Issue: Vol. IV, No. 1, May-July, 2025
অনুবাদ: প্ৰেমনাৰায়ণ নাথ
১৯৩৪ চনত ওড়িষ্যাৰ কটকত জন্ম গ্ৰহণ কৰা ৰমাকান্ত ৰথ আধুনিক ওড়িয়া কবিতাৰ অন্যতম উল্লেখযোগ্য কণ্ঠস্বৰ। তেওঁৰ বিশিষ্ট জীৱনকৰ্মই সাহিত্য আৰু অসামৰিক সেৱা দুয়োটাকে সামৰি লৈছে, য’ত তেওঁ অৱসৰৰ আগলৈকে ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ) বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ৰথৰ কাব্যিক যাত্ৰা আৰম্ভ হৈছিল ১৯৫০ চনত, কিন্তু তেওঁ ১৯৭১ চনতহে তেওঁ শ্ৰীৰাধা নামৰ সংকলনটিৰ জৰিয়তে খ্যাতি অৰ্জন কৰে৷ সংকলনটিয়ে পৰম্পৰাগত ৰোমাণ্টিক বিষয়বস্তুৰ পৰা অধিক অস্তিত্ববাদী উদ্বেগৰ দিশলৈ ঢাল খাই ওড়িয়া কবিতালৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। তেওঁৰ উল্লেখযোগ্য সাহিত্যকৃতি কেট দীনাৰা (কিমান দিনৰ) তাৰ দাৰ্শনিক গভীৰতা আৰু ভাষিক উদ্ভাৱনৰ বাবে জনাজাত৷
কবি হিচাপে ৰথ জটিল প্ৰতীকবাদ, সময় আৰু মৃত্যুৰ ওপৰত ধ্যান, ধ্ৰুপদী আৰু আধুনিক সংবেদনশীলতাৰ অনন্য মিশ্ৰণৰ বাবে পৰিচিত। তেওঁৰ ৰচনাই প্ৰায়ে জটিল উপমা আৰু এক স্বকীয়ভাৱে কঠোৰ শৈলীৰ জৰিয়তে মানৱীয় অৱস্থাৰ সন্ধান কৰে। তেওঁৰ সাহিত্যকৃতিয়ে সাহিত্য অকাদেমি (১৯৭৭), সৰস্বতী সন্মান (১৯৯২) আৰু জ্ঞানপীঠ বঁটা (২০০৯) অৰ্জন কৰিছে৷ বিগত ১৬ মাৰ্চ ২০২৫ তাৰিখে তেওঁ ইহলীলা সম্বৰণ কৰে।
শ্ৰীৰাধা
(খণ্ড -১৯)
৩
আহা, আধা লোৱা
মোৰ জীৱনৰ বাকী অংশৰ আধা লোৱা তুমি
কিন্তু প্ৰতিটো মুহূৰ্ত পূৰ্ণ কৰা
তাৰ আধাৰ আধা
অনুৰক্তিৰে
দৰদামটো অন্যায় আছিল নেকি?
তাৰ পিছত মোক কেৱল এটা মুহূৰ্তৰ বাবে অকলে থাকিবলৈ দিয়া ৷
আৰু মোৰ গোটেই জীৱনটো লৈ যোৱা তুমি
কিন্তু সেই মুহুৰ্তৰ ওপৰত
গোটেই ঠাইখিনি পূৰ্ণ কৰা
একপ্ৰস্থ আকাশৰ দৰে
নহয়, আকাশৰ দৰে নহয়।
ওচৰলৈ আহা আৰু ডাৱৰ হোৱা
মোৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত
যাতে স্পৰ্শ কৰিব পাৰো তোমাৰ দেহৰ মৌচুমী,
তোমাৰ হুমুনিয়াহে উশাহত ল'ব পাৰে
নিৰাশাই বমি কৰা প্ৰতিটো অট্টহাস্য
দূৰণিৰ এখন মহাসমুদ্ৰৰ
আৰু, যেতিয়া মই হাহোঁ
নিজকে চুই চাওঁ,
অট্টহাস্য য'ত স্তব্ধ।
মোৰ জীৱনকাল,
চমু চাপি অহা মৃত্যুৰ স'তে যি অচিনাকি,
প্ৰতিদিনে নতুন হয় যাৰ তীৰ্থযাত্ৰা
যৌৱনৰ প্ৰথম বছৰবোৰলৈ।
তুমি মাথোন এথুপি নীলাৰ ভৰ হিচাপে থাকিবা
মোৰ হুকুমেৰে সজোৱা,
মোৰ সকলো জনা, আংশিকভাৱে জনা
আৰু নজনা বাসনাৰ সমস্ত নীলা হিচাপে
যিহেতু মই সদায় নীলা ৰঙৰ সাজ-পোছাক পৰিধান কৰো,
তুমিও নীলা হ'বই লাগিব
তুমি কেনেকৈ আন যিকোনো ৰং পাব পাৰা
নীলাৰ বাহিৰে যদি আন ৰঙ থাকে
মোৰযে হৃদয় ভাঙি পেলাব পাৰে
দৰদামটো অন্যায় আছিল নেকি?
তাৰ পিছত আহা, লৈ যোৱা
আনকি মোৰ সেই একক অনন্য মুহূৰ্তটোও।
তললৈ নমাই নিদিবা কিন্তু, মোৰ চকুলৈ পোনে পোনে চোৱা
মোৰ চকুৰ ভিতৰলৈ।
তাতে লগ পাবা অহংকাৰী যাত্ৰী এজন
নৰকৰ পিছত নৰকৰ মাজেৰে পাৰ হৈ
একেবাৰে শেষ নৰকৰ শেষত,
এজুপি কদমৰ তলত থিয় হৈ
তুমি অহালৈ বাট চাই আছে।
মূল ওড়িয়াঃ ৰমাকান্ত ৰথ
ইংৰাজী অনুবাদঃ কবিৰ নিজা
নিজৰ নিজৰ পথ
মূল উৰিয়া :ৰমাকান্ত ৰথ
হিন্দী অনুবাদ: ৰাজেন্দ্ৰ প্ৰসাদ মিশ্ৰ
অসমীয়া: প্ৰেমনাৰায়ণ নাথ
১
এই চাহকাপৰ পিছত
তুমি তোমাৰ ঘৰলৈ যোৱাগৈ
মূৰত তুলি লোৱাগৈ ওৰণি
মাক বা আইতাক হ’বলৈ
নিজৰ শৰীৰটোক চোঁচৰাই চোঁচৰাই
লৈ যোৱাগৈ
এই চাহকাপৰ পিছত
মই উভতিম মোৰ অফিচলৈ
ফাইল সমূহত দিম কিবাকিবি নিৰ্দেশনা
য'ত নাথাকিব কোনো
কথাৰ ৰদবদল বা
যিবোৰ সলনি হৈ আছে
তাক বন্ধ কৰাৰ কোনো আঁচনি
নাই তেওঁলোকক ৰোধ কৰাৰ ক্ষমতা
এই জীৱনৰ পিছত
মোৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ পৰা
মোৰ মৃত্যুৰ পিছত
কেইদিনমান আগতে বা পিছত
চকু বন্ধ কৰি লোৱাৰ পিছত
আন্ধাৰৰ এখন সাগৰ হ'ব,
আমি সৰু মাছৰ দৰে যাক ভাল পাওঁ
ক'ৰবাত নহয় ক'ৰবাত থাকিব লাগিব,
য'ত মই সাগৰত থাকিম
যদি তাত তোমাৰ সৌন্দৰ্য্য আকৌ দেখা পাওঁ
তোমাৰ ঠাইৰ
ক’লা-ক’লা দেৱাল ভাঙি যাব,
কয়লাৰ আলকাতৰাৰ জোৱাৰত মোৰ স্মৃতি
বৈ বৈ থমকি ৰব
বিচ্ছেদৰ দূৰণিবটীয়া গাঁৱত
এই চাহকাপৰ পিছত
এই জীৱনৰ পিছত
বিশ্বৰ বেঁকা পথ
আৰু লেতেৰা ঘৰবোৰ
কোটি কোটি মানুহৰ গতি
জীৱন আৰু মৰণৰ পিছত
কি শুনা যায়?
কি দেখা যায়?
নাটকখনৰ শেষৰ দৃশ্যটোত শেষ হৈছিল শোক
নায়ক-বীৰৰ সংলাপ,
আৰু অসম্ভৱ শাৰদীয় দোকমোকালিত
চকুলোৰে জুৰুলি জুপুৰি
নীলা ৰঙৰ জোনাকৰ পুখুৰীত।
মূল ওড়িয়া :ৰমাকান্ত ৰথ
হিন্দী অনুবাদ: ৰাজেন্দ্ৰ প্ৰসাদ মিশ্ৰ
প্ৰেমপত্ৰ
২
আমোদজনক তথ্য
এই কবিতাটোৰ বাবে কবিজনে ভাৰতভূষণ আগৰৱালা বঁটা লাভ কৰিছিল।
ভূত আহিব
কিতাপখনৰ পৰা উলিয়াই নিব প্ৰেমপত্ৰখন
শগুণে থপিয়াই নি পাহাৰত খুটিয়াই খুটিয়াই খাই পেলাব
চোৰে প্ৰেমপত্ৰখন চুৰি কৰিব
জুৱাৰীয়ে প্ৰেমপত্ৰখনত বাজি ধৰিব
যদি কোনোবা ঋষি আহে প্ৰেমপত্ৰখন বিচাৰিব দান হিচাপে
বাৰিষাৰ বৰষুণে গলাই পেলাব
প্ৰেমপত্ৰখন
জুইয়েতো প্ৰেমপত্ৰখন পুৰি পেলাব
প্ৰেমপত্ৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হ’ব
সাপ আহিলে প্ৰেমপত্ৰখনত কামোৰ এটা দিব
জিলিয়ে প্ৰেমপত্ৰখন চেলেকি চাব
কেৱল পোকেহে প্ৰেমৰ আখৰবোৰ কাটিব
ধ্বংসলীলাৰ দিনত
সপ্তৰ্ষি, মাছ আৰু মনু
সকলোকে এদিন বেদেই বচাব
কোনোবাই প্ৰেমপত্ৰখন বচাব নোৱাৰিব
কোনোবাই ৰোম বচাব
কোনোবাই মদিনা
কোনোবাই ৰূপ বচাব, কোনোবাই সোণ
মই অকলে অকলে
তোমাৰ প্ৰেমপত্ৰখন কেনেকৈ ৰাখিম বাৰু
মূল ওড়িয়াঃ ৰমাকান্ত ৰথ
হিন্দী অনুবাদ: বদ্ৰী নাৰায়ণ