Issue: Vol. IV, No. 1, May-July, 2025
নাপাহৰিবা
তুমি আৰু মই
আমি হোৱাৰ অনেক কথাত
ওলোমাই ৰাখিছোঁ সময়—
সময় এক অতিকায় প্ৰপঞ্চ
‘আমি’ একোটা বিষয়—
বিষয় : ব্যক্তি সুখ, বক্তি স্বাধীনতা
বিকাশৰ আয় গণনা কৰোঁতে পাহৰা নহয়—
ব্যক্তিৰ সমূহেই এখন ৰাষ্ট্ৰ
ৰাষ্ট্ৰৰ নীলা সেউজীয়া ক'লা হ’বলৈ আৰু কিমান সময়!
কিমান সময় মই ‘মোক’, তুমি ‘তোমাক’ পাহৰিম/বা!
পাহৰি যাবলৈকে ৰুক্ষ সত্য
মসৃণ সাধুকথাৰ এখন ছবি নিৰ্মাণ কৰা হয়
নাকৰ আগত তলুৱা ৰাখিলে দেখা পোৱা নাযায়
হাতৰ পিঠিৰ শোটোৰা পৰা ছাল
ছালৰ ওপৰতো থাকে শগুণেও ফালিব নোৱৰা ছাল
দৃষ্টি সীমাবদ্ধতা— ওখ ওখ বেৰৰ সক্ষমতা
সময় প্ৰপঞ্চত মগজুৰ অগ্ৰপিণ্ড উহ্য হয়
আৰু আমি—
কৈ থাকোঁ অথচ পাহৰি থাকোঁ—
“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ…”
আলোচনা কৰোঁ আৰু পাহৰি যাওঁ—
“ৰাইজে নখ জোঁকাৰিলে নৈ বয়”
শুনি থাকোঁ কিন্তু মনত নাৰাখোঁ—
“যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো ৰে…”
পাহৰণি আল্টযাইমাৰ প্ৰথমটো ঢাপ৷
তোমাৰ পোছাকযোৰ মোৰ বৈৰী
কিমান সলোৱা পোছাক?
—প্ৰাতঃভ্ৰমণ, অফিচ, মেল-মিটিং, পাহাৰ, সাগৰ, সান্ধ্য ভ্ৰমণ, অথবা বন্ধুৰ ঘৰত নিমন্ত্ৰণ
ৰানিং ছ্যুট, অফিচ ৱেৰ, ট্ৰেক ছ্যুট, পাৰ্টী ৱেৰ, টাংকিনি
শীতৰ ওমাল বতাহ সাবটি
জেঠৰ উঃফ আঃহ গুচাই
বিছনাত পৰিবলৈ নাইট ৱেৰ, লাউঞ্জ ৱেৰ অথবা শ্লীপাৰ
পোছাকৰ দুটা সত্য আছে—
এক,
বীজৰ পৰা বৃক্ষ নে বৃক্ষৰ পৰা বীজ
নালাগে জানিব সেই গূঢ়াৰ্থ
মোৰ অনুকূলতে জন্ম তাইৰ
ৰূপ সলনি হয়
সলনি নহয় গুণ
কৰ্তব্য সামৰি তাই মোতে বিলীন হয়
উপভোগ্যৰ উপযোগিতা হৈ ‘মই’ (পৃথিৱী) হয়— সন্তপৰ্ণে
মই নিশ্চিন্ত৷
দুই,
তাইৰো জন্ম মোৰ গৰ্ভতে
অনুমতি বিহনে গৰ্ভপাত কৰাই
তাইক জাৰজ কৰি তোলে কোনে (?)
—তুমি!
তাই উতলে
উত্তাপৰ ইমান আটাহ
মোৰ শ্বাসনলী ৰুদ্ধ হয়
তাই গোট মাৰে
কৌশলেৰে তাইক ৰঙা দলিচাত খোজ কাঢ়িব দিয়া
ৰ'দৰ দৰে তোমাৰ শ্ৰেষ্ঠত্বৰ চাতুৰ্য জিলিকে
উপযোগিতাৰ শেষত তাইক যেতিয়া দলিয়াই দিয়া
তাই মোতে মিলি যাব নোৱাৰে
মোৰ শংকা বাঢ়ে
তাই এটুকুৰা ঘা হৈ পৰিছে
মোৰ ছালবোৰ খজুৱাইছে
গৰ্ভাশয়লৈ যোৱা বাটটো সোপা মাৰি ধৰিছে
জৰায়ুত কণীবোৰ গেলিছে পচিছে গোন্ধাইছে
তুমি ভাবিছা তুমি সাৰি গৈছা!
নতুন কিটিপ উদ্ভাৱন কৰি তাইক ব্যৱহাৰোপযোগীকৈ ৰাখিছা
ফাষ্ট ফেশ্ব্যনৰ বজাৰত হাতে ঢুকি নোপোৱাৰ পৰা আনি উপলভ্য কৰিছা
কি কৰিছা (?)
—মোৰ হত্যাৰ পৰিকল্পনা কৰিছা!
যিমান উষ্ণতাত তাই গলিছিল বা গোট মাৰিছিল
সিমান ডিগ্ৰীত তাই অবিনাশী হৈ পৰে
দুই দহৰ পৰা দুই শ বৰ্ষলৈ
সকলো জনাৰ পিছতো কৈছা—
মোক ৰক্ষা কৰিবা!
দুটা কথা কওঁ শুনিবা—
এক,
মোতে বিলীন হোৱা আঁহৰ সাজযোৰ সকলোৰে বাবে প্ৰাপ্তিসাধ্য কৰি তোলা
দুই,
তুমি প্ৰস্তুত কৰা জাৰজ পোছাকযোৰ পুনঃ পুনঃ ব্যৱহাৰ কৰা
অথবা সংগ্ৰহ কৰি পুনৰ ৰূপ দিয়া
নতুনেৰে
সলনি এক অভিপ্ৰায়৷
(মোৰ গালৈ দলিয়াই নিদিবা)
পাৰিপাৰ্শ্বিকতাৰ বহুত কথা পতা হ'ল৷
এতিয়া চিন্তাক কৰ্মলৈ ৰূপান্তৰ কৰা
তুমি মানেই পৃথিৱী
আধুনিক আভিজাত্যৰ পাঁয়তাৰাত মোৰ
ডিম্বাশয়ৰ নলীটো বন্ধ কৰি নিদিবা…
[বহনক্ষম বেশভূষা সমাধানৰ এক সূত্ৰ]