কবিতাৰ দুৰ্বোধ্যতা আৰু সহজবোধ্যতা

ড° বিৰিঞ্চি কুমাৰ দাস

আজিকালিৰ কবিতা বৰ দুৰ্বোধ্য হয় বুলি এটা অভিযোগ সততে শুনা যায় আৰু এই অভিযোগ কৰাসকলে এই কথাটোও নোকোৱাকৈ নাথাকে যে আগৰ কবিতাবোৰ সহজে বুজি পোৱা আছিল বাবে বেছি ভাল লাগিছিল। এইষাৰ কথা কওঁতে তেওঁলোকৰ মনত হয়তো লাগি থাকে ৱৰ্ডছৱৰ্থৰ ‘I wandered lonely as a cloud’ নাইবা চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মুকুতা মণিটি পাহিত জিলিকে’ ধৰণৰ কবিতা। তেওঁলোকে কোৱা কথাখিনিত যে সত্যতা একেবাৰে নোহোৱা নহয়, সেয়া এই কথাটোৰপৰা বুজিব পাৰি যে আগৰ তুলনাত এতিয়াৰ কবিতাৰ পঢ়ুৱৈৰ সংখ্যা কম, আৰু পঢ়ুৱৈৰ সংখ্যা এনেদৰে কমাৰ আঁৰত আন কিবাকিবি কাৰকো  থাকিলেও দুৰ্বোধ্যতা এটা অন্যতম কাৰক। সহজে বুজিব নোৱৰা বাবেই পঢ়ুৱৈয়ে এতিয়াৰ কিছুমান কবিতাৰ কাষ চাপিবলৈ ভাল নাপায়। অথচ প্ৰাচীন কালততো মানুহৰ মুখে মুখে চলি থাকিয়েই কবিতাই প্ৰসাৰ লাভ কৰিছিল! অৰ্থাৎ সেই সময়ত কবিতা মানুহৰ মনে সহজে গ্ৰহণ কৰিব পৰা পৰ্যায়ৰ আছিল।

            ইয়াৰ লগতে আন এটা কথাও কৈ লোৱা ভাল হ’ব যে দুৰ্বোধ্যতা আৰু সহজবোধ্যতা জাতীয় কথাবোৰ বহু পৰিমাণে আপেক্ষিক। কাৰোবাৰ বাবে দুৰ্বোধ্য কবিতা এটাও আন কাৰোবাৰ বাবে সহজবোধ্য হ’ব পাৰে। ইয়াৰ বিপৰীত কথাটোও সম্ভৱ। এলিয়ট কাৰোবাৰ বাবে বাকলি নুগুচোৱা নাৰিকলহেন, আন কাৰোবাৰ বাবে বাকলি গুচোৱা কলৰ দৰে। কিন্তু যেতিয়া আমি কবিতাৰ প্ৰসঙ্গত দুৰ্বোধ্যতা আৰু সহজবোধ্যতাৰ কথা কওঁ, আমি বৃহৎ সংখ্যক পঢ়ুৱৈৰ প্ৰতিয়েই সততে দৃষ্টি ৰাখোঁ।

            এতিয়া প্ৰশ্ন হ’ল, আগৰ কবিতা আটাইবোৰ সহজবোধ্য আছিল আৰু এতিয়াৰ কবিতা আটাইবোৰ দুৰ্বোধ্য — এনে এক সাধাৰণীকৃত সিদ্ধান্তলৈ অহাটো সম্ভৱনে? নিশ্চয় নহয়।মহাপুৰুষ শঙ্কৰদেৱৰ কীৰ্তনঘোষা আৰু মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ প্ৰকাশভঙ্গী বৰ সৰল বাবে এইবোৰ তেনেই সাধাৰণ লোকেও সহজে মনত ৰাখিব আৰু আওৰাব পাৰে, আৰু ইয়াৰ সৰ্বজনগ্ৰাহ্যতাও অতুলনীয়। কিন্তু কীৰ্তনঘোষা আৰু নামঘোষাৰ বহু পদৰ গূঢ়াৰ্থ সহজে বুজিব পৰা বিধৰ নহয়। এই দুইখন গ্ৰন্থৰ অন্তৰ্নিহিত ভাব আৰু দাৰ্শনিক চিন্তাৰ গভীৰত প্ৰৱেশ বৰ উজু নহয় বাবেই এইবোৰৰ ব্যাখ্যা বিভিন্ন ধৰণে আজিও চলি আহিছে। অৱশ্যে এই দুৰ্বোধ্যতা শঙ্কৰদেৱ আৰু মাধৱদেৱৰ সচেতন সৃষ্টি নহয়, বৰং বিষয়গতহে, আৰু তেওঁলোকে জনগণৰ বোধগম্যতাক স্পৰ্শ কৰিবলৈকে সকলো ধৰণে যত্ন কৰিছিল। সপ্তদশ শতিকাৰ ইংৰাজ কবি জন মিল্টনৰ কবিতাৰ মাজত প্ৰৱেশ কৰিবলৈ ভালেখিনি বৌদ্ধিক কচৰতৰ প্ৰয়োজন হয়, অথচ তেনে ধৰণৰ কচৰৎ নোহোৱাকৈয়ে বিংশ শতিকাৰ বিক্ৰম শেঠৰ কবিতা পঢ়িব পাৰি। ‘দ্য চেকেণ্ড কামিং’ৰদৰে কবিতা লিখা বিংশ শতিকাৰ কবি উইলিয়াম বাটলাৰ য়েটছে ‘দ্য লেক আইল অৱ ইনিচফ্ৰী’ৰদৰে সহজ-সৰল কবিতাও লিখিছে। বিংশ শতিকাৰ কবি হ’লেও ডি এইচ লৰেন্সৰ ‘পিয়ানো’ বা ‘স্নেক’ আদি কবিতা দুৰ্বোধ্যতাৰে আচ্ছন্ন নহয়। আধুনিক কবি হিচাপে অমূল্য বৰুৱা, হেম বৰুৱা আৰু পৰৱৰ্তী কালৰ হীৰেন ভট্টাচার্য, ড° নিৰ্মলপ্ৰভা বৰদলৈ আদিৰ কবিতা দুৰ্বোধ্যৰ শাৰীত নপৰে। একে কথাই প্ৰযোজ্য তেওঁলোকতকৈ পাছৰ সনন্ত তাঁতি, সমীৰ তাঁতী, ৰবীন্দ্ৰ সৰকাৰ আদিৰ ক্ষেত্ৰত। ইয়াৰ বিপৰীতে হৰি বৰকাকতী, বীৰেশ্বৰ বৰুৱা, ভবেন বৰুৱা আদিৰ কবিতাক বৰ সহজবোধ্য বুলি কোৱা নাযায়। গতিকে কবিতাৰ দুৰ্বোধ্যতা সময়-সাপেক্ষ কথা নহয়; তথাপি মূলতঃ আজিকালিৰ কবিতাৰ ক্ষেত্ৰতহে দুৰ্বোধ্যতাৰ কথাটো বেছিকৈ চৰ্চিত হোৱাৰ কাৰণ নোহোৱা নহয়।

             কবিতাৰ সহজবোধ্যতা আৰু দুৰ্বোধ্যতাৰ প্ৰশ্নটো কবিতাৰ বিষয়বস্তু আৰু কবিৰ উদ্দেশ্য এই দুয়োটা কথাই নিৰ্ধাৰণ কৰে। প্ৰথমে কবিৰ উদ্দেশ্যলৈকে আহিছোঁ। এগৰাকী কবিয়ে যদি বৃহৎ সংখ্যক পঢ়ুৱৈৰ ওচৰ চপাৰ কথা ভাবি কবিতা লিখিছে, তেনেহ’লে তেওঁৰ কবিতা সহজবোধ্য কৰি গঢ়ি তুলিবলৈ তেওঁ বাধ্য। সাধাৰণতে বিপ্লৱৰ কবিতা লিখা কবিবোৰৰ কবিতাত দুৰ্বোধ্যতা কম হয়, কাৰণ কবিতাবোৰত অন্তৰ্নিহিত বিপ্লৱৰ বাণী সকলো স্তৰৰ লোকৰ বাবে গ্ৰহণযোগ্য কৰি তোলাৰ প্ৰয়োজন আহি পৰে। সেয়ে ভ্লাদিমিৰ মায়াকোভস্কি বা জ্যোতিপ্রসাদ আগৰৱালাৰ বৈপ্লৱিক দৃষ্টিভঙ্গীসম্পন্ন কবিতা অনুধাৱন কৰাত বৰ বেছি সমস্যা নাই। ৰোমাণ্টিক কবিতাৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য হয়। উইলিয়াম ৱৰ্ডছৱৰ্থ, পাৰ্ছী বিচ্চী শ্যেলী আদি ৰোমাণ্টিক কবিসকলে পূৰ্বৰ ধ্ৰুপদী আৰ্হিৰ কবিতাৰ আড়ম্বৰপূর্ণ, সূক্ষ্ম ব্যাকৰণবিধিসন্মত ৰচনাৰীতিৰপৰা আঁতৰি আহি মুক্ত আৰু সহজ প্ৰকাশভঙ্গীৰ কবিতা ৰচনা কৰিছিল, যাৰ ফলত তেওঁলোকৰ বহু কবিতাৰ শাৰী এতিয়াও মানুহে আওৰায়। আনহাতে যেতিয়া কোনো কবিয়ে নিজৰ কবিতাক তেনেই সীমিত গভীৰ বৌদ্ধিকতাসম্পন্ন (‘এলিট’!) পঢ়ুৱৈৰ বাবে নিলগাই ৰাখিব বিচাৰে, তেতিয়া তেওঁ কবিতাৰ ৰচনাশৈলী সহজবোধ্য কৰিব লাগে বুলি মূৰ নঘমায়। “মোৰ কবিতা এইখিনি মানুহে বুজিলেই হ’ব” এনে এটা দৃষ্টিভঙ্গীৰেই তেওঁ কবিতা লিখিব। কবিতাৰ জনপ্ৰিয়তাতকৈ ‘উচ্চ মান’ক অধিক অগ্ৰাধিকাৰ দিয়াৰ ফলত কবিয়ে এনে ধাৰণাৰদ্বাৰা প্ৰভাৱিত হ’ব পাৰে।

            শঙ্কৰদেৱ-মাধৱদেৱৰ সৰল ৰচনাশৈলীৰ মাজেৰে প্ৰকাশিত ভাবৰ গভীৰতাই তেওঁলোকৰ ৰচনাক কিছু পৰিমাণে দুৰ্বোধ্য কৰিছে; কাৰণ নিজৰ মননক তেনে গভীৰতা অনুধাৱন কৰিব পৰা পৰ্যায়লৈ নিনিয়াকৈ তেওঁলোকৰ ৰচনা বুজিব নোৱাৰি। মিল্টনৰ দুৰ্বোধ্যতাৰ কথালৈকে আহোঁ। পেৰাডাইজ লষ্টত তেওঁ বহু সময়ত পুৰণি, অপ্ৰচলিত শব্দ ব্যৱহাৰ কৰিছে, যিবোৰে পঢ়ুৱৈক বিপাঙত পেলায়। অনবৰতে পাদটীকাত  ইয়াৰ অৰ্থ চাবলগীয়া হোৱাটোৱেই পঢ়ুৱৈৰ মনক পাঠত সম্পূর্ণ নিমজ্জিত হোৱাত বাধা দিয়ে। আকৌ মিল্টনৰ কবিতাত আন অজস্র পাঠৰ প্ৰসঙ্গ থাকে আৰু সেইবোৰ পাঠৰ ধাৰণা অবিহনে পঢ়ুৱৈয়ে  কবিগৰাকীৰ পাঠ হৃদয়ঙ্গম কৰাত অসুবিধা পায়। মিল্টনে তেওঁৰ কবিতাত জটিল বাক্যগাঁথনি, পৰিবৰ্ধিত উপমা আদিৰ ব্যৱহাৰেৰে এক স্বকীয় ৰচনাশৈলী নিৰ্মাণ কৰিছে যি ইংৰাজী সাহিত্য-জগতত ‘grand style’ বুলিয়েই পৰিচিত। এই জটিল ৰচনাশৈলীৰ আঁহ ফালিহে মিল্টনৰ ৰচনাৰ গভীৰত প্ৰৱেশ কৰিব পাৰি বাবে মিল্টন সকলোৰে বাবে সহজবোধ্য নহয়।

       দুৰ্বোধ্যতাৰ অভিযোগটো আধুনিক কবিতাৰ ক্ষেত্ৰতেই সাধাৰণতে আহে যদিও ভাষাগত দিশেৰে চাবলৈ গ’লে আধুনিক কবিতাৰ ভাষা পূৰ্বৰ কবিতাতকৈ সৰলহে। ওপৰত মিল্টনৰ কবিতাৰ ৰচনাৰীতিৰ কথা কৈছোঁৱেই। শ্বেইক্সপীয়েৰেই হওকবা ছাৰ ৱাল্টাৰ ৰালেই হওক, পূৰ্বৰ বহু কবিৰ কবিতাৰ ভাষাত দেখা গৈছিল কাব্যিক ব্যাকৰণগত সচেতনতা, অন্ত্যমিল আৰু ছন্দ আদি কাব্যিক সমলেৰে এটা সুসংহত কাব্যিক গাঁথনিৰ প্ৰতি বিশেষ অনুৰাগ। আনহাতে এইবোৰ বান্ধোনৰপৰা মুক্ত হৈ আধুনিক কবিতাই ভাষাগত আৰু গাঁথনিগত জটিলতাৰপৰা কবিতাক বহুখিনি নিলগাই আনিছে। তথাপি দুৰ্বোধ্যতাৰ গালিটো যে আধুনিক কবিতাইহে বেছিকৈ খাই আহিছে, তাৰ অন্তৰালত কিছু কাৰণ আছে।

         কবিতাৰ দুৰ্বোধ্যতাৰ প্ৰসঙ্গত বিষয়বস্তুৰ কথা কৈছিলোঁ। বিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূর্ব অগ্ৰগতিৰ হাতত ধৰি আহি পৰা ব্যাপক ঔদ্যোগীকৰণে ব্যক্তিগত আৰু সামাজিক জীৱনলৈ অনা পৰিৱৰ্তন, দুখনকৈ বিশ্বযুদ্ধৰ ভয়াবহ পৰিণতি, মানৱ-মন সম্পৰ্কীয় নতুন তত্ত্বই প্ৰকাশ কৰা মানৱ-মনৰ অভেদ্যতা, প্ৰচলিত বিশ্বাসৰ অৱনতি আদিৰ পটভূমিত আধুনিক জীৱনলৈ আগমন ঘটা বিচ্ছিন্নতা, অনিশ্চয়তা আৰু আধ্যাত্মিকতাহীনতা আদিয়ে ইউৰোপৰ কিছুসংখ্যক কবিক প্ৰচলিত বিষয়বস্তু আৰু প্ৰচলিত ৰচনাৰীতি পৰিহাৰ কৰি জীৱন সম্পৰ্কীয় পৰিৱৰ্তিত দৃষ্টিভঙ্গীক প্ৰতিফলিত কৰিব পৰা বিষয়বস্তু আৰু এই বিষয়বস্তুৰ সৈতে খাপ খোৱা কাব্যশৈলীৰে কবিতা লিখিবলৈ প্ৰৰোচিত কৰাৰ ফলতেই এইসকলৰ কবিতাত এক ধৰণৰ দুৰ্বোধ্যতা আহি পৰিছিল। সেই কাৰণেই  য়েটছে লিখিলে যে কেন্দ্ৰস্থলে ধৰি ৰাখিব নোৱৰাকৈ বস্তুবোৰ বিচ্ছিন্ন হৈ পৰিছে। টমাছ ষ্টেয়াৰ্নছ এলিয়টে কোনো ৰোমাণ্টিক দৃষ্টিভঙ্গীৰেই ব্যাখ্যা কৰিব নোৱৰা ‘জে আলফ্রেড প্ৰুফ্ৰকৰ প্ৰেমগীতি’ লিখিলে সম্পূর্ণ ৰোমাণ্টিকতাৰহিত ধৰণেৰে। মানুহৰ মনত বিপুল আশাৰ সঞ্চাৰ কৰা বাবেই এপ্ৰিলক নিষ্ঠুৰতম মাহ বুলি এলিয়টে অভিহিত কৰিলে, কাৰণ এপ্ৰিলে কঢ়িয়াই অনা আশাবাদক তেওঁ সম্ভৱ বুলি ভবা নাই। নিজৰ কবিতাৰ পাঠলৈ বিভিন্ন ভাষাৰ বিভিন্ন লেখকৰ পাঠৰপৰা প্ৰসঙ্গ টানি অনাৰ ফলত তেওঁৰ কবিতাৰ অধ্যয়ন এক বিশাল বৌদ্ধিক প্ৰক্ৰিয়া হৈ পৰিল। আধুনিকতাবাদী কবিসকলৰ কলাত্মক সংযম সম্পৰ্কত অতিমাত্রা সচেতনতাৰ ফলত এলিয়টৰ প্ৰায় দুগুণ সংখ্যক শাৰীৰ দ্য ৱেষ্ট লেণ্ড কমি আহিল ৪৩৪ সংখ্যক শাৰীলৈ। এজৰা পাউণ্ডৰ পঞ্চাছ শাৰীৰ ‘ইন এ ষ্টেশ্যন অৱ দ্য মেট্ৰো’ হৈ পৰিল এটা দুশৰীয়া কবিতা।

          কবিতাক দুৰ্বোধ্য কৰা এই ধৰণৰ জটিল পৰীক্ষা-নিৰীক্ষা অসমীয়া কবিতালৈকো আহিল বহু পলমকৈ; অৱশ্যে যিবোৰ আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু বৌদ্ধিক পটভূমিৰ মাধ্যমেৰে ইউৰোপীয় কবিতালৈ এই পৰিৱৰ্তন আহিছিল, সেইবোৰৰ উপস্থিতি অবিহনেই অসমীয়া সাহিত্যলৈ এনে ধৰণৰ পৰিৱৰ্তন আহিল।

          অৱশ্যে বিশ্বৰ, আনকি ইউৰোপৰো কবিতাৰ জগৎখনে পাউণ্ড-এলিয়টৰ উত্তৰাধিকাৰকে বহন কৰি থকা নাই। সম্প্ৰতি উপন্যাসৰ জনপ্ৰিয়তাই কবিতাৰ স্থিতি দুৰ্বল কৰি তোলাৰ পৰিপ্ৰেক্ষিতত কবিতাক পুনৰ সাধাৰণ পঢ়ুৱৈৰ গ্ৰহণযোগ্য কৰি তোলাৰ প্ৰয়াস সৰ্বত্ৰ চলি আছে। অৱশ্যে এইটোও ঠিক যে কবিতাৰ পাঠকেও নিজৰ মনৰ দিগন্ত অধিক প্ৰসাৰিত কৰাৰ প্ৰয়োজন আছে।

………………………..

লেখক এগৰাকী সমােলাচক আৰু সৰুপেটাৰ বিএইচিব কলেজৰ অধ্যক্ষ।

5 thoughts on “কবিতাৰ দুৰ্বোধ্যতা আৰু সহজবোধ্যতা

  1. সমাজ, দেশৰ আৰ্থিক, সামাজিক ষ্হিতিৰ ভেটিত.. মানুহৰ মানসিকতাই গঢ় লয়।
    এখন উন্নয়নশীল দেশ হিচাপে আমাৰ দেশৰ শিক্ষাৰ মান… পশ্চিমৰ দেশসমূহৰ তুলনাত
    সম্প্ৰতি কম বুলিলে ভুল কোৱা ন’হব। সেই প্ৰসঙ্গৰ পটভূমিত.. আমাৰ সমাজত বৌদ্ধিক পাঠকৰ সংখ্যা কম। আমাৰ ইয়াত কবিয়ে বৌদ্ধিক কচৰৎ কৰি লিখা কবিতাৰে নিশ্চয় পুৰষ্কৃত হ’ব বা সন্মান বুটলিব। কিন্তু সেই পুৰষ্কৃত কবি বা কবিতাক লৈ আমি গৰ্ব ও কৰিম…
    কিন্তু একেবাৰে সীমিত সংখ্যক পাঠক হে গোটাব পাৰিম।
    কিন্তু সাধাৰণতে জীৱন -যুঁজখনৰ পৰাই আহৰি সময় উলিয়াব নোৱৰা আমাৰ সৰ্বসাধাৰণ পাঠকে… ইউৰোপীয়ান পঢ়ুৱৈৰ দৰে.. মনৰ দিগন্ত প্ৰসাৰিত কৰি.. দুৰ্বোধ্য বৌদ্ধিক কচৰৎ মূলক কৱিতা
    বুজি লৈ নিজৰ অনুভৱ পেৰাত ভৰাবলৈ বহু যুগ লাগিব। বা এক দৃষ্টিত তেনে হোৱা অসম্ভৱ।
    আৰু চাবলৈ বৌদ্ধিক শ্ৰেণীটোৰ মাজত কবি আৰু কবিতা আছে বাবেই.. পাঠক কম বি বঢ়া নাই.. এই শংকা সময়ে সময়ে উত্থাপিত হৈ আহিছে।
    আমি ইউৰোপৰ দৰে দুৰ্বোধ্যতাৰ পথত কবি বা কবিতাক আগ বঢ়াই নিলে ন’হব। আমি ইন্ডিয়ান ৰিডাৰৰ পঠন-বুজন ক্ষমতা চকুৰ আগত ৰাখিহে.. কবি আৰু কবিতাক আগ বঢ়াই নিব লাগিব। কেৱল সহজবোধ্য কবিতা হে… আমাৰ ইয়াত পাঠক বৃদ্ধিৰ একমাত্ৰ পথ। ই কিন্তু বিশেষ চৰকাৰী পুৰষ্কাৰ প্ৰাপ্তি বা বিপুল সামাজিক জয়ধ্বনি প্ৰাপ্তি নহয়। কিন্তু ই নিঃসন্দেহে আমাৰ সাধাৰণ শ্ৰেণীৰ ৰিডাৰৰ মানসিক উত্তৰণৰ যাত্ৰা পথ।
    শেষত বিশেষ গুৰুত্বপূৰ্ণ আলোচনাৰ আত ধৰা প্লেটফৰ্ম খনলৈ কৃতজ্ঞতা জনালো। ধন্যবাদ। শুভদিন।

  2. ড° বিৰিঞ্চি কুমাৰ দাস ডাঙৰীয়া, আপোনাৰ লেখাটো নিৰপেক্ষ হৈছে। সুন্দৰ বিশ্লেষণ! ভাল লাগিল।

    কবিতাৰ সহজবোধ্যতা এটা জৰুৰী বিষয়, বিশেষকৈ ইয়াৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ। লগতে কোনোবাই ইয়াক শিল্পৰূপ দিবলৈ যাওঁতে স্বতঃস্ফূৰ্তভাৱে কঠিন হৈ পৰিলে, তাক এলিটশ্ৰেণীৰ বাবে লিখা ইচ্ছাকৃত দুৰ্বোধ্য কৰাৰ দৰে অভিযোগ বাৰে বাৰে উত্থাপন কৰাটোও ঠিক নহয় বুলি ভাবো। আধুনিক কবিতাই লাভ কৰা বহুমাত্ৰিক বৈচিত্ৰক সংকুচিত কৰি অনাৰ যুক্তিয়ে ইয়াক এফলীয়া কৰি ৰাখিলেও দুখ লাগিব।

    কবিতা এটাৰ জটিল গাঁথনি পৰীক্ষা কৰোতে সদায় বিচাৰ কৰিব লাগিব যে সেয়া কেৱল বৌদ্ধিক কচৰৎ নে আন কিবা? এটা সুন্দৰ ঘৰ নিৰ্মাণত যেনেকৈ কঠুৱা বস্তুবোৰেৰে ভেটি-পৰিকাঠামো গঠনৰ পাছত সজাবলৈ-পৰাবলৈ কেতবোৰ ৰঙীন-কোমল-সতেজ বস্তুৰো প্ৰয়োজন হয়, কবিতাতো নিশ্চয় দুয়ো ধৰণৰ প্ৰয়োজনকে নুই কৰিব নোৱাৰি।

    সহজবোধ্য কবিতাক অগ্ৰাধিকাৰ দিয়াৰ এনে প্ৰয়াস এটা জৰুৰী আছিল। ই সফল হ’ব বুলিয়ে আমাৰ দৃঢ় বিশ্বাস।

    কিন্তু হ’ব লাগিব ভিন্নভাববিন্যাস সমাদৃত এটা সাৰ্বজনীন ধাৰাৰ বাহক, নিৰংকুশ আৰু সবল।

  3. সুন্দৰ বিশ্লেষণ। আপোনাৰ অধ্যয়নৰ গভীৰতাই আকৰ্ষিত কৰিছে।

  4. ভাল লাগিল লিখনীটো পঢ়ি । বিশেষকৈ দুৰ্বোধ্যতাৰ কাৰণবোৰ সহজকৈ বিশ্লেষণ কৰাৰ দিশটোৱে ।

Leave a Reply

Your email address will not be published. Required fields are marked *