Issue: Vol. IV, No. 1, May-July, 2025
ধূসৰিত পৃথিৱী
সেউজী ধৰণীৰ ৰং ধুসৰ হ’ল
আজি যেন পৃথিৱী ক্লান্ত
জলবায়ু , পৰিৱেশ, মানৱতা
সকলো আক্ৰান্ত!
শত-শত যুগৰ সভ্যতাই গৰকা
মানুহক লজ্জিত কৰি
মানৱ দানৱ হ’ল,
নিতে প্ৰকাশিত হয়
মানুহৰ নিম্নগামী ৰূপ;
কেতিয়াৰপৰা জানো মানুহে
মৰম-ভালপোৱা, বিশ্বাস-ভৰসাক
জলাঞ্জলি দিলে!
তাৰ পিছৰেপৰা পৃথিৱী
শুকান ৰিক্ত হৈ গ’ল
জীৱনৰ মাদকতা নোহোৱা হ’ল
ভাব-ভাষা সকলো নিতাল
মনত পৰে গৌৰৱময় অতীতলৈ!
আমাৰ আশাৰ কঠিয়াতলিত
সপোনে ঠন ধৰে
স্বপ্নাৱিষ্ট ভাববোৰ ভাষা হৈ
কবিতা হ’ব
কবিতাবোৰ মানৱতাৰ গীত
সেই গীতৰ গুঞ্জনত
পৃথিৱী মুখৰিত হ’ব!
নাৰী অনুপমা
তুমি এক নাৰী
তোমাৰ পোছাকী নাম নাই
কাৰোবাৰ কন্যা, ভগ্নী পত্নী
নাইবা মাতৃ তুমি!
জন্ম লভা মা-দেউতাৰ
ঘৰখনৰ তুমি আলহীহে হেনো!
সেৱা তোমাৰ ধৰ্ম,
সহনশীলতা সকলোৰে কাম্য,
নমনীয়তা তোমাৰ আভূষণ
ঘৰখনৰ মৰ্যাদা তোমাৰে হাতত;
সমাজত তুমি বহু চৰ্চিতা৷
সেইবোৰলৈ ভ্ৰূক্ষেপ কৰাৰ
মোৰ পিছে আহৰিয়ে নাই
সদাব্যস্ত নিজস্ব গতিপথত৷
মই কিছু আৱেগিক,
আত্মাভিমানী, খেয়ালীমনাও,
সৰু-সুৰা ভুল অৱশ্যে মোৰ প্ৰায়েই হয়
বন্ধ দুৱাৰখন টানি খোলে বুলি জানিও
কেতিয়াবা ঠেলি দি হাঁহিয়াতৰ পাত্ৰ হওঁ,
সাধাৰণ হিচাপ এটাও সময়ত
আঙুলিৰ মূৰত লিখিহে উলিয়াওঁ৷
বাধ্যবাধকতা নীতি-নিয়মৰ হেঁচাত
খেলিমেলি হৈ যায়!
ইয়াৰে জানো মনৰ পৰিধিক জুখিব পাৰি?
নমনীয় হলেও মানসিক শক্তি মোৰ অপাৰ
সাংসাৰিক বোজাই নকৰে ক্লান্ত,
সামাজিক কৰ্তব্য নিষ্ঠাৰে পালোঁ৷
ঘৰৰ চাৰিবেৰৰ বাহিৰতো
মই পৰিচিত নিজস্ব গুণেৰে;
শিক্ষা-দীক্ষাৰে পুষ্ট
সকলো দিশতে দক্ষ৷
সুদৃঢ় কাপেৰে সাৱলীল লেখাৰে
সমাজৰ খুটিনাটি সকীয়াওঁ সময়ে-সময়ে,
হ’ব পাৰোঁ শিক্ষয়ত্ৰী, বৈজ্ঞানিক
মহাকাশচাৰিণী,
দেশৰ সৰ্বোচ্চ কৰ্তৃত্ব ল’ব পৰা
অৰ্হতাও মোৰ আছে৷
আৰু আছে মোৰ এক সুকীয়া অস্তিত্ব
ময়েই গঢ়োঁ শান্তিৰ আলয়
জীৱন-শৈলীত আউল লাগে
মই নাথাকিলে!
গৰ্বিতা মই
মই যে নাৰী৷