Issue: Vol. IV, No. 1, May-July, 2025
যাক লৈ কবিতা লিখোঁ
যাক লৈ কবিতা লিখোঁ
তেওঁলোকক কবিতাই ঢুকি নাপায়
পণ্য সাহিত্যৰ কেঁচামাল বুলি
নিজে নজনাকৈ পৃথিৱী এৰি যায়
যেনে ধৰ্ষিত শিশু
প্ৰেমিকে ঘৈয়াই মৰা ছোৱালীজনী
জীয়াই জীয়াই জ্বলাই মৰা ঘৈণী
দুৰ্ভিক্ষত ফাঁচ লোৱা মানুহটো
গণপ্ৰহাৰত চকুমুদা নিৰ্দোষী ল’ৰা দুটা
কুকাৰত সিজোৱা পত্নীৰ প্ৰেম
ফ্ৰীজত গোট মৰা প্ৰেমিকাৰ হাত-ভৰি
নগ্নতা যৌনতা...
আশীৰ্বাদৰ হাত বা ব্যৰ্থ বিপ্লৱবোৰ
সাহিত্যৰে সাজোঁ জনপ্ৰিয় আনন্দৰ চিৰি!
হতাশাও ঢাকিব নোৱাৰি
কাৰণ, কবিতাৰ আস্ফালনেৰে
কাৰোবাৰ নোম এডালো লৰাব নোৱাৰিলোঁ
মাকবোৰৰ গৰ্ভৰ পৰাই বাজ হয় ধৰ্ষক
পৃথিৱীৰ মুখ দেখা বাটতে খেদি ফুৰে নৰকৰ সুখ
কোনোবাই দেখিছেনে কপালৰ ভৱিষ্যৎ
য’ত শিশুৱেও ধৰ্ষণ-পাঠ শিকে তাত
মানুহক জন্তুৰে তুলনা কৰি পণ্ডিতেও ভুল কৰে
সংযমৰ পৰীক্ষাত জন্তুৰে হাৰে অধইচ মানুহ
অভয় বচনত শিশুবোৰ শুব নোৱাৰে
তেওঁলোকৰ হাঁহিত মাথোঁ নিৰ্ভয় বিজ্ঞাপন
জয় অমুকৰ জয় জয় ভচুকৰ জয়
আমি তোমালোকক বচাব নোৱাৰোঁ
শুকুৱাব নোৱাৰোঁ অন্তৰাত্মাৰ ঘা
ধৰ্ষক বা হত্যাকাৰীৰো উকীল থাকে
জীৱিকাতে ঘূৰি ফুৰে সুখ আৰু দুখ
জয় পেটৰ জয় জয় ভাতৰ জয়
ফেচবুকত হাউৰিয়াই থকা আমি ডিজিটেল বাঘ
আমাৰ দাঁত উভালি প্ৰণেতাই নিচুকনি গায়
যুদ্ধ বিষয়ক
উকিটো তেওঁলোকে শুনা হ’লে!
টেঁটু ফালি চিঞৰিবৰ মন— যুদ্ধ বন্ধ হওক
মই নিমাখিত প্ৰাণী
পথৰুৱা জাকত গাইগৰুৰ যুঁজেই ভাঙিব নোৱাৰোঁ
আণৱিক শক্তিধৰক কি বুলি সম্বোধন কৰোঁ
ধাৰাল কাঁচিৰে কোনে কাটে
থোৰ মেলা অগণিত হাত
লোহা-লংগৰত তেজৰ কৰাল
যান্ত্ৰিক পৰুৱাৰ শূঙত মৰি আহে প্ৰাণ
মানুহবোৰ ৰণ-ভগনীয়া
বাটত স্বাধীনতাৰ ফুটছাই
মাকৰ কোলাতো নিৰাপত্তা নাই
শিশুবোৰ ক’ত শুব
ছাইমুৱা বেলিৰ তাপ নাই
কোনে বৰফ গলায়
এটা ধূলিকণা সৃষ্টিৰো যাৰ সামৰ্থ্য নাই
তাৰ মুখলৈ চাই থাকোঁ
এৱেঁই আমাক ৰক্ষা কৰিব