সোঁৱৰণ
কোঠালিটোত থূপ খাই আছিল
অনেক মাত, অনেক কথা আৰু ভৰি আছিল
হাঁহিৰ মায়াময় স্নিগ্ধতাৰে…
কোঠালিটো উপচি আছিল
এবাহ মৌমাখিৰ গুণগুণনিৰে…
প্ৰাৰ্থনাৰ প্ৰাচীন গাথাত ফুলিছিল এপাহ দুপাহ
লহপহীয়া সপোনৰ পাহি…
আকাশৰ পৰা সৰি পৰিছিল মেঘ
তিয়াইছিল লালকাল মুখ
জাপ খাই অহা চকুৰ পতাত
ডেও দি নাচিছিল জোন…
গধূলিটো ওঁঠত লৈ
হাঁহিটো নিজান হ’ল
আৰু
নকৈ পাখি গজা এটা চৰাই হৈ
উৰি গ’ল…
নতুন বছৰত
পকাপাত এখিলা সৰি পৰাৰ দৰে
সৰি পৰিলে কেলেণ্ডাৰৰ এখিলা পাত
বুকুত লৈ সোঁৱৰণিৰ কজলা বিষাদ
বেলিটোৱে দেখুৱাই যোৱা বাটেৰে আমি গৈ আছোঁ
ফুলবোৰৰ গোন্ধেৰে এৰি অহা বাটটো
গোন্ধাই আছে
ৰ’দ এচেৰেঙাই উভালি পেলাইছে শোকৰ শিপা
আহাঁ, এতিয়া কথা নকওঁ নীৰৱতাৰ স’তে
আসৈ নিদিওঁ নিঃসংগতাৰ নিৰুত্তাপ জীৱন গাথাক,
নেগাওঁ ধূসৰতাৰ গান,
ভালপোৱাৰ স্তুতিৰে তোমাৰ দুহাত সাবটি লওঁ
মোৰ সেমেকা বুকুত আৰু
তোমাৰ বুকুত থওঁ মোৰ প্ৰাৰ্থনাৰ দুহাত…
বুকুৰ মাজতে মেঘ-বৰষুণৰ এটা ৰাতিত দুয়ো
জুৰুলি-জুপুৰিকৈ তিতোঁ,
গভীৰ জলাশয়ত উবুৰিয়াই দিওঁ
অৰ্থহীন আলাপ-ঘৃণা বিদ্বেষ, দুখৰ বিলাপ-অৱসাদ আত্মাৰ
স্বপ্ন-দুঃস্বপ্নৰ অবান্তৰ সংলাপ…
আৰু
গৈ থাকোঁ
প্ৰেমৰ ফুলাম বাট এটাৰে…
Click here for an English translation of the poems.