ৰমেন শইকীয়া
কিছু কাব্যৰসিক আৰু সমালোচকৰ মতে একান্ত চেষ্টা আৰু অনুশীলনেৰে আধুনিক কবিতাৰ ৰসস্বাদন সম্ভৱ, কিন্তু দেখা গৈছে যে কোনো কোনো কবিৰ আধুনিক কবিতাৰ দু্ৰ্বোধ্যতাৰ বিষয়টোৱে কেৱল আমাৰ দৰে সাধাৰণ পাঠককে বিমূঢ়ত পেলায় এনে নহয়, সাহিত্যৰ বিশিষ্ট পণ্ডিত, সমালোচককো কেতিয়াবা বিমূঢ়ত পেলায়।
কবিতাৰ সৈতে কিভাৱে মোৰ সম্পৰ্ক ঘটিছিল তাক আজি স্পষ্ট ৰূপত কʼব পৰা নাযাব, কাৰণ যিবোৰ কথা শৈশৱত আমাৰ মনত দাগ কাটি যাব পৰা অৱস্থাত নাছিল, সেই কথাবোৰ আজি স্মৰণ কৰা সম্ভৱ নহয় । সম্ভৱত নিচুকনি গীত, গধুলি আইতাৰ মুখত শুনা গীত, পদ্য আদিয়েই আছিল কবিতাৰ সৈতে হোৱা মোৰ প্ৰথম পৰিচয়। বৈষ্ণৱ ভকতৰ ঘৰত জন্ম হোৱা সূত্রে হয়তো কীৰ্তন, নামঘোষা আৰু কিছু বৰগীত শৈশৱৰপৰাই শুনি আহিছিলোঁ আৰু গাইছিলোঁ । কৈশোৰ অৱস্থাৰপৰা কাণত গুঞ্জৰি আছিল বিহুগীত, বনগীত, বিয়া নাম আদি। তাৰ পিছত পঢ়াশালিত ৰোমাণ্টিক যুগলৈকে ইংৰাজী আৰু অসমীয়া কবিতাবোৰ নিৰ্বিঘ্নে আয়ত্ত কৰিছিলোঁ। কবিতা সম্পৰ্কত সমালোচনাত্মক মনোভাব এটা মনত গঢ় লৈ উঠা নাছিল বাবেই বোধকৰোঁ কবিতাৰ বিষয়বোৰত কোন কথাবোৰ যুক্তিপূৰ্ণ, কোন কথাবোৰ অযুক্তিকৰ তাৰ বিচাৰ কৰা নাছিলোঁ । যেনে, মাজ নিশাৰ কেতেকীৰ মাতটো কেতেকীৰ বিননি বুলি কবিয়ে কেনেকৈ জানিলে? বতাহত নাচি থকা কুঁহিপাতটো আনন্দত মনমতলীয়া হৈ নাচি থকা বুলি আমি কেনেকৈ ধৰি ল’লোঁ? সূৰ্যাস্তৰ সময়ৰ ‘বিহঙ্গিনী কুলʼৰ কলৰৱক কেৱল ʼসমাধি সংগীতʼ অথবা ʼতটিনীৰ কৰুণ সুৰʼ বুলি কবিয়ে কেনেকৈ অনুমান কৰি লʼলে? বাৰিষাৰ বৰষুণ মেঘৰ চকুপানী নেকি? নিয়ৰে জানো সুহুৰি মাৰে? ধোঁৱা উৰি যাওঁতে গুণ গুণ শব্দ কৰে জানো?
কবিয়ে তেওঁৰ অনুভৱক যিভাৱে প্ৰকাশ কৰিছিল তাৰ সত্যতাক বা যৌক্তিকতাক আমি critically বিচাৰ কৰা নাছিলোঁ। কবিতাৰ সম্পৰ্ক মগজুতকৈ বেছি হৃদয়ৰ, গতিকে ৰোমাণ্টিক কবিতাবোৰ আমি আৱেগেৰে গ্ৰহণ কৰিছিলোঁ। কবিৰ কল্পনাই যুক্তিযুক্ততা বা বাস্তৱৰ শৃংখল মানি নচলা কথাবোৰ আমি সততে উপেক্ষা কৰিছিলোঁ। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে যেতিয়া লিখিছিল– ʼৰূপটো আগত নুঠে ফুলি, কেৱল সাৰি শুনোʼ যদিও আমি জানো যে, পানীত মাছ সৰা দেখাহে যায়, শুনা নাযায়, কিন্তু কবিতাটোত কবিয়ে আমাৰ শব্দ আৰু বৰ্ণৰ ইন্দ্ৰিয়ানুভূতিক একাকাৰ কৰি দিয়া বিভ্ৰান্তিকৰ বৰ্ণনাক কবিৰ অৱচেতন মনৰ প্ৰতিক্ৰিয়া বুলিয়েই গ্ৰহণ কৰিছিলোঁ। তাৰ বাবে আমি কবিতাটো প্ৰত্যাখ্যান কৰা নাছিলোঁ। কাৰণ এই বিভ্ৰান্তিৰ বাবে কবিতাটো হৃদয়ঙ্গম কৰাত অন্তৰায় হোৱা নাছিল। এনে কবিতালৈ আমাৰ ভয় নাছিল, কিন্তু আধুনিক কবিতা বুলিলেই দেখোন বুজি নোপোৱাৰ ভয়ে মন আৱৰি ধৰে। অৱশ্যে তাৰ মাজত কিছুপৰিমাণে ব্যক্তিক্ৰম নৱকান্ত বৰুৱা আৰু হীৰেন ভট্টাচাৰ্যৰ দৰে কেইজনমান আধুনিক কবিৰ কবিতা। যোৱা বছৰ গ্ৰন্থমেলাৰপৰা মই অতি আগ্ৰহেৰে সংগ্ৰহ কৰি অনা কবিতাপুথিখন আছিল নৱকান্ত বৰুৱাই সংকলন কৰা শিশুৰ কবিতাপুথি মৰুৱা ফুল। মোৰ বোধেৰে ইয়াৰ কাৰণ মানুহ আজিও সহজ-সৰল কথাবোৰৰ প্ৰতি বেছি আকৰ্ষিত হয়। ময়ো তাৰ ব্যতিক্ৰম নহয়। কিন্তু পৃথিৱীখন স্থিৰ হৈ এক বিন্দুত ৰৈ থকা নাই। এই পৰিৱৰ্তিত পৰিস্থিতিত গোঁৱাৰৰ দৰে সৰলতাৰ মাজতে বা ৰোমাণ্টিক যুগকে বুকুত সাৱটি লৈ বহি থকাটোও যে এক প্ৰকাৰৰ ৰক্ষণশীলতা, পৰিৱৰ্তনক যে অস্বীকাৰ কৰিব নোৱাৰি, এই বিষযত মনত কোনো সন্দেহ নাই ।
আধুনিক কবিতাৰ কাষ চাপিবলৈ নানান প্ৰকাৰে চেষ্টা আজিও অৱ্যাহত ৰাখিছোঁ, কিন্তু এই চেষ্টাৰ পৰিণতি খুব সুখকৰ নহয়। আধুনিক কবিতাৰ দুৰ্বোধ্যতাৰ কাৰণে আজিও বাৰে বাৰে উজুটি খাবলগীয়া হয়। আধুনিক কবিসকলৰ ভিতৰত বোধকৰোঁ কবি অজিৎ বৰুৱাই নিজৰ কবিতাৰ সম্পৰ্কত গদ্যত কিছু কথা লিখিছে। অৱশ্যে কবিয়ে কিয় লিখে, কিয় নিজৰ কবিতাৰ ব্যাখ্যা কৰিবলগীয়া হʼল, তাৰ সন্তোষজনক উত্তৰ তেওঁ দি যোৱা নাই । কবিয়ে নিজৰ কবিতাৰ কথা বাদ দি অন্য বিষয়ত ভবা কথাবোৰ গদ্যৰ দ্বাৰা প্ৰকাশ কৰিবলৈ বিচৰাত কোনো অপৰাধ নাই। কিন্তু নিজৰ কবিতাৰ ব্যাখ্যা কবিয়ে নিজে কিয় কৰিবলগীয়া হʼল? কোনোবা এজন চিত্রশিল্পীয়ে কোৱা এষাৰ কথা মনত আছে। শিল্পীজনে তেওঁ অঁকা ছবিবোৰৰ নামকৰণৰ বিৰোধী আছিল। তেওঁৰ মতে ছবিবোৰে নিজৰ অভিব্যক্তিৰ ওপৰত থিয় দি থাকিব লাগিব (The pictures must stand on its expressiveness)। শিল্পীজনৰ কথাষাৰ গুৰুত্বপূৰ্ণ। মোৰ মনত কবি অজিৎ বৰুৱাই আমাৰ মনত বিভ্ৰান্তি সৃষ্টি কৰাৰ অন্য কিছু কাৰণ হʼল তেওঁ কোৱা এনেধৰণৰ কিছু কথা, ‘মই হাস্য-ব্যংগৰ অভ্যস্ত লেখক নহয়, বৰঞ্চ টান টান কথা লিখি পাঠকক বিমোৰত পেলোৱা ধৰণৰ কবিতাৰ লেখকহেʼ (স্মৃতিকথা গ্ৰন্থৰ পাতনি)। গতিকে সাধাৰণ পাঠক হিচাপে এনে কবিৰ কবিতাৰপৰা ভয় কৰি আঁতৰি থাকিবলৈ বিচৰাতো স্বাভাৱিক। অজিৎ বৰুৱাই তেওঁৰ এখন গ্ৰন্থৰ পাতনিত (পদ্যৰ পাছৰ কাব্য) কবিৰ ‘মননশীল আত্মপ্ৰেমʼৰ (Intellectual narcissism) কথা কৈছে। কবিৰ এনে ধৰণৰ আত্মমগ্নতা, ব্যক্তিকেন্দ্ৰিক স্থিতি অথবা আত্মপ্ৰেমৰ মোহত নিজ ব্যক্তিসত্তাৰ পৰিধিতে বন্দী হৈ থকাত আমাৰ আপত্তি নাই । কিন্তু এইদৰে ব্যক্তিগত উপলব্ধিক সমল কৰি লিখা কবিৰ কবিতাবোৰৰ ব্যক্তিগত আৱেষ্টনি ভেদ কৰি সেই কবিতাৰ ৰসস্বাদন কৰাটো আমাৰ বাবে সহজ বিষয় নহয়। পাঠকে সততে কবিৰ সৈতে এনে কষ্টকৰ যাত্রাৰ সংগী হʼবলৈ নিবিচাৰে। আনহাতে কবিৰ ব্যক্তিগত প্ৰক্ৰিয়াবোৰো পাঠকৰ বাবে আকৰ্ষণীয় নহʼবও পাৰে। কবি অজিৎ বৰুৱাই আকৌ আন এঠাইত কৈছে, কায়দা কৰি কথা কোৱাৰ ছাঁয়াবাজীত তেওঁ হাৰিছে। কবিয়ে শব্দ আৰু ভাবনাৰে নিজৰ মাজতে খেলি থকা ছাঁ-পোহৰৰ খেলখন পাঠকৰ বাবে কেৱল বিভ্ৰান্তিকৰেই নহয়, অৰ্থহীনো লাগিব পাৰে। বাস্তৱিকতে এইসকল কবিয়ে এনে স্থিতিৰ দ্বাৰা সাধাৰণ পাঠকক তেওঁলোকৰ কবিতাৰ কাব্যিক অভিজ্ঞতাৰপৰা বঞ্চিত কৰি ৰাখিছে। অজিৎ বৰুৱাৰ প্ৰসংগত এই কথা উল্লেখ কৰি থোৱা উচিত বুলি ভাবিছোঁ যে আমি বুজি পোৱা যেন লগা তেওঁৰ ‘শুৱনি আমাৰ গাঁওখনি অতিʼ শীৰ্ষক কবিতা দুটা গদ্যৰ আকাৰত লিখা। যি কবিতাত পাঠকৰ মৌলিক সমস্যবোৰ সম্বোধন কৰা নহয, যʼত পাঠক উপেক্ষিত আৰু যʼত কবি বাস্তৱতাৰ মৰ্ম উৎঘাটনৰ প্ৰতিও আগ্ৰহী নহয়, তেনে কবিতাৰ প্ৰতি পাঠকৰ সঁহাৰিও সেমেকা। গতিকে এনে আধুনিক কবিতালৈ ভয় কৰি পাঠক আঁতৰি থকা বুলি কোৱাতকৈ কʼব পাৰি এনে কবিতাৰ প্ৰতি পাঠক উদাসীনহে।
যদিও কিছু কাব্যৰসিক আৰু সমালোচকৰ মতে একান্ত চেষ্টা আৰু অনুশীলনেৰে আধুনিক কবিতাৰ ৰসাস্বাদন সম্ভৱ, কিন্তু দেখা গৈছে যে কোনো কোনো কবিৰ আধুনিক কবিতাৰ দু্ৰ্বোধ্যতাৰ বিষয়টোৱে কেৱল আমাৰ দৰে সাধাৰণ পাঠককে বিমোৰত পেলায় এনে নহয়, সাহিত্যৰ বিশিষ্ট পণ্ডিত, সমালোচককো কেতিয়াবা বিমোৰত পেলায়। তাৰ উদাহৰণ, সাতসৰী (এপ্ৰিল,২০২২) আলোচনীখনত অনুভব তুলসীৰ কবিতাৰ সম্পৰ্কত ড° হীৰেন গোহাঁই ছাৰে প্ৰকাশ কৰা তাৎক্ষণিক প্ৰতিক্ৰিয়াটো। তেওঁ লিখিছে, ‘…প্ৰতিবাৰেই কবিতাবোৰ পঢ়িবলৈ লৈ বিমোৰত পৰোঁ। কবিতাবোৰ কʼৰপৰা আৰম্ভ হৈ কʼত শেষ হয়, তাৰ আদি-অন্ত আছেনে নাই, তাৰ একো উৱাদিহ নাপাওঁ।ʼ গোহাঁই ছাৰৰ দৰে সাহিত্যৰ বিশিষ্ট সমালোচকজনেও আন কেইজনমান সমালোচকৰ সমালোচনা পঢ়িহে অনুভৱ তুলসীৰ কবিতাৰ বিষয়ে মোটামুটি আভাস এটা পাবলৈ সক্ষম হৈছিল। ইয়াৰ অৰ্থ হʼল যে কোনো সেনাপতিৰ নেতৃত্বৰ অবিহনে আধুনিক কবিতাৰ ৰাজ্যত প্ৰৱেশ কৰা সম্ভৱ নহয়। আমাৰ দৰে সাধাৰণ পাঠকে নিজ বলেৰে তাত প্ৰৱেশৰ চেষ্টা কৰিলে আমাৰ অৱস্থা হয়গৈ লতা-কটা ৰণৰ সৈনিকৰ দৰেই। এই কাৰণতে আধুনিক কবিতাৰ অধ্যয়ন বা চৰ্চা কবি, সমালোচক, সাহিত্যৰ আগ্ৰহী পাঠক, মনোযোগী (serious) ছাত্র আৰু কবি হোৱাৰ আকাংক্ষীসকলৰ মাজতে আজিও সীমাবদ্ধ।
এতিয়া মূল প্ৰশ্নটো হʼল আমি বিচাৰিলোঁ বুলিয়েই আধুনিক কবিতাৰ কবিয়ে সহজ-সৰল কবিতা লিখিবনে? আধুনিক কবি জনপ্ৰিয়তাৰ বিৰোধী। আনহাতে পৃথিৱী এতিয়া সৰল অৱস্থাত থকা নাই। আধুনিক কালৰ জীৱনে জটিল ৰূপ ধাৰণ কৰিছে। মানুহৰ জীৱনৰ গভীৰ সমস্যাবোৰ অমীমাংসিত, অনুপ্ৰেৰণাৰ ঠাইত কেৱল শূন্যতাৰ উপলব্ধি আৰু পোহৰতকৈ অন্ধকাৰ স্বৰূপটোহে বেছি প্ৰকট। জীৱন আৰু জগতৰ এই অন্ধকাৰ দিশটোৰ জটিল চিন্তা-ভাবনাবোৰৰ স্বাভাৱিকতে সংবেদনশীল কবিৰ সৃষ্টিত প্ৰতিফলন ঘটিব পাৰে, কিন্তু ভাবৰ জটিলতাৰ বাবে ভাষাও যে জটিল বা দুৰ্বোধ্য হৈ পৰিব এনে কোনো কথা নাই । কবিতাৰ লক্ষ্য হʼল পাঠক । পাঠকৰ ওচৰত যদি কবিতাই গ্ৰহণযোগ্যতা হেৰুৱাই পেলায়, তেন্তে সেই কবিতাৰ সাৰ্থকতাই নাই। আধুনিক কবিতাৰ সৈতে আমাৰ সংযোগহীনতাৰ বাবেই বোধকৰোঁ ৰোমাণ্টিক কবিতাৰ সৈতে আমাৰ সংযোগ আজিও বিচ্ছিন্ন হৈ যোৱা নাই। কিছুমান ৰোমাণ্টিক ধাৰণা আৰু আদৰ্শ, বিশেষকৈ প্ৰকৃতিৰ বিষয়ত আমাৰ মনোভাব এতিয়াও আমাৰ সংস্কৃতিত গভীৰভাৱে সোমাই আছে। সেয়ে ৰোমাণ্টিক কবিতাই আজিও আমাক আকৃষ্ট কৰে। ইংৰাজ কবি শ্যেলীৰ কবিতাৰ ৰোমাণ্টিক ভাবাৱেগ যে মাত্রাধিক আৰু বিদ্ৰোহৰ আস্ফালন যে নিৰৰ্থক, আমি তাক নুবুজাকৈ নাথাকোঁ। স্বয়ং মেথিউ আৰ্নল্ডৰ দৰে কবিয়েও শ্যেলীৰ বিষয়ে কৈছিল, ‘শূন্য আকাশত অনাহকত নিজৰ উজ্জ্বল ডেউকা কোবাই থকা এক নিষ্ফল দেবদূতʼ বুলি (An ineffectual angel beating in the void his luminous wings in vain), অথচ আমি এই কথাও পাহৰিব নোৱাৰোঁ যে শ্যেলীয়েই কবিসকল মানৱ সভ্যতাৰ আগৰণুৱাৰ ভূমিকা পালন কৰা জগতৰ অস্বীকৃতিপ্ৰাপ্ত বিধায়ক (unacknowledged legislator) বুলি সৰ্বকালৰ বাবে কবিৰ শ্ৰেষ্ঠত্বক প্ৰতিষ্ঠা কৰি থৈ গৈছে। মানৱ জাতিয়ে যে ভৱিষ্যতত চূড়ান্ত বিজয় অৰ্জন কৰিব — আশাহত মানুহৰ বাবে সেই আশাৰ বাণীও শ্যেলীয়েই শুনাই গৈছিল : ʼযদি শীতৰ আগমন ঘটে, তেন্তে বসন্ত বহু পিছ পৰি থাকিব পাৰেনে?ʼ (If winter comes, can spring be far behind)। ইংৰাজী সাহিত্যৰ ৰোমাণ্টিক যুগৰ আৰু এজন অন্যতম কবি হʼল জন কীটছ। আমাৰ হৃদয়ত ৰোমাণ্টিক কবিতাৰ আবেদন আজিও অক্ষয় হৈ আছে, তাৰ কাৰণ সৰল অৰ্থত ৰোমাণ্টিক ভাবাৱেশ কল্পনাপ্ৰসূত এক অনুভূতি। কল্পনাই কবিতাৰ ডেউকা। যʼত কল্পনা আছে তাত কিছুপৰিমাণে ৰোমাণ্টিক আৱেশো আছে। সংবেদনশীল মানুহক এই ভাবাৱেশৰপৰা সম্পূৰ্ণৰূপে আঁতৰাই পঠোৱা বোধকৰোঁ সম্ভৱ নহয়। টি.এছ. এʼলিয়টৰ ‘জে আলফ্ৰেড প্ৰুফ্ৰকৰ প্ৰেমৰ গীত’ ৰোমাণ্টিকতা বৰ্জিত কবিতা বুলি কোৱা হয় যদিও মোৰ মতে সেই কবিতা ফাকি, “Let us go then, you and I, /When the evening is spread out against the sky/ Like a patient etherised upon a table” ৰোমাণ্টিক প্ৰকাশভংগীৰ কবিতা যেনেই লাগে, যি নিস্তব্ধ, নিথৰ এটা সন্ধিয়াৰ দৃশ্যৰ ৰোমাণ্টিক বৰ্ণনাৰ ইংগিত বহন কৰে।
প্ৰথম মহাসমৰৰ পিছৰপৰাই মানুহৰ চিন্তা-চৰ্চা আৰু ভাব-ভংগিৰ ব্যাপক পৰিৱৰ্তন ঘটে। অভূতপূ্ৰ্বভাৱে দ্ৰুত গতিৰে এই পৰিৱৰ্তন আহিছিল শিল্প-সাহিত্যৰ জগতলৈও। দুয়োখন মহাসমৰে মানুহৰ জীৱনৰ লক্ষ্য, উদ্দেশ্য, মূল্যবোধ, আদৰ্শ আদি সকলোতে আঘাত হানি, আবেগ-অনুভূতিক থানবান কৰি জনজীৱনলৈ কঢ়িয়াই আনে নৈতিক বিপৰ্যয়। যুদ্ধৰ বিভীষিকাই মানুহক কঠোৰ বাস্তৱৰ মুখামুখি কৰাই দিয়াত মানুহে প্ৰথম বাৰৰ বাবে বুজি উঠে স্বৰ্গৰাজ্যৰ কল্পনা আৰু ধৰ্মৰ আৱেষ্টনিৰ অসাৰতা। এক প্ৰকাৰে বিশ্বযুদ্ধই সৃষ্টি কৰা অস্থিৰ, অনিশ্চিত আৰু জীৱনৰ চৰম হতাশজনক পৰিস্থিতিৰ পটভূমিতে সূত্রপাত ঘটিছিল আধুনিক কবিতাৰ। পৰিৱৰ্তনশীল পৃথিৱীত সকলো বস্তুৰ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক বিষয়। ইতিহাসবিদ য়ুভাল নোৱাহ হাৰাৰিয়ে তেওঁৰ শেষতীয়া গ্ৰন্থ Homo Deus-A Brief History of Tomorrowত কৈছে, ইতিহাসৰ আটাইতকৈ একক ডাঙৰ ধ্ৰুবক হʼল সকলো সলনি হৈ যায় (The single great constant of history is the everything changes)। এই কথাই যদি সত্য হয়, তেন্তে ভৱিষ্যতৰ পৰিৱৰ্তিত পৰিস্থিতিত আধুনিক কবিতাৰো ৰূপৰেখা পৰিৱৰ্তন হৈ যাব পাৰে। আধুনিক কবিতাৰ প্ৰতি ভয়ৰপৰাও এদিন অনায়েসে আমি মুক্ত হৈ যাব পাৰোঁ। কিন্তু উত্তৰ-আধুনিকতাবাদৰ গতি আৰু প্ৰকৃতিৰপৰা সদ্যহতে তেনে কোনো লক্ষণ দেখা পোৱা নাই। ইতিহাসৰ গতিধাৰাই আনি দিয়া কোনো পৰিৱৰ্তনৰ বাবে প্ৰতীক্ষা নকৰি আমাৰ সন্মুখত আহি পৰা বাধাবোৰ আঁতৰ কৰিবলৈ কোনোবাই সচেতনভাৱে চেষ্টা কৰিলে সি নিশ্চয় আদৰণীয়।
এই প্ৰসংগতে সাহিত্যৰ চৰ্চা অথবা কাব্য সাধনাৰ বিষয়ত কিছু কথা বিচাৰযোগ্য, যেনে কাৰ বাবে কবিতা? মানুহৰ জীৱনত কবিতাৰ ভূমিকা কি? আমি যিসকলে পঞ্চাশ আৰু ষাঠিৰ দশকত জন্ম লাভ কৰিছোঁ, আমাৰ যৌৱনৰ দিনবোৰ স্মৰণ কৰিলে নিশ্চয় মনত পৰিব কবিতাই কিভাৱে আমাৰ মনত প্ৰভাৱ বিস্তাৰ কৰি আছিল।চন্দ্ৰকুমাৰ আগৰৱালাৰপৰা আৰম্ভ কৰি দেৱকান্ত বৰুৱালৈকে আৰু বাংলাৰ কবি জীবনানন্দলৈকে আমাৰ প্ৰিয় কবিৰ কবিতাবোৰ কণ্ঠস্থ আছিল। সম্প্ৰতি আমাৰ ৰাজ্যত অনেক কবিৰ আৱিৰ্ভাব ঘটিছে। প্ৰতিদিনেই এখন নহয় এখন কবিতা পুথিৰ উন্মোচন হৈছে। তাৰ মাজত প্ৰতিভাৱান আৰু প্ৰতিশ্ৰুতি সম্পন্ন কবিৰো আৱিৰ্ভাব ঘটিছে। সমালোচকসকলৰ পৰা তেওঁলোকে যথাযথ স্বীকৃতি আৰু প্ৰশংসাও লাভ কৰিছে। কবি আৰু কবিতাৰ সংখ্যা বাঢ়িছে, কিন্তু সেই অনুযায়ী মানুহৰ মাজত কবিতাৰ জনপ্ৰিয়তা বঢ়া নাই। গতিকে কʼব পাৰি যে আধুনিক কবিতাৰ এক প্ৰকাৰে সংকটকাল চলি আছে। আধুনিক কবিতাক দুৰ্বোধ্যাতাৰপৰা মুক্ত কৰি, কবিতা পঠনযোগ্য আৰু বোধগম্য কৰি তুলিব পাৰিলেই জনসাধাৰণৰ মাজতো কবিতাৰ আদৰ বাঢ়িব নে? মুক্ত বাণিজ্যৰ জোৱাৰত উটি ফুৰা সুখ সন্ধানকাৰীসকলৰ কথা বাদ দিও (যিসকলৰ কথা এʼলিয়টে ৰেষ্টুৰাঁত বহি ‘ল’সিহঁতে মাইকেল এঞ্জেলোৰ কথা পতা নাইʼ বুলি আক্ষেপ কৰিছিল) আজি শিক্ষিত মানুহৰ কিমান অংশৰ মাজত কবিতাৰ চৰ্চা চলি আছে? সেই সংখ্যা অতি সীমিত, সাধাৰণ শ্ৰমজীৱী মানুহ দূৰৰে কথা। গতিকে প্ৰশ্ন হয় মানুহৰ জীৱনত কবিতাৰ কিবা প্ৰয়োজনীয়তা আছেনে? কবিতাই মানুহৰ জীৱনত কি প্ৰভাৱ পেলায়? কবিতাৰ অবিহনে মানৱ জীৱন পৰিচালিত হʼব নোৱাৰে নেকি? কবি হীৰেন ভট্টাচাৰ্যই এটা কবিতাত লিখিছে, “কবিতা পঢ়ি পাহৰিব পাৰি/পাহৰিব পাৰি কিছু কথা,আনকি গ্লানি” (নতুন পাঠ)। সৰ্বসাধাৰণ মানুহবোৰে, যি পঢ়া-শুনা কৰিব নাজানে, কবিতা যাৰ জীৱনৰপৰা বহুত দূৰত, তেওঁলোকে জীৱনৰ ক্লেশ, যাতনা, গ্লানি পাহৰিবলৈ কি কৰে? এই মানুহবোৰে জীয়াই থকাৰ অনুপ্ৰেৰণা কʼৰপৰা লাভ কৰিছে? তেওঁলোকে কবিতা পঢ়িব নোৱাৰিলেও কবিতা শুনিবলৈ আগ্ৰহী নহয় কিয়? পবলো নেৰুদাৰ আত্মজীৱনীত উল্লেখ আছে শীতৰ হাড় কপোঁৱা জাৰত উদং গাৰে ভঙা বেঞ্চ আৰু মেজত বহি অভুক্ত, অৰ্ধনগ্ন শ্ৰমিকসকলে তেওঁৰ কবিতা শুনিবলৈ অপেক্ষা কৰি থকাৰ কথা। স্পেইনৰ গৃহযুদ্ধৰ ছবি প্ৰত্যক্ষ কৰি উভতি আহি ৰচনা কৰা তেওঁৰ Spain in My Heart নামৰ কবিতাপুথিৰ পৰা কবিতাবোৰ পঢ়ি শুনোৱাৰ পিছত শ্ৰমিকসকলে উচুপি উঠাৰ কথাও উল্লেখ আছে।
এটা কথা আমাৰ স্পষ্ট মনত আছে, আমি যেতিয়া কাব্যৰ ভূমণ্ডলত উটি-ভাহি ফুৰিছিলোঁ, তেতিয়া আমাৰ অগ্ৰজসকলে, যেনে মা-দেউতা বা ককাদেউতা আৰু আইতাৰ মুখত ধৰ্মীয় গীত-মাতৰ বাহিৰে কবিতা শুনিবলৈ পোৱা নাছিলোঁ। কাব্য চৰ্চা অবিহনে, কাব্যিক সুগন্ধি লাভ নকৰাকৈয়ে দেখোন ব্যতীত হৈ গৈছিল তেওঁলোকৰ সমগ্ৰ জীৱন। আজিও হাজাৰ-বিজাৰ শ্ৰমজীৱী আৰু সাধাৰণ মানুহে কবিতা বা সাহিত্য চৰ্চাৰ অবিহনেই জীৱন অতিবাহিত কৰিছে। তেওঁলোকৰ কবিতাবিহীন জীৱন কি ব্যৰ্থ জীৱন? আমি যিসকলে কবিতা পঢ়িছোঁ, সাহিত্যৰ সাধনা কৰিছোঁ, আমি কি সাৰ্থক আৰু পৰিপূৰ্ণ জীৱন লাভ কৰিছোঁ? তেতিয়া হʼলে কবিতা কাৰ কাৰণে? আমাৰ মুষ্টিমেয় কিছু সংখ্যকক বাদ দি জীৱন-জীৱিকাত উদয়াস্ত নিমজ্জিত হৈ থকাসকলৰ কবিতাৰ বাবে অৱসৰেই বা কʼত? ক্ৰিষ্টফাৰ কʼডৱেলে তেওঁৰ বিখ্যাত গ্ৰন্থ Illusion and Realityত কৈছে, “মানুহৰ মনৰ আদিম নান্দনিক কাৰ্যকলাপ সমূহৰ এ়টা হʼল কবিতা ।” সমাজবিজ্ঞানীসকলৰ মতে নান্দনিক কাৰ্যকলাপে মানুহৰ সুক্ষ্ম আৰু মানৱীয় অনুভূতিসমূহ জীয়াই ৰাখে আৰু সজ্ঞীৱিত কৰে। আদিম সমাজত কিভাৱে নান্দনিক কাৰ্যকলাপৰ সূত্রপাত ঘটিল তাক আমি সঠিকভাৱে নাজনো, কিন্তু নান্দনিক কাৰ্যকলাপো যে মানৱ সভ্যতাৰ আধাৰশিলা গঢ়ি তোলাৰ এক অন্যতম উপাদান তাত কোনো সন্দেহ নাই। পৃথিৱীৰ আদিম মানৱৰ জীয়াই থকাৰ যুঁজখনো সহজ নাছিল। কবিতা চৰ্চাৰ বাবে তেওঁলোকৰো নিশ্চয় আহৰি নাছিল, অথচ তেওঁলোকৰ জীৱনৰ কঠোৰ সংগ্ৰামৰ মাজতেই আদিম সমাজত কবিতাৰ সৃষ্টি হৈছিল। আজিৰ পৰিৱেশত তাৰ ব্যতিক্ৰম কিয়? মোৰ বোধেৰে আজিৰ মানুহৰ জীৱন-জীৱিকাৰ বাবে অতিমাত্রা ব্যস্ততাই মানুহক কবিতা বা সৌন্দৰ্যৰ সাধনাৰপৰা আঁতৰাই অনা নাই, আচল কথা হʼল আজিৰ মানুহৰ জীৱনৰপৰাই কবিতা হেৰাই গৈছে। আমাৰ ককা আৰু দেউতাহঁতে কবিতা নপঢ়িলেও বা তেওঁলোকৰ কবিতাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নাথাকিলেও প্ৰকৃতিৰ সৈতে নিবিড়ভাৱে কৰা জীৱন নিৰ্বাহৰ মাজত আৰু জীৱন ধাৰণৰ বাবে নিয়োজিত কাৰ্য-কলাপবোৰৰ জড়িয়তে তেওঁলোকে লাভ কৰিছিল জীৱনৰ প্ৰেৰণা। তেওঁলোকে সুন্দৰভাৱে বাঁহ-কাঠেৰে নিৰ্মাণ কৰি লোৱা ঘৰখন, শস্যৰে ভৰা পথাৰখন আৰু বাৰীখনত বিবিধ ফল-মূল, গছ-গছনি ৰোপণ কৰি যিদৰে প্ৰকৃতিৰ বুকু শুৱনি কৰি ৰাখিছিল, তাৰ প্ৰতিদান স্বৰূপে প্ৰকৃতিৰপৰা তেওঁলোকে যি উপহাৰ লাভ কৰিছিল সেয়া কাব্যিক অনুভূতিতকৈও বেছি আনন্দদায়ক আছিল। অৱশ্যে প্ৰশ্ন উঠিব পাৰে যে সাহিত্যৰ অবিহনে প্ৰকৃতিৰ কোলাত নিবিড়ভাৱে জীৱন ব্যতিত কৰা ককা আৰু দেউতাহঁতৰ জীৱন কিমান পৰিপূৰ্ণ আৰু প্ৰগাঢ় আছিল? এই জীৱনধাৰাৰ সুধা পান কৰাৰপৰা নগৰবাসী মানুহ বঞ্চিত। অৱশ্যে নগৰতো মানুহে নানান কাৰ্যত নিজকে নিয়োজিত কৰি আহিছে। প্ৰতিদিন শ শ শ্ৰমিক নিয়োজিত হৈছে পথ বা গৃহ-নিৰ্মাণ কাৰ্যত আৰু অনেক লোক নিয়োজিত হৈ আছে জীৱন-জীৱিকাৰ তাড়নাত ঘৰুৱা আৰু নৈমিত্তিক বিভিন্ন কাম-কাজত। তেওঁলোকে এই শ্ৰমত আনন্দ লাভ নকৰে। এই শ্ৰম হʼল জীয়াই থকাৰ তাগিদাত কৰিবলগীয়া হোৱা সৃষ্টিৰ প্ৰেৰণাহীন এক প্ৰকাৰৰ গোলামী। প্ৰকৃতিৰপৰা বিচ্ছিন্নতাই তেওঁলোকক সৃষ্টিশীল উৎসৰপৰাও বিচ্ছিন্ন কৰি ৰাখিছে। আচলেত শিল্প-সাহিত্য-কাব্য আদিৰ সাধনা হʼল মানৱতাৰ সাধনা। ইয়াৰ পৰাই বৈ থাকে মানুহৰ মাজত মানৱ প্ৰেমৰ সুধা। গতিকে মানৱতা ৰক্ষাৰ স্বাৰ্থত সমাজৰ সকলো স্তৰৰ মানুহৰ মাজলৈ কবিতাক লৈ যাবলৈ আমি সক্ষম হʼব লাগিব। কিন্তু মানৱ ইতিহাসৰ কোনো এটা ক্ষণত এনে এটা সোণালী দিন সম্ভৱপৰ হৈ উঠিবগৈ নে? শিল্প-সাহিত্য চৰ্চা কৰিবলৈ সমাজৰ সকলো মানুহ সক্ষম হʼবনে? আহৰি পাবনে? সমাজত চলি থকা শ্ৰমৰ শোষণ, সম্পদৰ বৈষম্য, একচেতীয়া পুঁজিবাদ, একত্ব বনাম এক শতাংশ (Oneness v/s 1%) অৰ্থাৎ এমুঠি মানুহৰ হাতত সম্পদৰ কেন্দ্ৰীভূতকৰণ আদিয়ে সমাজৰ সামগ্ৰিক উত্তৰণক ব্যাহত কৰিছে। সেইদিন আহিবলৈ হʼলে বৈষম্যৰ অৱসান আৰু মানুহে শ্ৰমদাসত্বৰ পৰা মুক্তি পাব লাগিব, ইয়াৰ অন্যথা এমুঠিমান মুষ্টিমেয় শিক্ষিত আৰু আৰ্থিকভাৱে স্বচ্ছল মানুহৰ মাজতেই শিল্প-সাহিত্যৰ সাধনা আৰু চৰ্চা সীমাবদ্ধ হৈ থাকিব। যʼত সমাজৰ সকলো মানুহৰ অংশগ্ৰহণৰ প্ৰয়োজন, তাত এমুঠি মানুহে ৰামায়ণ পাঠ কৰি থাকিলেই সমাজৰ সকলো মানুহৰ মঙ্গল হʼব বুলি আশা কৰিব নোৱাৰি। আধুনিক কবিতাৰ প্ৰতি পাঠকৰ মাজত ভয়ৰ ভাব দূৰ কৰিব পাৰিলেও সম্পূৰ্ণ যুদ্ধখনতো নহয়েই, অৰ্ধেক যুদ্ধও জয় কৰিছোঁ বুলি আমি বোধকৰোঁ দাবী কৰিব নোৱৰিম ।
কবিতা এক সৃষ্টিশীল প্ৰক্ৰিয়াৰ পৰিণতি। ইংৰাজ কবি উইলিয়াম ৱৰ্ডছৱৰ্থে কবিতাৰ বিষয়ে কৈছিল, “the spontaneous overflow of powerful feeling: it takes its origin from emotion recollected in tranquility” এই ʼtranquilityʼৰ বাবে কিছু অৱসৰৰ প্ৰয়োজন, লগতে পৃষ্ঠপোষকতাৰো আৱশ্যক। ঐতিহাসিক ইৰফান হাবিবে আক্ষেপ কৰি কৈছিল, আধুনিক যুগটো শিল্পী-সাহিত্যিকৰ বাবে সুবিধাজনক নহয়। আনকি মধ্যযুগত শিল্পী, সাহিত্যিক, সংগীতজ্ঞ আদিয়ে যিদৰে ৰজা-মহাৰজাসকলৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু ৰাজসভাত আদৰ-সন্মান পাইছিল, সেইদৰে পুঁজিবাদৰ বস্তুবাদী সভ্যতাৰ যুগত পুঁজিপতিসকলে শিল্পী-সাহিত্যিকৰ পৃষ্ঠপোষকতাতো নকৰেই, তেওঁলোকৰ মনত শিল্প-সাহিত্যৰ দৰে মুনাফাহীন বিষয় এটাৰ প্ৰতি আগ্ৰহ আৰু সন্মান দুয়োটাই নাই।
ৰমেন শইকীয়া গুৱাহাটী নিবাসী এগৰাকী অধ্যয়নশীল লেখক।