আমাৰ মৰি যোৱা কবিতাবোৰ

চেনীৰাম গগৈ

কবি আৰু লবী

সাধাৰণতে কোৱা হয় যে বৰ্তমান অসমীয়া কবিতাৰ অৱস্থা বৰ ভাল, যিহেতু আমাৰ ভালেমান কবিৰ কবিতাই ইতিমধ্যে সৰ্বভাৰতীয় পৰ্যায়ত ‘স্বীকৃতি’ লাভ কৰিছে৷ কিন্তু এই কথা কম সংখ্যক কবিয়েহে মানি লয় যে তেওঁলোকৰ কবিতাই পাঠক সৃষ্টি কৰাটো দূৰৰ কথা, আগৰপৰাই কবিতা পঢ়াত অভ্যস্ত মুষ্টিমেয় দুই-তিনিশ অসমীয়া কাব্যামোদীয়ে হয়তো তেওঁলোকৰ আটাইবোৰ কবিতা পঢ়া নাই৷ যেনতেন প্ৰকাৰেণ অসমৰ বাহিৰত নিজকে প্ৰতিষ্ঠা কৰি কবিৰ কাৰণে থকা সুবিধাবোৰ আদায় কৰাটোৱেই যিসকলৰ একমাত্ৰ লক্ষ্য, তেওঁলোকৰ কাৰণে অসমীয়া পাঠকে কবিতা পঢ়া বা নপঢ়াটো গুৰুত্বপূৰ্ণ নহয়৷ এনে বিলাসী কবিসকলে নগৰ-মহানগৰত শিপা মেলি বহি থকা প্ৰখ্যাত কবি, সমালোচক, সম্পাদকসকলৰ সৈতে একে ধৰণৰ গুৰু-শিষ্য সম্পৰ্ক স্থাপন কৰি দেশ-বিদেশ ভ্ৰমণৰ নিমন্ত্ৰণ, চৰকাৰী-বেচৰকাৰী পুৰস্কাৰ প্ৰাপ্তি আৰু প্ৰশংসাৰ প্ৰমাণপত্ৰ সংগ্ৰহ আদিৰ সুযোগ গ্ৰহণ কৰি আহিছে৷ অসমত ইয়াকেই ‘কবি আৰু কবিতাৰ লবী’ বুলি ক’ব পাৰি৷

অসমৰ বিস্তৃত গাঁও-ভূঁই, নগৰ-চহৰবোৰত বাস কৰা এখিনি হোলাৰ ভাই মোলা, হোজা প্ৰকৃতিৰ কবিয়ে অসমত জীয়াই থকা তথাকথিত জনপ্ৰিয় আৰু উচ্চমানৰ কবিসকলৰ এই লবীৰ বিষয়ে সিমান খবৰ নাৰাখে যদিও অভিযোগ অৱশ্যেই কৰে যে কিয় কিছুমান আলোচনীয়ে তেওঁলোকৰ কবিতা নছপায়, কিয় দুজনমান কবিয়েই বাৰে বাৰে সৰ্বভাৰতীয় কবি-সন্মিলনবোৰলৈ নিমন্ত্ৰিত হয় আৰু কেৱল তেওঁলোকেই কেনেকৈ আটাইবোৰ পুৰস্কাৰ-প্ৰশংসা আত্মসাৎ কৰে? কবিতাৰ ৰাজনীতি ঢুকি নোপোৱা এই দুৰ্ভগীয়া কবিসকলে নাজানে যে কোনো দক্ষ ব্যক্তিৰ হতুৱাই কবিতাবোৰ আন ভাষালৈ অনুবাদ কৰাই অসমৰ বাহিৰৰ কাকত-আলোচনীত ছপালেহে ভাৰতীয় সাহিত্যৰ মূল সুঁতিৰ মানুহৰ সৈতে হলিগলি বাঢ়ে আৰু তেওঁলোকৰ সৈতে হোৱা বন্ধুত্ব আৰু অসমস্থ লবীৰ অনুগ্ৰহ আৰু অনুমোদনেহে কেইজনমান টেঙৰ অসমীয়া কবিক ‘ভাৰতীয় কবি’ কৰিছে৷ দুখৰ কথা যে এই লেমটৌ ভাৰতীয় অসমীয়া কবিকেইজনৰ বাহিৰে অসমত আৰু কোনো কবি নাই! সভা, সন্মিলন আৰু স্বপ্ৰৰোচিত সাক্ষাৎকাৰ আদিত তেওঁলোকে ‘আমিয়েই শ্ৰেষ্ঠ’ প্ৰদৰ্শনকামিতাৰে বক্তব্য প্ৰকাশি আনবোৰ কবিৰ সৃষ্টিক নস্যাৎ কৰিব খোজে৷ কিন্তু হে’ নিৰীহ কবি বন্ধুসকল, আপোনালোকৰ সুলিখিত কবিতাৰে আপোনালোকে অসমীয়া পাঠকৰ হৃদয় জয় কৰক, আপোনালোক আছে কাৰণে অসমীয়া টেঙৰ ভাৰতীয় কবিকেইজন আছে৷

কবিৰ জন্ম, কবিৰ মৃত্যু

সদৌ অসম ভিত্তিত চলি থকা দুটাকৈ বৃহৎ কবি সংগঠন, চুকে-কোণে দৈনিক অনুষ্ঠিত হৈ থকা অসংখ্য কবি-সন্মিলন আৰু কাকত-আলোচনীত ছপা হৈ থকা হাজাৰ হাজাৰ কবিতাই এতিয়া প্ৰমাণ কৰিব পৰা নাই যে অসমত বুজন সংখ্যক মানুহে কবিতা পঢ়ে৷ তেনেহলে আমাৰ ইয়াত কিয় ইমানবোৰ কবি আৰু কবিতাৰ জন্ম হয়, কবিতাবোৰৰ আয়ুসকাল বুলি কিবা আছে নে?

আগৰ দিনত লেখক এজনে কোনো প্ৰকাশকৰ দ্বাৰা কিতাপ এখন প্ৰকাশ কৰোৱাৰ যোগ্যতা পাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল৷ একাল জুৰি সাহিত্য-চৰ্চাৰে পৰিচিত হোৱা লেখকৰ পাণ্ডুলিপি বিশেষজ্ঞ লোকৰ দ্বাৰা নিৰ্বাচিত হ’লেহে প্ৰকাশকে ছপোৱাৰ দায়িত্ব লৈছিল৷ কিতাপৰ বিক্ৰীৰ বিপৰীতে লেখকক মাননী দিয়াৰ নিয়ম আছিল৷ আজিকালি লেখাৰ বাছ-বিচাৰ নকৰাকৈয়ে লেখকৰপৰা লোৱা নগদ ধনেৰে কিতাপ এখনৰ কেইটামান কপি ছপাই প্ৰকাশকে লাভৰ বেপাৰ কৰে৷ শুনিবলৈ বেয়া যে অসমত বৰ্তমান সৰহ সংখ্যক কবিতাৰ কিতাপৰ মান পঠনযোগ্য নহয়৷

‘আপুনি কিয় কবিতা লিখে?’ বুলি সোধা প্ৰশ্নৰ উত্তৰত কবিসকলে বেলেগ বেলেগ ধৰণেৰে উত্তৰ দিয়ে যদিও কবিসকলে নোকোৱা বা লুকুৱাই থোৱা আন কেইটামান সম্ভাৱ্য উত্তৰ হয়তো এনেও হ’ব পাৰে :

১. আগৰ দিনৰ কবিসকলে পোৱা সম্ভ্ৰম আৰু সন্মান প্ৰাপ্তি,

২. ‘কবি’ৰ ব্যাপক অভিধা আৰু খ্যাতিৰ প্ৰতি মোহ,

৩. কবি হৈ সময়-বালিত খোজ থোৱাৰ হেঁপাহ,

৫. পুৰস্কাৰ, পেঞ্চন, প্ৰশংসাৰ গৰাকী হোৱা, ইত্যাদি৷

ধাৰণা কৰিব পাৰি যে সম্প্ৰতি কবিতা লিখা কামটো বৰ সহজ বুলি ভবা কবিৰ সংখ্যাই সম্ভৱতঃ অধিক আৰু যিকোনো মানুহেই কবিতা লিখাৰ অধিকাৰো উপভোগ কৰে৷ চাকৰি এটা পাবলৈ যেনেকৈ নিম্নতম অৰ্হতা লাগে, কবি হ’বলৈ কিন্তু তেনে কোনো আনুষ্ঠানিক অৰ্হতাৰ প্ৰয়োজন নহয়৷ কবিতা লিখা শিখিবলৈ পাঠশালা নাই৷ অসমৰ কবি-সন্মিলনবোৰত ভাগ লোৱা কোনো কোনো কবিয়ে কবিতা পঢ়াৰ আগ মুহূৰ্তত প্ৰায়েই কোৱা শুনো যে তেওঁ সন্মিলনলৈ অহাৰ আগে আগে লৰালৰিকৈ কবিতাটো লিখি আনিছে, আন এগৰাকীয়ে আকৌ কয় যে তেওঁ ভাত সিজাই থাকোতে থাপ মাৰ দুশাৰীমান লিখিব পাৰিলে৷ কবি-সন্মিলনত কবিতা পঢ়িবলৈ হেতা-ওপৰা কৰা এই কবিসকলে আত্ম প্ৰদৰ্শনৰ এনে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ সাধাৰণ শ্ৰোতা-দৰ্শকৰ ঠাট্টা-বিদ্ৰূপৰ পাত্ৰ হোৱাৰ কাৰণ কি নাজানো, কিন্তু নিশ্চয় ক’ব পাৰি যে তেওঁলোকৰ নিচিনা কবিসকলৰ প্ৰত্যেকেই অন্ততঃ বজাৰত ওলোৱা কবিতাৰ কিতাপবোৰ এখনকৈ সংগ্ৰহ কৰা হ’লেও প্ৰকাশকে মাত্ৰ তিনিশ কপিতকৈ অধিক কিতাপ ছপালেহেঁতেন৷

কবিয়ে লিখা কবিতাবোৰ মানুহে কিয় বুজি নাপায়, এই প্ৰশ্নৰ উত্তৰ কবিৰ হাতত থকা উচিত৷ লিখিবৰ কাৰণে কবিৰ হাতত অনেক কেঁচামাল থাকিলেও সেইখিনিৰ যথাযথ প্ৰচেচিং কৰি পাঠকৰ গ্ৰহণযোগ্য হোৱাকৈ এটা নিটোল কবিতাৰ নিৰ্মাণ কৰাৰ কাৰিকৰী কৌশলবোৰ কবিজনে আয়্ত্ত কৰা দৰকাৰ৷ কবিসকলে সততে পাই থকা কিছুমান শব্দৰ ব্যাপক অৰ্থ আৰু ব্যৱহাৰ নজনাকৈ আকস্মিকভাৱে কবিতা লিখা কেজুৱেল কবিসকলে কাকো প্ৰভাৱিত কৰিব নোৱাৰে। আমি ইয়াত তেনেকুৱা কেইটামান শব্দ উল্লেখ কৰিব খোজোঁ, যথা : উপমা, অলংকাৰ, প্ৰতীক, কল্পচিত্ৰ, শ্লেষ, ব্যংগ, সংশ্লেষণ, মেদবহুল, মেদহীন, মিতব্যয়, আংগিক (আৰু বহুতো) ইত্যাদি শব্দবোৰ এজন কবিৰ কাৰণে এজন কাঠমিস্ত্ৰীৰ কৰত, বটালি, হাতুৰী আদি বস্তুবোৰৰ নিচিনাকৈ প্ৰয়োজনীয়৷ মনলৈ যি আহে তাকেই শাৰী শাৰীকৈ লিখিলেই কবিতা হয় বুলি ধৰি ল’লে কবিতাই পাঠক হেৰুৱাব আৰু অসমৰ কাকত-আলোচনীবোৰত প্ৰকাশিত সৰহ-সংখ্যক কবিতাই এতিয়া তেনেকুৱা৷

বিশিষ্ট সমালোচক ড আনন্দ বৰমুদৈয়ে কবিতাৰ ক্ষেত্ৰত সদায়েই এষাৰ কথা কৈ আহিছে যে কবিয়ে তেওঁৰ পাঠকৰ সৈতে সংযোগ সাধন কৰিবলৈ হ’লে তেওঁলোকৰ সাংস্কৃতিক পৰম্পৰাত থাকি কবিয়ে পথ উলিয়াই ল’ব লাগিব৷ আধুনিক কালৰ কবিতাতো যে ছন্দ আছে আৰু এই ছন্দ অবিহনে কেৱল ঠৰঙা গদ্যৰ শাৰীয়ে কবিতাৰ কাম চলাব নোৱাৰে, এইবোৰ কথাৰ প্ৰতিও আমি সূক্ষ্ম দৃষ্টি ৰাখিব লাগে৷ দেখা যায় যে ক’ৰবাত এটা কবিতা ছপা হোৱা, কোনোবা এখন কবি-সন্মিলনত কবিতা পঢ়াৰ সুযোগ পোৱাৰ লগে লগেই অনেক অ্ত্যুৎসাহী কবিয়ে সহজ বাটেৰে গৈ প্ৰতিষ্ঠাৰ প্ৰতিযোগিতাত যোগ দিয়ে৷ কিন্তু সকলো কবিয়ে নিশ্চয় গম পাই যে যি কবিৰ কবিতাই অন্ততঃ এজনো পাঠকক স্পৰ্শ কৰিব পৰা নাই, তেওঁৰ কবিতা ক’ৰবাত ছপা হৈ ওলালেও কবিতাটোৰ আয়ুসকাল একেবাৰেই চুটি৷

(চেনীৰাম গগৈ এগৰাকী জ্যেষ্ঠ কবি৷ ঘৰগোনা বলধৰ কবিতা তেওঁৰ শেহতীয়া কবিতা-সংকলন৷)

One thought on “আমাৰ মৰি যোৱা কবিতাবোৰ

Leave a Reply

Your email address will not be published. Required fields are marked *