Issue: Vol. IV, No. 1, May-July, 2025
স্বপ্নমজ্যোতি কলিতা
সকলো ধৰণৰ বাগধাৰাৰ বাবে সাহিত্য আটাইতকৈ শক্তিশালী আৰু বলিষ্ঠ মাধ্যম। হালিদয়ানৰ মতে, সাহিত্য সমাজৰ সকলো আঘাত-প্ৰত্যাঘাত আৰু পাৰস্পৰিক কাৰ্যকলাপ প্ৰকাশ কৰাৰ মূল উপাদান। সাহিত্যই দেশ-কালৰ সীমা অতিক্ৰম কৰি সৰ্বমানৱৰ চেতনাত জাগৰণ তুলিব পাৰে। জাতি, লিংগ, ধৰ্ম আদি অতি স্পৰ্শকাতৰ বিষয়সমূহো সাহিত্যত ৰূপায়ণ হ’ব পাৰে আৰু সেইবোৰৰ সপক্ষে বা বিপক্ষে জনসাধাৰণক অৱগত কৰিব পাৰে।

বিংশ শতিকাৰ পৰা পাশ্চাত্যৰ দেশসমূহত দ্ৰুতগতিত হ’বলৈ লোৱা সামাজিক, অৰ্থনৈতিক, প্ৰযুক্তিগত পৰিৱৰ্তন ইত্যাদিৰ লগতে বিশ্বযুদ্ধৰ বিভীষিকা, ৰাজনৈতিক উত্থান-পতন আদি পৰিৱৰ্তনবিলাকে নাৰী-পুৰুষৰ সম্পৰ্ক, লিংগ-যৌনতা আদিৰ পৰম্পৰাগত প্ৰেক্ষাপটসমূহলৈও প্ৰত্যাহ্বান কঢ়িয়াই আনিলে। পুৰুষৰ দৰে নাৰীয়েও নিজৰ প্ৰভাৱ স্থাপন কৰিবলৈ ওলাই আহিল। পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ শিথিলকৰণ হ’বলৈ ধৰিলে। তেনে প্ৰেক্ষাপটত সমকামিতায়ো ক্ৰমাৎ বিস্তাৰ লাভ কৰিবলৈ ধৰিলে। কিন্তু আজিও ‘বাধ্যতামূলক বিষমকামিতা’ৰ ধাৰণাটো লুপ্ত হৈ যোৱা নাই। এখন সমাজ বাছি থাকিবলৈ হʼলে প্ৰজননৰ প্ৰাথমিক গুৰুত্ব আছে আৰু ভৱিষ্যতেও থাকিব। সেই বুলিয়েই সমকামিতাকো কোনোগুণে উলাই বা লঘু কৰিব নোৱাৰি। কিয়নো সকলো মানুহেই প্ৰজননৰ লগত জড়িত হʼবই লাগিব বুলি ধৰাবন্ধা কথা নাই আৰু বিষমকামী বিবাহ বা যৌনতাক বাধ্যতামূলকভাৱে কাৰোবাৰ ওপৰত জাপি দিয়াৰো যুক্তিযুক্ততা নাই। জিতেন বেজবৰুৱাৰ মতে, সমাজৰ এজন ব্যক্তি হিচাপে আৰু এক যৌন বিষয়ী (Sexual Subject) হিচাপে— এই দুই দিশৰ পৰাই সমকামী এজনৰ অধিকাৰ আৰু মৰ্যাদা বিষমকামী এজনতকৈ কোনো গুণে কম হ’ব নোৱাৰে। কুইয়ৰ সম্প্ৰদায়ৰ লোকসকলৰ প্ৰেম আৰু যৌনতাৰ কথাবোৰ মুকলিকৈ প্ৰকাশ কৰি প্ৰচলিত সমাজ-ব্যৱস্থাৰ শাসন, শোষণ আৰু স্বেচ্ছাচাৰিতাৰ বিৰোধিতাৰে সুস্থ জীৱনবোধ, সাম্য-মুক্তিৰ উত্তৰণৰ বাবে প্ৰেৰণা দিব পৰা যি এলানি সাহিত্যৰ সৃষ্টি হৈছে তাক ‘কুইয়ৰ সাহিত্য’ নামেৰে চিহ্নিত কৰিব পাৰি। ইতিমধ্যে সমকালীন সাহিত্যৰ ক্ষেত্ৰখনত এই ধাৰণাটোৱে নতুন নতুন চিন্তাৰ বাট কাটিছে। ‘স্বাভাৱিক’ সমাজখনত সততে উপেক্ষিত এইসকল প্ৰান্তীয় লোকৰ জীৱন-যন্ত্ৰণা, প্ৰেম-যৌনতা, আশাবাদ আৰু প্ৰতিবাদী সত্তাক কবিতাৰ মাজেৰে প্ৰতিফলিত কৰা হৈছে। তদুপৰি কুইয়ৰ সম্প্ৰদায়ৰ লোকসকলৰ চৰিত্ৰৰ মাজেৰে সমাজ বাস্তৱৰো কাষ চপা দেখা গৈছে।
কুইয়ৰ তত্ত্ব (Queer Theory) হ’ল এটা সমালোচনাত্মক সামাজিক তত্ত্ব। ১৯৯০-ৰ দশকত Poststructuralist অর্থাৎ উত্তৰ গঠনবাদী ধাৰাৰ এটা সুঁতি হিচাপে এই তত্ত্বৰ বিকাশ ঘটে। সম্প্রতি এই তত্ত্বটোৱে জ্ঞানচর্চাৰ বিভিন্ন বিভাগত প্রভাৱ বিস্তাৰ কৰিছে। কুইয়ৰ তত্ত্বৰ মূল বিষয় হ’ল ছেক্স, লিংগ আৰু যৌনতা।
কুইয়ৰ তত্ত্বৰ মূল বস্তু হ’ল deconstruction অর্থাৎ বিনির্মাণ। জিতেন বেজবৰুৱাৰ মতে কুইয়ৰ তত্ত্বই ছেক্স, লিংগ আৰু যৌনতাৰ বিনিৰ্মাণৰ জৰিয়তে মানুহৰ পৰিচিতিবিলাক কোনো ধৰণে অন্তৰ্লীণ বা আৱশ্যকীয় বস্তু নহয়, বৰং সিবিলাক সামাজিক নির্মাণহে বুলি কৈছে।”
কুইয়ৰ তত্ত্ব এনে এক অধ্যয়ন যি মানুহৰ লিংগভিত্তিক পৰিচয়ক নতুনকৈ সংজ্ঞায়িত কৰে। কুইয়ৰ সম্প্ৰদায়ৰ লোকসকলো আমাৰ দৰে মানুহ। এওঁলোকো আমাৰ সমাজৰ অবিচ্ছিন্ন অংগ। কুইয়ৰ তত্ত্বই বিভিন্ন লিংগ-চেতনাৰ ব্যক্তিৰ মাজত সম-সুবিধা আৰু সম-অধিকাৰৰ বিষয়েও আলোচনা
সাম্প্ৰতিক লিংগবাদী সমাজব্যৱস্থাত ল’ৰা-ছোৱালী, নাৰী-পুৰুষৰ সুনিৰ্দিষ্ট ধাৰণাটোৱে সৰ্বসাধাৰণৰ চেতনাত এনেদৰে ক্ৰিয়া কৰি আছে যে ইয়াৰ বাহিৰে আন শৰীৰী চেতনাক মানুহে ‘স্বাভাৱিক’ বা ‘প্রাকৃতিক’ বুলি মানি ল’ব নোখোজে। সেয়েহে কুইয়ৰ সম্প্ৰদায়ৰ লোকসকলে সমাজত নিজৰ পৰিচয়ক লৈ সংকটত ভোগে; কিয়নো এই সম্প্ৰদায়ৰ লোকসকলক তথাকথিত সমাজখনে ইতিকিং কৰে, হাজাৰটা প্ৰশ্ন কৰে আৰু তেওঁলোকক হতাশাৰ মাজলৈ ঠেলি দিয়ে। কিন্তু ইয়াৰ মাজতো এনে কোনো বিশেষ ব্যক্তি থাকে যিয়ে তথাকথিত সমাজখনৰ বিৰুদ্ধে যুঁজিবলৈ শিকায়। ময়ুৰী ডেকাই ‘এয়া শেষ নহয় আৰম্ভণিহে’ কবিতাটোৰ যোগেদি এক আশাবাদৰো সঞ্চাৰ কৰিছে। কবিতাটোত কবিয়ে এইদৰে কৈছে—
"আয়ে সুধিছিল এয়া বাৰু মোৰ দোষ নেকি তই যে সমকামী হ'লি
মই কিবা নকৰিবলগীয়া কৰিলোঁ নেকি তই যেতিয়া পেটত আছিলি
... … …
হাজাৰটা প্রশ্নই খেদি ফুৰে
হাজাৰটা কাৰণ হতাশাৰ
হাজাৰ ধৰণৰ ঠাট্টা আৰু ইতিকিং
তেতিয়াই তেওঁ কয় এয়া শেষ নহয় আৰম্ভণিহে
আৰু তেতিয়া মই তেওঁৰ হাতত ধৰি ওলাই আহোঁ
আইৰ মুখামুখি হ'বলে'।"
ইয়াত ‘আই’ এক ব্যঞ্জনা। প্রকৃতার্থত আই তথাকথিত সমাজখনৰ প্ৰতীক। কবিয়ে কামনা কৰে লিংগ-বৈষম্যহীন এখন পৃথিৱীৰ। ‘আন্ধাৰ কোঠালিৰ দুৱাৰ ভাঙি’ কবিতাটিত ইয়াৰে প্রতিফলন ঘটিছে—
"কথাবোৰ সলনি হ'ব
ভালপোৱাৰ কথাবোৰ
অকল কাণে কাণে কোৱাটো
অতীত হ'ব।"
ভালপোৱা অর্থাৎ প্রেমে স্থান-কাল-পাত্ৰৰ পৰিধিক কেতিয়াও স্বীকাৰ কৰি নলয়। প্ৰেমৰ অনুভৱ কেতিয়া কাৰ প্ৰতি হয় সেয়া পূর্বনির্দিষ্ট নহয়। সি লাগিলে এজন পুৰুষৰ প্ৰতি এগৰাকী নাৰীৰ হ’ব পাৰে নতুবা এগৰাকী নাৰীৰ প্ৰতি এজন পুৰুষৰ নতুবা এগৰাকী নাৰীৰ প্ৰতি আন এগৰাকী নাৰীৰ অথবা এজন পুৰুষ আন এজন পুৰুষৰ প্রতিও হ’ব পাৰে। ইয়াৰ প্রকাশ জোনমণি দাসে পোনপটীয়াকৈ নঘটালেও আওপকীয়াকৈ প্রকাশ কৰিছে। ‘এখন বিছনাৰ পটকথা’ কবিতাটোতে কবিয়ে ইয়াৰ স্পষ্ট প্রতিফলন ঘটাইছে। কবিতাটোত আছে— ‘থাকে নেকি ভালপোৱাৰ কোনো লিখিত ব্যাকৰণ।/ অথবা গতি অনুগতিৰ সূত্র, অনুসূত্র?’ এককথাত কবিয়ে সকলো ধৰণৰ প্রেমকে মানৱীয় বুলি কবিতাৰ মাধ্যমেৰে স্বীকৃতি দিছে।
বাৎস্যায়নৰ ‘মডাৰ্ন শেক্সপীয়েৰ’ নামৰ কবিতাটোত কুইয়ৰ চেতনাৰ এটা প্ৰধান দিশ Transgender বা ৰূপান্তৰকামী চেতনাৰ প্রকাশ ঘটিছে এনেদৰে—
"আচলতে সত্যতকৈ পুৰণি একো নাই।
এখন প্রাচীন দেৱালত ওলমি আছিল জিউছে জেনিমিডৰ হাতেৰে পি থকা প্রেম;
মেজত মেলা আছে।
পুৰুষ এজনে ৰ'ছেলিণ্ড নামৰ নাৰী এজনী হৈ পুৰুষৰ সাজযোৰ পিন্ধি ল'লে,
ফিবি চৰিত্ৰৰ পুৰুষ এজনে নাৰী এজনী হৈ ৰ'ছেলিণ্ডক ভাল পালে মই জপাব খুজিছিলোঁ; কৈ "এজ ইউ লাইক ইট",
আকৌ দীপাংকৰ জ্যোতি বৰাই ‘উশাহ’ কবিতাটোত—
"দেশ মাটিৰ জয়গানৰ হওক
ৰামধেনু পতাকা।"
প্রতিবাদী সত্তা আৰু ক্ষোভৰ এই পংক্তি দুটাৰে কুইয়ৰ সম্প্ৰদায়ৰ লোকসকলক সামাজিক সমতা প্রদানৰেই ইংগিত দিছে। দাদুল ভূঞাৰ ‘সমকামী’ কবিতাটোতো একেই চেতনা প্রকাশ পাইছে। কিন্তু কবিতাটোত এই চেতনাত ক্ষোভো মিশ্রিত হৈ নথকা নহয়। কবিতাটোত আছে—
"যদিও
সমতাৰ স্বাধীনতা
সমমর্যাদাৰে
সমকামীৰ দেহত
বনৰীয়া বতাহৰ
দেওধনী নৃত্য"
সমকামী বা উভকামী অথবা যিকোনো ধৰণৰ সমাজে সততে গ্রহণ নকৰা প্রেমক সমাজৰ বিৰুদ্ধে গৈ গ্রহণ কৰিবলৈ হ’লে মানুহ বিদ্রোহী হ’বই লাগিব। এই বিদ্রোহৰ স্বৰূপো সুকীয়া। আনধৰণেৰে চাবলৈ গ’লে ইতিহাসৰ বহু অমৰ প্ৰেমৰ আদিত বিদ্রোহ আছে। এনেবোৰ কথাৰ স্বৰূপ চিত্রও কবিয়ে আঁকিবলৈ পাহৰা নাই। ‘চুমা আৰু চিগাৰেট’ কবিতাটোত কবিৰ উক্তি— “বুকুত বিদ্রোহ নাথাকিলে কোনো মানুহ কাহানিও/প্রেমিক অথবা সৈনিক হ’ব নোৱাৰে।”
ময়ূৰী ডেকাৰ ‘চিলনীৰ জীয়েকৰ গান’ কবিতাটো স্ত্রী-সমকামিতা (Lesbian) বিষয়ক। কবিতাটো নির্মাণ কৰা হৈছে লোককথাৰ অনুষংগৰে। মূলসুঁতিৰ সমাজখনে সমলৈংগিক যৌন সম্পর্কক সাধাৰণতে স্বীকাৰ কৰি নলয়। বিশেষকৈ গ্রাম্য সমাজত ছোৱালী এজনীক মাক-দেউতাকে এজন পুৰুষৰ হাতত গতাই দিয়াটোকে জীৱনৰ শ্রেষ্ঠতম সাফল্য বুলি মানি লয়। তেনে ক্ষেত্রত সমাজ এখনে নাৰী আৰু নাৰীৰ মাজৰ সম্পর্ক আৰু পুৰুষ আৰু পুৰুষৰ মাজৰ সম্পর্কক কেতিয়াও স্বীকাৰ কৰি নলয়। ছোৱালী এজনীৰ বিবাহৰ সময়তো তাইৰ মতামতক বিশেষ গুৰুত্ব দিয়া নহয় বা তাইৰ বিয়াখনক লৈ সুখী নে সোধা নহয়। ইয়াৰ প্রকাশ কবিতাটোত এনেদৰে ঘটিছে—
"সদাগৰে বিয়া পাতি লৈ আনিলে চিলনীৰ জীয়েকক নিজৰ ঘৰলৈ
কোনেও নুসুধিলে চিলনীৰ জীয়েকক এবাৰ অৰণ্য এৰি
মানুহৰ মাজলৈ যাবলৈ সাজুনে তই
চিলনীয়েও নুসুধিলে জীয়েকক এবাৰো আই থাকিবি কেনেকৈ
ইমান দূৰৈত তোৰ আয়েৰক এৰি
এবাৰো নুসুধিলে আই থাকিবি কেনেকৈ এই অৰণ্যৰ ৰাজকুঁৱৰীক এৰি"
এগৰাকী মাকে সন্তানৰ প্রতিটো কথা জানিলেও, মন-মানসিকতা বুজি পালেও সমাজৰ ভয়ত সেয়া গ্রহণ নকৰে। কবিতাটোত আছে—
"চিলনীয়ে হয়তো জানিছিল জীয়েকৰ কথা
চিলনীয়ে হয়তো জানিছিল অৰণ্যৰ ৰাজকুঁৱৰীৰ কথা"
‘চম্পাৱতীৰ সাধু’ কবিতাটোতো এই একেই চেতনাৰ প্রকাশ ঘটিছে—
"চম্পাৱতীৰ আয়েক উচাপ খাই উঠিল তাইৰ এই আচহুৱা প্রেম কাহিনীত
আয়েকে উধাতু খাই ক'লেগৈ পিতাকক আপোনাৰ জীয়ৰী
ছোৱালীৰ প্রেমত বোলে, তাইক বচাওক"
কুইয়ৰ কবিতাবোৰৰ মাজত খুব সচেতনতাৰে LGBT সম্প্রদায়ৰ প্রেম আৰু যৌন সম্পর্কীয় কথাবোৰ প্রকাশ কৰা হৈছে। জোনমণি দাসৰ সমকামী যৌন চেতনাৰ বাহক দুটা উৎকৃষ্ট শাৰী হ’ল—
''আইনাৰ চকুলৈ চালে নিজক ইমান ধুনীয়া দেখোঁ
নিজৰ প্ৰতিয়েই মোৰ অজানিতে জাগি উঠে সমকাম।" (বটলৰ বৰষুণে)
এই দুটা শাৰীত দেখাত বিশেষ একো নাই, কিন্তু ইয়াৰ মাজতো এক গভীৰ সত্য লুকাই আছে। কুইয়ৰ সম্প্ৰদায়ৰ অন্তর্ভুক্ত Assexual (অলৈংগিক/অকামী) ব্যক্তিসকলৰ মনৰ অৱস্থাক শাৰী দুটাই তুলি ধৰিছে। Assexual ব্যক্তিসকল কাৰোবাৰ প্ৰতি আকর্ষিত হয় ঠিকেই, কিন্তু কোনো প্ৰকাৰৰ লৈংগিক ইচ্ছা বা আকর্ষণ অনুভৱ তেওঁলোকে নকৰে। যিদৰে আইনাৰ চকুত চাই নিজেই নিজৰ প্ৰেমত পৰিব পাৰি সঁচা, কিন্তু যৌনতা কোনোপধ্যেই সম্ভৱ নহয়। আকৌ আমি ইয়াক Polissexual (বহুলৈংগিক) ব্যক্তিসকলৰ লগত ৰিজায়ো চাব পাৰি। যেনেদৰে Polissexual ব্যক্তিসকল লিংগ-পৰিচয়হীনভাবে আন্তঃলিংগ বা non binary বা যিকোনো ঠাইত থকা যিকোনো লোকৰ প্ৰতি আকর্ষিত হ’ব পাৰে, ঠিক তেনেদৰে আইনাত চাই যেতিয়াই মন যায় তেতিয়াই নিজৰ প্ৰেমত, নিজৰ প্ৰতিয়েই নিজৰ যৌন আকর্ষণ অনুভৱ কৰিব পাৰি।
যৌনতাৰ চূড়ান্ত প্রকাশ ঘটিছে ‘গীটাৰখনত বতাহে আঙুলি বুলাইছে’ কবিতাটোত। কবিতাটোত কবিয়ে যৌনতাক প্রতীকী ৰূপত উপস্থাপন কৰিছে এনেদৰে—
"গীটাৰখনত বতাহে আঙুলি বুলাইছে
মোৰ ওঁঠ লাগি ৰঙা হৈ পৰিছে বাঁহীৰ ওঁঠ
চকলঙৰ চাকিবোৰ নুমাই গৈছে
পিয়লাৰ পানীত পলে পলে পমিছে ৰাতিৰ আয়ুস
... … …
বিছনালৈ ঢপলিয়াই অহা ঢৌবোৰ মৰি গৈছে
অথচ বিছনাত জাগি উঠিছে এখন সমুদ্র।"
বিপৰীতে ময়ূৰী ডেকাই ‘চিলনীৰ জীয়েকৰ গান’ কবিতাটোত প্ৰেম আৰু যৌনতাৰ প্ৰতীকী প্ৰতিফলন ঘটাইছে—
"অৰণ্যৰ ৰাজকুঁৱৰীয়ে কবিতা লিখে প্রতিটো পুৱাই
প্রতিটো নিয়ৰৰ টোপালত চিলনীৰ জীয়েকলৈ বুলি
তাই ঘাঁহেপতি খোজবোৰ সাঁচি থৈ দিয়ে চিলনীৰ জীয়েকে বাট ভাঙি গ'লে
তাই তৰাবোৰ অৰণ্যলৈ নমাই আনে অমাৱস্যাৰ ৰাতি
আৰু তৰাভৰা অৰণ্যত দুয়ো মগন হৈ শুনি থাকে প্রাচীন সেই সুৰ"
আকৌ ‘গৰখীয়াৰ সাধু’ কবিতাটোত আছে—
"নামনিৰ নৈখনত নিতৌ সাঁতুৰিছিল দুয়ো আৰু আৱিষ্কাৰ কৰিছিল নিজৰ দেহৰ হাজাৰটা ৰং"
সমাজে বিচৰা সম্পর্ক এটা গ্রহণ কৰাৰ ফলত বহু লোকে মানসিক যন্ত্রণাত দিন কটাবলগীয়া হয়। কবিতাটোত আছে—
"আগলতি কলাপাত লৰে কি চৰে
চিলনী আই মোৰ বুকুখন ভাগে
আগলতি কলাপাত লৰে কি চৰে
চিলনী আই মোৰ কুঁৱৰীলৈ মনত পৰে।"
অর্থাৎ চিলনীৰ জীয়েক আৰু অৰণ্যৰ ৰাজকুঁৱৰীৰ মিলনৰ আকাংক্ষা পূর্ণ নোহোৱাত চিলনীৰ জীয়েকৰ মনোবেদনা এই স্তৱকটিত প্রকাশ পাইছে। ইয়াত ‘চিলনীৰ জীয়েক’ এনে মানসিক যন্ত্রণাত ভোগা বহু লোকৰ জীৱনৰ প্রতীক।
ডেকাৰ ‘গৰখীয়াৰ সাধু’ কবিতাটো দুখন গাঁৱৰ দুজন গৰখীয়া ল’ৰাৰ প্রেম কাহিনীৰ ওপৰত প্রতিষ্ঠিত। অর্থাৎ কাহিনীটো পুৰুষ সমকামিতা(Gay)ৰ লগত সম্পর্কিত। গাঁওবাসী আছিল প্রেমৰ ‘পৰম্পৰাগত ধাৰণা’ত বিশ্বাসী। সেয়ে তেওঁলোকৰ সম্পর্কটোৰ কথা গম পাই গাঁওবাসীয়ে তেওঁলোকক গ্রহণ নকৰিলে আৰু আগলৈ এনে নকৰিবলৈ মেল পাতি গৰখীয়াক সতর্ক কৰি দিলে। কিন্তু গৰখীয়াই প্রেমহে কিনো ডাঙৰ কথা বুলি গুৰুত্ব নিদিলে। ফলস্বৰূপে গাঁওবাসীৰ খং উঠিল আৰু দুয়োকে শাস্তি দিলে, প্রথমে টকাৰে তাৰ পাছতো নমনাত আকৌ শাৰীৰিকভাৱে। তেতিয়াৰ পৰা—
"গাঁৱৰ দুপৰীয়াবোৰ এতিয়া সেমেকা
গৰখীয়া নাহে
এটা সঁচা কথাৰ কাৰণে ইমান মিছা অপযশ
গৰখীয়া আৰু গাঁৱলৈ কেতিয়াও উভতি নাহে।"
সম্ভবতঃ সমাজৰ ৰোষত গৰখীয়াৰ মৃত্যু ঘটিল। প্রেমৰ মৃত্যু।
বহু নাৰী শাৰীৰিকভাৱে নাৰী হ’লেও নিজকে পুৰুষ বুলি ভাবে আৰু বহু পুৰুষ শাৰীৰিকভাবে পুৰুষ হ’লেও নিজকে নাৰী যেন অনুভৱ কৰে। এনে চেতনাৰো প্রকাশ ময়ূৰী ডেকাৰ কবিতাত ঘটিছে। উদাহৰণস্বৰূপে ক্রমে—
‘কিহৰ এই সুবাস’ কবিতাটোত এনেদৰে আছে—
"ল'ৰাৰ দৰে খোজ তাইৰ ল'ৰাৰ দৰে খেল
ল'ৰাৰ দৰে সাহস
ল'ৰাৰ দৰে প্রেম"
আকৌ ‘সি সীতা’ কবিতাটোত আছে—
য'তেই যায় সকলোৰে পেংলাই
'তই বাৰু সঁচাকৈয়ে সীতা নেকি, সীতাৰ দৰে খোজ যে তোৰ'
'চোৱা তাৰ নখলৈ চোৱা, সেয়া এবটল নেইল পলিশ্ব'
এইফালে আহ, আমি শিকাই দিম পুৰুষ কাক কয়'
‘সি সীতা’ কবিতাটোত কবিয়ে পুৰুষতান্ত্রিক মানসিকতাকো অস্বীকাৰ কৰিছে—
"সিতো সীতা নহয় পাতালত লুকাবলে'।"
সমলৈংগিক প্রেম বা যৌন আচৰণক সমাজত ঘৃণাৰ চকুৰে চোৱাৰ প্রৱণতাকো কবিয়ে কবিতাত অংকন কৰিছে—
‘৩৭৭ আৰু বহুতো’ কবিতাটোত আছে—
"তুমি চুলেই ময়ো যদি লেছবিয়ান হৈ যাওঁ"
কবিয়ে ‘কুইয়ৰ চেতনা’ক গ্রহণ কৰিছে। LGBTQIAP+ সম্প্ৰদায়ৰ সম্পর্কক সামাজিক স্বীকৃতি প্রদান কৰিবলৈ কবিতাৰে প্রতিবাদ কৰিছে। ‘নতুন বছৰ বুলিয়েই’ কবিতাটোত ইয়াৰ প্রতিফলন খুব সুন্দৰভাৱে ঘটিছে।
নতুন বছৰ সম্ভাৱনাৰ প্রতীক। কবিতাটোত কবিয়ে কৈছে—
"দুজনী ছোৱালীৰো মন যায়
বিহুৰ দিনত পেঁপা বজাই বজাই
ইজনী সিজনীক জোকাবলৈ তেনেহ'লে সেয়াই হওক"
এয়া দুজনী ছোৱালীৰে নহয়; LGBTQIAP+ সম্প্রদায়ৰ প্রতিজন ব্যক্তি অর্থাৎ কুইয়ৰ চেতনাক স্বীকাৰ কৰা প্রতিজন ব্যক্তিৰে মনৰ কথা।
সমপ্রেমৰ সম্পৰ্কবোৰ গোপনে চলে। যুগ যুগ ধৰি এনে সম্পর্ক গোপনীয়তাৰে চলি আহিছে আৰু গোপনীয়তাৰেই শেষ হৈছে। এই সম্পৰ্কবোৰত সকলোতকৈ বেছি যদি কিবা আছে সেয়া দুখ আৰু যন্ত্রণা। সমাজে তেওঁলোকক সহজভাবে নলয়। তেওঁলোকৰ সম্পৰ্কবোৰক ঘেৰি ধৰে। চেপি আনে। কবি জোনমণি দাসে কবিতাত এনেবোৰ কথাক প্রকাশ কৰিছে এইদৰে—
"অ' ফুচফুচাই থকা ফুলনি
আৰু জেকা মাটিত সৰি পৰি থকা ফুল
চোৱাহি চোৱাহি, এতিয়া মই কাঁইটৰ কান্দোন শুনিছোঁ
দেখিছোঁ নৈঃশব্দই খেদি ফুৰা শংখবোৰক।
উলংগ আকাশে মেলি দিয়া বাহু।" (সমকামী সূর্য)
সমপ্ৰেমৰ সম্পৰ্ক এটাক মানি নলৈ তেওঁলোকে লোৱা চৰম সিদ্ধান্তৰ পাছত পৰিয়াল-পৰিজনে কৰা হা-হুমুনিয়াহ, কান্দোন ইত্যাদিক কবিয়ে ইয়াত তুলনা কৰিছে কাঁইটৰ কান্দোনৰ লগত। তেওঁলোকক বিচাৰি হাহাকাৰ কৰাৰ বেদনা, মনোকষ্ট, দুবাহু মেলি তেওঁলোকক পুনৰ পাবৰ বাবে কৰা কাতৰ অনুৰোধ (যিটো সম্ভৱ নহয়) ইত্যাদিক কবিতাৰ ভাষাৰেই প্ৰকাশ কৰিছে। আকৌ,
"চাই থকা চিনেমাখনৰ অন্তিম দৃশ্যত
দুজন সমকামী প্ৰেমিকৰ ৰেলে কটা
মূৰ দুটাৰ স্নেপটো চাবলৈ আকৌ এবাৰ
চিনেমাখন মই বেক কৰিছোঁ।" (কাহিনী-১)
বহু সমপ্ৰেমৰ শেষ পৰিণতি মৃত্যু। এনে মৃত্যুৰ বহু কাহিনী সময়ে সময়ে আমি শুনিবলৈ পাওঁ। এই কৰুণ সত্যক কবিয়ে পাহৰা নাই। যদিও কবিয়ে এই সত্যক চিনেমাৰ কাহিনীৰ সৈতে সংপৃক্ত কৰিছে; ই জীৱনৰো কাহিনী।
সমাজত ক’ৰবাত নহয় ক’ৰবাত সদায় উপেক্ষিত কুইয়ৰ সম্প্ৰদায়ৰ লোকসকলৰ জীৱন বৰ সহজ নহয়। সদায় উচুপি থাকিব লগা হয় তেওঁলোকে সমাজৰ অজ্ঞাতেই। এই সম্পর্কে জোনমণি দাসৰ কবিতাত আছে—
"এলান্ধুকলীয়া অন্ধকাৰত আমি শংখ ফুকিছিলোঁ
চকুৰ মণিবোৰত বিচাৰি ফুৰিছিলোঁ পোতা পুখুৰীৰ পানী।" (এটা বহল বৃত্তৰ ব্যাস্যাৰ্ধত)
আকৌ,
"শুকান গছজোপাত ৰাতিৰ ৰ'দৰ এটা ৰেঙনি মদৰ গিলাচত মৃত্যুৰ এটা শীতল চাৱনি।" (শুকান গছৰ গান)
কবিতা দুটাত ‘এলান্ধুকলীয়া অন্ধকাৰ’ আৰু ‘ৰাতিৰ ৰ’দ’ প্রতীকাত্মক। যিদৰে ৰাতি ৰ’দ বিচৰাটো এটা মূর্খামীৰ বাদে একো নহয়, সেইদৰে এলান্ধুকলীয়া অন্ধকাৰে সূচাইছে পৰম্পৰাগত ধাৰণাত বিশ্বাসী সমাজখনক, য’ত সমপ্ৰেমৰ দৰে সম্পৰ্ক এটা সামাজিকভাৱে নিষিদ্ধ। ইয়াৰ বিপৰীতে চকুৰ মণিত বিচাৰি ফুৰা পোতা পুখুৰীৰ পানীয়ে যুগ যুগ ধৰি সাঁচি ৰখা কুইয়ৰ সম্প্ৰদায়ৰ চকুপানীক সূচিত কৰিছে আৰু মদৰ গিলাচত মৃত্যুৰ এটা শীতল চাৱনিয়ে যন্ত্রণাকাতৰ কুইয়ৰ ব্যক্তিয়ে জীৱন যাতনাত দগ্ধ হৈ শৰীৰ ক্ষয়কাৰী দ্রব্য সেৱন কৰি জীৱনক ক্রমে ক্রমে শেষ কৰি অনাৰ ইংগিত বহন কৰিছে।
‘পাপৰ এপৃষ্ঠা’ কবিতাটোত আছে সমাজৰ ঘৃণাৰে ঘৃণিত কুইয়ৰ সম্প্ৰদায়ৰ ব্যক্তিসকলৰ নিজৰ প্ৰতিয়েই ওপজা ঘৃণা—
"মোৰ শৰীৰৰ এতিয়া
কেৱল ময়েই উজাৰি দিছোঁ ঘৃণাৰ সমস্ত থু।"
কুইয়ৰ ব্যক্তি এজনে সমাজৰ ঘৃণাৰ পাত্ৰ হৈ হৈ শেষত নিজৰ শৰীৰটোৰ প্ৰতিয়েই ঘৃণা ওপজা এটা অৱস্থাত উপনীত হয়গৈ। যি মুহূর্তত যিকোনো ব্যক্তিয়েই হঠাৎ লৈ পেলাব পাৰে জীৱনৰ কঠোৰ সিদ্ধান্ত। ‘ঘৃণাৰ সমস্ত থু’ এনে নিষ্ঠুৰ সত্যৰেই প্ৰতিভূ। যাৰ বাবে বহুজনৰ বহু সপোন মষিমূৰ হয়। বহু জীৱন হেৰায়।
সমাজত LGBTQIAP+ সম্প্ৰদায়ৰ লোকসকলক লৈংগিক পৰিচয়েৰে চিনাক্ত নকৰি প্ৰান্তীয়কৰণ কৰি ৰখা হৈছে। সেয়েহে তেওঁলোকৰ জীৱনবোৰ হতাশা, ক্ষোভ আৰু দুখ-খঙেৰে জৰ্জৰিত হৈ আছে। তেওঁলোকৰ জীৱন কৰুণতম। এই কবিতাবোৰৰ মাজেৰে কবিসকলে কুইয়ৰ সম্প্ৰদায়ৰ যৌন পৰিচয়, অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম আৰু লিংগ ৰাজনীতিৰ লগত জড়িত সত্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে। সামাজিক ৰক্ষণশীলতা, পুৰুষতান্ত্ৰিক সমাজৰ অৱলম্বনত চলি থকা লিংগ-বৈষম্যক অস্বীকাৰ কৰি মুক্ত পৃথিৱীৰ কামনা কৰা এওঁলোকৰ কবিতা প্ৰান্তীয়কৃত মানুহৰ আৱেগ-অনুভূতিৰ বিশ্বজনীন প্ৰকাশ। তেওঁলোকে কুইয়ৰ সম্প্ৰদায়ৰ পক্ষত অৱস্থান কৰি এইসকল লোকৰ চৰম ৰূপটোক অতি নিৰ্মম আৰু মৰ্মস্পর্শীভাৱে উপস্থাপন কৰিছে। কিন্তু এই লোকসকলৰ দুখ-যন্ত্ৰণাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যেৰে বা তেওঁলোকৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে কোনো ধৰণৰ সমাধানৰ পথ বা উপায় উল্লেখ কৰা নাই। কেৱল মাত্র প্রতিবাদ, বিপ্লৱেই সমস্যা সমাধানৰ পথ হ’ব নোৱাৰে। অৱশ্যে কবিতাবোৰত লৈংগিক পৰিচয়ৰ বাহিৰেও মানুহৰ প্ৰথম পৰিচয় যে মানুহ এই দৃষ্টিৰে এখন শ্ৰেণীহীন, লিংগমুক্ত সমাজ গঢ়াৰ পোষকতা কৰা দেখা গৈছে।
গ্ৰন্থপঞ্জী
(ক) মুখ্য উৎস
ডেকা, ময়ুৰী, আন্ধাৰ কোঠালিৰ দুৱাৰ ভাঙি, গুৱাহাটী : পূৰ্বায়ন প্ৰকাশন, ১ম সংস্ক., ২০২১
দাস, জোনমণি, সমকামী সূৰ্য, গুৱাহাটী : পাঞ্চজন্য বুক্ছ, ১ম সংস্ক., ২০২০
যাত্ৰা আলোচনীৰ দ্বিতীয় পৰ্বৰ তৃতীয় সংখ্যা।
(খ) গৌণ উৎস
অসমীয়া:
দত্ত, জুৰি, সাহিত্য, সমাজ আৰু সাহিত্যতত্ত্ব, গুৱাহাটী : পূৰ্বায়ন প্ৰকাশন, ১ম সংস্ক., ২০২২
বেজবৰুৱা, জিতেন, প্ৰসংগঃ এল জি বি টি, গুৱাহাটী : বান্ধৱ, ১ম সংস্ক., ২০২৩
সাহা, দেৱজিৎ, সমপ্ৰেমৰ ৰূপৰেখা, গুৱাহাটী : পূৰ্বায়ন প্ৰকাশন, ১ম সংস্ক. ২০২৩
হিন্দী:
বনজা, কে.. কুইয়ৰ বিমৰ্শ. নতুন দিল্লীঃ বাণী প্ৰকাশন, ১ম সংস্ক., ২০২১
বাংলা:
ৰায়, অভিজিৎ. সমকামিতা একটি বৈজ্ঞানিক এবং সমাজ মনস্তাত্বিক অনুসন্ধান. ঢাকাঃ শুদ্ধস্বৰ, ১ম সংস্ক., ২০১০
English:
Cook, Gay, Discourse and Literature, Oxford: OUP, 1994
Faucault, Michal, The Order of Things, London: Tavistock publication, 1970
_ _, The History of Sexuality, Vintage, 1990
Hall, Donald E, Queer Theorys, Palgrave Macmillan: New York, 2017
Moran, Mridul. 'It has just love, not a big issue: Love, sexuality and sadness of the queer community in Mayuri Deka's selected poems'. Literary Writings from North-East India, edited by Tridhara Bordoloi and Nabanita Hazarika, 1st ed. Dergaon: DKD College, 2022, pp. 9-15
Sedwike, Eve Kosofsky, Tendencies, London: Routledge, 1st ed. 1994
Whittington, Karl. 'Madieval', 'Queer' in the Studies in Iconography, Vol. 33, 2012, pp. 157-168
স্বপ্নমজ্যোতি কলিতা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ।