পাঠক এজন কবিগৰাকীৰ দৰে শব্দ-চহকী নহ’বও পাৰে

ৰেজাউল কৰিম

ৰেজাউল কৰিম
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্ক কেনেকুৱা?
মোৰ শিক্ষাৰ ক্ষেত্ৰখন আছিল পশু চিকিৎসা আৰু পশুপালন। সাহিত্যৰ ক্ষেত্ৰতকৈ অলপ বেলেগ। গতিকে কলেজত পঢ়ি থকা সময়ত কবিতা-চৰ্চা বৰকৈ হোৱা নাছিল। কিন্তু সাহিত্যৰ প্ৰতি দুৰ্বলতা আছিল কাৰণে সময়ৰ ফাঁকে-ফাঁকে সাহিত্য-চৰ্চা কৰিছিলোঁ।  সঁচা ক’বলৈ গ'লে তেতিয়া কবিতা-চৰ্চা কৰা নাছিলোঁ। কবিতাক দুৰ্বোধ্য যেন লাগিছিল। পৰৱৰ্তী সময়ত হীৰেন ভট্টাচাৰ্যৰ কবিতাই আকৰ্ষণ কৰিছিল। তেওঁৰ কবিতাবোৰ পঢ়িলে মন ভৰি গৈছিল। আজিও সেই আকৰ্ষণতে কবিতা পঢ়োঁ। 

কবিতাৰ সৈতে সম্পৰ্কৰ কথা ক'লে খুব সহজতে সঠিক উত্তৰ নিজেই দিব নোৱাৰোঁ। কাৰণ মই দেশী-বিদেশী বিখ্যাত কবিসকলৰ কবিতা বৰ বেছি পঢ়া নাই। কিন্তু যি সকল কবিৰ কবিতা পঢ়ি  ভাল পাইছোঁ সেই দিশৰ পৰা ক'বলৈ গ'লে কবিতাৰ সৈতে মোৰ সম্পৰ্ক নতুন সঙ্গীৰ দৰে। এই আকৰ্ষণতে নিজেও কবিতা লিখিবলৈ চেষ্টা কৰিছোঁ। কবিতাৰ মাজেৰে মই সমতাৰ কথা ক'ব বিচাৰোঁ। মানুহৰ হৃদয়ৰ কথা ক'ব বিচাৰোঁ।কবিতাই মোৰ মনৰ খোৰাক দিয়ে।


আপুনি কবিতা কিয় পঢ়ে ?
অনেক কবিতাই মনৰ ক্ষুধা নিবাৰণ কৰে। গতিকে সেই ভোক নিবাৰণ কৰা কবিতা বিচাৰি ফুৰোঁ। সাহিত্য-চৰ্চাত কবিতা পঢ়া বা লিখাটো মোৰ প্ৰাথমিক ক্ষেত্ৰ নহয়। মোৰ সীমিত অধ্যয়নেৰে মই ভাল পোৱা কবি সকলৰ কবিতা পঢ়ি তেওঁলোকৰ চিন্তা শক্তিৰ গভীৰতা উপলব্ধি কৰোঁ আৰু মানসিক ভাবে  তেওঁলোকৰ ওচৰ চাপি যাওঁ। অৱশ্যে মই নতুন কবি সকলৰ কবিতাও মাজে-মাজে পঢ়োঁ। মনৰ খোৰাক পালে আকৰ্ষণ অনুভৱ কৰোঁ। এটা কথা ঠিক যে কেৱল সময় পাৰ কৰিবলৈ মই কবিতা নপঢ়োঁ। 


কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
বিষয়বস্তু হিচাপে চাব গ'লে মই সাধাৰণ মানুহৰ জীৱন যাত্ৰা, সমসাময়িক পৰিস্থিতি আৰু অন্যায়ৰ বিৰুদ্ধে তথা সমতাৰ কথা কোৱা প্ৰতিবাদ ধৰ্মী কবিতা ভাল পাওঁ। আনহাতে প্ৰকাশভংগীৰ দিশৰ পৰা চাব গ'লে মই শুৱলা শব্দৰ সুনিপুণ গাঁথনিৰ কবিতা পঢ়ি তৃপ্তি পাওঁ। টান শব্দৰ মধুৰ গাঁথনি থাকিলেও তেনে কবিতা বেছি ভাল নাপাওঁ। মোৰ বোধেৰে পাঠকে সহজে বুজি পোৱা কবিতাই কবিৰ সৈতে একাত্ম কৰে আৰু কবিতাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰে। পাঠক এজন কবিগৰাকীৰ দৰে শব্দ-চহকী নহ’বও পাৰে। গতিকে তেওঁ নিৰাশ হ'ব পাৰে। 


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
কবিতা-চৰ্চাৰ ক্ষেত্ৰত মই নবীন। আনকি অনেক প্ৰতিষ্ঠিত কবিৰ ভাল কবিতা কিছুমানো মই পঢ়া নাই। তথাপি এনে লাগে যে সামাজিক মাধ্যমত কবিতা-চৰ্চা হোৱা কাৰণে অনেক প্ৰতিভাসম্পন্ন কবিয়ে আত্মপ্ৰকাশ কৰিবলৈ সুবিধা পাইছে। কিন্তু প্ৰতিষ্ঠিত কবিসকলৰ কবিতা পঢ়িবলৈ গ্ৰন্থ অধ্যয়ন কৰিব লাগিব। নতুন কবি যিমান ওলাইছে সেই অনুপাতে ভাল কবিতা খুব বেছি সৃষ্টি হোৱা নাই যেন লাগে। নীলমণি ফুকন ছাৰে জ্ঞানপীঠ বটা পোৱাৰ পাছত অসমৰ কবিতাই ভাৰতত বিশেষ মাত্ৰা পাইছে। মোৰ দৃষ্টিত নীলমণি ফুকন ছাৰৰ কবিতাবোৰ টান। তেওঁৰ কবিতাৰ প্ৰতিটো শাৰীত কেতিয়াবা একোটা ঘটনা বা কাহিনী সোমাই থাকে। প্ৰতিষ্ঠিত কবি সকলৰ বাহিৰে নতুন চামৰ মাজত সাগৰতলিৰ শংখ বিচৰা ধৰণৰ খুব গভীৰ চিন্তাৰ কবিতা প্ৰকাশ পোৱা দেখা নাই।  হয়তো মোৰহে দৃষ্টি গোচৰ হোৱা নাই। 

অসমৰ সাম্প্ৰতিক পৰিৱেশ খুব উৎসাহজনক নহয়। জাতি-মাটিৰ বাবে এইটো সংকটকাল বুলি ভাবোঁ। কবিতা যিহেতু জনমত সৃষ্টি কৰিব পৰা শক্তিশালী মাধ্যম তেনেক্ষেত্ৰত সাম্প্ৰতিক কালৰ অসমীয়া কবিতা কিছু নিস্তেজ যেন লাগে। এটা উদাহৰণ দিব খুজিছোঁ। বিদ্ৰোহী কবি কাজী নজৰুল ইছলাম ভাৰত উপমহাদেশৰ এজন শক্তিশালী সাম্যবাদী আদৰ্শৰ কবি। তেওঁৰ ‘বিদ্ৰোহী’ কবিতা পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছে। সেই কবিতাটোৰ শতবৰ্ষ যোৱা বছৰ হৈ গ'ল। গোটেই পৃথিৱীৰ বাঙালী মানুহে বিভিন্ন দেশত ধুমধামেৰে ‘বিদ্ৰোহী’ কবিতাৰ শতবৰ্ষ উদযাপন কৰিছে। ‘বিদ্ৰোহী’ কবিতাটোক কেন্দ্ৰ কৰি পশ্চিম বংগত দুখন গ্ৰন্থ প্ৰকাশ হৈছে বুলি জানো।বিদ্ৰোহী কবি কাজী নজৰুল ইছলামক বাংলাদেশে জাতীয় কবিৰ মৰ্যাদা দি বাংলাদেশলৈ লৈ গৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা নজৰুল ইছলামৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এতিয়া কথা হৈছে আমাৰ চুবুৰীয়া ৰাজ্যত সেই নজৰুলৰ কবিতাৰ শতবৰ্ষ উদযাপন কৰা হ'ল। নজৰুলৰ কবিতা এতিয়াও প্ৰতিবাদৰ ভাষা হৈ আছে। অসমত এনে ঘটনা ঘটা নাই।  অথচ অসমতো অগ্নি কবি আছে। গতিকে অসমত কবিতাৰ প্ৰাণটো কেনে অৱস্থাত আছে অনুভৱ কৰিব পাৰি।


কবি সকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
মোৰ আহ্বান এটাই। জাতিৰ সংকট কালত আপোনালোক নিৰ্বাক জনতাৰ শক্তিশালী কণ্ঠ হওক। সামগ্ৰীকভাৱে আপোনালোকে সাধাৰণ মানুহক প্ৰতিনিধিত্ব কৰক। কবিতা অমৰ হৈ ৰ'ব।

Rezaul Karim, retired as Special Officer, Planning (Deputy Director), Animal Husbandry and Veterinary Department, Assam, is a columnist and writer of Assam. He has several books in Assamese to his credit.

Leave a Reply

Your email address will not be published. Required fields are marked *