navakanta barua sketch

ফিনিক্সৰ জন্ম-যন্ত্ৰণা

নৱকান্ত বৰুৱা

এই, এইমাত্ৰ মই মোক জ্বলাই দিলোঁ
জ্বলাই দিলোঁ মোৰ প্ৰাচীন ডেউকা
যি ডেউকাৰে মই আৰু উৰিব নোৱাৰিছিলোঁ
ঢপঢপনিৰে কেৱল বতাহ কোবাইছিলোঁ—বতাহ
আৰু জগাই তুলিছিলোঁ বিদ্ৰূপ আৰু হা-হুতাশ

জ্বলাই দিলোঁ মোৰ হেজাৰ বছৰীয়া ৰাজহাড়
য’ৰ পৰা ওলাইছিল অসংখ্য থুনুকা
কামিহাড়ৰ ঠেঙুলি
নিঃশেষ হৈ গৈছিল যাৰ মজ্জাৰ ৰস।

জ্বলাই দিলোঁ মোৰ প্ৰাচীন হৃৎপিণ্ড
বন্ধ ঘড়ীৰ দৰে যি ৰৈ আছিল
এটা চিৰন্তন অৰ্থহীন বৰ্তমানত।

জ্বলাই দিলোঁ স্থানু অহমিকাৰ মেদত পোত খোৱা
মোৰ স্থবিৰ প্ৰজ্ঞা।
কি আত্মঘাতী আনন্দত জ্বলি উঠিছে
মোৰ অথৰ্ব স্নায়ুমন্থিত দেহৰস
মোৰ আপোন চিতাভস্মৰ আখৰেৰে, ভাবিছিলোঁ,
লিখা হ’ব পানীত পিতাৰ নাম
মোৰ আপোন চিতাভস্মৰ সাৰেৰে, ভাবিছিলোঁ
সাৰুৱা হ’ব ভৱিষ্যতৰ স্বপ্ন-খেতি—।
মইতো জনা নাছিলোঁ
ময়েই মোৰ একমাত্ৰ পিতা
আৰু ময়েই মোৰ একমাত্ৰ সন্তান
(এই, এইমাত্ৰ মই মোক জ্বলাই দিলোঁ, জ্বলাই দিলোঁ)

এক বিচিত্ৰ পোহৰৰ চমকনিত মই দেখা পালোঁ
মোৰ চিতাৰ, মোৰ পিতাৰ ছাঁ
এক বিচিত্ৰ মৃত্যুৰ শীতলতাত মই উমান পালোঁ
মোৰ ইন্ধনৰ, মোৰ সন্মানৰ
তেজৰ উম

মোৰ জন্ম হ’ল
মোৰ জন্ম হ’ল।

Click here to read an English translation of the poem.

One thought on “ফিনিক্সৰ জন্ম-যন্ত্ৰণা

  1. I am not a regular reader, just an occasional visitor. Found the poem ফিনিক্সৰ জন্ম যন্ত্ৰণা and read your translation. I am so impressed, if not amazed by the absolute quality of your translation. Great. I perhaps will continue to find you iif I continue to read .

Leave a Reply

Your email address will not be published. Required fields are marked *