Issue: Vol. IV, No. 1, May-July, 2025
ৰাগ আশাবৰী
শুনিছিলোঁ—
মনে-প্ৰাণে
হৰিপ্ৰসাদ চৌৰাছিয়াৰ
বাঁহীৰ সুৰৰ তাল
বিলম্বিত লয়ৰ পৰা
ধীৰে ধীৰে দ্ৰুত লয়লৈ—
কি এক যেন—
কাৰুণ্য আৰু বিষণ্ণতাৰ
সুগভীৰ মিশ্ৰণ৷
যেন এক
হেৰুৱাৰ বেদনাৰ ৰেশ৷
শিপাই গৈছিল
মোৰ বুকুৰ প্ৰতিটো সিৰাই সিৰাই
সেই কাৰুণ্য আৰু
বিষণ্ণতা
এক মন উদাস কৰা সুৰে—
বাঁহীৰ সুৰতেই
পালোঁ যেন এক
হৃদয় জোঁকাৰি যোৱা
এক অসীম দুৰ্নিবাৰ বেদনা
আৰু এক অসহনীয় বিষণ্ণতা৷
মোৰ দেশ
এইখনেই মোৰ দেশ
কোটি কোটি
নিৰন্ন মানুহৰ দেশ
য’ত হয়—
ভোকাতুৰ মানুহৰ মিছিল৷
এইখনেই মোৰ দেশ
হাজাৰ হাজাৰ
নদী-নলা, জান-জুৰিৰে
বিধৌত মোৰ
নদী-মাতৃক দেশ
য’ত হয়—
বানপানীৰ সংহাৰ মূৰ্তি
এটুপি পানীৰ বাবে
হয়, মানুহৰ মিছিল৷
এইখনেই মোৰ দেশ
কোটি কোটি মানুহৰ দেশ
য’ত অলপ তেজ বিচাৰি
মানুহৰ,
হয় হাহাকাৰ৷
এইখনেই মোৰ দেশ
য’ত হয়
নিৰন্ন মানুহৰ দেহৰ বেহা৷
এইখনেই মোৰ দেশ
শস্য-শ্যামলা মোৰ দেশ
য’ত হয় ভোকাতুৰ
মানুহৰ মিছিল৷
হায়!
এইখনেই মোৰ দেশ
য’ত আছে পোহৰাই
ঘাতক আৰু দালালৰ পোহাৰ৷
এইখনেই মোৰ দেশ,
য’ত চলিছে
বিশ্বায়নৰ সৰৱ জোৱাৰ
য’ত মৰিছে গৰীৱ
কৰি হাহাকাৰ৷
এইখনেই মোৰ দেশ
য’ত হয়—
নিৰন্ন মানুহৰ পেটৰ বেহা
য’ত ৰাজহাড় কোঙা কৰি
হয় মাথোঁ
উন্নয়নৰ শ্ল’গান!
এইখনেই মোৰ দেশ
য’ত হয়—
গৰীৱৰ তেজৰ মুকলি বেহা
হায়! মোৰ দেশ৷
বিজয় কুমাৰ দত্ত এগৰাকী কবি আৰু শিশু-সাহিত্যিক৷ তেওঁৰ প্ৰকাশিত কবিতা-সংকলন এখন৷