিশাল পথাৰখন, আপোন ডিহা নৈখন, গাঁৱৰ মানুহৰ লোককৃষ্টি আৰু কথনভংগীয়ে মোক কবিতা লিখাই থাকে।
মই অলপ এৰালছিঙা ধৰণৰ আছিলোঁ। কিবাকিবি ভাবি ভাল পাইছিলোঁ। শুই থাকোঁতে, গৰু চৰাওঁতে, কিতাপ পঢ়োঁতে আনকি শ্ৰেণীত শিক্ষকে পঢ়াই থাকোঁতেও মই বেছিভাগ সময় ভাবি থাকোঁ। ফলত শিক্ষকৰ ভেকাহি খাওঁ, চৰো খাওঁ। কয়- “ভাল ল’ৰাটো গ’লি আৰু! কি ভাবি থাক তই?” গৰুৱে গৈ লোকৰ ধাননিত সোমায়। গৃহস্থই কয়—তুমি বুলিহে আজি সাৰিলা।
আচলতে মই পদ্য মিলাই থাকোঁ। দহ-এঘাৰ বছৰ বয়সতে মই ছন্দ মিলাই কথা পাতিব পৰাও হৈছিলোঁ। বহীবোৰত পদ্যই ভৰিছিল। পদ্যৰ প্ৰতি এই নিচাই মোৰ পঢ়াত অপকাৰো কৰিছিল। সেই পদ্যই এসময়ত কবিতালৈ বাগৰিছিল। মই বুজি পাইছিলোঁ কিবা প্ৰকাশ কৰিব লাগিলে মই কবিতাৰেই কৰিব লাগিব। মোৰ মনন কবিতা লিখাৰ জোখাৰে। সেই কথাটোকে নীলমণি ফুকনছাৰে লক্ষ্য কৰি এবাৰ কৈছিল— “তোমাৰ গাত কবিতা আছে। কবিতা নেৰিবা।”
কবিতাৰ প্ৰতি এই আকুলতা সৰুকালতে গঢ় লোৱা যদিও পাছলৈ দুখ, ক্ষোভ, অৱজ্ঞা, অৱহেলা, ব্যৰ্থ প্ৰেম, প্ৰতিবাদ, অসমীয়াত্বৰ প্ৰতি দুৰ্বাৰ ভালপোৱা, ভাল নলগা কামবোৰত অতিব্যস্ততা (আনকি চাকৰিও), ন্যায়ৰ অতি আকাংক্ষা, সৌন্দৰ্যৰ প্ৰতি আকুলতা আদি কাৰকবোৰে মোৰ মাজত দুজন মানুহৰ অস্তিত্ব ৰোপণ কৰিছিল। কবিজনে সকলো বাদ দি কবিতাৰ মাজত থকাটো বিচাৰিছিল। কিন্তু সম্ভৱ নাছিল। অত্যন্ত ক্ষোভত মই খুব চিগাৰেট খাইছিলোঁ। কবিতাকো এৰি ঘোৰ সাংসাৰিক হৈও পৰিছিলোঁ। কিন্তু কবি বন্ধু নীলিম কুমাৰে মোক পুনৰ কবিতাৰ মাজলৈ ঘূৰাই আনিলে। সেইবাৰ উভতি আহি কবিতা, চাকৰি আৰু সংসাৰৰ সমস্যাৰ মাজত সহৱস্থান কৰিবলৈ চেষ্টা চলাই গ’লোঁ। কবি মইটোক ক’লোঁ—তই এতিয়া দুটা জীৱন কটাব লাগিব। এটা কবিৰ, আনটো আনৰ জীৱন। লিখিলোঁ-“প্ৰত্যেক মানুহে আনৰ জীৱন এটা কটায়। আনৰ দৰে হাঁহে, আনৰ দৰে খোজ কাঢ়ে, ঋতুৱে ঋতুৱে গায় আন এজনৰ গান।”
দেশ, জাতি, সমাজৰ বিপৰ্যয়ত লগতে প্ৰকৃতি, মানুহ, এই চৰাচৰৰ প্ৰতি কবিৰ দায়িত্ব থাকে। যদিও জানো কবিতাই পোনপটীয়াকৈ একো সমস্যাৰ সমাধান নকৰে। কিন্তু মোৰো কিবা ক’বলগীয়া থাকে। গতিকে মোৰ প্ৰিয় মাধ্যমেৰে কওঁ, প্ৰগতিশীল আৰু প্ৰতিবাদী কবিতাৰে। লিখিছোঁ- “কবিতা অজেয় অস্ত্ৰ, অজেয় তাৰ শক্তি, পল-অনুপল যি সাৰে থাকে।”
কবিতা লিখাৰ আৰু কাৰণ আছে। কবিয়ে আচলতে বেছিভাগ কবিতাত নিজক লিখে। কিন্তু কাব্যিক কৌশল আৰু বৈশিষ্ট্য ব্যৱহাৰ কৰি লিখে বাবে সেয়া ব্যক্তিগত হৈও নৈৰ্ব্যক্তিক হৈ পৰে। এইটো ভাল কবিয়েহে পাৰে। মই অলপ ভিতৰগোনা স্বভাৱৰ লোক। নিজৰ দুখ, যন্ত্ৰণা, পিষ্ট অতীত, ব্যৰ্থতা, বিফলতা, প্ৰেম-ভালপোৱা ইত্যাদিবোৰক মুকলিকৈ গদ্যৰে ক’বলৈ বেয়া পাওঁ। কিন্তু কবিতাই দিয়া বিভিন্ন বৈশিষ্ট্যবোৰৰ আঁৰ–কাপোৰখন ব্যৱহাৰ কৰি ছাঁ-পোহৰৰ যোগেদি কওঁ। অৰ্থাৎ কবিতাৰ আৱৰণৰ সুযোগ লৈ ক’ব পাৰোঁ।
কবিতা নিলিখিলে মই অশান্তিত ভোগোঁ। কবিতা লিখিবলৈ মোক কোনেও ফৰমাইচ দিব নালাগে। কবিতা আপুনি আহে। কিছুমান কবিতা লিখোঁতে বা ঠিক-ঠাক কৰোঁতে বহুত কষ্ট কৰোঁ। বহুত পঢ়োঁ, ইণ্টাৰনেটৰ সহায় লওঁ। আগতেই কৈছোঁ মই গদ্য বিশেষকৈ চিন্তাশীল গদ্য পঢ়ি ভাল পাওঁ। তেনে গদ্য বা চিনেমাই মোক কবিতা দিয়ে।
মই স্বাধীনতাপ্ৰিয় মানুহ। কোনোবাই ফৰমাইচ দিলে বেয়া পাওঁ যদিও বহুকেইটা কবিতা আবৃত্তিৰ বাবে ৰচনা কৰিছোঁ। সেয়াও বিষয়বস্তুৰ সৈতে একাত্ম হৈ বহু গুণা-গঁথা কৰাৰ পাছতহে লিখা হৈছে।
ভাষাটোৰ কালিকা ৰক্ষা আৰু অনাদৰ হৈ যোৱা গভীৰ অৰ্থবহ শব্দবোৰক ব্যৱহাৰৰ জৰিয়তে পাঠকৰ সন্মুখলৈ উলিয়াই অনাটো কবিৰ দায়িত্ব বুলি ভাবোঁ। মই বিশেষ প্ৰতিভাৱান হওঁ বা নহওঁ, সেই কথাটো মনলৈ আহে। সেয়ে তেনেকুৱা বিশেষ শব্দ এটায়ো মোক কবিতা এটা জন্ম দিবলৈ তাড়না যোগায়।
মই বিশ্বাস কৰোঁ মোৰ দ্বাৰা আমাৰ ভাষাটোৰ বা কবিতাৰ একো লাভ নহয়। লগতে এইটোও বিশ্বাস কৰোঁ মই আকৌ জন্ম নলওঁ। বেয়াই হওক বা ভাললৈকে হওঁ কবিতা লিখা মানুহ এটা হৈ পৰিলোঁ। যিহেতু মোৰ এটাই জীৱন। আন কাম কৰিব পাৰিলেও কবিতা লিখা কামটোক বেছি ভাল পাওঁ। গতিকে নমৰালৈকে এই কামটোতে লাগি থকাই ভাল হ‘ব। সেই কথা ভাবিও কবিতা লিখি থাকোঁ।
লগতে মোৰ বহুত দুখ আছে। কবিতাই সেইবোৰ নিৰসন কৰে। গতিকে কবিতাকএৰিব নোৱাৰি, যি মোক বাৰে বাৰে জীয়াই তুলিছে।
নীলকান্ত শইকীয়া এগৰাকী জ্যেষ্ঠ কবি আৰু নাট্যকাৰ।