Issue: Vol. IV, No. 1, May-July, 2025
পাতখিলা সৰি পৰালৈকে মোৰ
পাতখিলা সৰি পৰালৈকে মোৰ
তৰাবোৰ গজি উঠালৈকে মোৰ
দুবৰি নিয়ৰত তিতালৈকে মোৰ
কবিতাটো আপোনাৰ হাতত
তুলি দিয়ালৈকে মোৰ
কেইটামান ঘৰুৱা কবিতা
১
পিছফালৰ তাঁৰডালত এটা মেকুৰী
বতাহত কঁপিছে
দুৰু দুৰু
শৰীৰ
এক লহমা চালোঁ
চকুবোৰ আঁতৰাই আনিলোঁ
বৰষুণজাক
আমাৰ মাজেদিয়েই
পাৰ হৈ গ'ল
২
ঘৰত অকলে আছিলোঁ।
মা নাৰী দিৱসৰ অনুষ্ঠানলৈ গৈছে।
কামকৰা মহিলাগৰাকীয়ে
মজিয়াবোৰ
এফালৰপৰা সাৰি আনিছে।
মাজতে সুধিলোঁ
গিৰিয়েকৰ কোব খাই
কণমানিটোকো এৰি
ঘৰ এৰি গুচি যোৱাগৰাকীৰ
কি হ'ল
'আইনছি দা।'
অলপ পাছত তেওঁ মোক
ৰিঙিয়াই মাতিছিল।
বাবা, কাম হ'ল।
দৰ্জাবিলাক বন্ধ কৰা।
এতিয়া অকলে ঘৰৰখীয়া হৈ আছোঁ।
মা নাৰী দিৱসৰ অনুষ্ঠানলৈ গৈছে।
৩
কাষৰ ঘৰৰ হোলী পাৰ্টীৰ সংগীতত
কঁপি উঠিছে আমাৰ ঘৰৰ
আত্মা
মহামহিমে এইবাৰ হোলী নেখেলে।
তেওঁ ইতিমধ্যে
তেজেৰেই হোলী খেলা বুলি
কোনোবাই কোৱা-কুই কৰা
সিদিনা কাণত পৰিছিল।
নিজে শেষবাৰলৈ কেতিয়া হোলী খেলিছিলোঁ
মনত নাই
পুৰণি বন্ধুক হঠাৎ লগ পালে হোৱা
অপ্ৰস্তুতিৰ দৰে
যিয়ে তোমাৰ কথা
গোটেইখনতে ৰাষ্ট্ৰ কৰি ফুৰে
ৰঙতকৈ হাঁহি-খিকিন্দালিতহে
মোৰ গা বেছি বিজবিজায়
৪
মোৰ গাত উঠিয়েই
আমাৰ ঘৰলৈ আহিছিল
আজি সাতদিনমানৰ মূৰত
জানিবা যাবৰ হ'ল
মাৰ ঝাড়ুৰ আগত দেখিলোঁ
মৰা মকৰাটো
আৰু মোৰ চাহিনবাগ
দেখা যেনেই লাগিল
৫
এজন মানুহে চাহ খাইছে
এজন মানুহে কথা পাতিছে
এজন মানুহে হাঁহিছে
এজন মানুহে নিৰলত অকলে বহিছে
এজন মানুহৰ তৎপৰতাত
সন্ধিয়াটো
মুখৰ হৈ উঠিছে
৬
সিদিনা কমল দাই ক'লে,
পৃথিৱীখন ধুনীয়া দেখালেও
সকলোবোৰ ছন্দত ঘটি থাকিলেও
মহাকাশৰ সৃষ্টিৰ আঁৰৰ ঘটনাবোৰ
কিন্তু সিমান সুষম নহয়,
বীভৎস।
আজি, নিৰলত বহি
মাৰ্বল ভঙা মেচিনৰ শব্দ,
একুৱাৰিয়ামৰ পানীফিল্টাৰৰ শব্দ,
গছৰ পাত লৰাৰ নিৰ্বাক শব্দ
পাৰ হৈ যোৱা স্কুটাৰৰ শব্দৰ
লয় বিচাৰি থাকোঁতে
ভিতৰৰ জানোৱাৰটোক
মাত এষাৰি দিয়া যেন লাগিছে।