প্ৰণতি বৰুৱাৰ দুটা কবিতা

শূন্য পুৰাণ 

সৰ্বস্বান্ত হোৱা মানুহজাকৰ 
সুখ-দুখ এতিয়া 
জুই -পানী অসঞ্চাৰ 

অথচ কি বিড়ম্বনা
মানুহজাকৰ চকুৰ সন্মুখতে 
পানীৰ সৈতে জুইৰ নদী এখন

নদীখন বৈ আহিছে 
বুকুৰ ভিতৰলৈ 
একুৰা জুই হৈ 

মণি মুকুতাৰে খচিত সপোনবোৰ 
সৰি পৰিছে 
জুইকুৰাত
দগ্ধ হৃদয়ৰ যন্ত্ৰণাবোৰে
চকুপানীৰে লিখিছে 
এখন শূন্য পুৰাণ ।
নীৰৱতা

নীৰৱতাৰো নিজা ভাষা আছে 
নীৰৱে কয় অন্তৰৰ কথা
আশাহত অনুভূতিবোৰে যেতিয়া 
খুলি থয় পঁজাৰ নঙলা 
 গোপনে নীৰৱতাই চাই থাকে 
বতাহৰ গতিবিধি 
আকাশৰ আলেখলেখ 
মেঘ ডাৱৰৰ ধেমালি 

দ্ৰাঘিমা বিষুৱৰেখাই
নথয় সামৰি 
নীৰৱতাৰ পৃথিবী

নীৰৱতাৰ অবস্থানক
স্পৰ্শ কৰাৰ হেঁপাহবোৰ
সামৰি থ’ব নোৱাৰি 
মনৰ পখীয়ে মেলি দিয়ে ডেউকা ।

Click here to read an English translation of the poems.

প্ৰণতি বৰুৱা এগৰাকী সাম্প্ৰতিক অসমীয়া কবি৷ তিনিচুকীয়াৰ ছৈখোৱাঘাট নিবাসী বৰুৱাৰ প্ৰকাশিত কাব্য-সংকলন দুখন৷

Leave a Reply

Your email address will not be published. Required fields are marked *