নৱকান্ত বৰুৱাৰ ‘মনত পৰেনে অৰুন্ধতী?’ –এক পাঠ

প্ৰকল্প ৰঞ্জন ভাগৱতী

নৱকান্ত বৰুৱাৰ কবিতাটোত তিক্ত আৰু মধুৰ দুয়োটা অভিজ্ঞতাৰে কথা আছে। ‘খোপাৰ আবেলি-আবেলি গোন্ধ’, ‘দুবৰি বনত মুকুতাৰ মণি’, ‘চুলিৰ মেঘত লাহী আঙুলিৰ বহুতো জোন’ আদি চিত্ৰকল্পই অতীতৰ অভিজ্ঞতাটিৰ মধুৰ দিশটোলৈ ইংগিত দিয়ে।

পঞ্চাছ আৰু ষাঠিৰ দশকৰ আধুনিক অসমীয়া কবিতা ক্ৰমাৎ দুৰুহ হৈ অহাৰ সময়ত সেই সময়ৰ প্ৰধান কবি একমাত্ৰ নৱকান্ত বৰুৱাৰ কবিতাইহে পাঠকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছিল। অথচ কাব্য-কৌশল আৰু কাব্য-ভাবনাৰ দিশেৰে নৱকান্তৰ কবিতা একেবাৰে সহজবোধ্য নাছিল। তেওঁৰ বহু জনপ্ৰিয় কবিতাত জটিল কাব্য-কৌশল ব্যৱহৃত হৈছে। আধুনিক কবিতাৰ পৰম্পৰাৰ সৈতে সুপৰিচিত হৈ নল’লে তেনে কাব্য-কৌশলৰ জঁট ভাঙি কবিতাৰ পূৰ্ণ ৰসাস্বাদন সম্ভৱ নহয়। নৱকান্ত বৰুৱাৰ ‘মনত পৰেনে অৰুন্ধতী?’ তেনে এটা কবিতা। কবিতাটো পোনতে ৰামধেনু আলোচনীৰ ষষ্ঠ বছৰ দশম সংখ্যাত প্ৰকাশ পাইছিল। ৰামধেনুত প্ৰকাশ পাওঁতে কবিতাটোৰ শিৰোনাম আছিল ‘এটা প্ৰেমৰ পদ্য’। ১৯৭৩ চনত প্ৰকাশ পোৱা কবিৰ মোৰ আৰু পৃথিৱীৰ সংকলনত পঞ্চাছৰ কবিতা শিতানত ‘মনত পৰেনে অৰুন্ধতী’ শিৰোনামেৰে কবিতাটো সংকলিত হয়। কবিতাটোৰ কোনো কোনো পাঠত—যেনে মহেন্দ্ৰ বৰাই সম্পাদনা কৰা নতুন কবিতা (৩য় সংস্কৰণ, ১৯৮৭) সংকলনত থকা পাঠত—এশাৰী ইংৰাজী উৎকীৰ্ণ লিপি পোৱা যায়। সেয়া হ’ল–“Do you remember an Inn, Miranda?”। ৰামধেনুত প্ৰকাশ পোৱা পাঠ আৰু মোৰ আৰু পৃথিৱীৰ সংকলনত সন্নিৱিষ্ট পাঠত এই উৎকীৰ্ণ লিপি অনুপস্থিত। এই শাৰীটো ফৰাচী মূলৰ ইংৰাজ কবি, লেখক হিলেইৰি বেলক(Hilaire Belloc)ৰ ‘টাৰাণ্টেলা’ (Tarantella) শীৰ্ষক এটা জনপ্ৰিয় কবিতাৰ পৰা লোৱা। টাৰাণ্টেলা হ’ল যুগ্মভাৱে কৰা দ্ৰুত লয়ৰ এবিধ ইটালীয়ান লোকনৃত্য। টাৰাণ্টেলা নামৰ বিষাক্ত মকৰাবিধে দংশন কৰিলে বিষৰ যন্ত্ৰণাৰ পৰা ৰক্ষা পাবলৈ দুজনে মিলি নৃত্য কৰাৰ পৰম্পৰাৰপৰা এই নৃত্যৰ উদ্ভব হয় বুলি জনবিশ্বাস আছে। বেলকৰ কবিতাটো মূলতঃ অতীত-চাৰণ। বহু দিনৰ আগতে কোনো এখন হোটেলত প্ৰিয়জনৰ সৈতে কটোৱা মধুৰ স্মৃতি কবিতাটোত স্মৰণ কৰা হৈছে। নৱকান্ত বৰুৱাৰ কবিতাটোও অতীত-চাৰণৰ কবিতা। কোনো এক বাৰিষাৰ ৰাতি বক্তাৰ সৈতে অৰুন্ধতীৰ সাক্ষাৎ ঘটিছিল আৰু কবিতাটোত বক্তাই সেই সাক্ষাতৰ মধুৰ স্মৃতি আধুনিক কাব্য-কৌশলৰ সৈতে স্মৰণ কৰিছে।

মনত পৰেনে অৰুন্ধতী
নৱকান্ত বৰুৱা


বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে
অৰুন্ধতী,
সেমেকা পোহৰে পাহৰাই দিয়া
তোমাৰ খোপাৰ আবেলি-আবেলি গোন্ধ
মনত পৰেনে
অৰন্ধতী?

জোনাকে ডাৱৰে, মৰমে বিষাদে, নুবুজা কবিতা
আমাৰ মাজত ভগা সপোনৰ অতনু বাধা
মনত পৰেনে
অৰুন্ধতী?

মনত পৰেনে অৰুন্ধতী,
দুবৰি বনত মুকুতাৰ মণি
চুলিৰ মেঘত লাহী আঙুলিৰ বহুতো জোন,
(জোৱাৰৰ বাবে সাগৰ নাছিল!)
বৰফৰ দৰে চেঁচা পৰশতো
সি যে কি শান্তি!
অৰুন্ধতী!

অৰুন্ধতী,
বহুতো আকাশ পাৰ হৈ অহা
ধুমুহা পাখীৰ এটি লহমাৰ নীড়
বহুতো সপোন পাৰ হৈ অহা
কেঁচা টোপনিৰ ভীৰৰ মাজত
সেই এটা মাথোঁ জাগৰ ৰাতি–
মনত পৰেনে
অৰুন্ধতী?

বাৰিষাৰ ৰাতি মনত পৰেনে
অৰুন্ধতী?

............................
(মোৰ আৰু পৃথিৱীৰ, প্ৰথম প্ৰকাশ ১৯৭৩, দ্বিতীয় প্ৰকাশ ১৯৯০, পকেট বুক চেণ্টাৰ, গুৱাহাটী, পৃষ্ঠা ১১২-১৩৩)

কবিতাটো এক নাটকীয় একোক্তি হিচাপে পঢ়িব পাৰি। বক্তাই অৰুন্ধতী নামৰ কোনো নাৰী চৰিত্ৰক সম্বোধন কৰি কথাবোৰ কৈ গৈছে। বৰ্ণিত ঘটনাবোৰ দুয়োজনৰে উমৈহতীয়া অভিজ্ঞতা। সেয়া দুজন নাৰী-পুৰুষৰ প্ৰেম আৰু মিলনৰ অভিজ্ঞতা। কবিতাটোৰ পটভূমিটো হ’ল বাৰিষাৰ এটা সেমেকা ৰাতি। যদিও কবিতাটোত ক’তো ‘বৰষুণ’ বা তেনে সমাৰ্থক শব্দৰ উল্লেখ নাই, কিন্তু বাৰিষা আৰু সেমেকা শব্দই বৰষুণলৈকে ইংগিত দিয়ে। বৰষুণে নৱজীৱনৰ উকমুকনি আৰু খৰাং দিন শেষ হোৱাৰ ব্যঞ্জনা আনে। আনহাতে ৰাতিয়ে পোহৰৰ ইটো পাৰৰ অজ্ঞাত, অন্ধকাৰ জগত এখনৰ ব্যঞ্জনা কঢ়িয়াই আনে। বাৰিষা আৰু ৰাতিৰ প্ৰসংগৰে কবিতাটোত জীৱন আৰু জগতৰ অজ্ঞাত, অন্ধকাৰ দিশৰ প্ৰতি নাৰী-পুৰুষৰ স্বভাৱজাত কৌতূহল আৰু নৱ জীৱনৰ প্ৰতি জিজ্ঞাসা প্ৰকাশ পাইছে।

অতীতৰ ঘটনাটো কোনো এক বাৰিষাৰ ৰাতি ঘটিছিল। সেয়ে বাৰিষাৰ ৰাতি আহিলেই বক্তাৰ অতীতৰ সেই স্মৃতি মনলৈ আহে। বক্তাৰ সৈতে অৰুন্ধতী এতিয়া নাই। হয়তো দুয়োৰে সম্পৰ্কৰ বিচ্ছেদ ঘটিছে, অথবা সেই এটা ৰাতিৰ বাহিৰে তেওঁলোকৰ জীৱনলৈ তেনেকুৱা দ্বিতীয় এটা ৰাতি নাহিলেই। অৰুন্ধতীয়েও সেই বিশেষ ৰাতিটোৰ স্মৃতি এতিয়াও বহন কৰি আছেনে তাক বক্তাই জানিব বিচাৰিছে। ‘বাৰিষাৰ ৰাতি মনত পৰেনে/অৰুন্ধতী?’–এই শাৰী দুটাৰ পুনৰুক্তিয়ে কবিতাটোলৈ এক লয় অনাৰ লগতে গোটেই কবিতাটোত বৰ্ণিত কথাবোৰ যে  অতীত-স্মৃতিহে সেয়া পাঠকক সোঁৱৰাই থাকে। কবিতাটোৰ প্ৰথম স্তৱকত দুটা মিশ্ৰ সংবেদী চিত্ৰকল্প (Synesthesia) ব্যৱহৃত হৈছে–‘সেমেকা পোহৰ’ আৰু ‘আবেলি-আবেলি গোন্ধ’। মিশ্ৰ সংবেদী চিত্ৰকল্পত এটা ইন্দ্ৰিয়ানুভূতিত আন এটা ইন্দ্ৰিয়ানুভূতি মিশ্ৰণ কৰি প্ৰথম ইন্দ্ৰিয়ানুভূতিক অধিক গাঢ় কৰাৰ প্ৰয়াস কৰা হয়। ‘সেমেকা পোহৰ’ চিত্ৰকল্পত দৃশ্যানুভূতিৰ সৈতে (পোহৰ) স্পৰ্শানুভূতিৰ (সেমেকা) মিশ্ৰণ কৰি পোহৰক অধিক ব্যঞ্জনাময় কৰা হৈছে। আনহাতে ‘আবেলি-আবেলি গোন্ধ’ চিত্ৰকল্পত ঘ্ৰাণানুভূতিত (গোন্ধ) দৃশ্যানুভূতি (আবেলি) মিশ্ৰণ কৰি গোন্ধক অধিক ব্যঞ্জনাময় কৰা হৈছে। সামাজিক জীৱনত যুৱতী এগৰাকীৰ বাবে দিনটোৰ আবেলি সময়খিনি বিশেষ গুৰুত্বপূৰ্ণ। যুৱতীগৰাকী সাজি-কাচি আবেলি এখন্তেক পদূলিলৈ ওলাই যোৱা বা লগৰ কোনো বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ যোৱাটো আমাৰ সমাজজীৱনৰ এক চিৰপৰিচিত দৃশ্য। ‘খোপাৰ আবেলি-আবেলি গোন্ধ’ চিত্ৰকল্পটিত তেনে এক দৃশ্যই পাঠকৰ মন ভাহি উঠে। কবিতাটোত এগৰাকী পুৰুষে এগৰাকী নাৰীৰ সৈতে বাৰিষাৰ সেমেকা ৰাতিৰ কিছুমান মুহূৰ্ত পাৰ কৰাৰ কথা কোৱা হৈছে। কবিতাটোৰ প্ৰথম শাৰীতে ব্যৱহাৰ হোৱা ‘তোমাৰ কবি’ বাক্যাংশই সেই পুৰুষজন বক্তা নিজে নহ’বও পাৰে ধৰণৰ ভাব এটা মনলৈ আনে। কিন্তু অষ্টম শাৰীৰ প্ৰথমতেই থকা ‘আমাৰ’ শব্দই সেই ভাব অমূলক বুলি নিশ্চিত কৰে। কবিতাটোৰ পুৰুষজন বক্তা নিজে। কিন্তু তেওঁ এগৰাকী বিশেষ পুৰুষ। তেওঁ এগৰাকী কবি। বক্তাৰ কবি-সত্তাৰ সৈতে অৰুন্ধতীৰ যি সম্পৰ্ক অতীতত স্থাপিত হৈছিল, সেয়া বৰ সৰল নাছিল। তাক বুজাবলৈ বক্তাই কবিতাৰ উপমা ব্যৱহাৰ কৰিছে–

জোনাকে ডাৱৰে মৰমে বিষাদে
নুবুজা কবিতা,
আমাৰ মাজত ভগা সপোনৰ অতনু বাধা

কিছুমান কবিতাৰ অৰ্থোদ্ধাৰ কৰিব নোৱাৰি। অৰ্থ নোলালে কবিতাও বোধগম্য নহয়। তেওঁলোকৰ মাজৰ সম্পৰ্কও কিছুমান কবিতাৰ দৰে বোধৰ অতীত আছিল। একেটা স্তৱকতে থকা ‘আমাৰ মাজত ভগা সপোনৰ অতনু বাধা’ শাৰীটোত ‘অতনু’ শব্দটো গুৰুত্বপূৰ্ণ হৈ উঠিছে। অতনু শব্দই কামদেৱৰ প্ৰসংগও মনলৈ আনে। কিন্তু ইয়াত দেহহীন, শৰীৰহীন অৰ্থতহে শব্দটো ব্যঞ্জিত হৈছে। অৰ্থাৎ দুয়োৰে সপোনবোৰ ভাগি আকাৰহীন হৈ পৰিছে। কবিতাটোৰ তৃতীয় স্তৱকত আমি দুটা চিত্ৰকল্প পাওঁ। এটা হ’ল ‘দুবৰি বনত মুকুতাৰ মণি’ আৰু আনটো ‘চুলিৰ মেঘত লাহী আঙুলিৰ বহুতো জোন’। দ্বিতীয় চিত্ৰকল্পটিত বৰ্ণিত চুলিৰ মেঘত লাহি আঙুলিৰ নখ-চন্দ্ৰৰ ভুমুকৰ ছবিখন অভিনৱ। দুয়োৰে মাজত প্ৰেম আছে, অনুৰাগ আছে। কিন্তু তাক মিলনৰ পৰ্যায়লৈ লৈ যাবলৈ পৰিস্থিতি অনুকুল নাছিল। বন্ধনীৰ ভিতৰৰ ভাববোধক চিহ্নৰে যতি পৰা ‘জোৱাৰৰ বাবে সাগৰ নাছিল’ শাৰীটোৱে তেনে এক ইংগিতেই দিয়ে।

(জোৱাৰৰ বাবে সাগৰ নাছিল!)
বৰফৰ দৰে চেঁচা পৰশতে।
সি যে কি শান্তি!
অৰুন্ধতী!

যদিও বাৰিষাৰ সেমেকা পৰিৱেশে দুয়োৰে শৰীৰ চেঁচা কৰি পেলাইছে, ‘বৰফৰ দৰে চেঁচা  পৰশতে’ শাৰীটোৱে পাঠকৰ মনলৈ মৃত্যুৰ ব্যঞ্জনাও আনে। হয়তো জোনাক/ডাৱৰ, মৰম/বিষাদ আদি বিপৰীত ভাববোৰৰ মাজত জীৱন আৰু মৃত্যুৰো এক ধৰণৰ টনা-আঁজোৰা দুয়োৰে মাজত ক’ৰবাত আছিল।

কবিতাটোৰ শেষৰ স্তৱকত ধুমুহা পখীৰ প্ৰসংগ আহিছে। কিংবদন্তীমূলক ধুমুহা পখীয়ে ধুমুহাৰ আগজাননী দিব পাৰে বুলি লোকপৰম্পৰাত বিশ্বাস। কবিতাটোত সেই ধুমুহা পখীৰে নীড়ৰ কথা কোৱা হৈছে। নীড় হ’ল চৰাইৰ আশ্ৰয় স্থল। অৰুন্ধতীৰ সৈতে হোৱা সেই উজাগৰ ৰাতিৰ অবিস্মৰণীয় অভিজ্ঞতাটোক বক্তাই ধুমুহা পখীৰ নীড়ৰ সৈতে তুলনা কৰিছে। আকাশত এক মুহূৰ্তৰ বাবে দেখা দিয়া ধুমুহা পখীৰ নীড়ৰ দৰেই সেই ৰাতিৰ অভিজ্ঞতা ক্ষণস্থায়ী আৰু শিহৰণকাৰী। সেই বাবেই আজিও বক্তাৰ বাবে সেই ক্ষণটি বিশেষ।

লগতে পঢ়ক : ভবেন বৰুৱাৰ কবিতা : সত্তাৰ ঐক্যৰ অন্বেষণ

হিলেইৰি বেলকৰ কবিতাটোৰ পটভূমিত আছে যুদ্ধ। হোটেল এখনত কটোৱা তিক্ত অভিজ্ঞতাৰ কথা বেলকৰ কবিতাত বৰ্ণিত হৈছে। নৱকান্ত বৰুৱাৰ কবিতাটোত তিক্ত আৰু মধুৰ দুয়োটা অভিজ্ঞতাৰে কথা আছে। ‘খোপাৰ আবেলি-আবেলি গোন্ধ’, ‘দুবৰি বনত মুকুতাৰ মণি’, ‘চুলিৰ মেঘত লাহী আঙুলিৰ বহুতো জোন’ আদি চিত্ৰকল্পই অতীতৰ অভিজ্ঞতাটিৰ মধুৰ দিশটোলৈ ইংগিত দিয়ে। আনহাতে ‘ভগা সপোনৰ অতনু বাধা’, ‘বৰফৰ দৰে চেঁচা পৰশ’, ‘ধুমুহা পাখী’ আদি চিত্ৰকল্পই তিক্ত দিশটোৰ ইংগিত দিয়ে।ৰামধেনুত ওলাওঁতে ব্যৱহাৰ কৰা শিৰোনামটো(‘এটা প্ৰেমৰ পদ্য’)ত উল্লেখ কৰাৰ দৰে কবিতাটো মূলতঃ এটা প্ৰেমৰ পদ্য। কিন্তু ই লগতে স্মৃতিৰো কবিতা। স্মৃতিচাৰণমূলক লেখাবোৰ সাধাৰণতে আত্মজীৱনীমূলক হয়। নৱকান্তৰ কবিতাটোও আত্মজীৱনীমূলক। বিষয়বস্তু পৰিষ্কাৰ হ’লে আত্মজীৱনীমূলক লেখাৰ সৈতে পাঠকে তৎক্ষণাৎ একাত্ম অনুভৱ কৰে। কবিতাটো যদিও প্ৰেমৰ কবিতা কিন্তু ইয়াত একে সময়তে জীৱন আৰু মৃত্যু, পোহৰ আৰু আন্ধাৰো ব্যঞ্জিত হৈছে। হয়তো সেই বাবে কবিতাটোৱে আজিও সৰ্বসাধাৰণ পাঠকক আকৰ্ষণ কৰি আহিছে।

প্ৰকল্প ৰঞ্জন ভাগৱতী এগৰাকী কবি, প্ৰবন্ধকাৰ আৰু অনুবাদক।

3 thoughts on “নৱকান্ত বৰুৱাৰ ‘মনত পৰেনে অৰুন্ধতী?’ –এক পাঠ

  1. বৰ ভাল বিশ্লেষণ ৷ আগেয়ে কৰবাত পঢ়িছিলোঁ— তোমাৰ খোপাত আবেলি আবেলি গোন্ধ চিত্ৰকল্পই হেনো প্ৰেয়সীৰ ক্ৰমে বয়স ভাতী দিয়াৰ কথাটো ইংগিত কৰে ৷ আবেলি আবেলি অৰ্থাৎ জীৱনৰ আবেলি… দুই এডাল ছুলি পকিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *