মোহনকৃষ্ণ মিশ্ৰৰ কবিতা

ড° বিৰিঞ্চি কুমাৰ দাস

সমীয়া সাহিত্যৰ ইতিহাসকাৰসকলে যিখিনি সময়ক অসমীয়া কবিতাৰ ৰোমাণ্টিক যুগ বুলি অভিহিত কৰিছে, সেইখিনি সময়তো কিছু দেশপ্ৰেমমূলক কবিতাৰ জৰিয়তে অসমীয়া কবিতাত ৰাজনৈতিক দৃষ্টিভংগীৰ প্ৰকাশ ঘটিছিল যদিও বহল ৰূপত ৰাজনৈতিক চেতনাসম্পন্ন অসমীয়া কবিতা ৰচিত হৈছিল ঊনৈছ শ চল্লিছৰ দশকত অসমীয়া কবিতালৈ আহি পৰা ‘আধুনিক কবিতা’ৰ ধাৰাটোৰ জৰিয়তে, যাৰ সূচনা ঘটাইছিল মূলতঃ জয়ন্তী আলোচনীয়ে। এইখিনিতে এটা কথা উল্লেখ কৰাটো ভাল যে অসমীয়া কবিতাৰ ক্ষেত্ৰত ‘আধুনিক’ শব্দটোৰে যি বুজোৱা হয়, তাৰ লগত ইউৰোপীয় বা ইংৰাজী কবিতাৰ ‘আধুনিকতাবাদ’ৰ কিছু অমিল আছে, আৰু অসমীয়া আধুনিক কবিতাৰ ধাৰাটোৰ আৰম্ভণিৰ পৰ্যায়ৰ অসমীয়া কবিসকল এলিয়ট আদি কবিৰ জৰিয়তে ইংৰাজী কবিতালৈ আহি পৰা ‘আধুনিকতাবাদী’ ধাৰাটোৰ দ্বাৰা বৰকৈ প্ৰভাৱিত হোৱা দেখা নাযায়; অসমীয়া কবিতালৈ এলিয়ট আদিৰ আগমন ঘটিছিল বহু পাছতহে। অসমীয়া আধুনিক কবিতাৰ সূচনা কৰা অমূল্য বৰুৱা, হেম বৰুৱা, ভবানন্দ দত্ত, ধীৰেন দত্ত আদি কবিৰ ‘আধুনিকতা’ নিহিত আছিল তেওঁলোকৰ কবিতাত প্ৰকাশিত কঠোৰ সামাজিক বাস্তৱতা আৰু তেওঁলোকৰ স্পন্দিত গদ্যত ৰচিত অপৰম্পৰাগত, ৰমণ্যাসবাদী সুৰ পৰিহাৰ কৰা কাব্যিক প্ৰকাশভংগীত। সামাজিক বাস্তৱতাৰ প্ৰতি তেওঁলোকৰ কবিতাত দেখিবলৈ পোৱা সচেতনতাৰ এক সুস্পষ্ট ৰাজনৈতিক ৰূপ আছিল। আন এটা উল্লেখনীয় কথা হ’ল, এই কবিসকলৰ ব্যক্তিগত ৰাজনৈতিক দৰ্শন আছিল সাম্যবাদ আৰু তেওঁলোকৰ কবিতাসমূহ আছিল তেওঁলোকৰ সাম্যবাদী আদৰ্শ প্ৰকাশৰ বাহনস্বৰূপ।

মোহনকৃষ্ণ মিশ্ৰ

অসমীয়া আধুনিক কবিতাৰ ধাৰাটো গঢ়ি তোলাত আগভাগ লোৱা এই কবিসকলৰ বাবে সাম্যবাদী আদৰ্শৰ সৈতে নিবিড়তা এক স্বাভাৱিক ৰাজনৈতিক চেতনাপ্ৰসূত কথা আছিল। অক্টোবৰ বিপ্লৱৰ ফলত সাম্যবাদী আদৰ্শেৰে ছোভিয়েট ইউনিয়ন গঠন হোৱা কথাটোৱে যে অসমীয়া লেখক কিছুমানক সাম্যবাদৰ প্ৰতি আকৃষ্ট কৰিছিল সেয়া কিছু সংখ্যক লেখকৰ ৰচনাত স্পষ্টকৈয়ে  প্ৰতিফলিত হৈছিল, আৰু সেয়া আছিল জয়ন্তী প্ৰকাশৰ, অৰ্থাৎ অসমীয়া আধুনিক কবিতাৰ আৰম্ভণি ঘটাৰ ভালেখিনি আগৰ কথা। উদাহৰণ স্বৰূপে, গল্পকাৰ লক্ষ্মীধৰ শৰ্মাই ‘পৰাজয়’ গল্পত সাম্যবাদৰ প্ৰতি তেওঁৰ আস্থা পোনপটীয়াকৈ প্ৰকাশ কৰিছিল ১৯৩২ চনতে। গতিকে জয়ন্তী আলোচনীয়ে প্ৰগতিশীল ভূমিকা লোৱাৰ সময়ত আৰু অসমীয়া আধুনিক কবিতাৰ সূচনা হোৱাৰ সময়ত অসমীয়া সাহিত্যৰ বাবে সাম্যবাদ এটা পৰিচিত আদৰ্শই আছিল। কেৱল চল্লিছৰ দশকৰ জয়ন্তীয়ে ইয়াক অধিক শক্তিশালী ভেটি প্ৰদান কৰিছিল, আৰু ৰাজনৈতিক আদৰ্শভিত্তিক সাহিত্যৰ এটা ধাৰা অসমীয়াত প্ৰতিষ্ঠা কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল, যাক পাছত আৱাহন আলোচনীয়ে অধিক আগবঢ়াই নিয়ে।

লগতে পঢ়ক একেজন লেখকৰ : কবিতাৰ দুৰ্বোধ্যতা আৰু সহজবোধ্যতা

গতিকে এইটো কোৱাটো নিশ্চয় ভুল নহ’ব যে চল্লিছৰ দশকত অসমীয়া ভাষাত ৰাজনৈতিক কবিতাৰ ধাৰাটোৰ অধিকাংশৰে আদৰ্শগত ভিত্তি আছিল সাম্যবাদী আদৰ্শ, আৰু সাম্যবাদৰ আলমতে অসমীয়া ৰাজনৈতিক কবিতাৰ চৰ্চা পৰৱৰ্তী কেইবাদশক জুৰি অব্যাহত আছিল। সত্তৰ আৰু আশীৰ দশকটোত বিভিন্ন ৰাজনৈতিক-সাংস্কৃতিক কাৰকে সাম্যবাদী আদৰ্শভিত্তিক কবিতাৰ বাবে এটা পটভূমি তৈয়াৰ কৰাৰ পৰিপ্ৰেক্ষিতত এই ধাৰাটোক শক্তিশালী কৰিবলৈ আৰু কেইবাগৰাকীও কবি আগবাঢ়ি আহিছিল। বৰ বেছিকৈ চৰ্চা নহ’লেও এনেকৈ আগবাঢ়ি অহা কবিসকলৰ মাজৰেই উল্লেখনীয় এগৰাকী আছিল মোহনকৃষ্ণ মিশ্ৰ।

সাম্যবাদী ৰাজনৈতিক দলৰ সৈতে পোনপটীয়াকৈ সম্পৰ্ক গঢ়ি তোলা মোহনকৃষ্ণ মিশ্ৰই কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল ঊনৈছশ ষাঠিৰ দশকতে। কিন্তু তেওঁৰ প্ৰথমখন কবিতা-সংকলন সমদল প্ৰকাশিত হৈছিল ১৯৮৬ চনতহে। বিভিন্ন কাকত-আলোচনীত কবিতা প্ৰকাশৰ জৰিয়তে এগৰাকী প্ৰগতিশীল কবি হিচাপে ইতিমধ্যেই চৰ্চালৈ অহা মিশ্ৰক সমদল সংকলনে এনে এটা সুকীয়া পৰিচয় দিছিল যে প্ৰগতিশীল মহলত তেওঁক ‘সমদলৰ কবি’ হিচাপেও অভিহিত কৰা হৈছিল। ১৯৯১ চনত, ৪৪ বছৰ বয়সতে মৃত্যু বৰণ কৰা মিশ্ৰৰ প্ৰায়খিনি কবিতাৰ এটা সংকলন মই অনন্তকাল মানুহৰ সৈতে প্ৰকাশিত হয় তেওঁৰ বিয়োগৰ ত্ৰিছ বছৰৰ পাছত, ২০২১ চনত।

মোহনকৃষ্ণ মিশ্ৰৰ জীৱনকাহিনীয়ে কয় যে তেওঁ সাম্যবাদী ৰাজনীতিৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ পৰে ১৯৭৩ চনত, আৰু এই কথাটোৰ তেওঁৰ কাব্যিক পৰিক্ৰমাৰ সৈতে যে  পোনপটীয়া এটা সম্পৰ্ক আহি পৰিছিল, সেয়া অনস্বীকাৰ্য। অৱশ্যে সাম্যবাদত দীক্ষিত হোৱাৰ আগতেই তেওঁ কবিতা লিখিবলৈ লৈছিল, আৰু তেতিয়া ৰচনা কৰা তেওঁৰ কবিতাসমূহত সমসাময়িক সামাজিক প্ৰপঞ্চসমূহক একেবাৰে নাকচ কৰা নহ’লেও এইবোৰ কিছু ৰোমাণ্টিক ভাবপ্ৰৱণতাৰপৰা  মুক্ত নাছিল; জীৱনৰ কঠোৰ বাস্তৱতাৰ প্ৰেক্ষাপটত সমাজ আৰু ব্যক্তিৰ মাজৰ সম্পৰ্কক লৈ তেওঁৰ মনোভাবৰ ক্ষেত্ৰত এক ধৰণৰ দোদুল্যমানতাও সময়ে সময়ে প্ৰকাশিত হৈছিল। অৱশ্যে ইয়াক ঠিক তেওঁৰ কবিতাৰ দুৰ্বলতা বুলি চিহ্নিত কৰিবও নোৱাৰি, কাৰণ জীৱনৰ গভীৰতালৈ প্ৰৱেশৰ প্ৰচেষ্টা সেই কবিতাবোৰতো একেবাৰে নোহোৱাকৈ থকা নাছিল, আৰু জীৱন সম্পৰ্কীয় কেতবোৰ প্ৰশ্নক  স্ব-উপলব্ধিৰ মাধ্যেমেৰে পঢ়ুৱৈৰ কাষলৈ নিওঁতে তেওঁৰ দৃষ্টিভংগীত স্বচ্ছতাৰ অভাৱ ঘটা নাছিল।

উদাহৰণ স্বৰূপে, ১৯৬৬ চনত ৰচিত ‘মনস্তত্ত্ব’ শীৰ্ষক কবিতাটোত তেওঁ লিখিছিল,

জীৱনত অন্ধকাৰৰ অস্তিত্ব মানি লৈয়ো ইয়াত কবিয়ে পোহৰৰ সম্ভাৱনাক নস্যাৎ কৰা নাই; কিন্তু মৃত্যুকো জীৱনৰ এটা সত্য হিচাপেই গ্ৰহণ কৰাৰ মাজেৰে কবিয়ে এক কাৰুণ্যভৰা জীৱনবোধৰ প্ৰতি ইংগিত দিছে, যাক আমি নব্বৈৰ দশকৰ আৰম্ভণিৰ কিছু কবিতাতো দেখিবলৈ পাওঁ।

তেনেদৰে ‘সকলো হেৰুৱায়ো মানুহ জীয়াই থাকে’ কবিতাটোত এক প্ৰতিকূল সামাজিক পৰিৱেশৰ মাজতো তেওঁৰ আশাবাদ প্ৰকাশিত হৈছিল যদিও সাধাৰণ মানুহৰ প্ৰতি থকা কবিৰ আস্থাৰ ভিত্তিত গঢ়ি উঠা এই আশাবাদত কিছু অসম্পূৰ্ণতাও নথকাকৈ নাছিল।

এইবোৰ কবিতাত সামাজিক বাস্তৱতাৰ প্ৰতি কবিৰ নজৰ ঠিকেই আছিল, কিন্তু সেই বাস্তৱতাক  অপৰিৱৰ্তনীয় হিচাপে মানি লৈ যেন কবিয়ে এক আত্মসমৰ্পণৰ স্থিতিহে গ্ৰহণ কৰিছিল। এই আত্মসমৰ্পণে কিন্তু এক পৰাজিত ব্যক্তিসত্তাৰ ইংগিত দিয়া নাই, দিছে পথ চিনাক্ত কৰাৰ ক্ষেত্ৰত দোদুল্যমানতাত নিমজ্জিত এক কবি-মনৰহে, যাৰ মাজত সমাজমুখী প্ৰৱণতা অন্তৰ্হিত হোৱা নাছিল।

লগতে পঢ়ক একেজন লেখকৰ : কবিতাৰ প্ৰসঙ্গত

কিন্তু সাম্যবাদী আদৰ্শৰ সৈতে ঘনিষ্ঠতা স্থাপন হোৱাৰ পাছত যেন কবি মোহনকৃষ্ণ মিশ্ৰই তেওঁক ব্যাকুল কৰি ৰখা সামাজিক প্ৰশ্নসমূহৰ উত্তৰ বিচৰাৰ বাবে পথৰ সন্ধান পালে, যাৰ ফলত তেওঁৰ কবিতাৰ ধাৰাও সলনি হ’ল। এতিয়াৰ কবিতাবোৰত তেওঁ সামাজিক বাস্তৱতাক কেৱল স্বীকাৰ কৰাই নহয়, এই বাস্তৱতাৰ মূল উপাদান হিচাপে শ্ৰেণীগত বৈষম্যৰ প্ৰতি সজাগতা আৰু এনে পটভূমিত সমাজ-ব্যৱস্থাৰ পৰিৱৰ্তনৰ আকাংক্ষাকো তেওঁৰ কবিতাৰ বিষয়বস্তু কৰি ল’লে। নিজৰ  সম্মুখৰ পথটো সম্পৰ্কে দ্বিধামুক্ত হোৱা কবিয়ে সেয়ে তেওঁৰ নিজৰ পূৰ্বৰ অৱস্থিতিক এক বিভ্ৰান্তি হিচাপেই গ্ৰহণ কৰিলে। কবি হিচাপে তেওঁৰ পূৰ্বৰ দৃষ্টিভংগীৰ অগভীৰতা স্বীকাৰ কৰাৰ লগতে নিজৰ নতুন স্থিতিৰ কথা সজোৰে তেওঁ প্ৰকাশ কৰিছে ‘বিৱৰ্তন’ কবিতাটোত, যিয়ে আচলতে কবিৰ মনোজগতৰ বিৱৰ্তনৰ কথাকে কৈছে।

নিজৰ পূৰ্বৰ ‘মোহাচ্ছন্ন’ আৰু ‘আত্মৰতি’ত ভোগা স্থিতিৰ পৰা আঁতৰি আহি মোহনকৃষ্ণ মিশ্ৰই অনুভৱ কৰিলে যে “নদী, ফুল, আকাশ আৰু চৰাইৰ গান”ৰ বিষয়ে কবিতা লিখাৰ পৰিৱেশ তেওঁৰ চৌপাশৰ বৈষম্য-আধাৰিত সমাজখনে দিয়া নাই, আৰু এইবোৰ বিষয়ক লৈ কবিতা লিখা মানে সমাজৰ আচল স্বৰূপটোক অস্বীকাৰ কৰা আৰু কবিৰ দায়ৱদ্ধতাৰপৰা বিচ্যুত হোৱা। সেই কাৰণেই সামাজিক চেতনাৰ আধাৰত নিজৰ কবিতা সম্পৰ্কে তেওঁৰ নতুন দৃষ্টিভংগী তেওঁ  ঘোষণা কৰিছিল এনেদৰে,

কবি হিচাপে এনেদৰে নতুন সমাজকেন্দ্ৰিক চেতনাৰে পৰিচালিত মোহনকৃষ্ণ মিশ্ৰই ধৰি লৈছিল যে কবিতা ৰচনাৰ ক্ষেত্ৰত তেওঁৰ কৰ্তব্য হৈছে নিজৰ কণ্ঠক শ্ৰেণীবিভক্ত এখন সমাজৰ গৰিষ্ঠসংখ্যক নিপীড়িত লোকৰ কণ্ঠৰ সৈতে মিলাই দি শোষক শ্ৰেণীৰ ওচৰত নিজৰ অধিকাৰ সৰ্বশক্তিৰে প্ৰতিষ্ঠা কৰা।

ঊনৈছ শ সত্তৰ তথা আশীৰ দশকৰ সময়ছোৱা আছিল অসম তথা ভাৰতৰ, আৰু লগতে বিশ্বৰো ৰাজনৈতিক জগৎ উত্তাল হৈ থকা এটা সময়। ঊনৈছ শ সত্তৰৰ দশকত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ জৰিয়তে গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত প্ৰচণ্ড আঘাত হনা হৈছিল, আৰু ইয়াৰ বিৰুদ্ধে সৃষ্টি হোৱা গণজাগৰণে অৱশেষত দেশৰ ৰাজনৈতিক পট পৰিৱৰ্তন কৰিছিল। এই পৰিৱেশতে দেশত সাম্যবাদী আন্দোলনে অধিক শক্তিশালী ৰূপ ধাৰণ কৰাৰ বাবে এক সুচল পৰিৱেশ লাভ কৰিছিল। অৱশ্যে ইয়াৰ বিপৰীতে সত্তৰৰ দশকৰ শেষৰ ফালে আৰম্ভ হৈ আশীৰ দশকৰ মাজভাগলৈকে অসমত চলা বিদেশী বিতাড়ন আন্দোলনত সাম্যবাদীসকলৰ অৱস্থান বিপৰীতমুখী হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ কেৱল সামাজিক অৱস্থিতিৰ অৱনমন হোৱাই নহয়, তেওঁলোকৰ বহুতৰে জীৱনলৈকো সংশয় নামি আহিছিল আৰু মোহনকৃষ্ণ মিশ্ৰই নিজে তেনেকুৱা নিপীড়নৰ সন্মুখীন হৈ কোনোমতে প্ৰাণৰক্ষা কৰাৰ ঘটনাও ঘটিছিল। সত্তৰ আৰু আশীৰ দশকৰ ৰাজনৈতিকভাবে উত্তাল সময়ছোৱাতো স্বৈৰাচাৰৰ বিৰুদ্ধে নিপীড়িত জনতাৰ কণ্ঠক প্ৰতিনিধিত্ব কৰি তেওঁলোকৰ উত্থানৰ সম্ভাৱনাক লৈ মোহনকৃষ্ণ মিশ্ৰই এক আশাবাদী বাৰ্তা সমাজলৈ এৰি দিব বিচাৰিছিল। জৰুৰীকালীন অৱস্থা ঘোষণাৰ জৰিয়তে সাধাৰণ জনতাৰ কণ্ঠৰোধ কৰিব বিচৰা শাসকশ্ৰেণীৰ এই প্ৰয়াসৰ সময়তে ১৯৭৬ চনত তেওঁ লিখিছিল,

এই কবিতাটোৰ শেষত তেওঁ তেওঁৰ আশাবাদ প্ৰকাশ কৰিছে এনেদৰে,

১৯৮৩ চনত অবৈধ বিদেশী বিতাড়নক কেন্দ্ৰ কৰি অসমত চলি থকা আন্দোলনে এক ভয়ংকৰ অৱস্থালৈকে ৰাজ্যখনক লৈ আহিছিল। এফালে চৰকাৰে অসমৰ ওপৰত জোৰকৈ জাপি দিয়া নিৰ্বাচন অসমৰ ৰাইজৰ গৰিষ্ঠ সংখ্যকে প্ৰত্যাখ্যান কৰাক লৈ ৰাজ্যখনত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল, আৰু আনফালে এনেকুৱা এটা অস্থিৰ পৰিস্থিতিৰ মাজতে আন্দোলনৰ বিৰোধিতা কৰাসকলৰ ওপৰত আন্দোলনকাৰীসকলৰ ক্ৰোধেও হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। এনে এক পৰিৱেশত মোহনকৃষ্ণ মিশ্ৰই লিখিছিল,

মোহনকৃষ্ণ মিশ্ৰৰ কবিতাৰ বিষয় কেৱল অসম তথা ভাৰতৰ সীমাৰ ভিতৰতেই আৱদ্ধ নাছিল; সেই সময়ৰ আন সাম্যবাদী কবিসকলৰ দৰেই মোহনকৃষ্ণ মিশ্ৰয়ো আন্তৰ্জাতিক ঘটনাপ্ৰৱাহৰ ওপৰতো সততে দৃষ্টি ৰাখি এই প্ৰসংগত নিজৰ সচেতনতা কবিতাৰ মাজেৰে প্ৰকাশ কৰিছিল। সত্তৰৰ দশকত আমেৰিকাৰ প্ৰত্যক্ষ হস্তক্ষেপত ভিয়েটনামত স্থানীয় মানুহৰ ওপৰত চলি থকা প্ৰচণ্ড নিৰ্যাতনৰ ক্ষেত্ৰত সাধাৰণ ভিয়েটনামী মানুহৰ প্ৰতি তেওঁ কেৱল সহমৰ্মিতাই প্ৰকাশ কৰা নাছিল, লগতে তেওঁলোকক প্ৰতিৰোধৰ বাবে জনোৱা আহ্বানো আছিল মোহনকৃষ্ণ মিশ্ৰৰ কাব্যিক দৰ্শনৰ ভিতৰুৱা কথা। ‘ভিয়েটনামী গাভৰুৰ প্ৰতি’ কবিতাটোত কবিয়ে ব্যঞ্জনাত্মক ভাষা আৰু চিত্ৰকল্পৰ জৰিয়তে এটা বৈপ্লৱিক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিল, যিটো কেৱল ভিয়েটনামীৰ প্ৰতিয়েই নাছিল, আছিল বিশ্বৰ প্ৰতিগৰাকী নিপীড়িত মানুহৰ প্ৰতি। কবিতাটোত ব্যঞ্জনাত্মক প্ৰকাশভংগী, চিত্ৰকল্পৰ সুচিন্তিত প্ৰয়োগ আৰু ভাবৰ ঘনীভূত প্ৰকাশে ইয়াক এটা উচ্চ স্তৰৰ কবিতা হিচাপে প্ৰতিষ্ঠা কৰিছিল।

লগতে পঢ়ক একেজন লেখকৰ : প্ৰতিবাদৰ কবিতা আৰু উত্তৰ কোৰিয়াৰ এগৰাকী কবি

মোহনকৃষ্ণ মিশ্ৰৰ কবিতা মূলতঃ বক্তব্যধৰ্মী হ’লেও দুই-এটা কবিতাৰ বাহিৰে তেওঁৰ বেছিভাগ কবিতাতে তেওঁ কাব্যিক উপাদানসমূহৰ সুচিন্তিত প্ৰয়োগ কৰিছে। চিত্ৰকল্পৰ যথাযথ প্ৰয়োগ, প্ৰকাশভংগীৰ ইংগিতধৰ্মিতা তথা গীতিময়তা আদিয়ে তেওঁৰ কাব্যৰীতিক পৰিচ্ছন্ন ৰূপত গঢ় দিছে। নব্বৈৰ দশকৰ আৰম্ভণিতে, অৰ্থাৎ জীৱনৰ অন্তিম সময়ত শাৰীৰিক দুৰৱস্থাই অসহনীয় অৱস্থাৰ সৃষ্টি কৰা সত্ত্বেও মোহনকৃষ্ণ মিশ্ৰই তেওঁৰ কবিসত্তাক হেৰুওৱা নাছিল, আৰু সাধাৰণ মানুহৰ প্ৰতি তেওঁ ইমান দিনে প্ৰকাশ কৰি অহা দায়বদ্ধতাৰ পৰাও আঁতৰি অহা নাছিল। কেৱল তেওঁৰ পূৰ্বৰ বৈপ্লৱিক সুৰটোৰ মাজত নিহিত আৱেগে বহুখিনি পৰিমাৰ্জিত ৰূপ গ্ৰহণ কৰিছিল। এইখিনি সময়ত তেওঁ আনকি হাইকু আৰ্হিৰ দুটামান কবিতাও ৰচনা কৰিছে, য’ত তেওঁৰ ব্যক্তিগত জীৱনবোধৰ সৈতে সাধাৰণ মানুহৰ সংগ্ৰামী সত্তাক একাকাৰ কৰিবলৈ যত্ন কৰিছে। উদাহৰণ স্বৰূপে, তেওঁ লিখিছে,

মোহনকৃষ্ণ মিশ্ৰ আছিল মূলতঃ মানুহৰ কবি। “ষাঠি, সত্তৰ বা আশীৰ দশকত নহয়/মই অনন্তকাল মানুহৰ স’তে আছোঁ” বুলি কবিতাৰ মাজেৰে ঘোষণা কৰা মিশ্ৰৰ কবিতাসমূহৰ মাজত জীৱনৰ উত্তাপ সদায়েই অব্যাহত আছিল। ৰাজনৈতিক দায়বদ্ধতা আৰু কবিতাই সাধাৰণতে প্ৰকাশ কৰিব বিচৰা গভীৰ জীৱনবোধৰ মাজত সাঁকো এখন কেনেকৈ নিৰ্মাণ কৰিব লাগে সেইটো মোহনকৃষ্ণ মিশ্ৰই স্পষ্টভাবে দেখুৱাই দিছে।

বিৰিঞ্চি কুমাৰ দাস এগৰাকী লেখক, সমালোচক, অনুবাদক আৰু বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ।

Leave a Reply

Your email address will not be published. Required fields are marked *