Issue: Vol. IV, No. 1, May-July, 2025
অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা
ৱিলিয়াম ৱৰ্ডছৱৰ্থ (১৭৭০-১৮৫০) ইংৰাজী ৰমণ্যাসবাদী কাব্য আন্দোলনৰ অন্যতম প্ৰতিষ্ঠাপক কবি আৰু কেন্দ্ৰীয় ব্যক্তি৷ লীৰিকেল বেলাডছ(১৮੦੦)ৰ দ্বিতীয় সংস্কৰণৰ বাবে লিখা তেওঁৰ পাতনিখনে ৰমণ্যাসবাদী কাব্য আন্দোলনটিৰ গঢ় আৰু গতি নিৰ্ধাৰণত বিশেষ ভূমিকা পালন কৰিছিল৷ তেওঁৰ কবিতাত প্ৰকৃতিৰ প্ৰতি অগাধ প্ৰেম, মানৱীয় অনুভূতিৰ প্ৰাধান্য আৰু সাধাৰণ মানুহৰ মুখৰ ভাষাৰ প্ৰয়োগ লক্ষ্য কৰা যায়।
আমি সাতোটি
এটি নিমাখিত শিশু, জিম ভাই,
উশাহত উজাই আহে যাৰ বাবে জীৱন,
সি কিয়ইবা ৰাখে মৰণৰ খবৰ?
এজনী চহা ছোৱালীক লগ পাইছিলোঁ,
তাই কৈছিল, তাই বোলে আঠ বছৰীয়া৷
তাইৰ মূৰত ডাঠ ঘন কেঁকোৰাকেঁকুৰি চুলিৰ বাহাৰ৷
তাইৰ মাজত আছিল গ্ৰামীণ সৰলতা,
পিন্ধনতো নাছিল বিশেষ শৃংখলা৷
তাইৰ চকুহাল আছিল উজ্জ্বল, ভীষণ উজ্জ্বল,
—তাইৰ সৌন্দৰ্য দেখি মই আপ্লুত৷
"কণমানি আইটি, পিছে কোৱাচোন তোমালোক ভাই-ভনী কেইটি?"
"কেইটি? আমি মুঠতে সাতোটি," তাই কৈ উঠিল,
আৰু অবাক হৈ মোৰ পিনে চাই ৰ'ল৷
"পিছে সিহঁতবোৰ ক'ত, জনাবানে তুমি মোক?"
তাই কৈ গ'ল, "আমি হ'লোঁ সাতোটি,
তাৰে দুজন থাকে কনৱেত, আৰু দুজন গ'ল সাগৰলৈ।
"আমাৰ মাজৰ দুজন আছে
গীৰ্জাঘৰৰ চৌহদত শুই,
মোৰ ভণ্টি আৰু ভাইটি,
আৰু সিহঁতৰ ওচৰতে গীৰ্জাঘৰৰ চৌহদত থকা কুটীৰতে থাকোঁ মা আৰু মই৷”
"তুমি কৈছা যে দুজন থাকে কনৱেত,
আৰু দুজন গৈছে সাগৰলৈ,
তথাপি তোমালোক সাতোটি! দয়া কৰি মোক বুজাই কোৱা আইটি, এয়ানো কিদৰে সম্ভৱ!"
তেতিয়া কণমানিজনীয়ে ক'লে,
"সাতোটি ল'ৰা-ছোৱালী আমি,
আমাৰে দুজন গীৰ্জাঘৰৰ চৌহদত থকা গছৰ তলতে আছে শুই।”
"কণমানি আইটি, জীয়াই থাকিলেহে তুমি চলা-ফিৰা কৰা,
যদি দুজন গীৰ্জাঘৰৰ চৌহদত আছে শুই, তোমালোক হ'লাগৈ মাত্ৰ পাঁচোটি।"
"সিহঁতৰ কবৰ এতিয়াও সেউজীয়া, দেখিয়ে থাকি,"
কণমানিজনীয়ে উত্তৰ দিলে,
"আমাৰ ঘৰৰ পৰা বাৰ কি তেৰ খোজ আঁতৰত,"
আৰু সিহঁত দুয়ো দুয়োৰে কাষত"
"প্ৰায়ে তাতে বহি মই মোজা গুঁঠো,
ৰুমালত হেম চিলাই কৰোঁ,
আৰু তাতেই মাটিত বহোঁ মই—
বহি লৈ সিহঁতৰ বাবে গান গাওঁ।
"আৰু প্ৰায়েই বেলি লহিওৱাৰ পৰত,
হেঙুলীয়া পোহৰত,
মই মোৰ লুথুৰী বাটিটো লৈ
তাতে বহি ৰাতিৰ সাজ খাওঁ৷
"প্ৰথমে ঢুকাইছিল কণমানি জে'ন;
ঈশ্বৰে তাইক কষ্টৰ পৰা মোকলাই নিদিয়ালৈকে,
বিছনাতে কেঁকাই আছিল তাই৷
আৰু তাৰ পাছত তাই গুচি গ'ল৷
"সেয়ে তাইক গীৰ্জাঘৰৰ চৌহদতে কবৰ দিয়া হ'ল,
আৰু গোটেই গৰমকালিটো
তাইৰ কবৰৰ চাৰিওপিনে ঘূৰি ঘূৰি খেলিছিলোঁ
ভাইটি জন আৰু মই৷
আৰু বৰফত যেতিয়া পোত গৈছিল ধৰাখন,
দৌৰি-ঢাপৰি চুঁচৰি-বাগৰি ফুৰিব পাৰিছিলোঁ মই,
জন বাধ্য হৈছিল যাবলৈ,
আৰু সিয়ো শুই আছে তাইৰ কাষতে গৈ।"
"তেন্তে তোমালোক থাকিলা কেইজন," মই সুধিলোঁ,
যদি তেওঁলোক দুয়ো আছেগৈ সৰগত?"
সেই সৰু ছোৱালীটিয়ে উত্তৰ দিলে,
“হে হৰি! আমি হ'লোঁ সাতোটি৷"
"কিন্তু সিহঁত মৰিল, সেই দুজন মৃত!
সিহঁতৰ আত্মা এতিয়া সৰগত!”
গালো বালো খোলাকটিৰ তাল,
কাৰণ তেতিয়াও সেই কণমানিজনী নিজৰ মতত অটল,
আৰু জনালে, "ওহোঁ, আমি হ'লোঁ সাতোটি!"
(মূল: ‘We are Seven’)
ডেফ'ডিলৰ মেলাত
পাহাৰ-ভৈয়ামৰ ওপৰেৰে অনাই-বনাই ফুৰা এটুকুৰা মেঘৰ দৰে
অকলশৰে ঘূৰি ফুৰোতে
হঠাতে দেখা পালোঁ জুম পাতি ৰোৱা সোণালী ডেফ'ডিলবোৰ
সৰোবৰৰ কাষে কাষে, গছৰ তলে তলে,
বতাহৰ তালে তালে
আপোনপাহৰা হৈ নাচোনত মগন৷
হাতীপটিত তিৰবিৰাই থকা তৰাবোৰৰ দৰে
সিহঁত বিয়পি আছিল শাৰী শাৰীকৈ,
লানি নিছিগাকৈ,
উপসাগৰৰ পাৰ ওপচাই,
চকুৰ পচাৰতে দেখিলোঁ হাজাৰ-বিজাৰ,
উলাহেৰে নাচি আছে মূৰ নচুৱাই৷
সিহঁতৰ কাষতে থকা লহৰবোৰেও নাচিছিল, পিছে সিহঁতৰ মতলীয়া নাচোনে
নিস্প্ৰভ কৰিছিল জলমলাই থকা লহৰবোৰক।
কবিৰ কি পৰম ভাগ্য!
এনে হেন ৰাংঢালী সংগ৷
মই চাই ৰ'লোঁ, চায়েই ৰ'লোঁ— ভাবিবই পৰা নাছিলোঁ
কি ঐশ্বৰ্যৰ সন্ধান পাইছিলোঁ সেই দৃশ্যত৷
প্ৰায়েই এনেয়ে থকাৰ পৰত অথবা মন বেয়া লগাৰ ক্ষণত,
বিছনাত বাগৰোঁ যেতিয়া,
মোৰ চকুৰ আগত ধৰা দিয়েহি সিহঁতে,
নিঃসংগতাৰ মাধুৰী হৈ,
আৰু ঠিক তেতিয়াই
সুখেৰে উপচি পৰা হিয়াই ডেও দি নাচি উঠে
ডেফ'ডিলজাকৰ নাচোনৰ ছেৱে ছেৱে।
(মূল: ‘I Wandered Lonely as a Cloud’)
অকলশৰীয়া দাৱনীজনী
তাইক চোৱা! নিজান পথাৰত
অকলশৰীয়া পাহাৰীয়া ছোৱালী!
আপোনমনে গীত জুৰি ধান দাই আছে তাই,
ৰৈ দিয়া, নহ'লে পাৰ হৈ যোৱা লাহেকৈ!
অকলে অকলে ধান কাটিছে আৰু মুঠি বান্ধিছে তাই,
আৰু গাই গৈছে এটি কৰুণ গীত,
শুনাচোন! সমগ্ৰ উপত্যকাত সেয়া সেই সুৰৰে প্ৰতিধ্বনি।
আৰবৰ মৰুভূমিৰে পাৰ হোৱা শ্ৰান্ত পথিকক আদৰিবলৈ
নাইটিংগল পখীয়েও চাগৈ জোৰা নাছিল ইয়াতকৈ সুমধুৰ সুললিত সংগীত,
দূৰৈৰ হেব্ৰিডছত থকা সাগৰৰ নিৰ্জনতা বিদীৰ্ণ কৰাকৈ
ব'হাগৰ কুলিটিৰ মাততো শুনা নাছিলোঁ কাহানিও এনে ৰোমাঞ্চকৰ যাদু।
ক'বনে বাৰু কোনোবাই, কিনো গাইছে তাই?
কিজানিবা কোনো প্ৰাচীন পীড়াদায়ক কথাৰ আলমত এই গীত,
বহু যুগৰ আগতে হোৱা কোনো যুদ্ধৰ কথা,
অথবা একেবাৰে নিৰহ-নিপানী কোনো বিষয়,
দৈনন্দিন জীৱনৰ পৰিচিত কথাৰ কথা?
কিবা স্বাভাৱিক শোক, ক্ষতি অথবা যন্ত্ৰণা,
যি আগতেও আছিল আৰু আগলৈও থাকিব?
কথা যিয়েও নহওক, এনে লাগিছিল, ছোৱালীজনীয়ে যেন
গাই গৈছিল কাহানিও ওৰ নপৰা এটি গীত,
তাইক দেখিছিলোঁ কামৰ তালে তালে গাই থকা,
ধেনুভিৰীয়াকৈ, কাঁচিখন লৈ,
শুনিছিলোঁ, ৰ লাগি, থৰ হৈ।
আৰু, পাহাৰীয়া পথেৰে বগাই যোৱাৰ পৰত
মোৰ বুকুৰ নিভৃতত সামৰি নিছিলোঁ সেই সুৰ,
নুশুনা হোৱা পৰ্যন্ত, আৰু তাৰ বহু পাছলৈকে।
(মূল: ‘The Solitary Reaper’)
ড° ময়ূৰী শৰ্মা বৰুৱা এগৰাকী অনুবাদক আৰু কৰ্মসূত্ৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক।