জুবিলী গগৈৰ দুটা কবিতা

মই কোন

মই যেতিয়া সুধিলোঁ
মই কোন
আয়ে মিচিকিয়াই ক'লে
মোৰ সন্তান

মই যেতিয়া সুধিলোঁ
মই কোন
তেওঁ শুনা পাই ক'লে
মোৰ অৰ্দ্ধাকাশ

মই যেতিয়া সুধিলোঁ
মই কোন
সিহঁতে খিলখিলাই ক'লে
আমাৰ আই

মই যেতিয়া সুধিলোঁ
মই কোন
বতাহত ভাঁহি আহিল যেন
সৰগীয় সুৰ
বাজি উঠিল বিথোভেন
তুমি আমাৰ বুঢ়ীআই 
তুমি আমাৰ বুঢ়ীআই 

এইবাৰ মই মোকেই সুধিলোঁ
মই কোন
আকাশত ঠেকা খাই
পাহাৰত ঠেকা খাই
প্ৰতিধ্বনিত হ'ল

ঘূৰ্ণিত হৈ থাকিল
অনন্তকাললৈ
এক
অসীম জিজ্ঞাস

স্তৱক

( ১)
উঁইচিৰিঙাৰ গান
ভাঁহি আহিছে
গ্ৰীষ্মৰ ৰাতি
এনেয়ে টোপনি নাহে
চমকিয়াইছে বিজুলী
বননিত সৰি পৰিছে
মকুতা!

 ( ২)
অৱগুণ্ঠিতা
অৰণ্যৰ দেহত
ৰূপালী পোহৰ

কোনে আঁতৰাই দিলি
সেউজীয়া অৱগুণ্ঠন
সহজ ধেমালি বুলি!

 (৩)
মোৰ বাৰীৰ ঢাপত
নুনি গছৰ লানি

পিতায়ে ভবা নাছিল

ৰঙা ৰংবোৰো
বিয়লিৰ আকাশলৈ
ইমান সোনকালে
বিয়পি যায়

Click here to read an English translation of the poems.

Leave a Reply

Your email address will not be published. Required fields are marked *