নিসৰ্গ আৰু নৃকেন্দ্ৰিকতা : মেৰী অলিভাৰৰ কাব্য-দৰ্শন

Issue: Vol. IV, No. 1, May-July, 2025

অজিতাভ হাজৰিকা

১৯৮৪ চনত পুলিৎজাৰ বঁটা লাভ কৰাৰ পাছৰে পৰা আমেৰিকান কবি মেৰী অলিভাৰ (১৯৩৫-২০১৯)ৰ এক সুকীয়া পৰিচয় গঢ় লৈ উঠিছে৷ তেওঁৰ কাব্য-ভাবনাৰ আদ্যোপান্ত এক সজীৱ নিসৰ্গ চেতনাৰ প্ৰতিধ্বনি৷ তেওঁৰ কবিতাত অন্তৰ্জগতত খলকি থকা ৰহস্যময় অস্পষ্ট ভাবনা প্ৰকৃতি জগতৰ একাধিক ঘটনা-পৰিঘটনাৰ প্ৰতি নিক্ষেপিত দৃষ্টিৰ অভেদ৷ অৱশ্যে তেনে কবিতাৰ অভিব্যক্তি পঢ়ুৱৈক বিস্ময়-বিমুগ্ধ কৰি ৰাখিব পৰাকৈ সহজ-সৰল আৰু অনাড়ম্বৰ৷ আন বহু সমসাময়িক কবিৰ সৈতে অলিভাৰৰ তফাত এইখিনিতে৷ তেওঁৰ প্ৰথমছোৱাৰ কবিতাত যি প্ৰকৃতি-দৃষ্টি ফুটি উঠিছে সেয়া ৰবাৰ্ট ফ্ৰষ্ট অথবা ছিমাছ হিনীৰ সৈতে ৰিজাব পৰা বিধৰ৷ সেইপিনৰ পৰা মেৰী অলিভাৰ অষ্টাদশ শতিকাৰ ইংৰাজ ৰোমাণ্টিক কবিসকলৰ লেখীয়াকৈ প্ৰকৃতি কবি (nature poet) হিচাপে প্ৰতিষ্ঠিত৷ বহু সময়ত পঢ়ুৱৈয়ে দেখিব তেওঁৰ কবিতাত চৌপাশৰ প্ৰকৃতি আৰু পাৰ্থিৱ জগতখনৰ প্ৰতি কথকজনৰ একধৰণৰ ভাবলেশহীন পৰ্যবেক্ষকৰ দৃষ্টিভংগী৷ এনে হোৱাৰ কাৰণ মূলতঃ নিসৰ্গক তাহানিতে সেই লন্‌জাইনাছ-কথিত অত্যুৎকৃষ্টতা(sublimity)ৰ পৰ্যায়লৈ উন্নীত কৰাৰ প্ৰৱণতা৷ অৱশ্যে অলিভাৰৰ কবিতাত এনেবোৰ প্ৰসংগৰ তাৎপৰ্য সম্পৰ্কে ইতিমধ্যে আলোচনা হৈ গৈছে৷ মন কৰিবলগীয়া কথাটো হৈছে তেওঁৰ কাব্য-পৰিক্ৰমৰ পাছৰ এটা পৰ্যায়ত আমি এনে কিছুমান কবিতাও পঢ়িবলৈ পাইছোঁ য’ত নৈসৰ্গিক ঘটনা-পৰিঘটনাই কবি-মনত এহাতে যেনেকৈ মহত্ত্বম উপলব্ধি সঞ্চাৰ কৰিছে, আন হাতে একধৰণৰ আত্ম-সচেতন অৱক্ষয়ৰ চেতনাও সজীৱ কৰি ৰাখিছে৷ এইখিনি কবিতাক সেয়েহে পাৰিপাৰ্শ্বিক কবিতা (ecopoetry) হিচাপে বিচাৰ কৰি চোৱাৰ থল আছে৷ সম্প্ৰতি এনে কবিতাক লৈ আমাৰ আগ্ৰহ বেছি৷ দুটামান কবিতাৰ আলোচনাই কথাটো কিছু পৰিষ্কাৰ কৰিব৷

মেৰী অলিভাৰ

পিছে কবিতাৰ আলোচনালৈ যোৱাৰ আগতে দৃষ্টিভংগীৰ সৈতে জড়িত প্ৰাসংগিক কথা দুটামান কৈ ল’ব লাগিব৷ সেয়ে নকৰিলে ওপৰত কৈ অহা কথাখিনিয়ে পঢ়ুৱৈক খেলিমেলিত পেলোৱাৰ আশংকা থাকি যাব৷ অন্ততঃ প্ৰকৃতি কবিতা আৰু পাৰিপাৰ্শ্বিক কবিতানো কিহত সুকীয়া, সেই বিষয়ে কিছু ক’ব লাগিব৷ প্ৰকৰণগত দিশটোৰ পৰা দুয়োটি ধাৰাৰে কবিতাত প্ৰভেদতকৈ মিল সৰহীয়া৷ প্ৰকৃতি কবিতাত প্ৰকৃতিৰ পৰিদৃশ্যময় ঘটনা জগতৰ সমুখত কথক বিস্মিত৷ মানুহ আৰু নিসৰ্গৰ সম্পৰ্কসূত্ৰক ইয়াত পৰম্পৰাগত ভাবধাৰাৰ আধাৰত আটি থোৱা৷ সেই অৰ্থত প্ৰকৃতিৰ সৈতে জড়িত হৈ আছে প্ৰতিপালনৰ প্ৰসংগ (nature/nurture বিবাদ স্মৰ্তব্য)৷ এনে কবিতাত কেতিয়াবা বিষাদবিধুৰ কবি-মনক প্ৰকৃতিয়ে নিচুকায়, আন কেতিয়াবা সুখ-বিলাসী কবি-মনৰ উচ্ছলতাক প্ৰকৃতিৰ মোহে সমাহিত কৰি ৰাখেহি৷ দুটামান উদাহৰণ আনিলেই কথাটো পৰিষ্কৰ হৈ পৰিব:

ৰবাৰ্ট ফ্ৰষ্টৰ কবিতাটোত প্ৰকৃতিৰ বিভিন্ন অনুষংগক সূচাবৰ বাবে ব্যৱহৃত স্ত্ৰী-বাচক সৰ্বনাম পদৰ ব্যৱহাৰলৈ চালেই প্ৰকৃতি আৰু প্ৰতিপালনৰ কথাটো স্পষ্ট হৈ পৰিব৷ নিসৰ্গৰ কোলাত লালিত মানৱ-মনত প্ৰকৃতিৰ অস্তিত্ব এগৰাকী ধাত্ৰীলৈ পৰ্যবসিত৷ নাৰীবাদী সমালোচনাই আমাক এনে হোৱাৰ বিপদ সম্পৰ্কে অবহিত কৰিছে৷ ৱৰ্ডছৱৰ্থ আৰু ফ্ৰষ্টৰ কবিতা দুটিত মানৱ অস্তিত্বৰ নিকৰুণ সীমাবদ্ধতাৰ ধাৰণা এটা খুন্দ খাই আছে৷ ঘটনা জগতৰ ক্ষণস্থায়িত্বৰ প্ৰসংগই ইয়াত এক দাৰ্শনিক অভিব্যক্তি (“The Child is father of the man”) লাভ কৰিছে৷ হীৰেন ভট্টাচাৰ্যৰ কবিতাটোত আছে অতীত-ভ্ৰমণৰ অনুষংগ৷ ইয়াত বোৱতী নদীৰ ছন্দই কথকৰ কল্পনা পৰিচালিত কৰিছে৷ এনে কবিতাত মানৱ-মনৰ অস্তিত্ব প্ৰকৃতিৰ অনবদ্যতাৰ সমুখত তুচ্চতৰ (“পলৰীয়া মন মোৰ বন্দী”) হৈ উঠিছে৷ তেনে হোৱাৰ ফলত প্ৰকৃতি আৰু মানুহৰ (অথবা মানৱসৃষ্ট সংস্কৃতিৰ) মাজত বৰ্তি থকা দ্বন্দ্বৰ যি ঐতিহাসিক পটভূমি সেই লৈ আমাৰ সংবেদনা জাগি উঠাৰ অৱকাশ কম৷  পাৰিপাৰ্শ্বিক কবিতাৰ এক তাৎপৰ্যপূৰ্ণ বৈশিষ্ট্য এই দ্বন্দ্বৰ পটভূমি উন্মোচিত কৰাটো৷ এনে কবিতাই মানুহৰ স্বতন্ত্ৰ ইচ্ছাৰ ধাৰণাটোৱে কেনেকৈ প্ৰকৃতিৰ পৰিদৃশ্যমান উপাদানসমূহক ব্যৱহাৰযোগ্য পণ্যৰূপে পৰিগণিত কৰাইছে সেই লৈ আমাৰ দৃষ্টি আকৰ্ষণ কৰিব খোজে৷ অলিভাৰৰ কবিতাত অৱশ্যে এনে এক দৃষ্টিভংগীৰ পোনপটীয়া উপস্থাপন আশা কৰাটো নিৰৰ্থক৷ তেওঁৰ লীৰিকধৰ্মী কাব্য-শৰীৰত মানুহ আৰু মানৱ-ভিন্ন জগতৰ আন্তঃসম্পৰ্কৰ কথা আহিছে৷ এনে সম্পৰ্কৰ আওতাত নৃকেন্দ্ৰিকতাৰ ঐতিহাসিক পটভূমিটো চালি-জাৰি চোৱাৰ থল আছে৷ চলি থকা শতিকাটো— ধৰাতলৰ পাৰিপাৰ্শ্বিক তন্ত্ৰসমূহক মানুহৰ ক্ৰিয়াকলাপ আৰু উদ্ভাৱনশীল মনোবৃত্তিয়ে প্ৰভাৱিত আৰু পৰিৱৰ্তিত কৰি অহালৈ চাই— নৃকেন্দ্ৰিকতাৰ শতিকা হিচাপে চিহ্নিত কৰা হৈছে৷ এই নৃকেন্দ্ৰিক ভাবধাৰাটো বৰ্তি থাকিবলৈ মানুহক আন আন পাৰিপাৰ্শ্বিক বৰ্গসমূহৰ ঊৰ্ধ্বত একধৰণৰ কৰ্তৃত্বশীল অৱস্থানত ৰখাটো অত্যাৱশ্যকীয়৷ তেহে একধৰণৰ ক্ৰমস্থানিক বৈপৰীত্য সূচনাৰ মাজেদি তৎজনিত প্ৰভাৱ বিস্তাৰৰ সমীকৰণবোৰ বৰ্তি থকাটো সম্ভৱপৰ৷ মানুহ আৰু মানৱ-ভিন্ন প্ৰকৃতিৰ আন্তঃসম্পৰ্ক নাইবা আন্তঃনিৰ্ভৰশীলতা নৃকেন্দ্ৰিক প্ৰপঞ্চৰ পৰিপন্থী৷ কাৰণ তাত ক্ৰমস্থানৰ কথাটো নৰজে৷ অলিভাৰৰ পাছৰ পৰ্যায়ৰ কবিতাত এনে আন্তঃনিৰ্ভৰশীলতাৰ ইংগিত আছে৷ পাছৰ মানে ইয়াত তেওঁ পুলিৎজাৰ বঁটা গ্ৰহণ কৰাৰ পাছত লিখা কবিতালানিৰ কথা কৈছোঁ৷ দুটামান উদাহৰণৰ মাজেৰে আমি অলিভাৰৰ কাব্য-দৰ্শন সম্পৰ্কে কিছু ধাৰণা কৰিব পাৰিম৷ তেওঁৰ কবিতাত এই যি এটা সুকীয়া পৰ্যায় অথবা পৰ্বৰ সূচনা হোৱা বুলি কৈ আহিছোঁ, সেয়া তেওঁ ১৯৮৮ চনত প্ৰকাশ কৰা এটা কবিতাত জলজল-পটপট৷ ‘Singapore’ শীৰ্ষক এই দীঘলীয়া কবিতাটোৰ প্ৰথমডোখৰ এনে—

কবিতাটোৰ কথকে ৰোমাণ্টিক কবিতাৰ প্ৰকৃতি-দৃষ্টিক কটাক্ষ কৰিছে৷ ইয়াত সৌন্দৰ্যৰ ধাৰণাটো পৰিস্থিতিগত কদৰ্যতাৰ সৈতে ৰিজাই চোৱা হৈছে (“Her beauty and her embarrassment struggle together…”)৷ এনে পৰিস্থিতিত কবিতাৰ মূল সীয়নিটোলৈ একধৰণৰ অনিৰ্ণেয়তা আহিছে (“…and neither could win”)৷ কবিতাৰ সদৰ্থক অভিব্যক্তিয়ে অনেক সময়ত যি পৰিস্থিতিগত অসামঞ্জস্যতাৰ সূচনা কৰে সেই লৈ ইয়াত আমাৰ মনোযোগ আকৰ্ষণ কৰা হৈছে৷ ৱৰ্ডছৱৰ্থৰ কবিতাত এনে উদাহৰণ দেধাৰ৷ উদাহৰণস্বৰূপে ‘The Solitary Reaper’-ৰ শেষৰ দুটা শাৰীলৈ চোৱা যাওক : “The music in my heart I bore,/ Long after it was heard no more”৷ ইংৰাজী সাহিত্যৰ ছাত্ৰ হিচাপে আজি অতদিনে আমি পাই আহিছোঁ যে কবিতাটোৰ মূল বিষয়বস্তু সাংগীতিক মূৰ্চ্ছনাৰে মুখৰিত এক সুখপ্ৰদ অভিজ্ঞতাৰ স্মৃতি৷ পিছে শেষৰ দুটা শাৰীত চকু থ’লেই বুজা যায় যে ইয়াত অতীত ৰোমন্থনৰ কালছোৱাত সুখপ্ৰদ সংগীতৰ অনুপস্থিতিৰ কথাও কথকে আমাক সোঁৱৰাই আছে৷ এইখিনি অনুভৱ বিষাদসিক্ত অসহায়তাৰ৷ সেইফালৰ পৰা কবিতাটোত একধৰণৰ সানমিহলি অনুভৱৰ খেলিমেলি(ambivalence)ও সোমাই আছে৷ মেৰী অলিভাৰৰ উপৰিউক্ত কবিতাটোৰ পঠনে এনে পৰিস্থিতিৰ নঞৰ্থকতাক নান্দনিক দৃষ্টিভংগীৰে ঢাকি ৰখাৰ বিপদ সম্পৰ্কে আমাক ভবাই তুলিব৷ ইয়াত নাৰী প্ৰতিমাৰ কলাত্মক উপস্থাপন আৰু নাৰী সত্তাৰ সামাজিক প্ৰস্থিতিৰ মাজত থকা দুস্তৰ ব্যৱধান সম্পৰ্কেও তাৎপৰ্যপূৰ্ণ কথন আছে৷ এইখিনি সময়ৰ পৰা অলিভাৰৰ কবিতাত প্ৰকৃতি-দৃষ্টিয়ে কেতবোৰ স্পৰ্শকাতৰ বিষয়বস্তু তলব কৰা আমি দেখিবলৈ পাম৷

নৃকেন্দ্ৰিক বাগধাৰাই মানৱ-ভিন্ন প্ৰকৃতিৰ বিভিন্ন বৰ্গসমূহক নিষ্ক্ৰিয় নাইবা নিশ্চল হিচাপে পৰিগণিত কৰাইছে৷ পশু-পক্ষী, উদ্ভিদ অথবা প্ৰস্তৰ আদিৰ পাৰিপাৰ্শ্বিক অৱস্থিতি এনে ধাৰণাৰ ভিতৰুৱা৷ মানুহৰ ইচ্ছা অনুযায়ী সেয়েহে সিবোৰক ব্যৱহাৰৰ উপযোগী কৰি চলাৰ এক সুদীৰ্ঘ ইতিহাস আছে৷ শেহতীয়াকৈ নৃকেন্দ্ৰিকতাৰ সমালোচনাত্মক দৃষ্টিভংগীয়ে এনে এক অৱস্থানক লৈ কেতবোৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ ই মানৱসৃষ্ট পৰিপ্ৰেক্ষিতৰ সীমাবদ্ধতাক পোহৰলৈ আনিছে৷ উদাহৰণস্বৰূপে উদ্ভিদৰ বেলিকা পৰিলক্ষিত গা-গছৰ ঊৰ্ধ্বমুখী বৰ্ধন আৰু মূলৰ অধোমুখী সম্প্ৰসাৰণক মানুহে স্বতন্ত্ৰ ক্ৰিয়া ৰূপে গণ্য নকৰাৰ মূলতে আছে জীৱৰ গতিবিধি সম্পৰ্কে থকা এক বদ্ধমূল ধাৰণাৰ আওতাত এনেবোৰ প্ৰক্ৰিয়া নপৰাৰ প্ৰসংগ৷ উদ্ভিদৰ বিকাশ-বৃদ্ধি অথবা শিলাস্তৰৰ সংকোচন-সম্প্ৰসাৰণ ইত্যাদি মানৱীয় সময়ৰ জোখেৰে এক বিস্তৃত সময়খণ্ড জুৰি চলা প্ৰক্ৰিয়া৷ ইবোৰৰ তাৎক্ষণিক প্ৰভাৱ আমাৰ চকুত নপৰাটো নৃকেন্দ্ৰিক ভাবধাৰাৰ এক লক্ষণীয় সীমাবদ্ধতা৷ মেৰী অলিভাৰৰ কিছুমান কবিতাৰ মনোযোগী পঠনে আমাক এনে সীমাবদ্ধতাৰ ইংগিত দিব৷ ‘The Lilies Break Open Over the Dark Water’ তেনে এটা কবিতা৷

স্তৱকটোৰ প্ৰথমছোৱাত থকা লিলিফুলৰ দৈহিক গঠন-বিন্যাসক সূচাবৰ বাবে যিকেইটা শব্দ ব্যৱহাৰ কৰা হৈছে তাত নৃকেন্দ্ৰিকতাৰ সাঁচ ৰৈছে৷ উদাহৰণস্বৰূপে ‘slippery’ শব্দটো মানৱ-জগতৰ স্পৰ্শানুভূতিৰ দ্যোতক৷ এতেকে এই পৰ্যবেক্ষণ মানৱীয় উপলব্ধিৰ পৰা উৎসাৰিত৷ ফুলপাহিৰ জৈৱিক ক্ৰিয়া প্ৰণালীৰ কোনো অৰ্থ নথকা (“devoid of meaning”) বুলি কোৱা কথাষাৰত সেয়া আৰু অধিক স্পষ্ট৷ ইয়াৰ পাছতে আছে পৰিপ্ৰেক্ষাৰ স্থানান্তৰণ৷ এইবাৰ কথকে আমাক জানিবলৈ দিছে যে কোনো এক সহজাত প্ৰবৃত্তিৰ দ্বাৰা ফুল এপাহৰ ঋতুগত ক্ৰিয়া-প্ৰতিক্ৰিয়া নিয়ন্ত্ৰিত৷ কথকৰ এই যুক্তিত মানৱ-দৃষ্টিৰ সীমাবদ্ধতা ফুটি ওলাইছে৷ পৰিপাৰ্শ্বৰ একাধিক ঘটনা-পৰিঘটনাৰ অন্তৰ্নিহিত অৰ্থ ভাঙি উলিওৱাত মানুহে মানি চলা অৰ্থ উদ্‌ঘাটনৰ সূত্ৰসমূহ যে কাৰ্যকৰী নহয় সেই কথা কবিতাটোত পোহৰলৈ আহিছে৷ অৰ্থপূৰ্ণ আৰু নিৰৰ্থক (অথবা যুক্তিসংগত আৰু যুক্তি বিবৰ্জিত) হিচাপে পৰিগণিত সংঘটনৰ মাজত যি দ্বৈধতা আমি দেখোঁ তাকো কবিতাটোৰ কথকে আপেক্ষিকতাৰ আওতাত আটি থৈছে৷ সেইফালৰ পৰা কবিতাটোত উত্তৰ-সংগঠনবাদী চিন্তাৰো চিন ৰৈছে৷ মানৱ প্ৰপঞ্চৰ স্বয়ংসম্পূৰ্ণতাৰ ঠাইত ইয়াত পৰিপাৰ্শ্বৰ এক বিকল্প দৃষ্টিভংগীৰ পোষকতা কৰা হৈছে৷ কথাটো কেৱল উদ্ভিদ জগতৰ প্ৰসংগতে অহা বুলি ভাবিলে ভুল হ’ব৷ অলিভাৰৰ ‘Straight Talk from Fox’ শীৰ্ষক আন এটা কবিতাত দৃষ্টিভংগীৰ এই বিকল্প উদ্‌ঘাটনৰ প্ৰয়াস মূৰ্ত হৈ উঠিছে পশু-পক্ষী জগতৰ অনুষংগ অনুসৰণৰ মাধ্যমেৰে৷ কবিতাটোৰ প্ৰথমডোখৰৰ কথ্য এনে—

ইয়াত দেহগত কৌশল (“lick”, “smell”) অৱলম্বনৰ জৰিয়তে শিয়াল এটাই ইয়াৰ তাৎক্ষণিক পৰিপাৰ্শ্বৰ সৈতে যোগসূত্ৰতা স্থাপন কৰাৰ কথা কোৱা হৈছে৷ এনে সংযোগ সাধনৰ প্ৰক্ৰিয়াত জীৱৰ দেহজ প্ৰবৃত্তিসমূহে একধৰণৰ corporeal vocabulary ৰূপে ক্ৰিয়া কৰি আছে৷ পশু-পক্ষী জগতত ভাবৰ সংবাহন মানুহৰ আয়ত্তৰ ভাষিক আদান-প্ৰদানৰ মাধ্যমত নোহোৱাৰ হেতুকে এনে দেহজ অভিব্যক্তিৰ বিশেষ তাৎপৰ্য আছে৷ অলিভাৰৰ কবিতাটোত কথকে অনা-মানৱ দৈহিকতাত অৰ্থগত তাৎপৰ্য (সংগীতৰ প্ৰসংগ মন কৰিবলগীয়া) আৰোপ কৰালৈ চালে ইয়াত নৃকেন্দ্ৰিক সমালোচনাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্যই প্ৰাণ পাই উঠিছে৷ মানুহক প্ৰকৃতি-জগতৰ নিয়ন্ত্ৰক হিচাপে মানি চলাৰ বিপদ সম্পৰ্কে তেওঁ সচকিত৷ মানৱীয় কল্পনা আৰু বুদ্ধিবৃত্তিৰ সীমাবদ্ধতা কবিতাটোৰ কথ্যত অভিব্যক্ত এইদৰে:  

মৃত্যু-চেতনাই অলিভাৰৰ ‘When Death Comes’ শীৰ্ষক আন এটা কবিতাতো এক বিশিষ্ট আয়তন লাভ কৰিছে৷ কবিতাটোত সমাৱিষ্ট “hungry bear”, “measle-pox”, “iceberg” প্ৰভৃতি শব্দগ্ৰন্থিয়ে কবি-বক্তাৰ অৱস্থিতি মানৱ-ভিন্ন প্ৰকৃতিৰ পাৰিপাৰ্শ্বিকতাৰ পৰ্যায়লৈ অৱনমিত কৰিছে৷ ইয়াত অণু-জৈৱিক জগতখনৰ উপৰি ভূতাত্ত্বিক অৱয়বৰ প্ৰসংগ অহাটো মন কৰিবলগীয়া৷ মানুহৰ কৰ্তৃত্বশীল অৱস্থানক কবিতাটোৰ কথকে প্ৰত্যাহ্বান জনাইছে পাৰ্থিৱ পৃথিৱীৰ ক্ষণস্থায়িত্বৰ বিষয়টো অৱতাৰণাৰ মাজেৰে৷ মৃত্যু অথবা অৱক্ষয়ৰ ধাৰণাটোৱে মানুহ আৰু মানৱোৰ্ধ্বৰ্ জগতখনৰ সকলোটিকে চুই যাই নিৰ্মমভাৱে৷ সেয়েহে ইয়াত কথকৰ উপলব্ধি কিছু এনেধৰণৰ—

কবিতাটোৰ এনে বক্তব্যত দাৰ্শনিকতা থকা যেন লাগিব পাৰে৷ পিছে তাত শ্লেষৰ উপাদানহে সৰহীয়া৷ শাৰীকেইটাত তত্ত্বদৰ্শিতাৰ যি সুৰ ফুটি উঠিছে সেয়া মানৱীয় অসহায়তাৰ সমুখত এক চূড়ান্ত প্ৰহসন৷ সেইফালৰ পৰা চাবলৈ গ’লে ইয়াত মানৱীয় দৃষ্টিভংগীৰ সাৰ্বজনীনতাক কৌশলেৰে বাগি দিয়াৰ কছৰৎ মূৰ্ত৷ অলিভাৰৰ কথকে সেয়া সম্ভৱ কৰি তুলিছে একধৰণৰ জাগতিক আত্মীয়তাৰ জেৰ টানি (“a brotherhood and a sisterhood”)৷ এনে কল্পদৃষ্টিৰ অন্তৰালত আছে একধৰণৰ নিগূঢ় পাৰিপাৰ্শ্বিক সচেতনতা৷ মানুহক প্ৰকৃতিৰ অনা-মানৱ জৈৱিকতা আৰু আন আন পৰিৱেশগত ভূতাত্ত্বিক বৰ্গসমূহৰ পৰ্যায়ত ৰূপায়নৰ মাজেদি, আৰু তৎজনিত বৰ্গসমূহৰ আন্তঃনিৰ্ভৰশীলতাৰ প্ৰসংগ অৱতাৰণাৰ জৰিয়তে, মেৰী অলিভাৰৰ কবিতাই নৃকেন্দ্ৰিক অধ্যয়নৰ এক তাৎপৰ্যপূৰ্ণ উপপাদ্যক জীয়ন দি ৰাখিছে৷ আমাৰ এই মতামতৰ সদৰ্থকতা প্ৰতীয়মান কৰাৰ খাতিৰত এইখিনিতে আৰু দুটামান উদাহৰণ আগবঢ়ালোঁ:

ইয়াৰে শেষৰটো কবিতাত পোনপটীয়াকৈ জাগতিক আন্তঃসম্পৰ্কৰ কথা নাহিলেও আছে মানৱীয় দৃষ্টিভংগীৰে প্ৰৱৰ্তিত বৰ্গীকৰণৰ বিৰুদ্ধে একধৰণৰ প্ৰশ্নসূচক অভিব্যক্তি৷ মন কৰিবলগীয়া যে কিছুমান কবিতাত অলিভাৰৰ কবিকণ্ঠই এখন কাল্পনিক অপবিশ্ব(dystopic)-ৰো দ্যোতনা আনিছে৷ “October” শীৰ্ষক কবিতাটোত যেনেকৈ৷ কবিতাটো সাতটা স্তৱকত ভাগ কৰা আছে৷ ইয়াত খ্ৰীষ্টীয় মতবাদ অনুসৰি জগত নিৰ্মাণৰ যি সাতদিনীয়া পৰিক্ৰমা (বাইবেলৰ জেনেছিছ দ্ৰষ্টব্য) তাৰো ব্যঞ্জনা আহিছে৷ কবিতাটোৰ প্ৰথমটো স্তৱকৰ ভাবখিনি এনে—

দুই প্ৰতিমুখী ভাৱনাৰ (মৌ-কোঁহৰ সুমিষ্ট অভিজ্ঞতাৰ স্মৃতি/মূলোচ্ছেদিত গছজোপাৰ ছবি) সঞ্চৰণ ইয়াত মন কৰিবলগীয়া৷ কবিতাটোৰ এইখিনি কথাত সেই “going hence” আৰু “coming hither”-ৰ উপজীব্যই জীপ লৈ আছে (King Lear, Act V, Sc II দ্ৰষ্টব্য)৷ অৱশ্যে ইয়াৰ সবিশেষ তাৎপৰ্য অনুধাৱন কৰিবলৈ হ’লে আমি আগবাঢ়িব লাগিব শেষৰটো স্তৱকলৈ—

কথকৰ কল্পনাত এনে এখন পৃথিৱীৰ প্ৰসংগ আহিছে য’ত মানুহ ইতিমধ্যে অৱলুপ্ত৷ মন কৰিবলগীয়া যে এই উপলব্ধি আমি লাভ কৰিছোঁ এক অনা-মানৱ অৱস্থিতিৰ পৰিপ্ৰেক্ষিতত৷ কথকৰ আত্ম-উপলব্ধিত শ্লেষৰ উপাদান আছে৷ ইয়াত ফুটি উঠা ভাবখিনিৰ সাযুজ্য এলেন ৱেইজমেনৰ The World Without Us (২০০৭) প্ৰভৃতি কিতাপত অহা ভবিতব্য পৃথিৱীৰ পৰিপ্ৰেক্ষাৰ সৈতে আছে৷ নৃকেন্দ্ৰিক সমালোচনাৰ কেতবোৰ তাৎপৰ্যপূৰ্ণ উপাদান কিতাপখনৰ পাতে পাতে৷ তৎজনিত ভাবনাৰ আনুষংগ অলিভাৰৰ কল্পদৃষ্টিৰো কেন্দ্ৰত৷ পাৰিপাৰ্শ্বিক দৃশ্য নাইবা বস্তুপুঞ্জৰ বিভিন্ন ঠেউকি তেওঁ অনুসৰণ কৰিছে৷ তেনে কৰোঁতে মানুহ আৰু মানৱ-ভিন্নৰ যি এৰাব নোৱৰা সম্পৰ্ক তাকো তেওঁ একান্ত নিজা ধৰণেৰে পোহৰাই তুলিছে৷ এনে দৃষ্টিভংগী একধৰণৰ সযত্ন অনুধাৱনৰ মাজেৰে ওপজা৷ সেয়েহে তেওঁৰ কাব্য-দৰ্শনত নিৰস গদ্যময়তাৰ চেকা লগা নাই৷ পঢ়ুৱৈৰ হৃদয়বৃত্তি আলোড়িত কৰিব পৰাকৈ সিবোৰত চিকুণ শব্দৰ ছন্দোময়তা সৰ্বত্ৰ৷ সাম্প্ৰতিক সময়ৰ পৰিপাৰ্শ্বৰ অধ্যয়নৰ এক তাৎপৰ্যপূৰ্ণ অভিব্যক্তিক নিজ কাব্য-দৰ্শনৰ ভিতৰুৱা কৰি চলাত মেৰী অলিভাৰৰ কবিতাই জ্ঞান-চৰ্চাৰ দুই বিপৰীত শৃংখলা(culture/nature)-ৰ মাজতো সংযোগ সাধিছে৷ ইতিমধ্যে আলোচিত কবিতাকেইটিত ইয়াৰ চিন স্পষ্ট৷ মেৰী অলিভাৰৰ কবিতাৰ ঐতিহাসিক তাৎপৰ্য ইয়ো এটা৷

অজিতাভ হাজৰিকা তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ গৱেষক ছাত্ৰ।