ৰুদ্ৰ সিংহ মটক
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ? কবিতা মূলতঃ আত্মবোধৰ বীজ-বৰ্ণমালা। চৌপাশৰ পৃথিৱীখনৰ লগতে নিজৰ ভিতৰৰ অচিন জগতখনৰ স’তে মুখামুখি হ’বলৈ শিকায় কবিতাই। মাথোঁ আত্মবোধৰে নহয়, ই প্ৰসাৰিত বিশ্ববোধৰো বীজ-বৰ্ণমালা। সাহিত্যৰ আনবোৰ সংৰূপৰ দৰে কবিতাৰ স’তেও মোৰ সম্পৰ্ক আত্মিক বুলি ক'বলৈ ভাল পাম। আধুনিক জটিল জীৱন-প্ৰৱাহ আৰু আধুনিক শিক্ষাৰ বিশাল পৰিধিয়ে শিল্প-কলা-সাহিত্যৰ প্ৰতিটো শাখাকে সামৰি লোৱা পৰিলক্ষিত হয়। কাব্যৰ দৰেই শিক্ষাৰ লক্ষ্যও এজন ব্যক্তিৰ আত্মিক সত্তাৰ, সুপ্ত প্ৰতিভাৰ সৰ্বতোমুখী বিকাশ। আত্মিক বুলি কওঁতে বৌদ্ধিক প্ৰজ্ঞা আৰু জীৱনসত্যৰ উপলব্ধিৰে ভিতৰি ভিতৰি জাগ্ৰত, প্ৰবুদ্ধ, সংস্কৃতিবান (cultured) আৰু সমাজদৰ্শী এক পৰিপূৰ্ণ মানৱিক সত্তাৰ কথাকে ক'ব খুজিছোঁ। তেওঁ প্ৰখৰ মেধা, কল্পনাশক্তি আৰু অন্তৰ্দৃষ্টিসম্পন্ন এজন কবিও হ'ব পাৰে অথবা উচ্চ মানৰ কবিতাৰ চমজদাৰ পাঠকো হ'ব পাৰে। কিন্তু আজিৰ ভোগবাদী বিশ্বত কবি এজন বাস্তৱিকতেই তেনে এক মহৎ মানৱীয় সত্তাৰ অধিকাৰী হোৱাটো সম্ভৱ জানো? হয়তো সম্ভৱ হ'বও পাৰে। এইখিনিতে ৱৰ্ডছৱৰ্থে আগবঢ়োৱা কবিৰ সংজ্ঞাৰ একাংশ উদ্ধৃত কৰিছোঁ—"He is a man speaking to men; a man, it is true, endowed with more lively sensibility, more enthusiasm and tenderness, who has greater knowledge of human nature, and a more comprehensive soul, than are supposed to be common among mankind." (লীৰিকেল বেলাডছ, ২য় স্ংস্কৰণ) মহাকবি শ্বেইক্সপীয়েৰৰ নাটকত হেমলেটৰ এটি উক্তিত চিৰ সুন্দৰ, চিৰ বিকশিত সেই মানৱায়তন প্ৰতিফলিত হৈছে এনেদৰে— "What a piece of work is man! How noble in reason! How infinite in faculties! In form and moving, how express and admirable! In action how like an angel! In apprehension, how like a god! the beauty of the world! The paragon of animals!" জীৱনৰ পূৰ্ণতাৰ সাগৰতীৰত থিয় দি তেৱেঁ গুৰু—আমাৰ দৃষ্টি, স্বপ্ন আৰু সৃষ্টিৰ ভিতৰে-বাহিৰে; বাৰে বাৰে সকীয়ায় আমাক— "সত্য যি সুন্দৰ যাৰ অনন্ত যৌৱন/ তাৰেই বুকুত মই পাতিম কানন।" এক বৌদ্ধিক ৰেনেছাঁৰ বাস্তৱ প্ৰয়োজনত বিদ্যায়তনিক শিক্ষাৰ যিদৰে প্ৰয়োজন, সেইদৰে কবিতাৰ দৰে বিশ্বজনীন সংস্কৃতিৰ চৰ্চা-অনুশীলনো সমানেই অপৰিহাৰ্য। অৱশ্যে ইয়ো এক মন কৰিবলগীয়া সত্য যে সমাজত গঢ়ি উঠা কাব্যপ্ৰেমীৰ বৌদ্ধিক, সাংস্কৃতিক পৰিমণ্ডল এটাইহে ন ন কবিপ্ৰতিভাৰ জন্ম দিব পাৰে। আৰু এটা কথা এইখিনিতে কৈ থোৱাটো ভাল হ'ব। কবিতাৰ চৰ্চা একে সময়তে আমাৰ ভাষাটোৰো চৰ্চা। সেয়ে কবিতা অনুৰাগী পাঠক আৰু নিষ্ঠাবান অনুশীলনকাৰীৰ সংখ্যা যিমানেই বাঢ়ে সেয়া ভাষা-জননীৰ লগতে জাতিটোৰ বাবেও মঙ্গল। বোধহয় এই একেটা কাৰণতে মই বাৰে বাৰে হৃদয়ৰ ভাষা কবিতাৰ প্ৰেমত পৰোঁ। কবিৰ দৰেই নিয়ত সন্ধান কৰোঁ "এ ব্ৰেভ্ নিউ ৱৰ্ল্ড"—এখন মুক্ত মানুহৰ পৃথিৱী । আপুনি কবিতা কিয় পঢ়ে? সাহিত্য, সংগীত, নাটক, কবিতা—এনেবোৰ সুকুমাৰ কলাৰ অধ্যয়নে পাঠকচিত্তৰ মনোৰঞ্জনৰ লগতে বৌদ্ধিক মানসিক উৎকৰ্ষ সাধন কৰে। দাৰ্শনিক ফ্ৰেন্সিচ বেকনেও কৈছে—"Studies serve for delight, for ornament and for ability…" দীপ্ত জীৱন-জিজ্ঞাসা, প্ৰখৰ সমাজ-চেতনা আৰু প্ৰসাৰিত বিশ্ববোধেৰে মহিমান্বিত হোৱাটোৱেই সভ্য আৰু সংস্কৃতিপৰায়ণ লোক এজনৰ জীৱনৰ মূল ব্ৰত। হৃদয়বৃত্তিৰ পৰিৱৰ্তন, পৰিৱৰ্ধন, যুক্তিবোধ (rationality) আৰু মানৱিক চৈতন্যৰ পৰিপুষ্টিৰ বাবেই মই প্ৰায় নিয়মীয়াকৈয়ে গল্প, কবিতা পঢ়োঁ। গ্যেটেৰ দৰে মোৰো ক'বৰ মন যায়— "Green is the eternal tree of life." নপঢ়িলে মোৰ ভিতৰৰ সেউজীয়া গছজুপি যেন ক্ৰমশঃ শুকাই য়ায়। সেই গছজুপিৰ শিপাবোৰ সেউজীয়া কৰি ৰখাৰ আত্মিক তাগিদতে দুশাৰী পঢ়োঁ, দুশাৰী লিখোঁ। কবিতা নপঢ়াকৈ যিদৰে থাকিব নোৱাৰোঁ নিলিখাকৈ থকাও যেন অসম্ভৱ। পঢ়া-লিখাটো মোৰ বাবে যেন শ্বাস-প্ৰশ্বাসৰ দৰেই অপৰিহাৰ্য। আৰু এটা কথা। এই মৰতত জীৱন বিপদসংকুল এক অনিশ্চিত যাত্ৰা। দুখ-শোক-হুমুনিয়াহ আদি জীৱন-মৰুভূমিৰ হেজাৰ ধুমুহা জয় কৰিবলৈকো কবিতা অন্তৰৰ শকতি হ’ব পাৰে। এন্ধাৰ বাটৰ এগছি চাকি হ'ব পাৰে। বাস্তৱিকতে সুন্দৰ এক সাংস্কৃতিক শক্তি এই কবিতা। আমাৰ দৃষ্টিত ধ্ৰুপদী বিশ্বসাহিত্যৰ লগতে জীৱনঘনিষ্ঠ মহৎ মূল্যবোধ আৰু বিশ্বজনীনতাৰে বিধৃত সাৰস্বত কাব্যশিল্পৰ চৰ্চা-অনুশীলন-গৱেষণা এটা চহকী জাতিৰ উন্নত শিক্ষাব্যৱস্থাৰ অবিচ্ছেদ্য অংগ হোৱা উচিত। কিয়নো যি লোক এজন প্ৰকৃত দেশপ্ৰেমিক, তেওঁ একেসময়তে বিশ্ববীক্ষাৰে মহীয়ান এগৰাকী যথাৰ্থ বিশ্ব নাগৰিক। লগতে কওঁ মানৱ জাতিক, মানুহৰ জটিল, ৰহস্যময় বিচিত্ৰ হৃদয়বৃত্তিৰ সম্যক জ্ঞান লাভৰ বাবেও আমি কবিতা নামৰ বোধিদ্ৰূমজোপাৰ কাষ চাপিব লাগিব। আৰু খুব সচেতনভাৱেই উৰ্বৰ হৃদয়ৰ চিৰহৰিৎ শস্যৰাজীৰ স'তে, আত্মাৰ গহনৰ আৱেগিক, আনুভৃতিক জোনাক-জোৱাৰৰ জগতখনৰ স'তেও অন্তৰৰ সংযোগ স্থাপন কৰিব লাগিব। ইয়ো হয়তো আমাৰ সময়, সমাজ, সংস্কৃতি আৰু সভ্যতাৰ আত্মাৰে চিৰন্তন দাবী। নোবেল বিজয়ী কবি উইছলাৱা ছিমবৰ্স্কাৰ কবিতাৰ দুটা পংক্তি এইখিনিতে প্ৰণিধানযোগ্য—"At the cost of untold losses—a poem, a sigh./I reply with a whisper to a thunderous calling." কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে? কবিতা পৰমাণুসূক্ষ্ম বিপুল জীৱনানুভৱ। ই হৃদয়স্তনিত স্মৃতি, কল্পনা বা মৰ্মৰিত অভিজ্ঞতাৰ নিৰ্লোভ শব্দচিত্ৰ। সহজ আনন্দ বা ক্ষণিকৰ তৃপ্তিয়েই মোৰ কাব্যপাঠৰ একমাত্ৰ উদ্দেশ্য হ'ব নোৱাৰে। আনে সততে নপঢ়া কবিতা মই পঢ়োঁ। আনে নোযোৱা বাটেৰে মই আগবাঢ়িব খোজোঁ। ‘The Road Not Taken’ৰ কবি ৰবাৰ্ট ফ্ৰষ্টৰ দৰে-- সহজ নহয়, কোনো কঠিন, বিপদসংকুল যাত্ৰাৰ প্ৰতিটো মুহূৰ্তৰ কৌতুহল আৰু বিৰল আনন্দহে মোৰ আত্মিক অভীপ্সা। "Two roads diverged in a wood, and I /I took the one less traveled by,/ And that has made all the difference." মোৰ জীৱনচেতনাক স্পৰ্শ কৰা, হৃদয়ৰ মৰ্মমূল জোঁকাৰি যোৱা বিষাদঘন কবিতাবোৰ বাৰে বাৰে পঢ়োঁ। এনে কবিতাৰ স্ৰষ্টা শ্বেলীয়ে লিখিছে— "Our sweetest songs are those that tell us of saddest thoughts." জীৱন সম্পৰ্কে ডাঙৰ সত্যটো হ'ল যাপন কৰিব জানিলে বিষাদ বা শূন্যতাও হ'ব পাৰে সুন্দৰৰ বুকুৰ ফুলাৰ মন্ত্ৰ—নতুন সৃষ্টিৰ আবাহনী। মনত পৰে নৈৰাশ্যৰ ক'লা মেঘৰ বিষয়ে কবিগুৰুৱে যে কৈছিল— "Clouds come floating into my life, no longer to carry rain or usher storm, but to add color to my sunset sky." চিলিৰ কবি নেৰুডাৰ প্ৰেমৰ কবিতাবোৰ নপঢ়াকৈ কেনেকৈ থাকোঁ? সেইবোৰ যেন বসন্তৰ তৰা-কুঁহি; তেজ আৰু জোনাক নিগৰা মোৰ কলমৰে কবিতা। সদায়েই নতুন, সদায়েই আপোন। হ'লেও কওঁ মোক দীপ্ত, গভীৰ, চিৰনতুন এক আধুনিক ভিছন প্ৰদান কৰিব পৰা সকলো ধৰণৰ কবিতাই মোৰ প্ৰিয়। আনহাতে সততে ছিৰিয়াছ— sublime প্ৰকৃতিৰ কবিতাবোৰ মোৰ সত্তাৰ যেন বহু ওচৰৰ। সেয়ে নৱকান্ত পঢ়োঁ; অৱশ্যে তেওঁৰ ‘ৰত্নাকৰ’ বা ‘সম্ৰাট’ কবিতাতকৈ ‘ৰাৱণ’ মোৰ অধিক প্ৰিয়। নকৈ নোৱাৰোঁ তৃপ্তি নহ'লেও কিবা এক সংশয়বোধ আৰু অতৃপ্তিৰ শিহৰণেৰে মানসমণ্ডল জাগ্ৰত কৰা শইকীয়া ছাৰৰ মিত-ভাষবোৰ পঢ়াৰ সময়ত মই মাথোঁ বিস্ময়াভিভূত হওঁ আৰু বোবাৰ দৰে বিৰবিৰাওঁ : কি আশ্চৰ্য সুন্দৰ এই নিৰ্লোভ শব্দশিল্প! "ৰজাৰ দৌল ভাঙিব পায় নে নাপায় নাজানো/মোৰ হ'লে দেওলগা হাত।" বুকুৱে বুকুৱে জুই মেলি দিব পৰা এনে এফাকি বাৰুদভৰা কবিতা সম্ভৱতঃ বিশ্বসাহিত্যতে পাবলৈ নাই। খলিল জিব্ৰানৰ প্ৰফেট বাৰে বাৰে পঢ়িলেও দেখোঁ হেঁপাহ নপলায়। আৰু কেতিয়াবা শিতানত থৈ বাৰে বাৰে গুণগুণাওঁ হৃদয়ৰ নক্ষত্ৰমণ্ডলী আন্দোলিত কৰিব পৰা নাজিম হিকমতৰ দৰে বিদ্ৰোহী কবিৰ দেশাত্মবোধৰ কবিতা—যাৰ প্ৰতিটো শাৰীতে খোদিত যুদ্ধমগ্ন সৈনিকৰ আত্মবলিদানৰ মহত্ত্বম আকাংক্ষা– মইতো মৰিব বিচৰা নাই, ভাই যদি মোক হত্যা কৰা হয়—মই জানো মই তোমালোকৰ মাজতেই জীয়াই থাকিম, জীয়াই থাকিম আৰাঁগৰ কবিতাত—যিটো শাৰীত তেওঁ সুন্দৰ দিনৰ কথা কৈছে— মই জীয়াই থাকিম পিকাছোৰ বগা কপৌত— ৰবছনৰ গানত—সকলো মহত্ত্বম জীৱন ভাৱনাৰ মাজত মই জীয়াই থাকিম। কবিতা হ'ব পাৰে কুশল বাৰ্তা, জীৱন জগোৱা গান। মুহূৰ্তৰ উত্তেজনা মুগ্ধ অভিসাৰৰ বিপৰীতে হৃদয়ৰ মৰ্মমূল কঁপাব পৰা, জীয়া আৱেগ সঞ্চাৰ কৰিব পৰা বৌদ্ধিক আলোড়ন যেন মোৰ কাব্যপাঠৰ অন্যতম উদ্দেশ্য। আৰু কি আচৰিত! কেতিয়াবা এনে পবিত্ৰতম মুহূৰ্তত ময়ো হয়তো ক'ব নোৱাৰাকৈয়ে ভিতৰি ভিতৰি কবি হৈ উঠোঁ, আৰু মোৰ কলমৰ ৰক্তোজ্জ্বল জৰায়ুত গৰ্ভস্থ হয় এটি বা দুটি ধান-সোণালী কবিতাৰ স্তৱক। ইয়ো হয়তো মোৰ ব্যাকুল প্ৰাণৰ সৃষ্টিৰ সাধনা, মোৰ ভালপোৱাৰ প্ৰাৰ্থনাৰ পৰম প্ৰাপ্তি । সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি? সাম্প্ৰতিক অসমীয়া কবিতা বুলিলে আমি সত্তৰ, আশী আৰু নব্বৈ দশকৰ আধুনিক অসমীয়া কবিতাৰ চহকী ঐতিহ্যৰ কথাকে ক'ব লাগিব। ইয়াৰ পিছৰ দশক দুটাৰ সৃষ্টিৰাজী আমি অতিসাম্প্ৰতিক কবিতাৰ শাৰীত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন, হৰেকৃষ্ণ ডেকা, সনন্ত তাঁতি, জ্ঞান পূজাৰী, ৰবীন্দ্ৰ বৰা, শংকৰ শইকীয়া আদি অগ্ৰজসকলে সাম্প্ৰতিক কবিতাৰ ধাৰাটোক নতুন ৰং-ৰূপ, তেজ-বীৰ্যৰে এক গতিশীলতা দান কৰিছে। তেওঁলোকে ভালকৈয়ে বুজি পায় আধুনিক কবিতা আলাসতে লিখা নাযায়। ই কৰ্ষণৰ শইচ। জুই আৰু জোনাকৰ, হৃদয় আৰু মগজুৰ ৰসায়ন। একে বহাতে, একে উশাহতে লিখা কবিতা এটাৰ ফৰ্ম, বা ভাবমণ্ডলত আধুনিক কবিতাৰ শৈলী কিম্বা শিল্পগুণ বিচৰাজন বহু সময়ত হতাশ হোৱাটোৱেই হয়তো স্বাভাৱিক। কেৱল আৱেগৰ আধাৰত লিখা কবিতা এটাৰ আবেদন নিমিষতে জ্বলি নুমাই যোৱা ধানখেৰৰ জুইৰ দৰেই ক্ষণিক, অস্থায়ী। মোৰ বিশ্বাস কবিৰ নিজা প্ৰজ্ঞা, ভাষাৰ কালিকা, ইতিহাসবীক্ষা আৰু সাধনাৰেহে সম্ভৱ সাৰস্বত প্ৰমূল্যৰে বিধৃত বিশ্বজনীন সৃষ্টি। জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনে আজন্ম সাধনাৰে, বাছকবনীয়া সাৰস্বত সৃষ্টিৰে সাম্প্ৰতিক অসমীয়া কবিতাক পৰমায়ু দান কৰিলে। হীৰেন ভট্টাচাৰ্যৰ কলমৰ সুগন্ধি পখিলা আজি অসমীয়াৰ ঘৰে ঘৰে। প্ৰেম-ভালপোৱা, মানৱতাবোধৰ লগতে ৰাজনৈতিক চেতনাৰ আধাৰত ৰচিত তেওঁৰ এমুঠিমান কবিতা গণচিন্তা আৰু গণ আন্দোলনৰো শক্তি হ'ব পাৰে–"বেশ্যান্তৰিত শাসক স্বভাৱদোষত স্ফীতোদৰ বণিকৰ ক্ৰীতদাস/ সন্ন্যাসে শোভা কৰে জানো কবিক/কলম যাৰ জাগৰ তৰোৱাল?" সনন্ত তাঁতিয়ে নতুন পৰীক্ষা-নিৰীক্ষাৰে, সমাজবাদী চহকী শিল্পবীক্ষাৰে সংগ্ৰামী চেতনাক স্পন্দনশীল এক নান্দনিক মাত্ৰা প্ৰদান কৰিলে। নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্য, জ্ঞান পূজাৰী, সনন্ত তাঁতি, সমীৰ তাঁতীৰ দৰে অগ্ৰজসকল অতিসাম্প্ৰতিক কবিকুলৰ বাবে সংগ্ৰাম আৰু ৰূপান্তৰৰ আৰ্হিস্বৰূপ হ'ব পাৰে। অৱশ্যে আমি পাহৰিলে নহ'ব সাৰ্থক সৃষ্টিৰ বাবে কোনো চমু বাট নাই। আমাক লাগিব কবিতাৰ মহত্ত্ব, সাৰৱত্তা আৰু ঐতিহ্যৰ প্ৰতি গভীৰ ভালপোৱাৰ লগতে অনলস অধ্যয়ন, অনুশীলন আৰু ঐকান্তিক সাধনা। কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান? কবি মূলতঃ স্ব-শিক্ষিত—"emotionally educated." ডেভিড হাৰ্বাৰ্ট ল'ৰেন্সে সমাজমানৱ হিচাপে কবিৰ চহকী বোধ আৰু ব্যক্তিত্ব সন্দৰ্ভত এনেকৈ মন্তব্য কৰিছে—"And a man who is emotionally educated is rare as a phoenix." স্বাভাৱিকতে ই স্ব-শিক্ষিত, গভীৰ দূৰদৃষ্টিসম্পন্ন কবিসকলৰ প্ৰতি আমাৰ দৰে নিতান্তই সাধাৰণজনৰ বিশেষ কিবা আহ্বান থাকিব পাৰে বুলি ভাবিবলৈ টান পাইছোঁ। সকলো গতি অগ্ৰগতি বা প্ৰগতি নহয়। মানুহৰ সমাজ, সংস্কৃতি আৰু সভ্যতা আজি এশ এবুৰি সংকটৰ আৱৰ্তত। এনে সময়ত আমি কবিসকলে আমাৰ সৃষ্টিৰ মাজেৰে চিৰন্তন মানৱীয় প্ৰমূল্যৰাজী তুলি ধৰিব লাগিব। তাকে কৰিবলৈ হ'লে আমাৰ জীৱনদৃষ্টি সূক্ষ্ম, গতিশীল আৰু প্ৰসাৰিত হ'ব লাগিব। আমাৰ শিল্পদৃষ্টি সমাজবাস্তৱ আৰু ইতিহাসবীক্ষাৰে সম্পৃক্ত আৰু উদ্ভাসিত হ'ব লাগিব। বিপ্লৱী কবি জ্যোতিপ্ৰসাদ আগৰৱালাই অন্তৰ্সংস্কৃতিৰে আলোকিত এক মহাসাত্ত্বিক সভ্যতাৰ কথা কৈছিল। সমতা আৰু সামাজিক ন্যায়ৰ আধাৰত প্ৰতিষ্ঠিত এখন শিল্পীৰ পৃথিৱীৰ সপোন দেখিছিল তেওঁ। আমি কবিসকলে কবিৰ মুক্ত এখন পৃথিৱীৰ সপোন দেখিব পাৰোঁ, যিখন পৃথিৱীত মানুহ আৰু মানুহৰ মাজত জাতি, গোষ্ঠী, ভাষা, ধৰ্মগত সংকীৰ্ণতা কিম্বা ভেদভাব নাথাকিব। ৰবীন্দ্ৰনাথৰ দৰে আমিও সেই সুন্দৰ সপোন দেখিবলৈ শিকিব লাগিব। হিংসা, কপটতা, অসহিষ্ণুতা আৰু বৰ্বৰতাক আমি প্ৰশ্ৰয় দিব নালাগিব। উগ্ৰ জাতীয়তা, সাম্ৰাজ্যবাদ বা ভৌগোলিক সীমাই বিশ্বসভ্যতাক সংকীৰ্ণ অথবা খণ্ডিত কৰিব নোৱাৰিব—"where the world is not broken into fragments /By walls of narrow nationality." (‘Where the Mind is without Fear’) কবি হ'ব লাগিব জীৱনৰ নৱ বুদ্ধ, সততে বিনয়ী, উদাৰ, স্বাধীনমনা, দুঃসাহসী, চিৰ অশান্ত প্ৰমিথিয়েছ। কিন্তু সমাজ বিবেক হিচাপে আজিৰ কবিৰ সন্মুখত আছে অলেখ বাধা, অলেখ প্ৰত্যাহ্বান। আমি সকলোৱেই অৱগত যে আজি মুক্ত চিন্তা মুক্ত কণ্ঠৰ অবদমনেই হৈ পৰিছে অঘোষিত ৰাষ্ট্ৰনীতি। শৈক্ষিক, সামাজিক জীৱন অপবিজ্ঞান আৰু ছদ্মবেশী বিজ্ঞানৰে ভৰি পৰিছে। এনে এক জটিল পৰিৱেশত আমাৰ কবিতায়ো হয়তো দাবী কৰিব পৰিবৰ্তিত বাস্তৱতাৰ লগতে নতুন এক গতিশীল ছন্দৰীতি আৰু আপোচহীন এক বৈপ্লৱিক শিল্পবীক্ষা। বাছকবনীয়া কবিতাৰ ছিৰিয়াছ পাঠক গল্প বা উপন্যাসৰ পাঠকতকৈ তুলনামূলকভাৱে বহু কম। বিদ্যায়তনিক শিক্ষাৰপৰা আজিও বঞ্চিত একেবাৰে অশিক্ষিত, অৰ্ধশিক্ষিতসকলৰ কথা নক'লোৱেইবা। তেনে স্থলত সাহিত্য হিচাপে আধুনিক কবিতাৰ বোধগম্যতা, গ্ৰহণযোগ্যতা আৰু দীক্ষিত পাঠক সমাজৰ পৰিসৰ বৃদ্ধিৰ প্ৰশ্নটোৰো আমি মুখামুখি হ'ব লাগিব। আত্মসমালোচনাও লাগিব আমাক। এইটোও ঠিক এনেবোৰ সমস্যা সমাজ বিৱৰ্তনৰ সকলো স্তৰতে কম-বেছি পৰিমাণে থাকিবই। সেয়ে আমি কবিসকলে কবিতাৰ শক্তি আৰু সম্ভাৱনাৰ ওপৰত আস্থা ৰাখি আগবাঢ়িব লাগিব। মানুহৰ শুভবোধ আৰু নতুন দিনৰ পৰিৱৰ্তন অভীপ্সাৰ ওপৰত বিশ্বাস হেৰুৱালে হাতৰ কুঠাৰ ভৰিত মৰাহে হ'ব। বিপ্লৱৰ পথ ৰাজকীয় পথ নহয়। সেন্দূৰীয়া আলিয়েদি বিপ্লৱ নাহে; হেজাৰ সংঘাত, শিলাবৃষ্টি, উল্কাপাত, অগ্নিবৃষ্টি, ৰক্তপাতৰ মাজেৰেহে আহে। মাৰ্ক্সবাদী দৰ্শনৰ কথা নকওঁৱেই, মহাভাৰতৰ দৰে চিৰায়ত মহাকাব্যয়ো সহিংস বিপ্লৱকে সমাজ, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ একমাত্ৰ পথ হিচাপে চিহ্নিত কৰা পৰিলক্ষিত হৈছে। একবিংশ শতিকাৰ আধুনিক সভ্যতাৰ বাবে এয়া নিশ্চয় এক উদ্বেগৰ বিষয়। আমি কবিসকল হ'ব লাগিব সহিংস বিপ্লৱৰ পৰিৱৰ্তে সংস্কৃতি বিপ্লৱৰ জাগ্ৰত পুৰোহিত, সমাজ-সভ্যতাৰ নতুন যীশু। আমি পাহৰিলে নহ'ব কবিতা কেৱল আমাৰ দৰে ক্ষণে ৰুষ্ট ক্ষণে তুষ্ট খেয়ালি মনৰ বা অভিমানী এমুঠিমান কবিৰ নহয়, পোহৰপিয়াসী সমগ্ৰ মানৱ জাতিৰ মাতৃভাষা; মৃতবৎস্য সভ্যতাৰ স্তনামৃত।
ৰুদ্ৰ সিংহ মটক এগৰাকী জ্যেষ্ঠ কবি আৰু লেখক৷ গুৱাহাটীৰ আজাৰা-নিবাসী মটকৰ এতিয়ালৈকে সাতখন কবিতা-সংকলন প্ৰকাশ পাইেছ৷ নক্ষত্ৰৰ শোভাযাত্ৰা (২੦২৩) তেওঁৰ শেহতীয়া কবিতা-সংকলন৷