Issue: Vol. IV, No. 1, May-July, 2025
ইতিগজ
প্ৰেমৰ প্ৰথম প্ৰস্তাৱত
ব্যৰ্থ প্ৰেমিকজনে
এতিয়াও ভাবে
শেষৰ শাৰী শুনা হ’লে
ব্যৰ্থ প্ৰেমিকজন
জীৱনতে ব্যৰ্থ হ’লহেঁতেন৷
যিদৰে
দ্ৰোণাচাৰ্যই যুধিষ্ঠিৰৰ
শেষৰ শাৰী শুনা হ’লে
কুৰুক্ষেত্ৰই সলনি হ’ল হয়৷
প্ৰেমৰ বুকু
হতাশাভৰা চকুদুটাত
সৌন্দৰ্য দেখিছিলোঁ৷
হৃদয় উজুটি খোৱা৷
নহঁহা হাঁহিটিয়ে
বুকু বিন্ধিছিল
প্ৰেমৰ বুকু