ধাৰৰ বোজা লৈ একেৰাহে ওঠৰ বছৰ প্ৰকাশ পোৱা কবিতা-আলোচনীখন

দুৰ্গেশ্বৰ দত্ত

পান্থপাদপ প্ৰকাশৰ সময় আছিল ১৫ মাৰ্চ ১৯৭৯ চন। আলোচনীখন পষেকীয়া আছিল। সেই সময়ত মোৰ দেশ নামৰ দুমহীয়া সাহিত্য আলোচনীখনো মোৰ উদ্যোগত চলি আছিল। মোৰ দেশ প্ৰকাশ হৈছিল মাৰ্চ, ১৯৭৬ চনত। বন্ধ হৈছিল মাৰ্চ, ১৯৮০ চনত। এইখন আলোচনী একান্তভাৱে সাহিত্যৰ আলোচনী আছিল। ‘হেম বৰুৱা সংখ্যা’, ‘বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য সংখ্যা’কে প্ৰমুখ্য কৰি আলোচনীখনৰ বহুকেইটা বিশেষ সংখ্যা প্ৰকাশ কৰিছিলোঁ। আলোচনীখনৰ সাধাৰণ সংখ্যাৰ মূল্য আছিল এটকা আৰু বিশেষ সংখ্যাৰ মূল্য আঢ়ৈ টকা আছিল।

লগতে পঢ়ক— চেনীৰাম গগৈৰ ‘‘পান্থপাদপ’ – এখন ক্ষুদ্ৰ কবিতা-আলোচনীৰ নাম’

ইয়াৰ মাজতে প্ৰকাশ কৰিছিলোঁ পান্থপাদপ। পোন্ধৰদিনীয়া আছিল আলোচনীখন। মূল্য প্ৰথম বছৰৰ প্ৰতি সংখ্যাত ০.৫০ টকা (পঞ্চাছ পইছা) আছিল। পাছত এটকা কৰা হৈছিল। আলোচনীখন 1/8 ডাবল ক্ৰাউন আকাৰৰ আছিল। পৃষ্ঠা সংখ্যা আছিল ২০। পাছৰ ফালে আলোচনীখনৰ মূল্য বৃদ্ধি কৰি দুটকা কৰা হৈছিল। পান্থপাদপৰ ভালেমান বিশেষ সংখ্যা প্ৰকাশ হৈছিল। পান্থপাদপ একান্তভাৱেই কবিতা সম্পৰ্কীয় লেখাৰে পুষ্ট আছিল। প্ৰথমটো সংখ্যাৰ সম্পাদকীয়ত কৈছিলোঁ, “পান্থপাদপৰ জন্ম একান্ত কবিতাৰ বাবেই। অসমীয়া সাহিত্যৰ ধাৰাল সুঁতিলৈ এই কবিতাৰ পষেকীয়াখনি এটা মাথোঁ সামান্য বিনীত সংযোজনহে। অসমীয়া কবিতাৰ বজাৰ মন্দা বুলি যি এটা অপবাদ প্ৰচলিত আছে, সেই কথাৰে সত্যাসত্য পান্থপাদপে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব। অসমীয়া কবিতাৰ প্ৰসাৰ বৰ লুইতৰ দৰে বিশাল আৰু বটবৃক্ষৰ শিপাৰ দৰে গভীৰ। সেই কথা পান্থপাদপে বোধহয় প্ৰমাণ কৰি দেখুৱাব পাৰিব।”

পান্থপাদপত কবিতা আজিলৈকে যিমান প্ৰকাশ পালে, তাতকৈয়ো অধিক স্থানাভাৱত প্ৰকাশ হোৱা নাই। নিৰ্মোহ আৰু বস্তুনিষ্ঠ আলোচনা নোহোৱাৰ ফলত নবীনসকল অনুপ্ৰাণীত হ’ব পৰা নাছিল। কিন্তু সুখৰ কথা যে এতিয়া এটা সুস্থিৰ অৱস্থালৈ অসমীয়া কবিতাই পৰ্বান্তৰ কৰিব পাৰিছে। তথাপি কবিতাৰ পৰিসৰ এতিয়াও বৃত্তৰ সীমাতে আবদ্ধ। এই সীমা ভাঙি কবিতাক জনসাধাৰণৰ মাজলৈ আনিবলৈ পান্থপাদপে চেষ্টা কৰিছিল।

পান্থপাদপ মনৰ জোৰত প্ৰকাশ হোৱা এখন আলোচনী আছিল। এপইছাও হাতত নোহোৱাকৈ মোৰ দেশৰ সমান্তৰালকৈ প্ৰকাশ কৰিবলৈ লোৱাটো, এতিয়া ভাবিছোঁ বলিয়ালিয়েই আছিল। পান্থপাদপৰ প্ৰথম সংখ্যাটো তিনি হাজাৰ কপি ছপোৱা হৈছিল। মাজতে পাঁচ বছৰ মান পান্থপাদপৰ কপি ছয় হাজাৰলৈ উঠিছিল। পাছৰ ফালে দুহেজাৰলৈ কমাই অনা হৈছিল। খৰচৰ জোৰা মাৰিব নোৱাৰি। ১৯৯৭ চনৰ মাৰ্চ মাহৰ বন্ধৰ সময়ত শেহৰটো সংখ্যা পোন্ধৰশ কপিহে ছপা কৰিছিলোঁ। শেহৰ সংখ্যাটোৰ এহেজাৰতকৈ অধিক কপি বিনামূলীয়াকৈ দিছিলোঁ এজেন্সীক। এনেকুৱা কিছু মৰসাহ দেখি পত্নী অণিমা দত্তই মূৰে-কপালে হাত দি একো নোকোৱাকৈ মোৰ মুখলৈ চাই থকা মুখখন এতিয়াও পাহৰা নাই। কাৰণ তেওঁৰ দৰ্মহাৰ টকা প্ৰায় প্ৰতিটো সংখ্যাতে খৰচ কৰিছিলোঁ। কৈছিলোঁ, “তোমাক সূতে-মূলে এদিন ঘূৰাই দিম।” ঘূৰাই দিয়া নহ’ল। নুখুজিলেও অৱস্থা দেখি। কিন্তু মই প্ৰতিটো সংখ্যা ওলাবৰ দিনা এজন ৰজাৰ দৰে আছিলোঁ। আচৰিত কথা হ’লেও সত্য যে পান্থপাদপত লিখা কোনো এজনো লেখকে মাননী বিচৰা নাছিল। দিয়াও নাছিলোঁ। কিন্তু লেখকক কপি পান্থপাদপ ওলাবৰ দিনাই দিছিলোঁ। বহুত ধাৰৰ বোজা লৈ পান্থপাদপ বন্ধ হৈছিল। ধাৰখিনি কেইমাহমানৰ ভিতৰতে মাৰিছিলোঁ। তাৰপিছত আৰু কিবা এনে আত্মঘাতী কাম কৰাৰ ইচ্ছা আছিল, কিন্তু কিছুমান নতুন দায়িত্বই পথটো আগচি ধৰিলে।পান্থপাদপ প্ৰকাশৰ মূল উদ্দেশ্য আছিল নতুন কবিসকলক কবিতা-চৰ্চাৰ এখন মুকলি চোতাল তৈয়াৰ কৰি দিয়া। ইয়াৰ ফলত পান্থপাদপে ওঠৰ বছৰীয়া জীৱনকালত বহু নতুন কবিক অসমীয়া সাহিত্যৰ পথাৰলৈ উলিয়াই আনিবলৈ সক্ষম হৈছিল।

[লেখক এগৰাকী কবি। গায়ত্ৰী সেন ছদ্মনামত তেওঁ কেইবাখনো কবিতা-সংকলন প্ৰকাশ কৰিছে। কবিতা দত্ত ছদ্মনামত তেওঁ মোৰ দেশ আৰু পান্থপাদপ সম্পাদনা কৰিছিল।]

One thought on “ধাৰৰ বোজা লৈ একেৰাহে ওঠৰ বছৰ প্ৰকাশ পোৱা কবিতা-আলোচনীখন

  1. হয়, পান্থপাদপৰ সকলো কবি এতিয়া প্ৰতিস্থিত। ইয়াৰ কবিতা ৰ মান বহু উচ্চ আছিল। পুৰণি সংখ্যা কেইটামান হে থাকিল তাকে কেতিয়াবা এতিয়াও চাও।
    পাৰিলে সকলো সংখ্যা আকৌ ডিজিটেলাইজ কৰি সংৰক্ষণ কৰিলে ভাল হয়।
    নামৰূপত ইয়াক পোৱা নগৈছিল বাবে ডিব্ৰুগড়ৰ পাৰ্থসাৰথি ৰ পৰা ইয়াক সংগ্ৰহ কৰিছিলোঁ মোৰ পঢ়া দিনত। বৰ আগ্ৰহেৰে ৰৈ আছিলোঁ নতুন সংখ্যা লৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *