প্ৰসংগ ‘কবিতা’ আলোচনী

শোণিত বিজয় দাসৰ সৈতে কথোপকথন

১৯৯৬ চনৰ মে’ মাহত কবিতা শীৰ্ষক কবিতা-আলোচনীখন প্ৰথম প্ৰকাশ পাইছিল। ১৯৯৮ চনৰ মাৰ্চলৈকে মুঠ সাতটা সংখ্যা প্ৰকাশ পোৱা আলোচনীখনে অসমৰ কাব্য-জগতত চিন্তা আৰু ৰুচিৰ দিশেৰে এক উচ্চ আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছিল।উক্ত আলোচনীখন সম্পাদনা কৰিছিল অসমৰ এগৰাকী ৰুচিশীল সম্পাদক আৰু লেখক শোণিত বিজয় দাসে। তেওঁৰ সৈতে হোৱা এই কথোপকথনটিত মূলতঃ কবিতা আলোচনীৰ প্ৰসংগকে ঘাইকৈ গুৰুত্ব দিয়া হৈছে। —- প্ৰকল্প ৰঞ্জন ভাগৱতী

শোণিত বিজয় দাস

আপুনি কবিতা লিখে। বিভিন্নজনৰ কবিতা ইংৰাজীলৈ অনুবাদো কৰিছে। কবিতাৰ সৈতে সম্পৰ্কটো  আপোনাৰ কেনে ধৰণৰ?

বেছ ঘনিষ্ঠই।  মানুহে নিজতকৈ আন কাকনো বেছিকৈ ভাল পায় (?) কবিতাক ময়ো নিজৰ দৰেই ভাল পাওঁ, জ্ঞাতে-অজ্ঞাতে। কবিতাই মানুহক আপোনপেটীয়া হ’বলৈ নিদিয়ে। ই মানুহৰ মনটো নিৰোগী কৰে। কবিতাৰ সৈতে যিসকলে আাত্মিক সম্পৰ্ক গঢ়ি তুলিব পাৰে, তেওঁলোকে কবিতাক খেদি ফুৰিব নালাগে, কবিতাই নিজেই আহি ওলাইহি, নেৰুডাৰ সেই অভিজ্ঞতা হৈছিল। শক্তি চট্টোপাধ্যায়, হীৰেন ভট্টাচাৰ্য  আদিৰো নিশ্চয় এই অভিজ্ঞতা নোহোৱাকৈ থকা নাছিল। কিন্তু এইটোও সত্য যে কাব্যসৃষ্টিৰ গোটেই প্ৰক্ৰিয়াটোৱেই বোঁৱতি নৈৰ দৰে। নৈখন বৈ গৈ গৈ কিন্তু সাগৰত পৰিব লাগিব। নহ’লে এইটোনো কি জীৱন যাপন? কবিতা মানুহতে আৰম্ভ হয়, আৰু ই সদায় মানুহকেই সাবটি ধৰি থাকে।

এটা সময়ত আমাৰ এনে ভাব হয় কবিতা মানে যেন  শৈশৱৰ সেই পাখি মেলি উৰি যোৱা সপোন সপোন কথাবোৰ। লাহে লাহে মনৰ ভাববোৰে বৰণ সলায়। কবিতা হৈ পৰে বহল হ’বলৈ ধৰা এখন নীলা আকাশ। মাটিৰ মানুহে সৃষ্টি কৰা এখন বৰণীয়া পৃথিৱী, সাতোৰঙী জীৱন।  মাজে মাজে যুদ্ধ। তাৰপাছত সন্ধি, যুদ্ধ সন্ধি যুদ্ধ…।  জয়-পৰাজয়ৰ যুদ্ধত বিধ্বস্ত মাটিৰ মানুহ। মাজে মাজে মাটিৰ মানুহ ৰূপান্তৰ হয় কাঠৰ মানুহলৈ। কেতিয়াবা আনন্দ বিভোৰ আৰু ম্ৰিয়মাণ মানুহলৈ। কেতিয়াবা আক’– উঁয়ে খোৱা মানুহ, অথবা সুগন্ধি মানুহলৈ। এটা সময়ত অনুসন্ধান চলে, কলৈ গ’ল সেই মাটিৰ মানুহবোৰ?

বেণুদাৰ সৈতে চিনাকি হোৱাৰ পাছত ভাব হ’ল কবিতা যেন তেওঁৰ ছবিত গুণগুণাই থকা মানুহবোৰৰ স’তে হাঁহি আৰু কান্দোনৰ সন্ধ্যাযাপন। বেণুদাৰ মনৰ কথাবোৰে ছবিত থিতাপি লয় কবিতাৰ বৰণ সানি–– কথাবোৰো তেওঁৰ কবিতাৰ দৰেই মাটিৰ ৰং সনা : “যিবোৰৰ একো নাই মই তেওঁলোকৰ লগত আছোঁ, বোধহয়।”কথাবোৰ শুনি মোৰো ভাব হ’ল বেণুদাৰ ছবিবোৰেই যেন সেই মানুহবোৰৰ নিৰাপদ আশ্ৰয়। মোৰ মনতো এসময়ত সোমাই আছিল তাহানিৰেপৰা দেখি অহা দুঃখী মানুহৰ  অশান্ত ছবিবোৰ। লাহে লাহে সেমেকি যাবলৈ ধৰা এচাম মানুহৰ জাগ্ৰত স্বদেশ প্ৰেম। স্বপ্নময় ভৱিষ্যতৰ ৰঙীন ফানুছ উৰুৱাই আগবাঢ়ি যোৱা ডেকা-গাভৰু, ল’ৰা-বুঢ়াৰ মিছিলবোৰ। সেইবোৰ এতিয়া নিঃসাৰ।  কেতিয়াবা এনে লাগিছিল কবিতা যেন পুৱা পৃথিবীৰ এচুকত কুঁচি-মুচিকৈ পৰি থকা এজনী সৰু ছোৱালীহে। অথবা এক মৃদু বসন্ত, চণ্ডালৰ খং। কবিতা মানে মানুহৰ ত্ৰিভূবন। কবিতা মানে অজিৎ বৰুৱাৰ সেই শব্দটো যিটো তোমালৈ লিখা নহ’ল। কবিতা মানে এলিয়টৰ ছনপৰা মাটি, নে চহাই ল’ম বুলি ভবা মাটিৰ পৃথিৱীখন, আৰু পানীয়ে উটুৱাই নিয়া জীৱনৰ অব্যৱহিত দিন মাহ বছৰ? কবিতা মানে প্ৰৌঢ় কবিৰ চিনাকি অচিনাকি গাঁও, নগৰবোৰ। গাঁওবোৰ উচন গ’ল নেকি? নে কাৰোবাৰ অসহনীয় কান্দোনত কবিতা এতিয়া নিজেই এটা নাযায় নুপুৱায় ৰাতি। জীৱনৰ সকলোবোৰ সত্য মেঘে ঢকা তৰাৰ দৰে লুকাই থাকে কবিতাত। মানুহৰপৰা মানুহলৈ এটাই বাট, কবিতা। ভাব হয় কবিতা যেন আজিও মোৰ সকলো শক্তিৰ আধাৰ। 

অজিৎ বৰুৱাই এবাৰ উলাহতে এলিয়টক সুঁৱৰি কৈছিল, পঁচিছ বছৰ বয়সলৈকে প্ৰতিজন লেখকেই একোজন কবি, তাৰ পাছতো যিসকলে কবিতা লিখি সফলতা লভে তেওঁহে কবি। হীৰেন গোহাঁইৰ প্ৰথম কিতাপখনো কবিতাৰ আছিল, ৰংশিঙা খংশিঙা। পোন্ধৰটা কবিতাৰ সংকলন। প্ৰথমটো কবিতাৰ নাম ‘আকাশৰ সাধু’। আন এটাৰ নাম আছিল : ‘এটা কেৰ্কেটুৱালৈ’। লিখিছিল : “আহাঁনা ভাই!/খেলোঁ একেলগে– /কেলেই / পলোৱা ল’ৰি মোৰ মাত শুনিলেই?/ বগাই / উদুলি-মুদুলি গছৰ ডালে ডালে /  যেন / বন্ধুক মাৰি বধিম মই! / কেৱল / তোমাৰ লোমাল শৰীৰ লাহেকে দিম পিহি,/ পিছত/ যাবা তুমি যলৈ তোমাৰ খুছি।”কবিতাবোৰ কিশোৰ-কিশোৰীহঁতে  পঢ়িলে আমোদ পাব পৰা ধৰণৰ, ডাঙৰেও পঢ়ি মজা নোপোৱাকৈ নাথাকিব। হৃদয়স্পৰ্শী। চেতনাস্পৰ্শীও। পাছলৈ তেওঁ ‘নিৰঞ্জন ফুকন’ নামত কেইটামান কবিতা লিখিছিল। প্ৰভাত বৰা আৰু মিলন নেওগে সম্পাদনা কৰা হীৰেন গোহাঁই : বাস্তৱৰ চেতনা আৰু স্বপ্ন গ্ৰন্থখনত উপেন্দ্ৰনাথ শৰ্মাই লিখা প্ৰবন্ধ এটা আছে : ‘হীৰেন গোহাঁইৰ কবিতা’।

কথাটো এনেকুৱা, সাহিত্য জীৱনৰ আৰম্ভণি সময়খিনিত লেখক এজনে যেতিয়া জীৱনৰ বিশিষ্ট অনুভৱ-উপলব্ধিবোৰ প্ৰকাশৰ তাড়না অনুভৱ কৰে, তেতিয়া ভাব হয় কাব্যই যেন তাৰ উৎকৃষ্ট প্ৰকাশ। মোৰ জীৱনলৈকো তেনে ধৰণৰ সময় নহাকৈ থকা নাছিল। মোৰ সাহিত্য-জীৱনত কবি অজিৎ বৰুৱাৰ উপস্থিতি আছিল আশীৰ্বাদস্বৰূপ। আমি প্ৰায়ে কবিতাৰ কথা পাতিছিলোঁ। মই সম্পাদনা কৰা অসম কবি সমাজৰ কবিতা-আলোচনী কবি আৰু কবিতাত অজিৎ বৰুৱাৰ সাক্ষাৎকাৰকে ধৰি কবিতাবিষয়ক প্ৰবন্ধও ওলাইছিল। আমি বিভিন্ন সময়ত পতা সেই কথাবোৰেই আলোচনীখনত ছপা হৈছিল কথোপকথনৰ ৰূপত। ১৯৮৬ চনত প্ৰথম অজিৎ বৰুৱাক লগ পোৱাৰ পূৰ্বে মই কেইটামান কবিতা লিখিছিলোঁ। সেই বছৰটোতে মোৰ কবিতাৰ কিতাপ এখনো ওলাইছিল। চন্দ্ৰপ্ৰসাদ শইকীয়া নতুন দৈনিকৰ সম্পাদক হৈ থাকোঁতে  কাকতখনত কবিতা আৰু কবিতা-বিষয়ক বহুকেইটা লেখা লিখিছিলোঁ। প্ৰকাশতো দুটামান কবিতা লিখিছিলোঁ। গদ্যই বেছি। পাছলৈ জীৱনটো যেতিয়া অধিক গদ্যময় হৈ পৰিল, কবিতাই লগ এৰা দিলে। কবিতাৰ কোমল কোমল শব্দবোৰ ভাল নলগা হ’ল। ভাব হ’ল– ‘বহুত হ’ল সহজ পদ্য, এতিয়া লাগে কঠিন গদ্য’। অজিৎ বৰুৱাৰ সান্নিধ্যত কটোৱা সময়খিনিত কবিতাৰ বিষয়ে কিমান যে গদ্য শুনিলোঁ। তেওঁ বিচৰণ কৰা ইংৰাজী আৰু ফৰাচী কবিতাৰ পৃথিৱীখনৰ বৈচিত্ৰ্যময় ৰূপ দেখি কোন বাৰু সন্মোহিত নোহোৱাকৈ থাকিব পাৰে। কবিতাৰ মানুহ আৰু মানুহৰ কবিতা একেলগে সহবাস কৰে তাত। তেওঁ সেইবোৰৰ কিছুমান অসমীয়ালৈ অনুবাদ কৰি পাছত কিতাপো উলিয়ালে। অজিৎ বৰুৱাই মোক উপহাৰ দিয়া প্ৰথম কিতাপখন আছিল ডেনিয়েল জৌনছৰ ‘থেচাৰাছ’।  কবিতাৰ অনুবাদৰ সময়ত ব্যৱহাৰ কৰা শব্দবোৰ মই শুদ্ধকৈ জনাটো আৰু কোৱাটো বিচাৰিছিল তেওঁ।  মোক তেওঁ অসংখ্য ‘হোম ৱৰ্ক’ দিয়ে। অফিচলৈ যাওঁতে তেওঁৰ উজানবজাৰৰ নাওজান পথত থকা ঘৰত সোমাই সেইবোৰৰ উত্তৰ লিখি দি থৈ যাব লাগে। এনে ধৰণৰ অলেখ কথা, কৈ থাকিলে যেন ওৰ নপৰিব, যাদুকৰৰ মুখৰপৰা ওলোৱা ফিটাৰ দৰে কথাবোৰ কৈ গৈ থাকিলে উপন্যাসেই হ’ব এখন। এটা সময়ত কবিতাৰে মনৰ কথাবোৰ প্ৰকাশৰ তাড়না নোহোৱা হ’ল যদিও কবিতা মোৰ সকলোতকৈ নিৰ্ভৰযোগ্য আৰু  বিশ্বস্ত সহচৰ হৈ পৰিল। কবিতাই যে মানুহক সকলো বিপদৰ পৰা ৰক্ষা কৰিব পাৰে এটা সময়ত সেই বিশ্বাসো দৃঢ় হ’ল। জীৱনৰ প্ৰায়বোৰ কাম কৰোঁতে কবিতাৰ সহযোগিতা বিচৰা হ’লোঁ। মোৰ ক্ষেত্ৰত এই অভিজ্ঞতা নোহোৱাকৈ থকা নাই  যে কবিতাই প্ৰিয়জনৰ সৈতে সম্পৰ্কবোৰ অধিক ঘনিষ্ঠ আৰু মধুৰ কৰে। 

কবিতা এই দ্বিভাষিক আলোচনীখন উলিওৱাৰ চিন্তাটো কেতিয়া আৰু কেনেকৈ মনলৈ আহিছিল?

কোনো মহৎ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি কবিতা আলোচনীখন উলিওৱা নাছিলোঁ। মনত পৰা দিনৰেপৰা কবিতাৰ সৈতে মোৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছিল। গল্প-উপন্যাসতকৈ কবিতা আৰু সমালোচনাত্মক প্ৰবন্ধ, চিন্তাশীল গদ্য, দেশ আৰু মানুহৰ ইতিকথাৰ লগতে শিল্পী-সাহিত্যিকৰ জীৱনকথা– বিশেষকৈ তেওঁলোকৰ সৃষ্টিশীল জীৱনটোৰ প্ৰতি সদায় মোৰ অপাৰ কৌতূহল আছিল। সেইবোৰে মোৰ অধ্যয়ন আৰু সাহিত্য-চৰ্চাৰ সৈতে জড়িত জীৱনটো বিশেষভাৱে পৰিচালিতও কৰিছিল। কুৰি শতিকাৰ শেহৰটো দশক মোৰ জীৱনৰ বাবে আছিল এছোৱা গুৰুত্বপূৰ্ণ সময়। গুৱাহাটীত থকা বয়োজ্যেষ্ঠ লেখকসকলৰ পৃথিৱীখনেই তেতিয়া যেন আছিল মোৰ ঘৰ। অজিৎ বৰুৱা, বেণু মিশ্ৰ, সৌৰভ কুমাৰ চলিহা– বিশেষকৈ এই কেইগৰাকী ব্যক্তিক প্ৰায় সদায় লগ পাইছিলোঁ। এনে লাগিছিল, বয়োজ্যেষ্ঠ শিল্পী-সাহিত্যিকসকলৰ জীৱনবোৰহে যেন মোৰ অধিক আপোন। একো একোখন মহৎ গ্ৰন্থৰ দৰে সেইবোৰ অধ্যয়নৰ ধাউতি দিনকদিনে বাঢ়িবলৈ ধৰিছিল। কবিতাৰ বিষয়ে তেতিয়া আমি সঘনে আৰু  দীঘলীয়াকৈ সৰস আলোচনা কৰা ব্যক্তিসকলৰ তালিকাখন দীঘল নহ’লেও চুটিও নাছিল। সেইসকলৰ প্ৰায়বোৰেই বয়োজ্যেষ্ঠ। অফিচৰপৰা বাহিৰে বাহিৰে অজিৎ বৰুৱাৰ ঘৰ পাবগৈ লাগে, টল অৰ্ডাৰ। সপ্তাহত দিনবোৰ ভাগ কৰি লৈছিলোঁ।  কেতিয়াবা বেণুদা, কেতিয়াবা অজিৎ বৰুৱা অথবা সৌৰভ কুমাৰ চলিহাৰ সৈতে আবেলিৰপৰা নিশালৈকে কটাও। সম্পৰ্কবোৰ আছিল অত্যন্ত আন্তৰিকাপূৰ্ণ। ১৯৯৬ চনৰ মে’ মাহত যেতিয়া কবিতাৰ প্ৰথমটো সংখ্যা ওলাইছিল, মই তেতিয়া দৈনিক অসম কাকতৰ দেওবৰীয়া চ’ৰাত এটা নিয়মীয়া শিতান লিখোঁ– ‘সাহিত্য-কথা’। চ’ৰাটোৰ সম্পাদক অনিল বৰুৱাৰ আগ্ৰহৰ বাবে ডেৰবছৰমান লিখিছিলোঁ শিতানটো। অসমীয়া সাহিত্যৰ লগতে দেশ-বিদেশৰ সাহিত্যবিষয়ক সমসাময়িক বিভিন্ন ঘটনা-পৰিঘটনাৰ আধাৰত লিখা সেইটো আছিল এটা বিশেষ শিতান। তাৰ তিনি বছৰমানৰ আগতে গৰীয়সী প্ৰকাশ হোৱা মাহটোতে (অক্টোবৰ, ১৯৯৩) প্ৰকাশ হৈছিল কথাৰ প্ৰথমটো সংখ্যা। কথা প্ৰকাশৰ কেইটামান বছৰৰ পূৰ্বে মোতকৈ বয়সত ডাঙৰ তিনিগৰাকী কবিৰ সৈতে আন্তৰিকতাপূৰ্ণ সম্পৰ্ক গঢ়ি উঠাৰ বাবে ‘অসম কবি সমাজ’ নামৰ সংগঠনটোৰ সৈতে জড়িত হৈ ইয়াৰ কবি আৰু কবিতা শীৰ্ষক পত্ৰিকাখনৰ দায়িত্ব ল’ব লগা হৈছিল। কবি সমাজত মোৰ প্ৰৱেশো আছিল প্ৰায় নাটকীয়। ১৯৮৯ চনত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত হোৱা অভিৱৰ্তনত যোগ দিবলৈ জামুগুৰিৰপৰা অহা আত্মীয় এজনক সভাথলীত থৈ আহিবলৈ যাওঁতে মোক এই দায়িত্ব দিছিল। মোৰ সম্পাদনাত পত্ৰিকাখনৰ দুটা সংখ্যা প্ৰকাশ পাইছিল (১৯৯০-১৯৯৫)। কবি আৰু কবিতাৰ বৰ্ষা সংখ্যা ১৯৯০ আছিল  মই সম্পাদনা কৰা কবিতাৰ প্ৰথমখন আলোচনী। সম্পাদনা সমিতিৰ সদস্যসকল আছিল : দিনেশ গোস্বামী, ৰাজেন্দ্ৰনাথ বৰদলৈ আৰু বেণু মিশ্ৰ। অজিৎ বৰুৱা, হীৰেন গোহাঁই, বীৰেশ্বৰ বৰুৱা, কেশৱ মহন্ত, লক্ষহীৰা দাস, হৰেকৃষ্ণ ডেকা, ফণী তালুকদাৰ, যোগেশ দাস, নলিনীধৰ ভট্টাচাৰ্য্য, দিনেশ গোস্বামী, প্ৰদীপ আচাৰ্য্যকে ধৰি বহুতেই আলোচনীখনত কবিতা আৰু কবিতাবিষয়ক বহুকেইটা লেখা লিখিছিল। তেতিয়াই হয়তো কবিতাৰ আলোচনী এখন এককভাৱে কৰাৰ চিন্তা এটা মনত সোমাইছিল। ১৯৯৩ চনত ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী আৰু মই কথা সাহিত্য আলোচনীখনৰ প্ৰস্তাৱনা সংখ্যাটো উলিওৱাৰ পাছত দুয়োজন চাকৰিয়াল হোৱা হেতুকে আলোচনীখনৰ বাবে প্ৰয়োজনীয় সময় দিব নোৱাৰিম বুলি ভাবি সাহিত্যৰ আলোচনী হিচাপে কথাখন উলিওৱাৰ কথা ভবা নাছিলোঁ। সেয়েহে হয়তো পাছত কবিতা দ্বিভাষিক আলোচনীখন উলিয়াবলৈ মন গৈছিল।

আলোচনীখনৰ প্ৰকাশ আৰু সম্পাদনাৰ আঁৰত আপোনাৰ সৈতে আৰু কোন কোন জড়িত আছিল?

মূলতঃ বেণু মিশ্ৰ আৰু মই। ৰাজেন্দ্ৰনাথ বৰদলৈ আৰু মিহিৰ দেউৰী সম্পাদনা সহযোগী হিচাপে আলোচনীখনৰ লগত জড়িত আছিল। বেণুদা আছিল কবিতাৰ কলা সম্পাদক, আৰু মই সম্পাদক। কবিতাৰ সাতটা সংখ্যা প্ৰকাশ হৈছিল। প্ৰথম সংখ্যা : মে’-জুন ১৯৯৬। শেহৰটো, সপ্তম সংখ্যা : ফেব্ৰুৱাৰী-মাৰ্চ : ১৯৯৮। প্ৰথম সংখ্যাটোৰ মূল্য আছিল ২৫ টকা। সপ্তম সংখ্যাটোৰ ৩৫ টকা। প্ৰতিটো সংখ্যাত কি কি লেখা যাব, কাক লিখিবলৈ দিম– সেইখিনি কথা বৰকৈ আলোচনা কৰি কৰিব লগা হোৱা নাছিল। সেয়ে হ’লেও বেণুদাক প্ৰায় প্ৰতিটো কথাই জনাইছিলোঁ।

অজিৎ বৰুৱা, নৱকান্ত বৰুৱা আদি জ্যেষ্ঠ কবিসকলৰ লগতে সেই সময়ৰ তৰুণ কবিসকলেও আলোচনীখনত যথাযোগ্য স্থান লাভ কৰিছিল। আলোচনীখনৰ সৈতে বিভিন্ন ধৰণে জড়িত হোৱা কবি-লেখকসকলৰ বিষয়ে অলপ কওকচোন?

এদনীয়াকৈ কবিতা পঢ়িবলৈ আৰম্ভ কৰোঁতে যিসকল জ্যেষ্ঠ অসমীয়া কবি-সাহিত্যিকক মই গুৱাহাটীত লগ পাইছিলোঁ, যাৰ সৈতে প্ৰায়ে কবিতাৰ বিষয়ে বিভিন্ন কথা পাতিছিলোঁ–  কবিতা সম্পৰ্কে সেইসকলৰ ধ্যান-ধাৰণা, অভিজ্ঞতাৰ বিষয়ে জানিব পাৰি, লগতে কবিতাৰ প্ৰতি থকা মোৰ বিশেষ অনুৰাগৰ বাবে কাব্য-চৰ্চাৰ প্ৰতি অনুপ্ৰাণিত হৈছিলোঁ। এতিয়া সেই পৰিৱেশো নাই, আগ্ৰহী সেই কবিসকলো নাই। তথাপি কবিতা কবিতাৰ ধৰণেই স্বমহিমাৰে মণ্ডিত হৈ মোৰ জীৱনত থাকি গ’ল। সেয়েহে এটা সময়ত কথাৰপৰাই দ্বিভাষিক কবিতা আলোচনীখন উলিওৱাৰ সিদ্ধান্ত লৈছিলোঁ। আলোচনীখনত ন-পুৰণি সকলো কবিকে জড়িত কৰি আধুনিক অসমীয়া কবিতাৰ জগতখন ওচৰৰপৰা চোৱাৰ ইচ্ছাৰে সমসাময়িক কবিসকলৰ কাব্যচৰ্চাৰ বিভিন্ন দিশবোৰ আলোচনীখনত গুৰুত্বসহকাৰে লোৱা হৈছিল।  সেই সময়ত অসমীয়া কাব্য জগতখনৰ বিষয়ে বহলকৈ জনাৰ আৰু এটা প্ৰয়োজন আছিল। ২০০৬ চনত প্ৰকাশিত কথা বৰেণ্য ১০০ গ্ৰন্থখনৰ বাবে মই এটা দীঘলীয়া সময়ৰ বাবে এদনীয়াকৈ অধ্যয়ন কৰিব লগা হৈছিল। কুৰি শতিকাৰ অসমীয়া সাহিত্যৰ ‘কবিতা’কে ধৰি অন্যান্য ক্ষেত্ৰসমূহৰ বিষয়ে সবিশেষ নজনাকৈ, বহলভাৱে অধ্যয়ন নকৰাকৈ সেই কাম কৰাতো সম্ভৱ নাছিল। সেয়েহে কবিতা আলোচনীখনৰ একাধিক সংখ্যাত ‘আধুনিক অসমীয়া কবিতা’ৰ বিষয়ে বহলকৈ আলোচনা কৰাৰ কথা ভাবিছিলোঁ। সেইবাবেই কবিতাৰ তৃতীয় সংখ্যাটোৰ মূল বিষয় আছিল : New Horizons : Assamese Poets born after 1947 । সংখ্যাটোত ৰাজেন্দ্ৰনাথ বৰদলৈ (জ.১৯৪৮), সমীৰ তাঁতী (জ.১৯৫৫), অনুভৱ তুলসী (জ.১৯৫৯), নীলিম কুমাৰ(জ.১৯৬২)কে আৰম্ভ কৰি অনুপমা বসুমতাৰী (জ.১৯৬০), অৰ্চনা পূজাৰী (জ.১৯৬০), লুটফা হানুম ছেলিমা বেগম(জ.১৯৬০)লৈকে বিছগৰাকী কবিৰ বিছখন কাব্য-সংকলনৰ সমালোচনা সন্নিৱিষ্ট কৰা হৈছিল। অসমীয়া পঢ়ুৱৈক নতুন কবিসকলৰ কবিতাৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এই সময়ছোৱাত প্ৰকাশিত নিৰ্বাচিত সত্তৰখন কাব্য-সংকলনৰ এখন তালিকাও সংখ্যাটোত সন্নিৱিষ্ট কৰা হৈছিল। তদুপৰি স্বৰাজোত্তৰ আধুনিক অসমীয়া কবিতাৰ এগৰাকী উল্লেখযোগ্য কবি-সমালোচক হীৰেন্দ্ৰনাথ দত্তৰ কাব্যজগতখনৰ সৈতে অসমীয়া পঢ়ুৱৈয়ে যাতে এটা ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব পাৰে সেই কথা মনত ৰাখি  তেওঁৰ সৈতে প্ৰায় বিছ পৃষ্ঠাজোৰা এটা দীঘলীয়া সাক্ষাৎকাৰ, কবিগৰাকীৰ কবিতাৰ বিষয়ে তেওঁৰেই এগৰাকী সমসাময়িক হৰেকৃষ্ণ ডেকাই লিখা এটা অন্তৰ্দৃষ্টিসম্পন্ন  লেখা, কবিগৰাকীৰ জীৱনপঞ্জী আদিও সংখ্যাটোত অন্তৰ্ভুক্ত কৰা হৈছিল। সাক্ষাৎকাৰটোত কবিতা সম্পৰ্কে কবিগৰাকীৰ বিশিষ্ট ধ্যান-ধাৰণাসমূহৰ লগতে তেওঁৰ কবিতাৰ এনে কেতবোৰ দিশ উন্মোচিত হৈছিল, সাক্ষাৎকাৰটো প্ৰকাশৰ পাছত সেইখিনি পঢ়ি কবিগৰাকী নিজে অভিভূত হোৱাই নহয় তেওঁৰ মুখৰপৰা সেইবোৰ কথা নিসৃত হোৱাৰ বাবে আশ্চৰ্যও প্ৰকাশ কৰিছিল। একেটা দিনতে দুটা বৈঠকত গ্ৰহণ কৰা অন্তৰঙ্গ সেই সাক্ষাৎকাৰটো মোৰ বাবেও আছিল এক বিশিষ্ট অভিজ্ঞতা। আলোচনীখনৰ সকলোবোৰ কথা সীমিত পৰিসৰত বহলাই কোৱা টান।

আলোচনীখনৰ এক বিশেষ আকৰ্ষণ আছিল বেণু মিশ্ৰৰ শিল্পকৰ্ম। বেণু মিশ্ৰৰ শিল্পকৰ্মই আলোচনীখনক কিদৰে সমৃদ্ধ কৰিছিল বুলি ভাবে?

কবিতা  আলোচনীখন প্ৰকাশৰ বহু পূৰ্বে বেণু মিশ্ৰৰ সৈতে মোৰ এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল। মই সম্পাদনা কৰা আটাইকেইখন আলোচনীতেই  বেণুদা জড়িত আছিল– কথা (১৯৯৩), কবি আৰু কবিতা (১৯৯০-১৯৯৫), কথা গুৱাহাটী (২০০৪-২০১৯) আৰু গুৱাহাটী (২০০৯-২০১০) । কবিতা আলোচনীখন কৰোঁতে বেণুদাক মই এটা প্ৰস্তাৱ দিছিলোঁ যে আলোচনীখনত বেণুদাৰ একক চিন্তাৰে এটা শিতান কৰা যাওক, কবিতাৰ নিচিনাকৈ ৰং আৰু ৰেখাৰে তেওঁ তাত ইচ্ছা কৰা ধৰণে কিছু শিল্পকৰ্ম কৰক, আৰু মই চমুকৈ কম কথাৰে তেওঁৰ সেই শিল্পকৰ্মখিনি তুলি ধৰিবলৈ চেষ্টা কৰিম। কথাটোত বেণুদা ভীষণ উৎসাহিত হৈছিল। সাধাৰণতে কি হয়, কবি এগৰাকীয়ে কবিতা লিখে আৰু আলোচনী এখনত সেইটো ছপা কৰাৰ সময়ত কবিতাটোৰ কাষতে শিল্পী এগৰাকীৰ এটা ইলাছট্ৰেশ্বন শুৱনিকৈ বহুৱাই দিয়া হয়–– আমি ভবা কথাটো আছিল তাৰ ঠিক বিপৰীত। প্ৰথম সংখ্যাটোত বেণুদাই  পাঁচখন পানীৰঙৰ ছবি আঁকিছিল। কাগজত। বগা-ক’লা ৰঙৰ। প্ৰতিখন ছবিয়েই আছিল এগৰাকী অথবা একাধিক নাৰীৰ। এইলানি শিল্পকৰ্মৰ  বিষয় আছিল বিষণ্ণতা। মোৰ কাম আছিল ছবিকেইখন পঢ়ি মই চমুকৈ এটা টোকা লিখি দিব লাগে। ব্যাপাৰটো বেছ মজাৰ আছিল–– ‘বিষণ্ণতাই যেতিয়া উজ্জীৱিত কৰে জীৱন’। বেণুদাৰ মতে এই বিষণ্ণতাই হৈছে তেওঁৰ প্ৰায়বোৰ শিল্পকৰ্মৰ উৎস। প্ৰতিটো সংখ্যাতে মই লিখিব লগা হোৱা লেখাটো আছিল প্ৰত্যাহ্বানমূলক। মই লিখা লেখাটো শিল্পকৰ্মটোৰ শাব্দিক ইলাছট্ৰেশ্বন বুলি ক’ব পাৰি। দ্বিতীয় সংখ্যাটোৰ বিষয় আছিল ‘অন্য এক পৃথিবী’। তৃতীয়টোৰ ‘কাব্যলিখন’। চতুৰ্থটোৰ ‘নাৰীৰ সৌন্দৰ্য’। পঞ্চম– ‘মৃত্যু : এপাহি জীয়া ফুল’। ষষ্ঠ আৰু সপ্তম দুয়োটাৰে বিষয় আছিল ‘মুখ’। অগতানুগতিক এই ধৰণৰ চিন্তাৰ কাৰণ এয়ে আছিল কবিতাৰ সৈতে ছবিৰ সম্পৰ্কটো যাতে পঢ়ুৱৈৰ মনত নতুন ধৰণে প্ৰতিষ্ঠাপিত হয়। কবিতা আলোচনীখন উলিওৱাৰ পূৰ্বে মই চিত্ৰশিল্পৰ বিষয়ে বিশ্বৰ বহুকেইগৰাকী যশস্বী কবিয়ে লিখা প্ৰবন্ধ-সংকলন এখন পঢ়িছিলোঁ, গ্ৰন্থখনৰ নাম আছিল : Poets on Painters : Essays on the Art of Painting by Twentieth Century Poets। এনে এটা চিন্তাৰ সিও অন্তৰাল হ’ব পাৰে। প্ৰতিটো সংখ্যাতে সন্নিৱিষ্ট বেণুদাৰ এইলানি শিল্পকৰ্মৰ প্ৰতি কৌতূহলী পঢ়ুৱৈৰ আগ্ৰহৰ সীমা নাছিল। সংখ্যাটো প্ৰকাশৰ পূৰ্বে কিমানে যে জানিব বিচাৰিছিল– “এইবাৰৰ বিষয় কি” ইত্যাদি। স্বাভাৱিকতে এই ধৰণৰ কাম-কাজে আলোচনীখনক এক বিশেষ মাত্ৰা দিছিল। প্ৰতিটো সংখ্যাৰ শিল্পকৰ্মখিনিৰ আৰম্ভতে মই লিখিব লগা হোৱা টোকাটো কবিতা এটা লিখাৰ দৰেই লাগিছিল, পাৰ্থক্য মাথোঁ এয়ে যে, কবিতাটোৰ লেখক দুজন, প্ৰায় একেখিনি ভাবৰে দুটা ৰূপ : চিত্ৰৰূপ আৰু সাহিত্যৰূপ। পাছত কবিতাৰ সেই পুৰণি সংখ্যাবোৰৰ পাত লুটিয়াই চালে ভাব হয়, কবিতাৰ গোটেইকেইটা সংখ্যা একেলগ কৰি ছপাই থ’ব পৰা হ’লে ভাল আছিল। বিশিষ্ট শিল্পী এগৰাকীৰ শিল্পকৰ্মই যেনেকৈ সাহিত্য আলোচনী এখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে বহু ক্ষেত্ৰত আলোচনীখনত প্ৰকাশিত বিষয়বস্তুৰ অন্তৰ্জগতলৈ প্ৰৱেশৰ পথ প্ৰশস্ত কৰি দিয়ে, ঠিক তেনেকৈ বেণুদাৰ শিল্পকৰ্মখিনিয়েও কাব্যৰসিকৰ লগতে সাধাৰণ পাঠককো কলাৰ সৈতে, কবিতাৰ সৈতে সম্পৰ্কটো ঘনিষ্ঠ কৰি তুলিছিল। আধুনিক মানুহৰ আত্মনিৰ্বাসনৰ পথ প্ৰশস্ত কৰি তুলিবলৈ যত্ন কৰিছিল যেন লাগে।   

বেণু মিশ্ৰৰ স্কেট্চ

আলোচনীখনৰ প্ৰতি অসমৰ বৌদ্ধিক সমাজ আৰু সৰ্বসাধাৰণ পাঠকৰ সঁহাৰি কেনে ধৰণৰ আছিল?

কবিতাৰ প্ৰতি এচাম পঢ়ুৱৈৰ এতিয়াও আগ্ৰহ দেখি ভাল লাগে। কবিতাত নতুন-পুৰণি সকলোৱেই লিখিবলৈ আগ্ৰহ কৰিছিল। গৰীয়সীৰ প্ৰথম বছৰটোত প্ৰকাশিত কবিতাখিনিৰ এটা আলোচনা কবিতাৰ প্ৰথম সংখ্যাটোত ওলাইছিল : ‘গৰীয়সীৰ এবছৰৰ কবিতা (১৯৯৩-৯৪)’। প্ৰথম বছৰ গৰীয়সীৰ বাৰটা সংখ্যাত সম্ভৱতঃ  ৭৬ গৰাকী কবিৰ কবিতা ওলাইছিল।  কবিতাৰ এগৰাকী ৰসজ্ঞ পঢ়ুৱৈ  প্ৰদীপ আচাৰ্য্যই লেখাটো লিখি বেছ আনন্দ পাইছিল। লেখাটোৰ শেহত তেওঁ লিখিছিল, “প্ৰবীণ, নবীন আৰু একেবাৰে নতুন কবিৰ কবিতাও আমি পাইছোঁ বছৰটোৰ কবিতাত। কিবা এটা হেৰুওৱাৰ, কিবা এটা নথকাৰ বা নোপোৱাৰ বেদনা স্পষ্ট কবিতাসমূহত। এই বেদনাই হয়তো নতুন ধাৰাৰ সৃষ্টি, বাট মুকলি কৰি দিব।”

অজিৎ বৰুৱাক লিখিবলৈ ভাল পাব নেকি বুলি সুধিলে ৰসিকতা কৰি কৈছিল, “তুমি মাতিলে শ্মশানলৈকো যাম”। প্ৰথম সংখ্যাটোতে অজিৎ বৰুৱাই এটা প্ৰবন্ধ লিখিছিল : ‘সূৰ্য্য কুমাৰ ভূঞাৰ কবিতাসংগ্ৰহ’। চন্দ্ৰপ্ৰসাদ শইকীয়াই লিখিছিল ‘কবিতা আলোচনী’ শীৰ্ষক এটা বিশেষ লেখা। ‘কাব্য-সংকলন সম্পাদনা আৰু প্ৰকাশ’ সম্পৰ্কে এটা অতি গুৰুত্বপূৰ্ণ লেখা লিখিছিল কবি-সমালোচক নলিনীধৰ ভট্টাচাৰ্যই। এই প্ৰবন্ধটো মই তেওঁক জোৰকৈ লিখোৱাইছিলোঁ।  লেখাটোৰ অন্তৰালৰ গোটেই কথাবোৰ মোৰ বাবে অতি সুখকৰ  আছিল। কথা আৰু কথা গুৱাহাটী কৰোঁতেও সেই একেই ধৰণৰ সুখকৰ অভিজ্ঞতা মোৰ হৈছিল। আলোচনীখনৰ আমি আন এটা বিশেষ সংখ্যা উলিয়াইছিলোঁ– ইংৰাজী অনুবাদত আঠগৰাকী আগশাৰীৰ ‘আধুনিক অসমীয়া কবিৰ পুনৰ পৰিচয়’ আছিল মূল বিষয়। প্ৰতিগৰাকী কবিৰ বিষয়ে ইংৰাজীতে এটা সংক্ষিপ্ত সমালোচনাধৰ্মী পৰিচয়মূলক টোকা আৰু কবিগৰাকীৰ এটা বা একাধিক কবিতাৰ অনুবাদৰ জৰিয়তে ইংৰাজী পঢ়ুৱৈক এই কবিসকলৰ ক্যব্যকৃতিৰ সৈতে পৰিচয় কৰি দিয়া হৈছিল। সুখৰ কথা এই যে সেই লেখাসমূহ লিখিছিল তেওঁলোকৰ কবিতাৰ একো একোগৰাকী ৰসজ্ঞ পঢ়ুৱৈস্বৰূপ কেইগৰাকীমান কবি-সমালোচকে : হীৰেন গোহাঁই (নীলমণি ফুকনৰ বিষয়ে), ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী (অজিৎ বৰুৱাৰ বিষয়ে), প্ৰদীপ আচাৰ্য্য (নৱকান্ত বৰুৱাৰ বিষয়ে), অজিৎ বৰুৱা (হীৰেন ভট্টাচাৰ্যৰ বিষয়ে), উপেন্দ্ৰনাথ শৰ্মা (হীৰেন্দ্ৰনাথ দত্তৰ বিষয়ে), হীৰেন্দ্ৰনাথ দত্ত (হৰেকৃষ্ণ ডেকাৰ বিষয়ে) ইত্যাদি। আলোচনীখনৰ প্ৰায় প্ৰতিটো সংখ্যাতে সিঁচৰতি হৈ আছিল কবিতা-বিষয়ক অসংখ্য অনূদিত লেখা আৰু গ্ৰন্থ-সমালোচনা। উল্লেখযোগ্য যে কবিতাৰ শেহৰটো সংখ্যাত এটা বিশেষ শিতান আৰম্ভ কৰা হৈছিল– ‘কুৰি শতিকাৰ উল্লেখযোগ্য কবিতা-সংকলন’। এই শিতানটোত শতিকাটোত প্ৰকাশিত কাব্য-সংকলনসমূহৰপৰা প্ৰতিটো সংখ্যাতে নিৰ্বাচিত দহখনমান সংকলনৰ প্ৰত্যেকৰে প্ৰকাশৰ ঠিক পাছতেই প্ৰকাশিত সমালোচনাûপাতনি আদিৰ প্ৰতিটো সংখ্যাতে পুনৰ্মুদ্ৰণেৰে কুৰি শতিকাৰ অসমীয়া কবিতাৰ পুনৰ্অধ্যয়নৰ এক নতুন যাত্ৰাৰম্ভৰ পৰিকল্পনা কৰা হৈছিল। সপ্তম সংখ্যাটোত সন্নিৱিষ্ট এই ধৰণৰ কাব্য-সংকলনকেইখন আছিল : বেদনাৰ উল্কা (১৯৬৪), বনফুল (১৯৫২), অলকানন্দা (১৯৬৭), সাগৰ দেখিছা (১৯৪৫), সাগৰ তলিৰ শঙ্খ (১৯৯৪), ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য (১৯৮৯), ৰঙাজিঁয়া (১৯৭৮), চৰাই শামুক আৰু নক্ষত্ৰ (১৯৮৫) আৰু স্তব্ধতাৰ কণ্ঠস্বৰ (১৯৮৮)।  তদুপৰি প্ৰতিটো সংখ্যাতে যথেষ্ট সংখ্যক অসমীয়া আৰু ইংৰাজী কবিতাৰ লগতে, কবি এগৰাকীৰ লেন্সেৰে চালে নতুন এক সৃষ্টিশীল ৰূপত দেখা পোৱা কেতবোৰ বিশেষ বিষয় নিৰ্বাচন কৰি সমাসাময়িক বহুকেইগৰাকী কবিক কবিতাৰ একো একোটা সংখ্যাত লিখিবলৈ দিয়া হৈছিল। উদ্দেশ্য আছিল বিষয়টো আন এক ধৰণে পঢ়ুৱৈৰ সমুখত তুলি ধৰা। তেনে বিষয়সমূহ আছিল : ‘গুৱাহাটীৰ কবিতা, কবিতাৰ গুৱাহাটী’ (প্ৰথম সংখ্যা), ‘নাৰী আৰু কবিতা’ (দ্বিতীয় সংখ্যা), ‘কবিতাৰ ঘৰ’ (তৃতীয় সংখ্যা) আৰু ‘কাব্য-শিল্প-কৌশল’ (ষষ্ঠ সংখ্যা)। বিষয়-বৈচিত্ৰ্যৰ বাবে কবিতাৰ পঢ়ুৱৈ ক্ৰমবৰ্ধমান হৈছিল আছিল, সঁহাৰিও অভাৱনীয় আছিল।  

আলোচনীখনৰ প্ৰকাশ কিয় বন্ধ কৰিবলগীয়া হ’ল?

মই তেতিয়া চাকৰি কৰি আছিলোঁ। গুৰুত্বপূৰ্ণ দায়িত্বত থকা বাবে ব্যস্ততা বাঢ়িছিল। কবিতাখন নিয়মীয়াকৈ প্ৰকাশৰ বাবে সময়ে সহযোগিতাও কৰা নাছিল। মনটো আছিল যদিও কামবোৰ সময়মতে আৰু মনোযোগেৰে কৰিবলৈ সময় পোৱা নাছিলোঁ। সকলোতকৈ ডাঙৰ কথাটো আছিল বিপণনৰ কথাবোৰত অধিক সোমাই পৰিব লগা হোৱাতো। একেজন মানুহেই সম্পাদনা আৰু বিপণন– দুয়োটা কাম সমান দক্ষতাৰে কৰিব পাৰিব বুলি বা কৰিবলৈ ভাল পাব বুলি ভবাটো সঙ্গত নহয়। বিপণনৰ কথা-বতৰাবোৰৰ সৈতে জড়িত হৈ আলোচনী এখনৰ সম্পাদনাৰ দায়িত্ব ল’বলৈ মোৰ সদায় অনীহা।

তথাপি বাধ্যতামূলকভাৱে কথা গুৱাহাটীৰ সময়তো বিপণনৰ কাম-কাজবোৰ চোৱাচিতা কৰিব লগা হৈছে, কাৰণ আলোচনীখন কথাৰ চালিকাশক্তি। সম্প্ৰতি কথা গুৱাহাটীখন পুনৰ প্ৰকাশৰ কথা মনলৈ আহিছে যদিও ভাবিছোঁ, কথাৰ যিসকল পঢ়ুৱৈয়ে একান্তভাৱে আলোচনীখন পঢ়িম বুলি আগতে জনায় তেওঁলোকৰ বাবেহে আলোচনীখন কৰিম। শিল্প-সাহিত্যৰ সৈতে অন্তৰঙ্গ সম্পৰ্ক এটা থাকিলেই যে সেইবোৰ পণ্যৰ দৰে আনে নছপোৱাৰ বাবে নিজৰ পছন্দমতে ছপাই প্ৰকাশ কৰি বিক্ৰী কৰি ফুৰিব লাগিব কি কথা আছে–– এইখিনি মোৰ কথা নহয়, কবি অজিৎ বৰুৱাৰ। সেয়েহে তেওঁ নিজৰ প্ৰথম কবিতা-সংকলনখন নিজৰ ৰুচিমতে ছপাই প্ৰথম মুদ্ৰণৰ এশটা কপি তেওঁ ভাল পোৱা এশজন পঢ়ুৱৈক বিলাই দিছিল। আজিৰ এই মহঙা দিনত অজিৎ বৰুৱাৰ দৰে বিলাই নিদিয়ো আগ্ৰহীসকলে ভগাই ল’ব নোৱাৰোঁ জানো, প্ৰায় উৎপাদন মূল্যখিনি দি? কথাক মই কেতিয়াও সম্পূৰ্ণকৈ এটা ব্যৱসায়িক প্ৰতিষ্ঠান বুলি আৰম্ভও কৰা নাছিলোঁ, এতিয়াও সেইবুলি নাভাবোঁ। অৰ্থ যদিও আজিৰ এই পৃথিবীখনত সকলো কামৰ বাবে প্ৰথম প্ৰয়োজন, তথাপি সকলো কাম অৰ্থসৰ্বস্ব নহয়। এটা কথা ঠিক কথাকো মই কবিতাৰ দৰেই ভাল পাওঁ। কথাৰ জৰিয়তে অসমীয়া সাহিত্যৰ সমৃদ্ধিৰ বাবে মোৰ ভাল লগা বহু কাম কৰিবলৈ মই ৰাজী। আদৰ্শবাদী চিন্তাধাৰাৰে নহয়। মোৰ সামৰ্থৰে। মোক এনে এচাম লেখক-পঢ়ুৱৈ লাগে যাৰ বাবে আমি বাস কৰা এই পৃথিবীখন ‘পৃথিৱী’ হৈ থাকে।

আজি প্ৰায় দুটা দশকৰ পিছত আলোচনীখন পুনৰ প্ৰকাশ কৰাৰ চিন্তা মনলৈ নাহে নে?

মনলৈ এনে এটা ভাব নিশ্চয় আহে কবিতাৰ এখন বা দুখন ভাল আলোচনী বৰ্তমান ওলাই থকা হ’লে ভাল আছিল। কাৰ্যত এনে হোৱা হ’লে নতুনকৈ কবিতা লিখাসকলে অসমীয়াত লিখা কিছু বছা বছা কবিতাই নহয় কবিতাৰ সৈতে জড়িত বিভিন্ন বিষয়বোৰৰ সৈতে, কবিতাৰ সৃষ্টিপ্ৰক্ৰিয়া সম্পৰ্কে, কবিতাৰ অন্তৰাল সম্পৰ্কে, দেশ-বিদেশৰ লেখক-কবিসকলৰ সমৃদ্ধ অভিজ্ঞতাসমূহৰ সৈতে  পৰিচিত হোৱাৰ সুযোগ পালেহেঁতেন।

কবিতা আলোচনীখন উলিওৱাৰ সময়ত কবিতাই মোৰ মন আৰু চিন্তা-ভাবনা যেনেদৰে গ্ৰাস কৰি আছিল, এতিয়া মানসিক অৱস্থাটো একে নহয়। এই কাম আনে কৰিলে হয়তো এতিয়া মই আনন্দিত হ’ম। কিন্তু কবিতা-বিষয়ক যিবোৰ কথা-বতৰা অসমীয়া আলোচনী এখনত পঢ়িবলৈ ভাল পাম সেইবোৰ কথা অতি সূক্ষ্মভাৱে আৰু আন্তৰিকতাৰে লিখিবলৈ আগ্ৰহী লেখক যথেষ্ট সংখ্যক ওলাব বুলি ভাব নহয়। মই ভাবোঁ যে এটা ভাষাত যিমানেই ভাল সাহিত্যালোচনী থাকে, সেই ভাষাৰ সাহিত্যৰ সিমানেই মঙ্গল। ভাল সাহিত্যালোচনী বুলি কওঁতে সাহিত্যালোচনীখনৰ সম্পাদনাৰ সৈতে জড়িত যোগ্য আৰু সমৃদ্ধ সাহিত্য-ব্যক্তিত্বৰ অধিকাৰী সম্পাদক আৰু অন্যান্য ব্যক্তিসকলৰ প্ৰসঙ্গটোও সমানেই গুৰুত্বপূৰ্ণ। 

সাম্প্ৰতিক সময়ত অসমত কবিতা-আলোচনী এখনৰ চৰিত্ৰ কেনে হোৱা উচিত বুলি ভাবে?

অধ্যয়নৰপৰা স্থূtল আমোদ নিবিচৰা শিক্ষিত পঢ়ুৱৈ এগৰাকীয়ে কবিতা আলোচনী এখনত কবিতাৰ সকলোবোৰ কৌতূহলী আৰু সৃষ্টিশীল কথা-বতৰাবোৰৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিব।  গণতান্ত্ৰিক সমাজৰ ক্ৰমবিকাশৰ লগে লগে কবিতাও এতিয়া এবিধ পণ্য হৈ পৰিছে। সেয়েহে আজিৰ এই পণ্য সংস্কৃতিৰ জগতখনত পঢ়ুৱৈয়ে কেৱল শিক্ষিত বা সংস্কৃতিবান হোৱাৰ প্ৰয়োজনত পঢ়ে বুলি ভাবিলে ভুল হ’ব। বহল দৃষ্টিভঙ্গীৰে নিৰ্দিষ্ট  চৰিত্ৰ এটা সংৰচনা কৰি ল’লেও আলোচনীখনত প্ৰকাশিত লেখাসমূহে মানৱ জীৱনৰ দৈনন্দিন ঘটনাৱলীকে ধৰি বৃহত্তৰ সমাজৰ বাস্তৱ আৰু আত্মিক জগতখন তুলি ধৰিব পাৰিলে  কবিতা  সাধাৰণ পাঠকৰ অধিক কাষ চাপি যাবলৈ সক্ষম হ’ব। সেয়েহে  কবিতা আলোচনী এখন প্ৰকাশৰ সিদ্ধান্ত কৰোঁতে ইয়াৰ উদ্দেশ্যটো হ’ব লাগে মূল কথা। তোমালোকে অনলাইনযোগে প্ৰকাশ কৰা এই কবিতা-আলোচনীখনৰ পৰিৱৰ্তে এই আলোচনীখনেই যদি মুদ্ৰিত ৰূপত প্ৰকাশ কৰা হয় সিদ্ধান্তবোৰ নিশ্চয় বেলেগ ধৰণে ল’ব লাগিব। কেৱল মহৎ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই কাম কৰিবলৈ গ’লে বাণিজ্য-সফলভাৱে এই কাম কৰি থাকিব পৰা নাযাব। দুয়োটাৰ সন্তুলিত অৱস্থা এটাৰ কথা ভাবি থাকিলেও কামটো নিসিজিব। শেহত হঠাতে মনলৈ অহা কথা এটা কওঁ,  কবিতা সম্পৰ্কে প্ৰায় সকলোখিনি ধ্যান-ধাৰণা, জ্ঞান-অভিজ্ঞতা থকা বৰ্তমান সময়ৰ কুৰি-পঁচিছগৰাকীমান লেখক-কবি-সমালোচকক আলোচনীখনৰ লেখক হিচাপে বিশেষভাৱে জড়িত কৰি ছপা আকাৰত কেৱল শিক্ষিত কাব্যৰসিকৰ বাবে যদি এখন কবিতা-আলোচনী প্ৰকাশৰ পৰিকল্পনা কৰা হয়, তেন্তে  ভাল আলোচনী এখনৰ জন্ম হ’ব পাৰে।  সাধাৰণ পঢ়ুৱৈয়ো সেইখনৰ পৰা প্ৰভূতভাৱে উপকৃত হ’ব বুলি ভাবিব পাৰি। সম্পাদকগৰাকী আৰু সম্পাদনাৰ সৈতে জড়িতসকল যিমানেই ৰুচিশীল আৰু অভিজ্ঞ হ’ব আলোচনীখনৰ গুৰুত্ব সিমানেই  বাঢ়িব। অনলাইনযোগে প্ৰকাশিত আলোচনী এখনৰ পৰিৱৰ্তে মুদ্ৰিত আলোচনী এখনৰ প্ৰতি মোৰ আকৰ্ষণ সদায় অত্যধিক।

4 thoughts on “প্ৰসংগ ‘কবিতা’ আলোচনী

  1. শোনিত বিজয় দাস ছাৰ এগৰাকী সমৃদ্ধিশালী লেখক সাহিত্যিক ৷ অসমীয়া সাহিত্য জগতত তেখেতৰ উল্লেখনীয় কামবোৰৰ আৰু কিছু আভাস পালোঁ ৷ কথাৰ লগতে PWF ৰ উন্নতি কামনা কৰিলোঁ ৷

  2. মাননীয় সঞ্জীৱ সভাপণ্ডিতে ভবা ধৰণে মোৰো ভয় নলগা নহয়। কিন্তু কবিতা আৰু জীৱনৰ বিশাল পৰিধিক কোনোবাইতো আগুৱাই নিবলৈ চেষ্টা কৰিব লাগিব। আজি মানৱসমাজত পদে পদে ভূলুণ্ঠিত হয় মানৱতা। আজি ই আটাইতকৈ সহজ পণ্য। কিন্তু অকল সেইয়া বুলি ভাবিলে মানৱতাৰ উত্তৰণ জানো সম্ভৱ ?।

  3. কাব্যিক গদ্যৰ কথোপকথন খিনি পঢ়ি মন ভৰি গ’ল।

  4. অতি সুন্দৰ কথাখিনি ৷ কিন্তু কবিতাৰ বিফলতা নে আমাৰ বিফলতা নাজানো-বাস্তবে ভাল সাহিত্যৰসিক সৃষ্টি কৰিব পৰা নাই দেখোন ! সৰহভাগ মানুহ কি যে অসংবেদনশীল হৈ পৰিছে -ভয়েই লাগিবলৈ লৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *