গোবিন কুমাৰ খাউণ্ড
সাম্প্ৰতিক সময়ত অসমীয়া কবিতাক লৈ প্ৰায়ে সৰব আৰু নেতিবাচক আলোচনা শুনা যায়। সেই আলোচনাৰ পৰা কাকত-আলোচনীৰ সম্পাদনাকক্ষও সাৰি নাযায়। তীৰ্যক সমালোচনাৰে সামাজিক মাধ্যম ভৰি পৰে। কোনোবাই কয় কবিতা সৰল হ'ব লাগে, আন কোনোবাই কয় জটিল হʼলেও কথা নাই। কাৰণ কবিতাই কবিতাৰ কথাকে ক'ব। কেতিয়াবা কোনো কবিৰ (!) কবিতাক একাংশই কবিতা, আন একাংশই অকবিতা অথবা ‘জাবৰ’ আখ্যা দিলেও কবিসকলে কবিতা নিলিখাকৈ থকা নাই। হোৱাই-নোহোৱাই নিতৌ অসমত শ-শ লোকে কবিতা লিখি থকাৰ সময়ত মনলৈ আহিছে-- ভামহে কোৱা কথা সাৰোগত কৰি কবিয়ে কবিতা লিখে নে বিশ্বনাথ কবিৰাজে কোৱাৰ দৰে ‘বাক্যং ৰসাত্মক কাব্যম’ৰ আধাৰত কবিতা লিখে। এইটোও বুজি নাপাওঁ ৱৰ্ডছৱৰ্থেনো কিয় কবিতাক ‘নিৰলাত সোঁৱৰা হিয়াৰ আবেগ’ বুলি কৈছিল। তথাপি কবিতা ভাল পাওঁ। কিয় ভাল পাওঁ সেই কথা পাছলৈ এৰি মনত পেলাইছোঁ কুঁহিপাঠত পঢ়া কোনো দিনে পাহৰিব নোৱৰা সেই পদ্যবোৰৰ কথা। যেনে-- শুৱনি আমাৰ গাওঁখন অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল-ফুল লাগে কত পাওঁ তল সৰা । এইবোৰ পদ্যৰ যোগেদি লাভ কৰা গাঁও এখনৰ ছবি বুকুত লৈ ডাঙৰ হোৱাৰ সময়ত দেখিছিলোঁ লগৰ বহুতেই কবিতাৰ আখৰা কৰিছিল। কবিতাৰ মাজেদিয়েই কবি-সাহিত্যিকসকল সাহিত্যৰ বিশাল পৰিমণ্ডললৈ আহে আৰু অহা বাটতে বহু কবি হেৰাই যায়। বুকুত কবি হোৱাৰ বাসনা লৈ কিমানে জাতমৃত ৰূপ লৈছে তাৰ লেখ-জোখ নাই। মহাবিদ্যালয়ত পঢ়ি থকা সময়ত মোৰো এটা কবিতা মহাবিদ্যালয়ৰ আলোচনীত প্ৰকাশ হৈছিল। পিছে কিহৰ তাড়নাতনো লিখিছিলোঁ, নে আনে লিখা দেখিয়েই লিখিছিলোঁ তাৰ ব্যাখ্যা মোৰ ওচৰত নাই। কাৰণ কবি হোৱাৰ বাসনা মই সিমানতে ত্যাগ কৰি পাছলৈ যেতিয়া সাংবাদিকতাৰ জগতখনলৈ আহিলোঁ কবিতাৰ সলনি কবিয়ে অঁকাৰ দৰেই বাতৰিবোৰত ফুলাম শব্দ লিখিবলৈ আৰম্ভ কৰাত সম্পাদনা বিভাগে ধমক দিবলৈ আৰম্ভ কৰিলে এই বুলি যে বাতৰিত শব্দৰ ফুল নাবাছিলেও হ'ব। কথাটো ময়ো মন কৰিলোঁ যে বাতৰি গল্প, কবিতা অথবা উপন্যাসৰ দৰে সৃষ্টিশীল লেখা নহয়। নিজৰ অজ্ঞাতে বাতৰিবোৰত সৃষ্টিশীল মনটোৱে ভৰ কৰিবলৈ ধৰাৰ সময়ত মাজে মাজে আৰম্ভ কৰিলোঁ কবিতা লিখিবলৈ। কিন্তু সেইবোৰ কবিতা নহয় নহয় যেন লাগে। বিচাৰি বিচাৰি শব্দ কিছুমান গোটাই লিখি থাকোঁ, নিজে পঢ়োঁ আৰু ফালি পেলাওঁ। পাছত ভাবোঁ কবিৰ বাবেহে কবিতা। কবিয়েহে মানুহৰ, প্ৰকৃতিৰ, জীৱনৰ, পাৰ্থিৱ-অপাৰ্থিৱ, সুন্দৰ, প্ৰেম-ভালপোৱাৰ নিখুঁত চিত্ৰায়ণ কৰিব পাৰে, কবিতাৰ মহত্বৰে, সৰলতাৰে, আৱেগেৰে, বিবেকেৰে। সেয়ে চাগৈ লেখক-জীৱনৰ আৰম্ভণি জনা-নজনাকৈ, বুজা-নুবুজাকৈ কবিতাৰ যোগেদিয়েই কৰি এসময়ত সাহিত্যৰ ভিন্ন ক্ষেত্ৰত লেখকসকলৰ প্ৰৱেশ ঘটে। কিন্তু এটা কথা ঠিকেই অনুমান কৰিব পাৰিছোঁ, সকলো মানুহৰ বুকুতে কবিতাই বাস কৰে, সেয়ে ইয়াৰ প্ৰকাশ-যন্ত্ৰণা বৰ কষ্টকৰ। সুদীৰ্ঘ সময় ধৰি উপন্যাসৰ জগতত বিচৰণ কৰি এটা কথা মৰ্মে-মৰ্মে উপলব্ধি কৰিছোঁ যে কবি আৰু কবিতাই মানুহৰ মনত যি ভাবৰ, চিন্তাৰ সৃষ্টি কৰিব পাৰে গল্প-উপন্যাসে যেন ক্ষণিকতে সেই কাম কৰিব নোৱাৰে। কবিয়ে যেনেকৈ চিগাৰেটৰ পেকেটত কবিতা, গান লিখি পাঠকক চমকিত কৰিব পাৰে ঔপন্যাসিকসকলে, গল্পকাৰসকলে নিশ্চয় নোৱাৰে। কবিতা এটা কাটি-কুটি বছৰ বছৰ ধৰি বুকুত লৈ ফুৰা কবিসকলে ‘ফুল’ক লৈ কবিতা এটা লিখাৰ সময়ত যি কথা লিখিব ঔপন্যাসিক এজনে নিশ্চয় কাব্যিকতাৰ পৰা আঁতৰি আহি পৰিবেশ-পৰিস্থিতি, ফুলপাহৰ ৰূপ, ৰস, গন্ধ, ৰং-বিৰং, ডাল-পাত, ফুল আৰু চৰিত্ৰৰ সম্পৰ্ক-বিচ্ছেদৰ অৱতাড়নাৰে পাঠকক সুদীৰ্ঘ সময় কাহিনীৰ মাজত কৌতুহলী কৰি ৰখাৰ চেষ্টা কৰিব। কিন্তু কবিয়ে নিশ্চয় ফুলক লৈ কবিতা লিখিবলৈ ঔপন্যাসিকসকলে পৃষ্ঠাৰ পিছত পৃষ্ঠা খৰচ কৰাৰ দৰে নকৰে। জ্ঞানপীঠ বঁটাৰে সন্মানিত নীলমণি ফুকন ছাৰৰ সান্নিধ্যলৈ আহি উমান পাইছিলোঁ প্ৰকৃত কবিয়ে কেনেকৈ কবিতাৰ সাধনা কৰে, কেনেকৈ শব্দৰ দৌল সাজি পাঠকৰ হৃদয়ত জোঁকাৰণিৰ সৃষ্টি কৰে। নীলমণি ফুকন ছাৰৰ গদ্য চিত্ৰকল্প, উপমাৰে ঠাহ খাই থকা ওজস্বী সাহিত্য। কবিয়ে উপন্যাস, গল্প কিমান পঢ়ে নাজানো, ঔপন্যাসিকসকলে, গল্পকাৰসকলে সততে বিচৰণ কৰে কবিতাৰ পৃথিৱীখনত। উপন্যাস এখনৰ আলোচনা-সমালোচনা কাচিৎহে হোৱা দেখা যায়। কিন্তু কবিতাৰ ক্ষেত্ৰত কথাটো সুকীয়া। কবিতা যেন এক স্পৰ্শকাতৰ বিষয়। ইয়াৰ হীন-দেঢ়ি হোৱাটো কোনেও নিবিচাৰে। সেয়ে চাগৈ কেতিয়াবা ঔপন্যাসিক এজনে সংলাপেৰে, উপমাৰে, কথোপকথনৰ মাজেৰে প্ৰকাশ কৰিব নোৱৰা এক নিৰ্মম বাস্তৱৰ ছবি আঁকিবলৈ কবিতাৰ আশ্ৰয় লয়। মাজুলীৰ পৰা মই সঞ্জয় ঘোষে কৈছোঁ শীৰ্ষক উপন্যাসখনত 'ভালেমান দিন হ'ল ঘৰৰ মজিয়া গচকা নাই’ শিৰোনামৰ এটা কবিতা সংলগ্ন কৰিছিলোঁ। আচৰিত কথা পাঠকসকলৰ মাজত কবিতাটোৱে এক তীব্ৰ জোঁকাৰণিৰ সৃষ্টি কৰাই নহয় এটা চক্ৰই যাৰ বাবে বাৰে বাৰে হুমকি দিছিল কবিতাটো আঁতৰাই দিবলৈ। তেতিয়াই মনলৈ ভাব আহিছিল উপন্যাসখনৰ গোটেই কথাখিনি বুকুত লৈ ক্ষোভাগ্নিৰ দৰে যেন কবিতাটো জ্বলি আছে, ধোঁৱাই আছে কিতাপখনত। ভাব হয় কবিতাই কাহিনী, চৰিত্ৰ, পৰিৱেশ, পৰিস্থিতি, সামৰণি যেন একো নিবিচাৰে। কবি এজনৰ দৃষ্টিৰ সৈতে ঔপন্যাসিক এজনৰ দৃষ্টি একে হ'লেও সৃষ্টিৰ বাটত কবিৰ, কবিতাৰ মহত্ত্বৰ যেন তুলনা নাই। সেয়ে চাগৈ পৃথিৱীত কবি আৰু কবিতাৰ সংখ্যা নিচেই তাকৰ। যদিও শব্দৰ খেলা পাতি অহৰহ কবিৰ দৰে চিন্তাৰ চেতাৰ, ভাবৰ ভায়োলিন বজাই আছোঁ অসমৰ্থতাই কবিতাৰ কাৰুণিক কথকৰ দৰে বুকুত বিনাই আছে। কবিতা মোৰ বাবে এতিয়া মাথোঁ পাঠৰ বিলাস। সেয়ে ভাল কবিতা একোটা বিচাৰি ফুৰোঁ কবিৰ অৰণ্যত। কিন্তু সাম্প্ৰতিক সময়ত হৃদয় জোঁকাৰি যোৱা, চিন্তাৰ চুলি ছিঙা কবি আৰু কবিতাই বা ক'ত?
গোবিন কুমাৰ খাউণ্ড বৰ্তমান সময়ৰ এগৰাকী গুৰুত্বপূৰ্ণ ঔপন্যাসিক আৰু সাংবাদিক।