Issue: Vol. IV, No. 1, May-July, 2025
শূন্য হৃদয়ত বিষাদৰ বিলাপ
বুকু ভঙা ৰাতিটোৱে দি গ'ল
মানুহবোৰ নিৰুদ্দেশ
হোৱাৰ বতৰা।
ওখ ওখ দেৱালবোৰত
মূৰ আঁচাৰি ফুৰা
কেতেকীৰ হিয়াভগা বিননিত
কোনো হৃদয়ৰ বৰফ নগলে
কেৱল ৰাতিৰ নিস্তব্ধতা ভাঙে
শূন্য হৃদয়ে হাহাকাৰ কৰে।
জোন গলা ৰাতিৰ
কুঁৱলীৰ আচ্ছাদনত
মানুহ হেৰোৱা বাটে পোৱালি মেলে
পোহৰৰ কাঁজিৱলীক
বুকুত সাৱটি কোনো কোনোৱে
ৰাতিৰ ভাগৰ মাৰে
হেৰোৱা মানুহবোৰে মুখৰ আঁৰৰ মুখাখন বতাহত মেলি দিয়ে।