ভবেন বৰুৱাৰ কবিতা : সত্তাৰ ঐক্যৰ অন্বেষণ

পৰী হিলৈদাৰী

Bhaben Barua

সত্তাৰ ঐক্যত বিশ্বাস স্থাপন কৰিব পাৰিলেহে আন্ধাৰৰ মাজত পোহৰৰ ধাৰ অনুভৱ কৰি তাৰ বৈভৱ হৃদয়ংগম কৰিব পাৰি৷ কিন্তু আধুনিক কবিতা বিশ্বাসৰ বাটত থকা সন্দেহ আৰু অনিশ্চয়তা লৈ সচেতন৷ ভবেন বৰুৱাৰ কবিতাই অৱশ্যে বিশ্বাস আৰু সংশয়ৰ আলিদোমোজাত থমকি ৰ’বলৈ পঢ়ুৱৈক উচটাব পৰা নাই—আয়ৰনীৰ প্ৰচ্ছন্ন উপস্থিতি কবিগৰাকীৰ পঢ়ুৱৈয়ে অনুভৱ নকৰে৷ সেয়ে কেতিয়াবা কেতিয়াবা ঐক্য-সন্ধানী চিত্ৰকল্প-নিৰ্ভৰ বৰ্ণনাবোৰ ৰোমাণ্টিক ভাবোচ্ছ্বাস যেনহে লাগে৷

‘অমিত বাক’ত কবি ভবেন বৰুৱাই তেওঁৰ কবিতাই জীৱনৰ পলিফনিক চৰিত্ৰক ধৰি ৰখাৰ প্ৰসংগ অৱতাৰণা কৰিছে৷ কিছুমান বিমূৰ্ত দাৰ্শনিক ধ্যান-ধাৰণাৰ মাজতে কবিজনৰ কবিতাৰ পৃথিৱীখন সীমিত হৈ ৰৈ গৈছে বুলি ভবাসকলৰ কাৰণে এইষাৰ নিশ্চয় গুৰুত্বপূৰ্ণ কথা৷ ছিৰিয়াছ কবিতাৰ সংখ্যাধিক্যই ব্যংগাত্মক সুৰ বিয়পি থকা ‘চৰৈৱতি’, ‘মহাভাৰতীয়’ আদি কবিতাৰ, অথবা ব্যক্তিস্বতন্ত্ৰতাক প্ৰাধান্য দিয়া কিছুমান কবিতাই ইতিহাস-চেতনাসম্ভূত ‘অঞ্জনীয়া’, ‘পথৰ মাজত’ আদি এমুঠি কবিতাৰ গুৰুত্ব হ্ৰাস কৰিব নিশ্চয় নোৱাৰে৷ বিচিত্ৰতাৰ সমান্তৰালকৈ সমগ্ৰতাবোধ আৰু ঐক্যসূত্ৰৰ ধাৰণাটোও কবিতাবোৰৰ অপৰিহাৰ্য উপাদান বুলি কবিয়ে স্পষ্টকৈ উল্লেখ কৰিছে৷ প্ৰায়বিলাক কবিতাতে leitmotif-ৰ দৰে ব্যৱহাৰ হোৱা অনুষংগবোৰেও (যেনে, আঙুলিৰ ভাৰ, বতাহৰ আঙুলি, তাঁৰ, আন্ধাৰ হাত, ইত্যাদি) ঐক্যসূত্ৰৰ প্ৰসংগটোকে প্ৰকট কৰিছে৷ মোৰ বোধেৰে ভবেন বৰুৱাৰ কবিতাৰ অন্য এক চালিকা শক্তি প্ৰৱাহিত হৈছে তেওঁৰ সত্তাৰ ঐক্যৰ ওপৰত থকা বিশ্বাসৰপৰা৷ সত্তাৰ ঐক্য, যাক Unity of Being বুলি কোৱা হয়৷ কবিৰ শব্দচয়ন, চিত্ৰকল্প নিৰ্মাণ আৰু ভাবজগতৰ শিপাডাল প্ৰোথিত হৈ আছে এই সত্তাৰ ঐক্য/Unity of Being-ৰ সন্ধানত৷ এক কথাত ভবেন বৰুৱাৰ কবিতা সত্তাৰ ঐক্য বিচাৰি কৰা এক কাব্যিক অন্বেষণ৷

সত্তাৰ ঐক্যৰ বিষয়টো আগত ৰাখি ভবেন বৰুৱাৰ কবিতা পাঠ কৰিলে ইউেৰাপীয় আৰু ভাৰতীয় দুয়োবিধ দৰ্শনৰ তত্ত্বগধুৰতাত প্ৰৱেশ নকৰাকৈয়ো আমি তেওঁৰ কবিতাৰ ভাব-জগতত প্ৰভাৱ পেলোৱা এজন কবিৰ নাম উল্লেখ কৰিলে নিশ্চয় ভুল নহ’ব৷ সেইজন হৈছে ইংৰাজ কবি ডব্লিউ. বি. য়েটছ৷ য়েটছৰ কবিতাত Unity of Being/সত্তাৰ ঐক্যৰ ধাৰণাটোৱে কেন্দ্ৰীয় অৱস্থান লাভ কৰিছে, বিশেষকৈ বাইজেনটিয়াম-কেন্দ্ৰিক কবিতা দুটাত৷ ভবেন বৰুৱাই ‘প্ৰৱাহিনী’ নামৰ কবিতাটোত য়েটছৰ ‘বাইজেনটিয়াম’ কবিতাটোৰ “marbles the dancing floor… that gong-tormented sea”-ৰ চিত্ৰকল্প এনেদৰে প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰিছে—“সমুদ্ৰৰ খলকনি/নাচৰ মজিয়া জুৰি বাইজানটিয়ামত—”৷ য়েটছৰ দুয়োটা বাইজেনটিয়াম কবিতাতে দেহজ কামনা-বাসনাৰ পৃথিৱী এৰি থৈ আত্মাই আধ্যাত্মিক জগতলৈ যাত্ৰা কৰাৰ জটিল পৰিক্ৰমা বৰ্ণিত হৈছে আৰু দুয়োখন পৃথিৱীৰ অপৰিহাৰ্যতাহে চিত্ৰকল্পবোৰৰ জৰিয়তে শেষ সত্য হিচাপে ভাস্বৰ হৈ উঠিছে৷ কবি ভবেন বৰুৱাই ‘প্ৰৱাহিনী’ নামৰ কবিতাটোৰ প্ৰথম শাৰীতে উল্লেখ কৰা ‘অন্ধ গতি’ও সত্তাৰ ঐক্য বিচাৰি ফুৰা এক নিৰন্তৰ আৰু প্ৰাচীন হৈয়ো অৰ্বাচীন যাত্ৰা— ই প্ৰাকৃতিক, কাৰণ ক্ষুদ্ৰতম অণুৰপৰা অসীমলৈকে এই গতিময়তাৰ বিস্তাৰ৷ কবিতাটোত উল্লেখ কৰা ‘অস্থিৰ তৃপ্তি’, ‘মৌন অস্থিৰতা’, ‘নীলকণ্ঠ অধিৰ প্ৰশান্তি’ আদি শাব্দিক অভিব্যক্তিৰ মাজত প্ৰকট হৈ উঠা বৈপৰীত্যৰ অভিঘাততো সত্তাৰ বিভাজন, বিৰোধ আৰু সহাৱস্থান অনুভূত হয়৷

“প্ৰাকৃতিক—
অন্ধ গতি!
মননে মননে মানৱিক,
অস্থিৰ তৃপ্তিত ৰোৱা দ্বৈতাদ্বৈত
একাধাৰে—
ইৰ’জ আগাপে
তনহা নিৰ্বাণ...”

এই স্তৱকটিৰ শেষৰ শাৰী দুটাই গ্ৰীক দৰ্শন আৰু বৌদ্ধ দৰ্শনে কোৱা আত্মকেন্দ্ৰিক আৱেগসৰ্বস্ব সত্তাই ক্ষুদ্ৰ সীমা অতিক্ৰমি মহাজাগতিক সত্তাত বিলীন হোৱা অৱস্থানৰ ইংগিত দাঙি ধৰিছে৷ ‘ইৰ’জ’ অথবা ‘তনহা’, কোনোটো স্তৰেই স্বয়ংসম্পূৰ্ণ নহয়, ‘আগাপে’ আৰু ‘নিৰ্বাণ’ৰ মাজেদিহে সত্তাই আৱেগ আৰু দেহজ প্ৰবৃত্তিৰ সীমা পাৰ হৈ আত্মাৰ বাবে আৰোহণৰ বাট মুকলি কৰিব পাৰে৷

লগতে পঢ়ক : নৱকান্ত বৰুৱাৰ ‘মনত পৰেনে অৰুন্ধতী?’ –এক পাঠ

কবিগৰাকীৰ এটি বহুপঠিত কবিতা ‘সোণালী জাহাজ’ৰ ভাব আৰু ভাষাই পঢ়ুৱৈৰ সন্মুখত কেইটামান বিশেষ ধৰণৰ বৈপৰীত্যৰ যুটি (set of contrasts) দাঙি ধৰিছে৷ আন্ধাৰ/পোহৰ, সুদূৰ/ইয়াত, সোণালী/নীলা —এই তিনিটি বৈপৰীত্যৰ যুটিত উদ্ভাসিত সত্যটো হৈছে যে ইয়াত দুই মেৰুৰ মাজত বিৰোধ নহয়, সংযোগৰহে সূচনা হৈছে : “ভৰি পৰে সুদূৰৰ সোণালী শস্যৰে এই নীলাৰ ভাণ্ডাৰ”৷ সোণালী জাহাজৰ অনুষংগই য়েটছৰ ‘বাইজেনটিয়াম’ৰ সোণালী বৃক্ষ আৰু সোণালী চৰাইৰ কথাও মনত পেলাই দিয়ে৷ ‘বাইজেনিটয়াম’ কবিতা দুটাত মৃত্যুৰ পাছত আত্মাই অপূৰ্ব কলাৰ নিদৰ্শন সোণালী চৰাইটি হৈ সোণালী বৃক্ষত বহি এৰি থৈ অহা তেজ-মঙহৰ পৃথিৱীখনৰ গীত গাব বিচাৰে৷ ভবেন বৰুৱাৰ ‘সোণালী জাহাজ’ কবিতাটিত মানুহৰ আত্মাই পৰম তৃপ্তি-প্ৰাপ্তিৰ আকাংক্ষাৰ কোনো কল্পলোকলৈ ঢাপিল মেলিব নালাগে৷ ঐশ্বৰ্যৰ বণিজ কঢ়িয়াই, আন্ধাৰ ফালি সোণালী জাহাজ নিজেই আহি উপস্থিত হয় এই বন্দৰত৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে কবিতাটোৰ শেষত এটা প্ৰশ্ন ওলমি ৰৈছে—“সোণালীত নীলা ডুবে য’ত?” সোণালীত নীলাৰ সংযোগহে স্থাপন হ’ব পাৰে, দুখৰ নীলা (দুখৰ নাৱিক, দুখৰ বণিক) সোণালীত লয় পাব নোৱাৰে (যেনেদৰে সোণালী চৰায়েও বহমান সময়ৰ গীতহে গায়)৷ সোণালী শস্যৰাশিও দুখ-ক্লেদৰ নিৰ্যাস বহন কৰা বৈভৱহে৷ সত্তাৰ ঐক্যৰ দ্যোতক ইও এক চিত্ৰকল্পই৷

‘শুভ্ৰতাৰ স্বৰ’ নামৰ কবিতাটোত ভিন্ন অৱস্থান আৰু অভিজ্ঞতাৰ মাজত সেতুবন্ধনৰ প্ৰচেষ্টাই এনে এক আয়তন লাভ কৰিছে য’ত ইন্দ্ৰিয়জ চেতনাৰ অভিজ্ঞতাবোৰ ইটোৰপৰা সিটো পৃথক নহয়— কবিতাটোৰ শিৰোনামতেই দৃশ্যমান আৰু শ্ৰব্য অভি়জ্ঞতাৰ মাজৰ সীমা মচি পেলোৱাৰ ইংগিত ফুটি উঠিছে৷ কবিতাটোত যি ‘যুগ্মতাৰ শ্যামলিমা’ৰ কথা কোৱা হৈছে, সত্তাৰ ঐক্যৰপৰা ই বেলেগ নহয়৷ ভবেন বৰুৱাৰ কবিতাৰ শব্দ-চয়নতো এই যুগ্মতাৰ শ্যামলিমা, শুভ্ৰতাৰ স্বৰ অন্তৰ্লীণ সুৰৰ দৰে প্ৰৱাহিত হৈ আছে৷ তাৰে কেইটামান উদাহৰণ হৈছে— ‘গতিময় নীলকণ্ঠ নিথৰতা’ (সুদৰ্শন), ‘কণ্ঠস্বৰৰ ৰশ্মিবোৰ’ (পাহাৰৰ নামনিত), ‘ক’লা গাখীৰবোৰ’ (স্বাগতম), ‘অস্থিৰ তৃপ্তি’ (প্ৰৱাহিনী) ইত্যাদি৷ ‘নৱজলধৰ’ নামৰ কবিতাটোত বাৰিষাৰ আগমনত খাল-বিল-নদী-নৰ্দমাত সৃষ্টি হোৱা সদাপৰিচিত পৰিৱেশত ভাৰাক্ৰান্ত কবিয়ে বৰ্ষাৰ মাজত ‘নতুন শব্দ’ৰ সন্ধান কৰিছে৷“ভূমধ্যে সাগৰে ধোৱাঁ বতাহত গ্ৰেচিয়ান সুৰ— তীক্ষ্ণ মানৱিক উজাগৰ”—ভূমধ্যসাগৰীয় বতাহজাকৰ প্ৰাণসঞ্চাৰিণী শক্তিয়েহে ‘পচা ভাদ মাহত’ গজি উঠা অগণন প্ৰাণক উজ্জীৱিত কৰি তুলিব৷ কবিতাটোত বৰ্ষা এক চিত্ৰকল্প— বৰ্ষাৰ গ্ৰেচিয়ান সুৰৰ লগত প্ৰাচ্যৰ সুৰৰ সংযোজন ঘটিলে যি সম্পূৰ্ণতা প্ৰাপ্ত হ’ব তাৰ নাম ‘বিশ্বভৰা জলধৰ শ্যাম’— তেতিয়া ‘তন্দ্ৰাৰ মূৰ্ছনা’ অন্তৰ্হিত হৈ সুকুমাৰ কলা আৰু কৃষিকৰ্মৰ ভেটিত জীৱনে নতুন ৰূপ লাভ কৰিব—

“গিটাৰ আৰু চেতাৰৰ
পপলাৰ আৰু আঁহতৰ
ট্ৰেক্টৰ আৰু লখিমীৰ
মাজেদি
আহক
বিশ্বভৰা জলধৰ শ্যাম৷”

এই ‘জলধৰ শ্যাম’ প্ৰাচ্য আৰু প্ৰতীচ্যৰ সত্তাৰ ঐক্যৰ প্ৰতীকী প্ৰকাশ৷ কবিৰ কল্পনা আৰু বোধৰ পৃথিৱীত বিশ্বচৰাচৰৰ জীৱ আৰু জড় জগতৰ প্ৰত্যেক উপাদান এই ঐক্যসন্ধানী আয়োজনৰ অংশীদাৰ৷‘কাঠৰ সময়’ নামৰ কবিতাটোত কাঠৰোকাবোৰে ঠোঁটত জ্বলন্ত দুপৰীয়া কঢ়িয়াই আনি কাঠবোৰৰ মাজলৈ সেই তাপ আৰু ৰশ্মি সঞ্চাৰ কৰা আৰু ‘কাঠৰ হাঁহি’ গাঁৱে গাঁৱে নগৰে নগৰে বিয়পি পৰা দৃশ্যটোৱে যেন ক’ব বিচাৰিছে, গ্ৰহণ, ধাৰণ, গতি আৰু স্পৰ্শৰ মাজেদি প্ৰকৃতিৰ প্ৰত্যেক জীৱ আৰু জড় পদাৰ্থৰ মাজত সংযোগৰ সোঁত অৱধাৰিতভাৱে প্ৰৱাহিত হৈ আছে— এই প্ৰৱাহত মানুহ মুখ্য নহয়, এক উপাদানহে৷ সেই কাৰণেই ভবেন বৰুৱাৰ কবিতাত ‘ভৰ’ আৰু ‘ভাৰ’ শব্দ দুটাই বাৰে বাৰে ভুমুকি মাৰিছে ‘leitmotif’ৰ ৰূপত৷ ‘কঠোৰ’ কবিতাটোত কবিয়ে কৈছে—

“মুকলি পথাৰখনত গছবোৰৰ দৰে
ধুমুহাৰ বাবে যেন আমি ৰৈ থাকোঁ—
বাদ্যযন্ত্ৰৰ তাঁৰবোৰৰ দৰে
আমাৰ মুখবিলাক…”

মানুহৰ সত্তাই বিশ্বচৰাচৰৰ বিশাল সত্তাৰ সৈতে সংযোজিত হ’বলৈ হ’লে এজাক ধুমুহাৰ স্পৰ্শৰ প্ৰয়োজন৷ ‘এজাক বতাহ’ নামৰ কবিতাটোত ক্ষুদ্ৰ সত্তাই বিশাল সত্তাত বিলীন হোৱা সম্ভাবনাটো কবিয়ে এজাক বতাহৰ সংস্পৰ্শত জাহাজখনো এজাক বতাহলৈ ৰূপান্তৰিত হোৱা পৰিঘটনা এটাৰ কল্পনাৰ মাজেদি দেখা পাইছে৷ ইয়াৰ সম্পুৰ্ণ বিপৰীত ছবি এখন উন্মোচিত হৈছে ‘ধুমুহাৰ প্ৰান্তত’ নামৰ কবিতাটোত৷ “এজাক বতাহে মোক বিচাৰিছে”—প্ৰথম কবিতটোতে এই চেতনাৰে তৃপ্ত কবিয়ে বতাহৰ ভাৰৰ ঠিকনাহীনতাত সৃষ্ট একাকীত্বত বন্দী হৈ পৰিছে এনেদৰে—

“একো নাই, একো নাহে : মনে যেন নিজৰ মৌনকে
শুনি ৰয়৷ একো নাই : নামি নাহে গহন জলত
বতাহৰ ভাৰ…” (‘ধুমুহাৰ প্ৰান্তত’)

এয়া ক্ষুদ্ৰসত্তাই বিশ্বসত্তাৰ সৈতে সংযোগ হেৰুওৱাৰ ভয় আৰু আক্ষেপৰ প্ৰকাশ৷ “জাহাজ-ডুবিৰ স্মৃতি’ নামৰ কবিতাটোত কবিয়ে প্ৰশ্ন কৰিছে—“অনুভৱ নকৰানে তুমি/ জাহাজ-ডুবিৰ আৰ্ত বিকৃত মুখবোৰৰ/ পুৰণি পৃথিৱীখনৰ ভাৰ?” পাৰ হৈ যোৱা সময়ৰ স্মৃতিৰ ভাৰ অস্বীকাৰ কৰি নতুন পৃথিৱীৰ স্বপ্ন দেখা যায়নে? সত্তাৰ ঐক্যই সময়ক খণ্ডিত ৰূপত নিবিচাৰে৷ অতীতৰ  সৈতে ভৱিষ্যতৰ, প্ৰাচ্যৰ সৈতে প্ৰতীচ্যৰ, জড় জগতৰ সৈতে জীৱজগতৰ, আত্মাৰ সৈতে শৰীৰৰ, পোহৰৰ সৈতে আন্ধাৰৰ মিলন আৰু সংশ্লেষণেই হৈছে সত্তাৰ ঐক্যৰ পূৰ্বচৰ্ত৷ ভবেন বৰুৱাৰ এটা কবিতাৰ নাম ‘নৰসিংহ’; আখ্যানৰ নৰসিংহৰ প্ৰত্যক্ষ উল্লেখ নাথাকিলেও কবিতাটোত ব্যৱহৃত চিত্ৰকল্পবোৰে বিপৰীত ভাব আৰু অৱস্থানৰ ঐক্যৰ প্ৰসংগকে অৱতাৰণা কৰিছে এনেদৰে—

“সাপৰ দৰে ফণা ফুলি থকা
ৰাতিৰ গছবোৰত 
চৰাইবোৰৰ আশ্ৰয়৷”

‘আন্ধাৰৰ হাত’ নামৰ কবিতাটোত ভয়ংকৰ আৰু সুন্দৰৰ সহজ সহাৱস্থান প্ৰত্যক্ষ কৰা যায় একেধৰণৰ এই চিত্ৰকল্পটোত—

“জলৰাশিত
তোমাৰ হাতত ফুলে সাপৰ নিশ্বাসৰ মাজত
অতল নিদ্ৰাৰ পদুম…

‘অমিত বাক’ত শিল্প-সাধনাৰ প্ৰসংগত ভবেন বৰুৱাই স্বৰ্ণসন্ধানী ‘এলকেমিষ্ট’ আৰু ‘দাৰ্শনিক শিল’ৰ কাহিনীৰ প্ৰতীকী ব্যৱহাৰ তেওঁৰ কবিতাত (যেনে ‘সোণালী জাহাজ’ত) হৈছে বুলি উল্লেখেই কৰিছে৷ আখ্যান মতে দাৰ্শনিক শিলে সাধাৰণ গুণবিশিষ্ট ধাতুকো অসাধাৰণ মহামূল্যৱান ধাতুলৈ ৰূপান্তিৰত কৰে৷ প্ৰত্যেকজন শিল্পসাধকো দাৰ্শনিক শিলৰ দৰে, যি জীৱনৰ সাধাৰণ প্ৰাত্যহিকতাক শিল্পৰ শাৰীলৈ ৰূপান্তিৰত কৰি জীৱনক অমৰত্বৰ সোৱাদ দিব পাৰে৷ বৰুৱাৰ ‘বগা শিলবোৰ ক’লা শিলবোৰ’ নামৰ কবিতাটোৰ ভাব-ভাষাই সৃষ্টিৰ এনে এক মুহূৰ্তৰ প্ৰতীকী ব্যঞ্জনা বহন কৰিছে য’ত ‘পোহৰৰ খলকনি’ —যি কলা-সৃষ্টিৰ মুহূৰ্তৰ দ্যোতক হ’ব পাৰে— ক’লা শিল আৰু বগা শিলবোৰে বহন কৰি ‘তুমি’ বুলি সম্বোধিত বিষয়ী/সত্তাৰ অন্তঃস্থলত ৰোপণ কৰিছে৷ সত্তাই সৃষ্টিশীলতাত ডুব যোৱা বিস্ময়াৱহ অভিজ্ঞতাক কবিতাটোত এনেদৰে বৰ্ণনা কৰা হৈছে—

“পানীবোৰৰ মাজেৰে
আজি তুমি পাৰ হৈ গ’লা
ঢৌবোৰত পোহৰ সিঁচি
সময়ৰ আৱৰণ খুলি
বগা শিলবোৰৰ ভিতৰলৈ
ক’লা শিলবোৰৰ ভিতৰলৈ...”

বগা শিল-ক’লা শিলক আন্ধাৰ আৰু পোহৰ, চেতন আৰু অৱচেতনৰ প্ৰতীকী চিহ্ন হিচাপেও গ্ৰহণ কৰিব পাৰি, যি দুই অৱস্থানৰ সংযোগ অবিহনে কলা-সৃষ্টি সম্ভৱ হ’ব নোৱাৰে৷ সৃষ্টিৰ মুহূৰ্তত জড়পদাৰ্থ আৰু ব্যক্তিসত্তাৰ মাজৰ বিভাজনৰ দেৱাল খহি পৰা উপলব্ধিৰ অনুৰণন এটিও চিত্ৰকল্পটোত শুনিবলৈ পোৱা গৈছে৷ য়েটছৰ দৰে কবি ভবেন বৰুৱায়ো হয়তো কলাৰ মাজেদি সত্তাৰ ঐক্য প্ৰাপ্ত হ’ব পাৰে বুলি বিশ্বাস কৰে৷

যি শব্দই কবিতাৰ দেহ নিৰ্মাণ কৰে সেই শব্দই আলোড়ন আৰু নিথৰতাৰ মাজত, গতি আৰু স্তব্ধতাৰ মাজত সেতু বান্ধিব পাৰিব লাগিব— ‘শব্দবোৰ’ নামৰ কবিতাটোত প্ৰকাশ কৰা এই কাব্য-ভাবনা ভবেন বৰুৱাৰ কবিতাৰ সাৰবস্তু৷ ঐক্য-সন্ধানী ভাবাদৰ্শই কবিৰ কাব্য মানসক দিয়া দিকদৰ্শনে কবিক ঋদ্ধ কৰিছে কাৰণেই এনে উপলব্ধিৰ প্ৰকাশ সম্ভৱ হৈ উঠিছে—

“আন্ধাৰক চাই ৰওঁ,
অনুভৱ কৰোঁ যাৰ পোহৰৰ ধাৰ
তেজৰ ঢৌত, মোৰ বুকুৰ মাজত”

সত্তাৰ ঐক্যত বিশ্বাস স্থাপন কৰিব পাৰিলেহে আন্ধাৰৰ মাজত পোহৰৰ ধাৰ অনুভৱ কৰি তাৰ বৈভৱ হৃদয়ংগম কৰিব পাৰি৷ কিন্তু আধুনিক কবিতা বিশ্বাসৰ বাটত থকা সন্দেহ আৰু অনিশ্চয়তা লৈ সচেতন৷ ভবেন বৰুৱাৰ কবিতাই অৱশ্যে বিশ্বাস আৰু সংশয়ৰ আলিদোমোজাত থমকি ৰ’বলৈ পঢ়ুৱৈক উচটাব পৰা নাই—আয়ৰনীৰ প্ৰচ্ছন্ন উপস্থিতি কবিগৰাকীৰ পঢ়ুৱৈয়ে অনুভৱ নকৰে৷ সেয়ে কেতিয়াবা কেতিয়াবা ঐক্য-সন্ধানী চিত্ৰকল্প-নিৰ্ভৰ বৰ্ণনাবোৰ ৰোমাণ্টিক ভাবোচ্ছ্বাস যেনহে লাগে৷ কলা, দৰ্শন, আধ্যাত্মবাদ বা তেনেকুৱা কোনো বিশ্বাস অথবা আদৰ্শৰ গাত ভেজা দি ভবেন বৰুৱাই সত্তাৰ ঐক্যৰ ওপৰত সংস্থাপিত ধাৰণা/বিশ্বাসক পৰীক্ষা-নিৰীক্ষা কৰা নাই— অন্ততঃ কবিতাবোৰত তেনেকুৱা হোৱা নাই৷ ‘হে প্ৰসাৰিত হাত’ নামৰ কবিতাটোত যে তেওঁ লিখিছে—“হে প্ৰসাৰিত হাত! নিৰ্জন গড়াত/ তোমাৰ শিহৰণেৰে মই শিহৰিত!”—এই প্ৰসাৰিত হাতৰ শিপাডাল ক’ত, তাৰ দাৰ্শনিক আধাৰ কি? উত্তৰ পোৱা টান৷ সেয়েহে কিজানি কবিয়ে নিজৰ ওচৰতে স্বীকাৰোক্তি কৰিবলগীয়া হয় কেতিয়াবা এনেদৰে—

“ইয়াতে সমাপ্ত যাত্ৰা সুদীৰ্ঘ পথৰ :
সিপাৰলৈ আৰু একো নাই” (‘হ্ৰদ’)

প্ৰসংগপুথি : ভবেন বৰুৱাৰ কবিতা সমগ্ৰ, পাণবজাৰ, বান্ধৱ, প্ৰথম প্ৰকাশ ২੦১৮৷

(পৰীহিলৈদাৰী এগৰাকী সাহিত্য সমালোচক আৰু অনুবাদক৷ ২੦২১ চনত তেওঁ অনুবাদৰ বাবে সাহিত্য অকাদেমী বঁটা লাভ কৰে৷)

One thought on “ভবেন বৰুৱাৰ কবিতা : সত্তাৰ ঐক্যৰ অন্বেষণ

  1. এতিয়া ভবেন বৰুৱাৰ কবিতা পঢ়ি আৰু অলপ বেছি বুজি পাম ৷ ধন্যবাদ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *