জুৰি আৰু জোন
জুৰিটোলৈ চাই
জোনটোৱে ক’লে
ঘূৰি ফুৰি ভাগৰি পৰিছোঁ
লওঁনে জিৰণি তোমাৰ বুকুতে
জুৰি হ’ল চিন্তিত
জিৰণি লওঁতে যদিহে
তাইৰ কুলুকুলু ছন্দত
জোনটো টোপনি যায়
বহু পৰলে’!
মনতে ভাবিলে
জোন জিৰালেও
জিলিকি থাকিব
যদিহে ডাৱৰে
নধৰে ঢাকি
জ্বলক তাইৰ বুকুতে আজি
আকাশ উজলোৱা তৰাৰ চাকি।
জুৰিয়ে কথাটো ন-নৈক সুধিলে
ন-নৈ এখন নদীৰ নাম,
ন-নৈয়ে ক’লে,
জিৰাবলে’ দে
তোৰ হৈ আজি ময়ে বৈ যাম।
কোবাল ধুমুহা
মনৰ ভিতৰত ধুমুহাৰ তাণ্ডৱ
বাহিৰত শান্ত সমাহিত ৰূপ,
নাই আৰু নোৱাৰি
ওলাব লাগিব মনৰ তাগিদাত;
ওলাই আহিছোঁ নিজকে বিচাৰি
মনটো এতিয়াও দোধোৰ-মোধোৰ,
এই যেন কোনোবাই চিঞৰি মাতিব,
আঁচল টানি বাধা দিব,
মোৰ বাট আগচি ধৰিব!
ভবামতে একোৱেই নহ’ল
এখুজি দুখুজিকৈ আঁতৰিয়ে আহিলোঁ
দূৰ বহুদূৰ, নাজানো কোনদিশে,
প্ৰকৃতিৰ আৱেষ্টনীত এতিয়া মই
বাহিৰতো ধুমুহা,
থমকিলোঁ, সেই ধুমুহাই
মনৰ ধুমুহাক বহুখিনি পাতলালে
কিমানদূৰ আহিলোঁ জানো!
English translation of the poems.