কুমাৰ বিভূতি
‘ৰঙাজিয়া’-খ্যাত মহিম বৰা আধুনিক অসমীয়া সাহিত্যৰ এজন অত্যন্ত প্রভাৱশালী লেখক। গল্পকাৰ-কবি অথবা এজন কবি গল্পকাৰ। বিশ্ব সাহিত্যৰ শ্ৰেষ্ঠ সম্পদসমূহৰ লগত তুলনাযোগ্য অসাধাৰণ কেইবাটাও গল্প মহিম বৰাৰ স্বতঃস্ফূর্ত প্রতিভাৰ প্ৰকাশ। নগাঁৱৰ কলিয়াবৰ অঞ্চলত তেওঁৰ শৈশৱ। গ্রাম্য পৰিৱেশৰ সৈতে নিবিড়তা আৰু নৈকট্য মহিম বৰাৰ জীৱনৰ সমৃদ্ধি আৰু বিকাশৰ লগত গভীৰভাবে সম্পৃক্ত। এই জীৱনটোক তেওঁ বেলেগকৈ আৰু চাব নালাগে । নিজেই ডাঙৰ হৈ অহা মহিম বৰাৰ ব্যক্তিগত জীবন এক গভীৰ আনন্দ আৰু বেদনামিশ্রিত জীৱন। অনেক সময়ত অতিশয় ব্যক্তিগত। জীৱন আৰু চৌপাশৰ পাৰিপার্শ্বৰ সৈতে নৈকট্য তেওঁৰ বাবে অকৃত্রিম আৰু অভিন্ন। সেয়ে জীৱন আৰু সাহিত্য উভয়ৰে তেওঁ এজন আধুনিক সাধক। মহিম বৰাৰ জন্ম শোণিতপুৰ জিলাৰ এখন চাহবাগিচাত । প্রাথমিক শিক্ষা নগাঁৱৰ কলিয়াবৰ অঞ্চলৰ হাটবৰ প্রাইমেৰী স্কুলত। কুঁৱৰীটোল এম.ভি., কলিয়াবৰ হাইস্কুল এৰি নগাঁৱলৈ অহালৈকে মহিম বৰাৰ মূল শিপাডাল এই সমগ্ৰ অঞ্চলটোতে দ-কৈ প্রোথিত।
সংখ্যাৰ লেখেৰে তেনেই তাকৰ কবিতা লিখি অসমীয়া কাব্য সাহিত্যত এক সুকীয়া আসন ল’বলৈ সক্ষম হোৱা মহিম বৰাৰ পঢ়ুৱৈ সমাজত কিন্তু সহজাত পৰিচয় চুটি গল্প লেখক হিচাপেহে । গল্পকাৰ মহিম বৰাজনক সৃষ্টিৰ ক্ষেত্ৰত কবি মহিম বৰাৰ অৰিহণা যথেষ্ট পৰিমাণে আছে। মহিম বৰা যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ দ্বিতীয় পৰ্বটোৰ অৰ্থাৎ পঞ্চাছৰ দশকৰ কবি। মনন আৰু আৱেগৰ সংশ্লেষণত সৃষ্টি সংহতি মহিম বৰাৰ কবিতাত অনুভূত নহ’লেও তেওঁৰ কবিতাতো ৰোমাণ্টিক স্বভাৱ কবিৰ কুল লক্ষণস্বৰূপ আৱেগৰ অসংবৃত উচ্ছ্বাস প্রকটভাৱে প্ৰকাশ নোহোৱাকৈ থকা নাই। উল্লেখ্য যে ‘মাছ’ কবিতাটোত জীৱনৰ বিস্তৃতি বা সম্ভাৱনাৰ প্ৰতি এক বিশ্বাস ফুটি উঠিছে, সংশয় নাই। উদাহৰণ স্বৰূপে ‘তথাপি অমৰ হে মাছ ! হে চিৰন্তন মাছ!’ সেই ফালৰপৰা ‘মাছ’ কবিতাটোৱে আধুনিকতাৰ পৰিৱৰ্তে ৰোমাণ্টিক চেতনাৰ ফালেহে অধিক গতি কৰিছে। আধুনিকতাৰ মূল ভিত্তি যিহেতু সংশয়, বিশ্বাস নহয়। মহিম বৰাৰ চাৰিটা কালজয়ী কবিতাৰ অন্তৰ্গত ‘মাছ’ শীৰ্ষক কবিতাটোৱে এক বিশেষ তাৎপর্য বহন কৰিছে। প্ৰাণৰ বিস্তৃতি আৰু তাৰ অস্তিত্বৰ ৰহস্যক কেন্দ্ৰীয় সুৰ হিচাপে কবিতাত স্থিতি লোৱাবলৈ প্ৰয়াস কৰা মহিম বৰাৰ সৃষ্টিশীলতাৰ বাবে প্ৰকৃতিৰ সৈতে সংলগ্নতা এটা এৰাব নোৱৰা অৱস্থা। পাঁচ দশক জুৰি কবিতা লিখি অহাৰ পাছতো কবি মহিম বৰাৰ কবিতাৰ সংখ্যা কম হোৱা কথাটোৱে আমাক এটা কথা ভাবিবলৈ বাধ্য কৰে যে কবিয়ে কবি বৃত্তিটোক কিছু দূৰ যেন ব্রাত্য কৰি ৰাখিছিল। মহিম বৰাৰ গল্পৰ ভৰ কবিতাসমূহতকৈ বহুগুণে বেছি। গল্পৰ কাহিনীসমূহৰ আঁৰত লুকাই থকা খলপা-খলপ ৰূপকল্প, ৰহস্যময়তাৰ মাজে মাজে জাকি মাৰি উঠা গোট গোট কবিতাসমূহৰ বাবে মন্ত্ৰমুগ্ধ নহৈ নোৱাৰি। চিত্ৰকল্প আৰু উপমা প্ৰয়োগৰ ক্ষেত্ৰত মহিম বৰাৰ দক্ষতা আছে। কবিৰ এই দিশটোৰ প্ৰতি দৃষ্টি ৰাখি হীৰেন্দ্ৰনাথ দত্তই এনেদৰে কৈছে— ”মহিম বৰাক এজন সুকবি বুলি ক’ব লাগিব এই কাৰণেই যে উপমা আৰু চিত্ৰকল্পবোৰৰ সংগতি ৰাখি বিশিষ্ট ভাৱে স্বকীয় প্ৰকাশ ভংগীৰ জৰিয়তে খাটি অভিজ্ঞতা একোটা পৰিষ্কাৰকৈ তেওঁ প্ৰকাশ কৰিব পাৰে।” কবিগৰাকীৰ উল্লেখনীয় চাৰিটা কবিতাৰ ভিতৰত ‘মাছ’ৰ ব্যঞ্জনা-বৈচিত্র্য বিৰল। বিশ্ব সাহিত্যত বিভিন্ন ব্যঞ্জনা প্ৰকাশৰ নিমিত্তে মাছ প্রতীক হিচাপে বিভিন্নজনে ব্যৱহাৰ কৰিলেও মহিম বৰাৰ ‘মাছ’ প্রতীকটোৰ দ্যোতনা সম্প্ৰসাৰিত হৈ উঠিছে। কবি মহিম বৰাই ‘মাছ’ কবিতাত স্বপ্নময় বর্ণিল জীৱনক নানাৰঙী সুন্দৰ আৰু অজেয় মাছ প্ৰজাতিৰ প্ৰতীকেৰে সুন্দৰকৈ বৰ্ণাইছে। বর্ণনা যেনে স্বপ্নময়, বর্ণময় কবিতাৰ ছন্দত তেনে ব্যঞ্জনাময়। যিহেতু ‘মাছ’ শব্দটোৱে কবিতাটোৰ অন্তর্নিহিত তাৎপর্যখিনিৰ প্ৰতীকী অর্থ বহন কৰিছে। গতিকে ‘মাছ’ৰ ভিতৰসুৰীয়া কথাবোৰ বৰ অর্থবহ। মহিম বৰাৰ জলগোন্ধময় কবিতা ‘মাছ’ পঢ়াৰ পাছত নদীয়ালে কলৰ ভূৰত জল দেৱতাক যচা দি তেওঁকো ফল-মূল, মাহ-চাউল, ধূপ-দীপ, তামোল-পাণেৰে পূজা এভাগ আগবঢ়াবলৈ মন যায়। পানীৰ লগত মহিম বৰাৰ সম্পৰ্ক আজন্ম। তাহানিতে মাকৰ পেটত লালুকীৰ দৰে সাঁতুৰি থকাৰ সময়ৰে পৰা তেওঁ যেন পানীৰ তলিৰ অপাৰ ৰহস্যৰ সন্ধান কৰিছে। মহিম বৰাৰ ‘টোপ’ অথবা ‘মাছ আৰু মানুহ’ এই অবিস্মৰণীয় গল্প দুটাৰ বহু অংশ জুৰি যেনেকৈ ন-পানীৰ দৰে উপচি আছিল মৎস্য চিকাৰৰ অলেখ কথা, যেনেকৈ গল্পৰ শাৰীবোৰৰ মাজেৰে বৈছিল মাছৰ দৰে নিঃকিন জীৱৰ পতি দৰদৰ নিজৰা, তেনেকৈ তেওঁৰ ‘মাছ’ কবিতাটোত সিক্ত হৈ উঠিছে মৎস্য চিকাৰৰ কৰুণ বৰ্ণনাৰে। খেৱালি, টাঙনি, পৰালি, টনি, কাঠী, ঢেঁকী, আঙঠা, ঘোকোটা আদি বিবিধ মৰণ-জালেৰে নতুবা পল, জাকৈ, জুলুকি, চেপা, দলঙা, খোকা, ডিঙৰা আদি অগণন মৰণ ফান্দেৰে অথবা ফুল, বৰ, টামচিং বৰশীৰে পেলোৱা শত ৰকমৰ মৰণ টোপেৰে ৰক্তিম হৈও মাছ অমৰ, চিৰন্তন। সেই বাবে কবিৰ মাছ হৈ পৰিছে অন্তহীন সংগ্ৰামৰ প্ৰেৰণা, হৈ পৰিছে স্বপ্ন, সাধনা আৰু সৃষ্টিৰ প্ৰতীক। মাথোঁ সেয়াই নহয় কবিতাটোত অজস্ৰ মৃত্যুৰ মাজেৰে মাছ যেনেকৈ হৈ পৰিছে অমৰত্বৰ প্ৰতীক, তেনেকৈ হৈ পৰিছে সোঁতৰ বিপৰীতে আগুৱাই যোৱা কর্মময় গতিশীল জীৱনৰ আদৰ্শস্বৰূপ। কবিতাটোৰ অন্তিম স্তৱকৰ ‘জন্মৰে ৰঙীন’ আৰু প্ৰথম স্তৱকৰ ‘কামনা ৰঙীন’ এই উক্তি দুটাই মাছৰ লগত প্ৰজননৰ নিবিড় সম্পৰ্কৰ কথা সোঁৱৰাই দিয়ে। মাছ সৃষ্টিৰ, সৃজনীমূলক ক্ষমতাৰ প্ৰতীক।
মহিম বৰাৰ কবিতাত মাছ জীৱনৰ অসীম সম্ভাৱনাৰ প্ৰতীক। তেওঁৰ সাহিত্যকৰ্মত মাছ প্ৰতীকটোৰ পুনঃপৌনিক প্ৰয়োগে ইয়াক বিচিত্ৰ ব্যঞ্জনাৰে ঐশ্বৰ্যময়তা দান কৰিছে। বিশ্ব সাহিত্যত বিভিন্ন ব্যঞ্জনা প্ৰকাশৰ নিমিত্তে মাছ প্ৰতীক হিচাপে ব্যৱহৃত হোৱাৰ দৃষ্টান্ত অসংখ্য। যথা- মে’লভিলৰ (Melville) মবি ডিক(Moby Dick)ত মাছ অশুভ শক্তিৰ প্ৰতীক, হেমিংৱেৰ (Hemingway) অ‘ল্ড ম্যান এণ্ড দ্য ছীত মাছ জীৱন-যুদ্ধৰ প্রতীক, ইউজিনো মনতালে’ৰ (Eugenio Montalc) কবিতাত বামী মাছ (Eel) শৌর্য আৰু সৌন্দৰ্যৰ প্ৰতীক হিচাপে ব্যৱহৃত। কিন্তু মহিম বৰাৰ ‘মাছ’ প্রতীকটোৰ ব্যঞ্জনা-বৈচিত্র্য বিৰল। এই কবিতাটোত অভিব্যক্ত প্রতীকী দ্যোতনাৰ সমধর্মী ব্যঞ্জনা য়ে’টছৰ কবিতাত পোৱা যায়। কবিতাটোৰ দ্বিতীয় স্তৱকটো—
''উৰন্ত ফিচাৰে ঢাকি সাগৰৰো বিৰাট বিস্তৃতি পৰ্বতৰ টিং চুমা ঢৌকো নেওচি হে চিৰন্তন কামনা ৰঙীন সৃষ্টিৰ প্ৰথম সন্তান।...''
পঢ়িলে আমাৰ মনলৈ আহে যে য়ে’টছৰ ‘Sailing to Byzantium’ নামৰ কবিতাটোৰ কেইটামান শাৰী—
The Salmon-falls, the mackerel-crowed seas, Fish, flesh, or fowl commend all summer long Whatever is begotten, born and dies.
য়ে’টছৰ এই কবিতাটোত ছ্যাম্যান আৰু ম্যাক্ৰল মাছৰ তেলেতীয়া (Oily) গুণটোৱে ভোগ-বাসনা-কামনাৰ ব্যঞ্জনা প্ৰকাশ কৰে। ছ্যা’ম্যান মাছৰ জলপ্ৰপাত পাৰ হৈ আহিব পৰা ক্ষমতাৰ কাৰণেই ই যৌৱনৰ শৌৰ্যৰ প্ৰতীক। অন্যহাতে ম্যাক্ৰল মাছ বামত তোলাৰ পাছত অতি সোনকালে গেলিবলৈ আৰম্ভ কৰে কাৰণে ই কামনাৰ ক্ষণভংগুৰতাৰ (Transience of Sensuality) দ্যোতক। অৱশ্যে য়েটছৰ কবিতাত মাছ জীৱনৰ চিৰন্তনতাৰ প্রতীক হ’ব পৰা নাই (মহিম বৰাৰ কবিতা : প্ৰভাত বৰা)। আনহাতে ‘মাছ’ কবিতাটোৰ আঁৰৰ কথা সম্পৰ্কে কবি মহিম বৰাই নিজেই কৈছে এনেকৈ, ‘‘কবিতাটো বোধহয় ৬০ৰ দশকত লিখা। এইটো কবিতা ৰামধেনুত ওলাইছিল। সৰুৰে পৰা বৰশী, দলঙা, জুলুকী আদিৰে মাছ ধৰিছিলোঁ আৰু মাছৰ জীৱনক লৈ মোৰ কৌতূহল সৰুৰে পৰাই আছিল। বিয়াৰ পিছত আমি শহুৰৰ ঘৰলৈ যাওঁতে প্ৰায়ে নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হ’ব লগা হৈছিল। তেতিয়াও ব্ৰহ্মপুত্ৰৰ সৰু সৰু সুঁতিত জালুৱাই জালেৰে মাছ ধৰি থকা দেখিছিলোঁ। পিছত যেতিয়া ‘মাছ’ কবিতাটো লিখিলোঁ, তেতিয়া মই মাছক প্ৰতীক হিচাপেহে লৈছোঁ । পৃথিৱীত আজিলৈকে ইমান মাছ মৰিছে, কিন্তু মাছৰ বংশ শেষ হোৱা নাই। এই মাছ মানুহে খাইছে, জীৱ-জন্তুৱে খাইছে, চৰাই- চিৰিকটিয়ে খাইছে। নানা কৌশলেৰে মানুহে মাছ ধৰিছে, তথাপি ‘অমৰ’। এই মাছ মাছ হৈ নাথাকিল, মোৰ কল্পনাত সি মানুহৰ আদিম স্বপ্ন হৈ দেখা দিলে আৰু ই অনন্ত কালজোৰা স্বপ্ন। মানুহৰ জীৱনত এনে স্বপ্ন হাজাৰ-বিজাৰ মৰে, তথাপি মানুহে স্বপ্ন দেখিবই। জীৱনৰ শেষ মুহূৰ্তলৈকে এই স্বপ্নেৰে মানুহ জীয়াই থাকে। মই কোনোবা এটা সাক্ষাৎকাৰত কৈছিলোঁ যে টলষ্টয়ৰ সাধুখনত এটা সাধু আছে, ‘মানুহ কিহেৰে জীয়াই থাকে’, প্ৰেমেৰে। মই সেই কথাখিনি লৈও ক’ব খুজিছোঁ যে মানুহ জীয়াই থাকে স্বপ্নেৰে; প্ৰেমো সেই স্বপ্নৰে তলতীয়া । ভাৰতীয় শাস্ত্ৰীয় সাহিত্যত যিটো অৱতাৰবাদৰ ধাৰণা, তাত ভগৱানৰ প্ৰথম অৱতাৰ মাছ— মৎস্য অৱতাৰ; আৰু বিজ্ঞানৰ মতেও পানীত এমিবাৰ (Ameoba) ৰূপত প্ৰথম জীৱৰ সৃষ্টি হয় আৰু ক্ৰমবিকাশৰ ফলত আজি বিভিন্ন জীৱ মানুহকে ধৰি সৃষ্টি হৈছে। আমাৰ দশাৱতাৰত প্ৰথম দহটা অৱতাৰৰ ভিতৰত মৎস্য আৰু কুৰ্ম অৱতাৰত পানীৰপৰাই জীৱৰ সৃষ্টি হৈ পিছত পানী-বাম উভয়তে বিচৰণ কৰা এটা কল্পনা সোমাই আছে, মই নিজে ধাৰণা কৰি লৈছিলোঁ। মৎস্য অৱতাৰত ভগৱানে নিজৰ মায়া এনেকৈ দেখুৱাইছিল যে সত্যব্ৰত ৰজাই নৈত গা ধুই আহোতে তেওঁৰ কমণ্ডলুত এটা সৰু মাছ সোমাই আহিল আৰু ৰজাই আদৰ-যত্ন কৰি এটা পাত্ৰত থৈ দিলে। পিছদিনা মাছটো গোটেই পাত্ৰটো আবৰি ডাঙৰ হৈ গ’ল৷ আকৌ তাতকৈ ডাঙৰ পাত্ৰত থ’লে। এইদৰে ডাঙৰ হৈ যাওঁতে পুখুৰীত থ’লে আৰু শেষত তাতো ডাঙৰ হৈ যোৱাত সাগৰত থ’বলৈ নিলে। তেতিয়া মাছটোৱে তেওঁ যে ভগৱানৰ অৱতাৰ সেই কথা ক’লে আৰু পৃথিৱীখন পানীত বুৰ যাব সেই কথাও ক’লে আৰু ৰজাক উপদেশ দিলে এখন ডাঙৰ নাও সাজিবলৈ— য’ত সকলোবিলাক বস্তুৰ সঁচ ৰাখিব লাগিব, ফল-মূলৰ গুটি ৰাখিব লাগিব আৰু নাওখন এডাল ডাঙৰ ৰছীৰে তেওঁৰ নাকৰ আগত থকা শিংটোত বান্ধি দিব লাগিব। সেইমতেই সত্যব্ৰত ৰজাই সকলোবিলাক কাম কৰাই প্ৰলয়ৰ বান পানীৰ বাবে সাজু হৈ ৰ’ল আৰু বানত ৰক্ষা পৰিল । পৰ্বততকৈ ওখ ঢৌ আৰু সীমাহীন সাগৰৰ পানী… তাৰ মাজত সত্যব্ৰত ৰজাৰ পৰিয়ালবিলাক নিৰাপদ হৈ থাকিল । মাছটোৰ আকাৰে সাগৰো নধৰা হ’ল। মাছটো যেনি গৈছে তাৰ ফিচাই সাগৰৰ পানী দুধাৰ কৰি দিছে। এইটোৱেই আছিল সত্যব্ৰত ৰজাক দেখুওৱা ভগৱন্তৰ মায়া। এই মৎস্য অৱতাৰত আকৌ চাৰিবেদ উদ্ধাৰ কৰিছে ভগৱানে। ‘মৎস্যৰূপে অৱতাৰ ভৈলা প্রথমত, উদ্ধাৰিলা চাৰিবেদ প্রলয় জলত, সত্যব্ৰত ৰজাক দেখাইলা নিজ মায়া, নুবুজিলে সমুদ্রে তোমাৰ মৎস্য কায়া।’ ‘সৃষ্টিৰ প্ৰথম সন্তান’ বোলোতে মৎস্য অৱতাৰকে বুজোৱা হৈছে।”
কবিতাটোত পানীৰ প্ৰসঙ্গ আছে। পানী আছে কাৰণেই মাছো আছে— সোণালী-ৰূপালী মাছ। মাছ আছে কাৰণেই মাছ ধৰিব পৰা সঁজুলিও আছে— চেপা, খোকা, পল, দলঙা, ঘাটজাল, খেৱালি। কবিতাটোত সময়ৰ প্ৰসঙ্গ অতিকৈ গুৰুত্বপূর্ণ। কবিয়ে সময়ৰ নিৰ্দেশ দিছে চিৰন্তন ৰূপত। জীৱনৰ বহু তৰপীয়া স্তৰ, কালৰ ভিন্ন ৰূপ, জন্ম-মৃত্যু-ক্ষয়-বিষাদ-আনন্দ-উলাহৰ ৰূপান্তৰ আদিৰ ধাৰণা ‘মাছ’ কবিতাত মূৰ্ত হৈ উঠি ‘মাছ’ক এটা উৎকৃষ্ট কবিতালৈ পৰ্যবসিত কৰিছে।
................................... গ্ৰন্থপঞ্জী: ১) কথা বৰণ্য ২) মহিম বৰাৰ ৰচনা সমগ্র : সম্পাদনা জীৱন নৰহ ৩) আধুনিক অসমীয়া কবিতা : ড৹ পূৰ্ণ ভট্টাচাৰ্য ৪) যথাৰীতি : প্ৰভাত বৰা ৫) মহিম বৰাৰ ৰঙা জিঞা, কবিতা আৰু কবিতাৰ আঁৰৰ কাহিনী: সংকলন সম্পাদনা ৰঞ্জন কুমাৰ শৰ্মা, নীলাক্ষী বেজবৰুৱা
কুমাৰ বিভূতি নগাঁও জিলাৰ তুলসীমুখ নিবাসী এগৰাকী কবি আৰু লেখক।
ভাল পালোঁ ৷ মাছৰ মাজত সোমাই পৰিছোঁ ৷