পথদ্ৰষ্টা ভবেন বৰুৱা

অঞ্জনা চলিহা

ভবেন বৰুৱা

বৰ্তমান গুৱাহাটীৰ খ্ৰীষ্টিয়ান বস্তিৰ স্বাতী এপাৰ্টমেণ্টৰ নিজা নিবাসত শয্যাশায়ী হৈ থকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ইংৰাজীৰ অধ্যাপক, বিখ্যাত কবি, সমালোচক ভবেন বৰুৱা মোৰ জনক-জননীৰ সন্তান, একমাত্ৰ অগ্ৰজজন। পিতৃ প্ৰয়াত মৌজাদাৰ দেবেন্দ্ৰনাথ বৰুৱা আৰু মাতৃ কাঞ্চনবালা বৰুৱা— দুয়োজনেই আছিল অতিকৈ শিক্ষানুৰাগী ব্যক্তি। জাঁজীৰ সেই শিমলুগুৰি মৌজাৰ মৌজাদাৰৰ বাসগৃহখন আমাৰ জনক-জননীৰ সন্তানকেউটাৰেই ওপজা ঘৰ। কিন্তু একেখন পাঠশালাত (বৰাগাঁও প্ৰাইমেৰী বিদ্যালয়ত) দাদা আৰু মোৰহে কেৱল বিদ্যাৰম্ভ হৈছিল। পৰৱৰ্তী স্তৰৰ তিনিটা বছৰৰ শিক্ষাও আমাৰ একেখন বিদ্যালয় বামুণপুখুৰী হাইস্কুলতে হৈছিল।

মোৰ গোটেই শিক্ষা-জীৱনটোতে মোৰ বৌদ্ধিক অভিভাৱক হিচাপে পোৱা দাদাজনৰ আচলতে মই সৰু থাকোতেহে সান্নিধ্যৰ সুবাস পাইছিলোঁ বুলি ক’ব পাৰি। তেতিয়া কিমান যে মোক দিগদাৰ কৰি থাকিছিল আৰু দিনটোত, মা, আইতা আৰু দেউতাক পাকে প্ৰতি দাদাৰ কথা লগাইহে তৎ পাইছিলোঁ। সেয়ে মোৰ দাদাই দিয়া এটা নাম আছিল ‘লগনী খৰি’।

মই পঞ্চম শ্ৰেণীত পঢ়োতেই দাদা গুৱাহাটীলৈ গৈ কটন কলেজিয়েট হাইস্কুলৰ ছাত্ৰ হয়গৈ। পিছত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু কলিকতাৰ স্কটিশ্ব চাৰ্চ কলেজত পঢ়াৰ সময়ছোৱাত মই পঢ়োগৈ ডিব্ৰুগড়ত। চিঠি-পত্ৰ অৱশ্যে চলি থাকিছিল, বাহিৰা কিতাপ পঢ়াৰ দীঘল তালিকা দাদাৰ চিঠিত আহে। আগতেও মই দ্বিতীয় শ্ৰেণীৰ বছৰটো শ্বিলঙত পঢ়োতে চতুৰ্থ শ্ৰেণীৰ দাদাই জাঁজীৰ পৰা নিজে নাম-ঠিকনা লিখা পোষ্টকাৰ্ড একোখনত মোলৈ মাজে মাজে চিঠি দি নিজৰ অভিভাৱকত্ব জাহিৰ কৰিছিল। শ্বিলঙত মোক পঢ়ুৱাবলৈ নিয়া দদাইদেউ, খুৰীদেউৰ কথা নুশুনিলে মোক “খংমেনে খাব” বুলি ভয় খুৱাইছিল। তেতিয়া ভাৰত স্বাধীন হোৱাৰ বেছি দিন হোৱা নাছিল, অবিভক্ত অসমৰ ৰাজধানী শ্বিলং। প্ৰশাসনীয় নেতা, অসম বিধানসভাৰ সদস্য—পৰৱৰ্তী কালত সাংসদ হোৱা (উত্তৰ পূব ভাৰতৰ প্ৰথম মহিলা সাংসদ) বনিলী খংমেনৰ কথা কৈছিল। দাদাক মোৰ অভিভাৱক বুলি সৰুতেই জানিছিলোঁ, কিন্তু কিছুমান কথাত মই নিজৰ মতেই চলিছিলোঁ। জাঁজীত আগতে ঘৰলৈ থকা আলহী আহিলে আমাক যাওঁতে পইচা দি যায়। এবাৰ দাদাই দুৱনা আৰু মই এক অনা পাইছিলোঁ। (ষোল্ল অনাই এটকা।) আজিৰ আমি বা আমাৰ লৰা-ছোৱালীহঁতে পোৱা বা দেখা বহু বস্তু আমি তেতিয়া দেখাই নাছিলোঁ। ঘৰৰ নাতি দূৰত, বৰাগাঁৱৰ আলিটোৰে সোমায়েই গোলাপ/চেপেটাৰ দোকান। একেখন দোকান, দোকানী দুজন ককাই-ভাই। পইচা পালেই তালৈ যাওঁ। কেঁচা বাদাম আৰু লজেনছ এবিধ আছিল সুমথিৰা ফুটাটোৰ দৰে, দোকানীয়ে ‘নেমু মিঠাই’ বুলি কয়। দাদাই মোৰ এক অনাটো খুজি কৈছিল, “তিনি অনাৰ বাদাম কিনিলে বেছি পাম, আধেৰ (আধাসেৰ) দিব, আমি ভাগে ভাগে কিনিলে বহু কম পাম। একেলগে কিনো মোৰ দুগুণ, তোৰ এগুণ।” কথাটো লাভজনক আৰু আমাৰ গ্ৰাহকৰ বাবে ভাল কথা বুলি বুজিছিলোঁ, কিন্তু, পিছত দুগুণ, এগুণৰ ক্ষেত্ৰত গণ্ডগোল হ’ব বুলিয়ে দাদাৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিলোঁ।

চিলাই মেছিনত মই এদিন কাপোৰ চিলাই থাকোতে (মই বহুত সৰুৰে পৰা মেছিনত কাপোৰ চিলাইছিলোঁ) দাদাই অলপ আঁতৰতে কিতাপ এখন লৈ বহিছিল। মোলৈ চাই কৈছিল, “কি মিছামিছি মেচিন মাৰি আছ, চিলাই হোৱাই নাই।” মই চাই আচৰিত, ববিনৰ সূতা শেষ। বহুত দেৰি চিলাই হোৱাই নাই, এনেই মেচিন মাৰি থাকিলোঁ। আচৰিত হৈ সুধিছিলোঁ, “দাদামইনা, তুমি বাৰু কেনেকৈ জানিলা?” গপচত কৈছিল, “মই সৰবজান বুলি নাজান নেকি, মোৰ আগত ফাকি দি কোনো সাৰিব নোৱাৰে।” ‘সৰবজান’ বুলি এজনৰ কথা কাষৰে ভেবেলাকাইৰ ঘৰত শুনিছিলোঁ। তেওঁলোকৰ গৰু হেৰাওঁতে কেনি বিচাৰিব সুধিবলৈ গৈছিল, সৰবজানে মঙ্গল চাই কৈ দিয়ে কোন ফালে বিচাৰি গ’লে পাব আৰু সেই মতে কিছুদূৰ গৈ গৰু বিচাৰি পাইছিল। সৰবজানক ‘মঙ্গলতি’ বুলি কৈছিল। আচৰিত হৈ দাদাক সুধিছিলোঁ, “তুমি তাৰমানে মঙলতি, মঙল চাবও জানা নেকি, যাদু-মন্ত্ৰবোৰ জানা? গৰু হেৰালে দেখোন কেনি আছে তুমি জানি থাকিবা।” দাদাই কৈছিল, “যাদু-মন্ত্ৰ বুলি একো কথা নাই। এক ক’লোঁ লেখি/ এক ক’লোঁ দেখি/ হা-দৈ বোলোতে ওলাল হাৰডাল/ এই বেলি ফৰিঙৰ মৰণৰ কাল।–জান নহয় কথাটো! এতিয়াও একেই, মই দেখি আছোঁ, কিছুসময় তোৰ মেচিনৰ সূতাৰ ৰিলটো ঘূৰা নাই, তেনেকৈয়ে জানিলোঁ চিলাই হোৱা নাই বুলি। যাদু-মন্ত্ৰ নহয়, এইবোৰ বিজ্ঞানৰ কথা।”

সৰুৰে পৰাই এক বৈজ্ঞানিক মনৰ অধিকাৰী দাদাৰ যে কত কি আৱিষ্কাৰৰ চখ! বেলুন উৰায়ো মোক মাতি ৰাইট ভাতৃদ্বয়ৰ কাহিনী কয়। মেডাম কুৰীৰ কথাও দাদাৰ পৰাই শুনা। বাঁহৰ চুঙা দুটা, মাৰ তাঁতশালৰ পাটসূতাৰ উঘা এটা লৈ টেলিফোন সাজে। চুঙাত সূতা বান্ধে, আগফালৰ চোতালত তেওঁ থাকিব আৰু ইটো চুঙাত বন্ধা সূতাৰ আগটো উঘাটোৰে লৈ মোক পিছফালৰ চোতাললৈ পঠায়, তেওঁ চুঙাটোত ফুচফুচাই কথা কয়, মোৰ চুঙাটোৰে কাণত দি মোক শুনিছোঁনে সুধিব। পিছতো এবাৰ মই অষ্টম শ্ৰেণীৰ পৰীক্ষা দি ডিব্ৰুগড়ৰ পৰা ঘৰত আছোঁহি, দাদাই মেট্ৰিক দি আহিছে। তেওঁৰ সৰু পঢ়া ৰুমটোত এখন আৰামী চকী। চকীখনত বহি কিতাপখন হাতেৰে নধৰাকৈ পঢ়িবলৈ মিস্ত্ৰীক বুজাই বুজাই দেখুৱাই এডাল বাঁহ-কাঠৰ ষ্টেণ্ড কৰি লৈছিল। দুইফালে খুঁটি দুটাত ষ্টেণ্ডডাল ৰৈ থাকে আৰু তেওঁৰ প্ৰায় পেটৰ ওপৰতে চকুৰ পৰা নিৰ্দিষ্ট দূৰত্বত এখন কিতাপ মেলি থ’ব পৰা বুকছেলফ। এইবোৰ দেখি তেওঁ ইঞ্জিনীয়াৰ হ’ব বুলিয়ে মামা, খুৰাহঁতে কৈছিল।

দাদাৰ সান্নিধ্য সুমৰি আকৌ এপাক জাঁজীঘৰ, বামুণপুখুৰী স্কুল পাইছোঁগৈ। স্কুলত প্ৰতি শনিবাৰে হোৱা সাহিত্য চ’ৰাৰ সভাবোৰত দাদাই আকস্মিক বক্তৃতা, স্বৰচিত কবিতাৰ আবৃত্তি ইত্যাদিত ওপৰ শ্ৰেণীৰ দাদা-বাইদেউহঁতৰপৰা, ছাৰহঁতৰ পৰাও প্ৰশংসা পোৱা গৌৰৱ-বোধ কৰোঁ। ঘৰত আহি মাহঁতক কওঁহি। মই ডিব্ৰুগড়ৰ পৰা আই.এ. দি আহি যোৰহাটত বি.এ. পঢ়োতে এইবাৰ আকৌ এবছৰ একেলগে থাকিবলৈ পালোঁ, গীতাৰ্থী স্কুলৰ কাষত ভাৰাঘৰটোত। তেওঁ কলিকতাৰ পৰা বি.এ. দি আহি এবছৰ বালিগাঁও আৰ্য বিদ্যাপীঠত শিক্ষকতা কৰিছিল। দাদা, মই, মণ্টু, মুকুট। মণ্টু, মুকুট (ৰাজেন, নীৰেন) স্কুলীয়া ভাইদুটাক ইংৰাজী গ্ৰামাৰ, ট্ৰেন্সলেশ্যন আদিৰ দাদাই দি যোৱা কামবোৰ চোৱাৰ দায়িত্ব পাইছিলোঁ মই, এটা ভুল কৰিলে এচাট দিয়াৰো। পিছৰ বছৰ তেওঁ এম.এ. পঢ়িবলৈ দিল্লীলৈ যায়গৈ আমাক মালৌ আলিৰ পাৰ্ট হাউছ এটাত থৈ। এম.এ. পঢ়োতে আকাশবাণীত অসমীয়া বাতৰি পঢ়ে। আমি অসমীয়া বাতৰি শুনিবলৈ আজৰি হৈ সাজু হৈ থাকোঁ। ইমান দূৰত থকা আপোনজনৰ মাত শুনিবলৈ পোৱা কিমান ভাল লগা কথা! আজিৰ দৰেতো মোবাইল নাছিল। লেণ্ডফোননো তেতিয়া কেইঘৰত? আপোন মানুহ, জ্যেষ্ঠসকলৰ মুখতো “মইনাৰ মাত” (দাদাৰ ঘৰৰ নাম ‘মইনা’) শুনাৰ কথা, যেন মইনা চৰাইৰ মাতহে।

পিছত মই এম.এ. পঢ়োতে দাদাই কিছুদিন পাঞ্জাবত অধ্যাপনা কৰি আহি গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে। দাদাক এইবাৰ লগ কৰাৰ স্থান আছিল বিশ্ববিদ্যালয় গ্ৰন্থাগাৰ। এদিনহে আমাৰ হোষ্টেললৈ আহিছিল। তেতিয়া মোৰ ফাইনেল পৰীক্ষা চলি আছিল। চকিদাৰে আহি মোক কৈছিল ভিজিটৰ্ছ ৰুমত দাদাক লগ কৰিবলৈ। ঘৰৰ পৰা মায়ে মোক পৰীক্ষাৰ বাবে দিবলৈ কোৱা টনিক এটা লৈ আনিছিল। পঢ়াৰ কথা সোধোতে মই কৈছিলোঁ পিছৰ পেপাৰখন History of Philosophy – তাৰ Empiricists কিজন পঢ়ি আছোঁ, আৰু দুদিন গেপ আছে, কাণ্ট ভালকৈ পঢ়িব পাৰিম বুলি। Empircist David Hume-ৰ কথা দাদাই সোধোতে মই অলপ কৈছিলোঁ। হিউমে ubstance, cause  আদি deny কৰাৰ কথা। তেতিয়া মোক কয়, “destructive Hume-কে লিখিবি নেকি, তেওঁৰ Constructive Side-টোও focus কৰিব লাগিব।” তেতিয়াহে সেইটো side-ৰ কথা ভাবোঁ আৰু দাদাৰ লগত কথা পতাৰ পৰা যে মোৰ পৰীক্ষাত Hume-ৰ লিখনিটো অলপ উন্নত হৈছিল সেই কথা গম পাইছিলোঁ। কিমান যে দৰ্শনৰো মন ভৰাই দিয়া কথাবোৰ ইংৰাজীৰ অধ্যাপকজনৰ! Empiricism আৰু Rationalism-ৰ ক্ষেত্ৰত British আৰু Continental Background-ৰো কিছুমান দিশ মোৰ মনলৈ আনি দিছিল।

পৰীক্ষাৰ কেইদিন মই পৰীক্ষা দি ওলোৱাৰ পিছতে মোক লগ ধৰি খবৰ লৈছিল। ফাৰ্ষ্ট পেপাৰ দিয়াৰ পিছতে মোৰ পৰীক্ষা বেয়া হৈছে বুলি দাদাক ড্ৰপ দিয়াৰ কথাই কৈছিলোঁ। দাদাই কৈছিল দৰকাৰ হ’লে শেষৰখন নিদিবি। পিছত জানিবা পৰীক্ষা ক্ৰমাৎ ভাললৈ আহি থাকিল আৰু পৰীক্ষা সম্পূৰ্ণ কৰিলোঁ। ফলাফলত সোণৰ পদকেই পালোঁ।

ইয়াৰ পিছৰ পৰা বিয়া-বাৰুৰে আঁতৰি গৈও আমি যেন পৰস্পৰে অন্য ধৰণেৰেও কাষ চাপিছিলোঁ। ঘৰুৱা বিয়া-সবাহ, অন্নপ্ৰাশন আদিত দাদা হৈছিল ভাগিনহঁতৰ “বমবা” (বৰমামা) আৰু সভাই-সমিতিয়ে মুক্তধাৰা সাংস্কৃতিক সমাজৰ সঞ্চালক ভৱেন বৰুৱাৰ লগত বহু আলোচনাই কৰিব লগা হৈছিলোঁ মই মুক্তধাৰাৰ ভগিনী অনুষ্ঠান ‘অসম দৰ্শন সন্থা’ৰ সভাপতি ৰূপে।

সৰুৰে পৰাই পোৱা মোৰ এই অভিভাৱকজন ‘কবি’ বুলি জানিছিলোঁ। বামুণপুখুৰী হাইস্কুলৰ শনিবৰীয়া সাহিত্যচ’ৰাত আবৃত্তি কৰা কেইবাটাও কবিতা তেওঁ অষ্টম শ্ৰেণীত পঢ়ি থাকোতে উলিওৱা প্ৰথমখন কিতাপ নতুন পৃথিৱীত ছপা হৈ ওলাওঁতে দাদাক মুখস্থ গায়ো শুনাইছিলোঁ। পিছত মই ১৯৬৫ চনত জে. বি. কলেজত সোমোৱাৰ পিছৰ পৰা আমাৰ কমনৰুমত কবি, সমালোচক ভবেন বৰুৱাৰ চৰ্চা দুজনমানৰ মুখত প্ৰায়ে শুনিছিলোঁ। ‘প্ৰাপ্ত বয়স্কৰ সমস্যা আৰু অসমীয়া সংস্কৃতি’ আদি সেই সময়ৰ লেখাৰ পিছৰ পৰা দাদাৰ কথা যে মই বহুত নাজানো সেই কথা ভালকৈয়ে বুজিছিলোঁ। লাহে লাহে ঢুকি নোপোৱা যেন হোৱা দাদা ভবেন বৰুৱাৰ কথা সেয়ে এতিয়া লিখিবলৈ লৈ নিজকে তেওঁৰ সেই ঘৰুৱা পৰিৱেশৰপৰা মই আঁতৰিহে ল’ব লাগিব। একেলগে খাই-বৈ ৰং-ধেমালিৰে একেলগে ডাঙৰ হোৱা দাদাজন আচলতে বহুত বেলেগ বুলি লাহে লাহে বুজি পোৱা হ’লোঁ। আৰু সেই বেলেগজনৰ কথা ক’বলৈ আনৰ দৃষ্টিৰে চাবই লাগিব। বহুত উচ্চতাৰপৰা চাব পাৰিলেহে দাদাক ভালকৈ জানিব পাৰিম।

অসমৰ বৌদ্ধিক তথা সাংস্কৃতিক জগতৰ স্বনামধন্য অন্যজন ব্যক্তি ভবেন্দ্ৰ নাথ শইকীয়াৰ নিম্নোক্ত উক্তিৰেই ভবেন বৰুৱাৰ পৰিচয়ত ভুমুকিয়াব পাৰোঁ: “হাতত কিতাপ দুখনমান লৈ ভবেন বৰুৱা সোমাই আহিছে। ৰাজ্যৰ কথা, সাহিত্যৰ কথা, মানুহৰ কথা। প্ৰসঙ্গক্ৰমে এটা কথা কৈ থওঁ, বহু কথাত মোক পৰামৰ্শ দি সহায় কৰা এই মানুহজনক মোৰ ঘনিষ্ঠসকলৰ মাজত আটাইতকৈ বেছি অধ্যয়নপুষ্ট আৰু চিন্তাশীল লোক বুলি মই গণ্য কৰোঁ। বুৰঞ্জী, দৰ্শন, সাহিত্য, কলা, সংগীত—বিভিন্ন শাখাত তেখেতৰ অধ্যয়ন আৰু চিন্তাৰ গভীৰতা দেখি মই মুগ্ধ হওঁ। তেখেতৰ বহু লেখা যে গড়মানৰ (average) পাঠকৰ কাৰণে জটিল, সেই কথাটো মই তেখেতক প্ৰায়েই সোঁৱৰাওঁ আৰু সেই গভীৰ অধ্যয়নৰ সুফল বহু মানুহে উপভোগ কৰিব নোৱাৰিব বুলি শংকা প্ৰকাশ কৰোঁ।” [ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘জীৱন বৃত্ত’ (চল্লিছ), প্ৰান্তিক, ১-১৫ অক্টোবৰ, ‘৯৯) এই প্ৰসঙ্গতে এই কথাও সুঁৱৰিব পাৰি যে শইকীয়াৰ কথাছবি প্ৰায়খিনিৰে নাম (কোলাহলৰ বাহিৰে) ভবেন বৰুৱাই দিয়া। প্ৰান্তিকৰ প্ৰথম সাতোটা বছৰৰ কবিতা খণ্ডটো বৰুৱাই সম্পাদনা কৰি গঢ় লগাই দিছিল।

১৯৭৭ চনত প্ৰকাশ পোৱা সোণালী জাহাজ নামৰ কবিতাপুথিৰ বাবে ভবেন বৰুৱাই সাহিত্য অকাডেমীৰ বঁটা পাইছিল। আধুনিক কবিতাত এনে বঁটা পোৱা তেৱেঁই প্ৰথম অসমীয়া। কবি, সাহিত্যিকজন সাহিত্য অকাডেমীৰ ভাৰতবৰ্ষৰ একমাত্ৰ প্ৰতিনিধি হিচাবে ১৯৯০ চনত পূব ইউৰোপৰ যুগোশ্লাভিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় লেখক সন্মিলনত অংশ গ্ৰহণ কৰিছিলগৈ। সোণালী জাহাজৰ কবিতাসমূহৰ হিন্দী অনুবাদ  হোৱাৰ পিছত হিন্দীভাষী সাহিত্যিকসকলৰ পৰা তেওঁ ভূয়সী প্ৰশংসা লাভ কৰে। বৰুৱাৰ কবি মনটোৰ বিস্তৃতি তথা গভীৰতা বহন কৰা লেখাসমূহৰ ভিতৰত জাপানী আদি বিদেশী কবিতা সম্পৰ্কীয় লেখা বা চীনা কবি টুফু আদিৰ ওপৰত লিখা প্ৰবন্ধ-পাতিয়েই যথেষ্ট। ফৰাচী, জাৰ্মান, ইটালীয়, স্পেনিছ আদি কবিতা কিছুমানো সিবিলাকৰ ইংৰাজী ভাঙনিৰ পৰা অসমীয়ালৈ অনুবাদ কৰি তেওঁৰ সম্পাদিত অতি উন্নত মানৰ আলোচনী সংলাপত প্ৰকাশ কৰিছিল। এইবিলাকে তেওঁৰ পাশ্চাত্য কবিতাত থকা দখলৰ পৰিচয় বহন কৰে।

অনুভূতিপ্ৰৱণ কবি ভবেন বৰুৱা আনহাতে এজন ক্ষুৰধাৰ সমালোচক। অসমীয়া সাহিত্যক শুদ্ধ পথ দেখুওৱাৰ ব্ৰতত ব্ৰতী বৰুৱাৰ সমালোচনা স্পষ্ট আৰু নিৰ্ভীক। সেয়েহে তেওঁ ভালেকেইজন খ্যাতনামা সাহিত্যিকক শুদ্ধ পথ দেখুৱাই উত্তৰণ ঘটাব পাৰিছিল। হোমেন বৰগোহাঞিয়ে বৰুৱাই তেওঁক কৰা সমালোচনাৰ পৰা উপকৃত হোৱাৰ কথা স্বীকাৰ কৰিছে— “এইখিনিতে উল্লেখযোগ্য যে কবি আৰু সমালোচক ভবেন বৰুৱাই তেওঁৰ সমালোচক জীৱন আৰম্ভ কৰিছিল সুবালাৰ বিষয়ে কৰা এটি সুদীৰ্ঘ আলোচনাৰে। মোৰ ঔপন্যাসিক জীৱনৰ আৰম্ভণিতেই ভবেন বৰুৱাৰ এই অন্তৰ্ভেদী আৰু পাণ্ডিত্যপূৰ্ণ সমালোচনাটো পঢ়ি মই ইমান উপকৃত হৈছিলোঁ যে তাৰ প্ৰভাৱ মই আজিও অনুভৱ কৰি থাকোঁ। যুদ্ধোত্তৰৰ অসমীয়া সাহিত্য সমালোচনাত ভবেন বৰুৱাৰ সেই প্ৰবন্ধটো এটা উল্লেখযোগ্য মাইলৰ খুঁটি বুলি মই ভাবোঁ।” (হোমেন বৰগোহাঞি, আত্মানুসন্ধান, পৃষ্ঠা ৩১)   

সিদিনা শেষ শয়নৰ আগে আগে জ্ঞানপীঠ বটাৰে বিভূষিত হোৱা নীলমণি ফুকন সম্পৰ্কেও এনে কথা পোৱা যায়— “Like wise Nilmoni Phukon (Another Sahitya Academi Award Winner modern Assamese Poet) made the admission in 1977 in his preface fo the collection Golapi Jamur Lagna, how Bhaben Barua as a critic has been connected with the development of my  poetic consciousness from the middle part of the sixties.” (Dr. Amalendu Chakravrarty, Bhaben Barua , A Profile of His Achievements)

 সংলাপ আৰু সংজ্ঞাৰ যোগেদিয়ে তেওঁৰ সমালোচনা সাহিত্যৰ প্ৰসাৰ ঘটিছিল যদিও নতুন দৈনিক, অগ্ৰদূত, আমাৰ অসম, দৈনিক জনমভূমি, The North East Times, The Sentinel আদি কাগজ তথা প্ৰান্তিক, প্ৰকাশ আদি আলোচনীয়েও তেওঁৰ বহু সমালোচনা আজিও ধৰি ৰাখিছে।

ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন বিষয়ত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বৰুৱাই প্ৰদান কৰা বিভিন্ন বক্তৃতাসমূহকো একো-একোখন গৱেষণাপত্ৰ বুলিব পাৰি। ইবিলাকে তেওঁৰ তথ্যপ্ৰেমী, বিজ্ঞানভিত্তিক, ইতিহাসচিন্তাৰ নিদৰ্শনো দেখুৱায় আৰু লগতে দেখুৱায় ইবিলাকৰ অন্তৰালত থকা প্ৰাচ্য আৰু পাশ্চাত্য উভয় দৰ্শনৰে এক বিশেষ ঐতিহ্য সামৰি লোৱা এক বহুদৈশিক, সামগ্ৰিক জীৱনদৰ্শন। ভালেকেইটা বক্তৃতাৰে তেওঁ আন্তঃৰাষ্ট্ৰীয় খাতিসম্পন্ন পণ্ডিতৰ পৰাও প্ৰশংসা বুটলিছিল।

এনে এটা বিখ্যাত বক্তৃতা Science, Poetry and Politics নামত গ্ৰন্থাকাৰে প্ৰকাশিত হৈছিল। এইটো আছিল জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক তুলসীনাৰায়ণ শৰ্মাৰ সোঁৱৰণত তদানীন্তন অধ্যক্ষ মুকুল চলিহাই অনুষ্ঠিত কৰা তৃতীয় বক্তৃতা। এই তৃতীয় বক্তৃতানুষ্ঠানৰ পিছদিনাই চতুৰ্থ বক্তৃতা দিছিল বিশ্বভাৰতীৰ প্ৰাক্তন উপাচাৰ্য, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিন্তাবিদ অম্লান দত্তই। তেওঁ আছিল তৃতীয়টো বক্তৃতানুষ্ঠানৰো সঞ্চালক। দত্তই Science, Poetry and Politics-ৰ বিষয়ে দিয়া মন্তব্যটোও মই ৰাখি থৈছিলোঁ। কথাখিনি এনেধৰণৰ: “প্ৰায়োগিক বিজ্ঞান আৰু ৰাজনীতি উভয়ৰে সামৰ্থ্য আছে সমাজক সলনি কৰাৰ। বিপৰীতে বিশুদ্ধ বিজ্ঞানে বিশ্বজগত সম্পৰ্কে বহু কথাই ক’ব যদিও জাগতিক পৰিৱৰ্তন ঘটোৱাৰ সামৰ্থ্য ইয়াৰ নাই। কিন্তু ই দিয়ে মানুহক মনৰ স্বাধীনতা। বক্তৃতাটোত ভবেন বৰুৱাই আইনষ্টাইনৰ উদ্ধৃতি এটাৰে এনে কথাই কৈছে। এই স্বাধীনতাহে আধ্যাত্মিক উন্নতিৰ কাৰক। আমি যিহেতুকে আৱেগৰ সংঘৰ্ষৰ পৰা সদায় মুক্তি বিচাৰি থাকোঁ আৰু মুক্তি বিচাৰোঁ এক সমন্বয়ৰ দৰ্শনত। এনে সমন্বয় দিব পাৰে বিশুদ্ধ বিজ্ঞান আৰু কবিতাইহে। উচ্চ স্তৰৰ কবিতাত যেতিয়া বিজ্ঞানৰ দৃষ্টি যুক্ত হয়, তেতিয়া মানৱ হ’ব এক অতি উচ্চস্তৰৰ সভ্যতাৰ অভিমুখী। তেনে মানসিকতাৰ সৃষ্টিতহে প্ৰায়োগিক বিজ্ঞান তথা ৰাজনীতিয়ে বিশ্বজগত সলনি কৰা শুভ দিশ নিৰ্দেশনা লাভ কৰিব। অন্ধ বিজ্ঞান তথা মৌলিক মূল্যবিহীন ৰাজনীতিয়ে নহ’লে বিপৰ্যয় সৃষ্টি কৰিব।” Science, Poetry and Politics এই ৮৯ পৃষ্ঠাৰ কিতাপখনৰ যি সাৰমৰ্ম এঘণ্টাৰ বক্তৃতাত বৰুৱাই কৈছিল তাৰে মৰ্মাৰ্থ ব্যক্ত কৰিছিল অম্লান দত্তই।

বৰুৱাৰ অন্য বক্তৃতাবোৰ এনেধৰণৰ: 
(১) Anandaram Barua Memorial Lecture of Indian Scholarship in the 19th Century.
(৩) দিল্লী বিশ্ববিদ্যালয়ত দিয়া এটা বক্তৃতা ‘Saint Sankaradeva, Indian Civilization and the Philosophy of Vaishnavism.’
(৪) K.K. Handique Memorial Lecture on ‘The Idea of the University and the Philosophy of the Humanities.’
(৫) The Keynote speech on a National Seminar on K.K. Handique Birth Centenary: “A Tribute to Krishana Kanta Handique and Some Reflection on the Indian and Western Cultural Traditions.”
(৬) ‘Shakespeare, Bengal Renaissance etc.’ এই বক্তৃতাটো Indian Institute of Advanced Studies, Simla-ত ফেলো হিচাপে থকা সময়তে মহীশূৰত অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় ছেমিনাৰত প্ৰদান কৰিছিল।
(৭) ‘Rabindranath Tagore and Indian Renaissance’ নামৰ বিখ্যাত বক্তৃতা এটা প্ৰদান কৰিছিল শ্বিলঙত ছেণ্ট এন্থনীজ কলেজত অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় ছেমিনাৰত। এই বক্তৃতাটোৰে দেখুওৱা তেওঁৰ আধুনিক বাংলা সাহিত্য আৰু ৰবীন্দ্ৰনাথৰ ওপৰত দখলে সকলোকে বিস্মিত কৰে।

এইখিনিতে কেইদিনমান আগতে পুৰণি লেখা এখিনিৰ মাজত পোৱা ‘Vidyasagar and the Assamese Society’ নামৰ দাদাৰ লেখাৰ প্ৰথম বাক্যটো উদ্ধৃত কৰিবৰ মন গৈছে— “There are two Bangals. One is the Bengal that easily links up with Assam’s Kamakhya temple often visited by many Bengalis coming to Assam from Bengal, and the other is the Bengal of Rammohan,  Iswarchandra Vidyasagar and Rabindranath, the modern Bengal of renaissance and reformation. How do these two Bengals relate to the significant currents of the Assamese society? Or we may also put the question in another way! Which Bengal is nearer to the valuable cultural ethos of the traditional Assamese Society?”

বৰুৱাৰ সামাজিক ইতিহাস-চিন্তাৰ পৰিচয় বহন কৰা সাহিত্য সমালোচনাৰ এক বিশেষ প্ৰবন্ধ হ’ল— বীণা বৰুৱাৰ জীৱনৰ বাটতক লৈ কৰা এক সুন্দৰ সমীক্ষা— ‘Jivanar  Batat—The Story of a Society’। ড কাকতিয়ে প্ৰথমে জীৱনৰ বাটত উপন্যাসখনৰ প্ৰসঙ্গ আনিছিল আৰু ভবেন বৰুৱাই নিজা সমালোচনাৰে এটা ইংৰাজী প্ৰবন্ধত The Assam  Quarterlyত প্ৰকাশ কৰে (Lakshminath Bezbarua Birth Century Issue) আৰু তেতিয়ালৈকে সৃষ্ট অসমীয়া উপন্যাসসমূহৰ ভিতৰত শ্ৰেষ্ঠ উপন্যাস বুলি প্ৰতিষ্ঠা কৰে। বৰুৱাৰ আন এটা উল্লেখযোগ্য প্ৰবন্ধৰ নাম ‘Kabir and the Philosophy of the Bhakti Movement’।

১৯৯৯ চনত এলাহাবাদ বিশ্ববিদ্যালয়ত বিশ্বকৌষিক জ্ঞানৰ অধিকাৰী পণ্ডিত অধ্যাপক এছ. চি. দেৱৰ শতবাৰ্ষিকীত স্মাৰক বক্তৃতা দিবলৈ এছ. চি. দেৱ ফাউণ্ডেশ্যনে বৰুৱাক আমন্ত্ৰণ জনায়। তেওঁলোকে বৰুৱাৰ বিষয়ে কৰা মন্তব্য শুনিবলগীয়া— “Keeping in view the encyclopedic range of Prof. S. C. Deb’s interest for the first series of lectures to be delivered in his memory the foundation has chosen to have Prof. Bhaben Barua to speak on the subject: “Liberating the mind: Literature, History and Philosophy.” Prof. Barua, major Indian poet, critic, thinker, scholar and editor. In him a finely honed lyric temper is mellowed and broadened by a profoundly and sensitively philosophic mind and a wide and penetrating awarness of the movements of history.”         

   অতি উচ্চ স্তৰৰ সম্পাদক ভবেন বৰুৱাৰ সম্পাদনাত অসমীয়া ভাষাক বিশেষ গৰিমা প্ৰদান কৰা সংলাপক আনকি কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়ায়ো প্ৰশংসা কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰিছাৰ্চ জাৰ্নেল দ্য আসাম কোৱাৰ্টাৰলি, দ্য আসাম অকাডেমী ৰিভিউজকো বৰুৱাই নতুন মাত্ৰা প্ৰদান কৰিছিল। ড সুনীতি কুমাৰ চেটাৰ্জিয়ে কৈছিল, “This journal [The Assam Academy Reviews) is a distinct addition of value to our research journals of India.”

ভবেন বৰুৱাৰ সৈতে লেখক

যি দেখা যায় তেওঁৰ দৰ্শনচিন্তা আৰু সমাজচিন্তা সদায় আছিল ইতিহাস ভিত্তিক আৰু সমাজ আৰু ইতিহাস ৰচনা কৰা অন্তঃসলিলা দাৰ্শনিক ভিত্তি তেওঁৰ দৃষ্টিৰ পৰা আঁতৰি নাযায়। ইতিহাস চিন্তাৰ গভীৰতা প্ৰকাশক তেওঁৰ এখন গ্ৰন্থ হৈছে প্ৰসঙ্গ বাণীকান্তঅসমীয়া সাহিত্য সমালোচনা গ্ৰন্থখনৰ পৰা অলপ তুলি দিছোঁ: “বাণীকান্ত কাকতিৰ চিন্তাজগতৰ কেইবাটাও দিশ সামৰা বৰুৱাৰ প্ৰসঙ্গ বাণীকান্ত (১৯৯৭) নামৰ গ্ৰন্থখনত কাকতিৰ ভাষা, সংস্কৃতি বিষয়ক চিন্তাত নতুন পোহৰ পেলাবৰ চেষ্টা কৰা হৈছে। গ্ৰন্থখনত অন্তৰ্ভুক্ত ‘বাণীকান্ত কাকতিৰ ইতিহাস চিন্তাৰ পথত’ শীৰ্ষক সুদীৰ্ঘ প্ৰবন্ধটোৰ জৰিয়তে অসমীয়া জাতীয় জীৱনৰ ছবি এখন দাঙি ধৰিবলৈ বিচৰা হৈছে। বাণীকান্ত কাকতিয়ে দেখুৱাই থৈ যোৱা ভাষাতত্ত্ব আৰু নৃতত্ত্বৰ পথ দুটা অসমীয়া জাতিৰ নতুন ধৰণৰ আৰু গভীৰ স্তৰৰ ইতিহাস এখন ৰচনাৰ ক্ষেত্ৰত কিদৰে গুৰুত্বপূৰ্ণ হ’ব পাৰে তাকেই প্ৰবন্ধটোত বিচাৰ-বিশ্লেষণ কৰি দেখুওৱা হৈছে। প্ৰবন্ধটোৰ সামৰণিত কোৱা এই কথাখিনি তাৎপৰ্যপূৰ্ণ: “ৰাজনৈতিক শক্তিবাদৰ আদৰ্শটোৱেই এতিয়া যিসময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰচণ্ড ৰূপত পৰাক্ৰমী হৈ পৰিছে প্ৰকৃত মানসিক সাংস্কৃতিক প্ৰগতিৰ দূৰলৈকে অসমক লৈ গৈছে—অসমৰ অৰ্থনৈতিক প্ৰগতিৰ সম্ভাৱনাবোৰকো মষিমূৰ কৰিছে— সেইসময়ত অসমীয়া সমাজখনত প্ৰয়োজন হৈছে এক গভীৰ আৰু প্ৰশস্ত চৰিত্ৰৰ ইতিহাস দৰ্শনৰ। এই পথত আগবাঢ়িবলৈ হ’লে অসমীয়া জাতিয়ে আজি এটা নতুন ধৰণৰ জাতীয় চেতনাৰ সংগ্ৰামো চলাব লাগিব। এই পথত বাণীকান্ত কাকতিৰ পাণ্ডিত্যখিনিৰ আদৰ্শটোকো এটা শক্তি হিচাবেই অসমীয়াই পাই থাকিব।” (ড শৈলেন ভৰালী: অসমীয়া সাহিত্য সমালোচনা, বাণীকান্ত কাকতিৰ পৰা ভবেন বৰুৱালৈ)

পথদ্ৰষ্টাজনে শঙ্কৰদেৱ-বেজবৰুৱা-বাণীকান্তৰ শুদ্ধ পথটো দেখুৱাই বিভিন্ন প্ৰসঙ্গত লিখিছিল। ১৯৯২ চনত জানুৱাৰীত অগ্ৰদূতত দুটা সংখ্যাত ‘বাণীকান্তৰ চিন্তাজগত’ শীৰ্ষক লেখা ওলাইছিল। এই প্ৰসঙ্গত বৰুৱাই দিয়া মন্তব্য এটি প্ৰয়োজনীয় বুলি ভাবিছোঁ। কৈছে, “অসমীয়া ভাষা-সংস্কৃতিৰ কেন্দ্ৰীয় তথা উৎকৃষ্ট ধাৰাটোৰ প্ৰতিমুখেই চলা ষড়যন্ত্ৰ নাইবা অজ্ঞতামূলক এবিধ চিন্তাৰ বিৰুদ্ধে বেজবৰুৱাৰ সতীৰ্থ হৈ বাণীকান্তয়ো একালত যিখন যুঁজ চলাব লগা হৈছিল তাৰ ঐতিহাসিক তাৎপৰ্যখিনি বুজিবলৈ আজিৰ অসমীয়া সাহিত্যিকসকলে চেষ্টা কৰা উচিত।”

বাণীকান্তৰ কথা এষাৰ উদ্ধৃত কৰিছে লেখাটোত তাৎপৰ্যপূৰ্ণ বুলি—

“কাব্যক্ষেত্ৰত যুগোপযোগী বাণীৰ অভাৱ অতি শোচনীয়। কেতবোৰ ডেকা ল’ৰাই আধুনিক কবিতা নাম দি খোজ ভঙ্গী নোহোৱা লেটিপেটি শোভাযাত্ৰীৰ অনুকৰণত লয়লাস নোহোৱা ভাষাত মতবাদৰ শ্লোগানবিলাককেই হিচাব নোহোৱা চুটি দীঘল শাৰীত লিপিৱদ্ধ কৰি কবিতা বুলি প্ৰচাৰ কৰিব লাগিছে।” (বাণীকান্ত কাকতি — যুগ-সাহিত্য আৰু সমাজৰ ৰূপৰেখা) কাকতিৰ উদ্ধৃতিটো দি বৰুৱাই মন্তব্য দিছে, “যুগোপযোগী কথাষাৰ কাকতিয়ে অগভীৰ অৰ্থত লোৱা নাছিল। অনুভূতিয়েই যে সাহিত্যৰ প্ৰাণ আৰু সাহিত্যিক উপলব্ধিও যে ব্যক্তি হৃদয়ৰ লগত জড়িত এনে এক জীৱন থাকে যি দলবদ্ধ জনতা তথা ৰাজনৈতিক মতবাদৰ দূৰত এই কথাবোৰ বুজিব পৰা পাঠকসকলেই কাকতিৰ এনে সাহিত্য বিচাৰো বুজিব। কাকতিৰ এই সমালোচনাতো এবিধ গুৰুত্বপূৰ্ণ সত্যই আছিল। আধুনিক অসমীয়া কবিতাৰ আন্দোলনটোত সঙ্গীতবোধ আৰু সাহিত্যিক উপলব্ধি দুয়োটা প্ৰসঙ্গতে ভালেখিনি দুৰ্বলতাই আছিল।”

১৯৯২ চনৰে ডিচেম্বৰত দুটা খণ্ডত অগ্ৰদূতত ওলোৱা লেখা ‘বাণীকান্ত কাকতি, আমাৰ বিশ্ববিদ্যালয় আৰু বৌদ্ধিক পৰিৱেশ’ৰ সামৰণি মন্তব্যটোকে উদ্ধৃত কৰিছোঁ—

“বিশ্ববিদ্যালয়ৰ আৰ্থিক দৰিদ্ৰতা চৰকাৰেও হয়তো মোচন কৰিব পাৰে। কিন্তু বৌদ্ধিক দৰিদ্ৰতা, নৈতিক দৰিদ্ৰতাৰ মাজলৈ যেতিয়া এবিধ কেৰাণী আৰু টেকনক্ৰেট আৰু পলিটিচিয়ানে এখন বিশ্ববিদ্যালয় ঠেলি লৈ যায় তেতিয়া? তেতিয়া লাগিব ঘাইকৈ বৌদ্ধিক পথৰে সংগ্ৰাম। নীতিক (ৰাজনৈতিক চালাকি আৰু অভিসন্ধিক নহয়) গুৰুত্ব দিব পৰা মানসিকতাৰো জাগৰণ। সেই পথতেহে আমাৰ অসমীয়া সমাজত উচ্চ শিক্ষাৰ জগতখনত বাণীকান্তও ঘূৰি আহিব পাৰিব আৰু এটা নতুন পোহৰে তেতিয়াহে দেখা দিব পাৰিব।”

   সন্তকবি শঙ্কৰদেৱৰ দৰ্শন কোন পথৰ? এই প্ৰশ্নৰ উত্তৰত ভবেন বৰুৱাই বহু বিতৰ্কিত লেখাৰ বিপৰীতে বাদ-বিবাদ কৰি প্ৰকৃত সত্য দেখুৱাবলৈ ঢেৰুৱা ঠাৰি সিজোৱাৰ অপ প্ৰয়াসত সময় দিব লগা হৈছিল। তেওঁ এই কথাকে কৈছিল, “মূল ধৰ্ম দৰ্শনৰ (Philosophy of religion) ক্ষেত্ৰত ঈশ্বৰবাদী বেদান্তৰ ৰামানুজী পথতে ঈশ্বৰবাদী শঙ্কৰদেৱো আছে, শংকৰাচাৰ্যৰ পথত নাই।”

   এই মূল কথাষাৰকে ক’বলৈ কিমানবোৰ যে লিখিব লগা হৈছিল! দিল্লী বিশ্ববিদ্যালয়ত দিয়া শংকৰদেৱ সম্পৰ্কীয় ছেমিনাৰৰ ইংৰাজী বক্তব্যখিনিৰো মূল কথা একেই। তদুপৰি ১৯৯১-১৯৯২ চনত নতুন দৈনিক, অগ্ৰদূতত এই সম্পৰ্কীয় ভালেখিনি বাদ-বিতণ্ডা চলিছিল। ভ্ৰান্ত ব্যাখ্যাবোৰ খণ্ডন কৰি ‘৯১ চনৰ মে’, জুন মাহত বৰুৱাৰ এলানি লেখা ওলাইছিল, ‘শংকৰদেৱৰ দৰ্শন প্ৰতিক্ৰিয়াশীল পথৰ নে?’ শীৰ্ষক। ১৯৯১ চনৰ জুন মাহত হোৱা এই লানি বিতৰ্ক বৰুৱাই নতুন দৈনিকত সামৰিছিল এইদৰে: “একশৰণ তত্ত্ব অদ্বৈতবাদৰ পথৰ পৰা আহিছে বুলি কোন কেইজন ভাৰতীয় পণ্ডিতৰ ৰচনাত পাইছিল, সেইটো কথাও—তেখেতে ‘নামটো মই নাই দিয়া) এইবাৰো নজনালে। সেইদৰে শংকৰাচাৰ্যৰ ঈশ্বৰক তেখেতে যে মায়ামুক্ত বুলি ভুলতেহে কৈছিল সেই গুৰুত্বপূৰ্ণ প্ৰসঙ্গটোও এইবাৰ অদৃশ্য হৈ ৰ’ল।

এইবোৰেই হ’ল উত্তৰ দিয়াৰ পদ্ধতি। অদ্বৈতবাদবিৰোধী ৰামানুজৰ দৰেই যে শংকৰদেৱে ‘এক শৰণ’ তত্ত্বক গুৰুত্ব দিছিল আৰু মায়াৰ ঊৰ্ধ্বত থকা ঈশ্বৰৰ ধাৰণাটো লৈছিল সেই কথাটোৱেই লুকাল। বেজবৰুৱাৰ মূল বক্তব্যখিনিতেই শঙ্কৰদেৱৰ দৰ্শনৰ প্ৰসঙ্গৰ সত্যখিনি আছে বুলিয়েই এই কথাবোৰেও প্ৰমাণ কৰিছে। আন সকলো বৈষ্ণৱ সন্তৰ দৰেই শঙ্কৰদেৱো শঙ্কৰাচাৰ্যৰ পথৰ নাছিল। ঘাইকৈ ৰামানুজৰ দাৰ্শনিক পথটোৰে আছিল। আনহাতে শঙ্কৰদেৱে ৰামানুজকো যান্ত্ৰিকভাৱে অনুসৰণ কৰা নাছিল, বিশেষকৈ ধৰ্মাচাৰৰ পদ্ধতিৰ ক্ষেত্ৰত। বেজবৰুৱাইও এনে সিদ্ধান্তকে আমাক দিয়ে। শঙ্কৰাচাৰ্যৰ লগত ৰামানুজৰ দৰেই শঙ্কৰদেৱৰো য’ত এৰাএৰি হয় তাতেই ঈশ্বৰ মায়োপাধিক হৈ নাথাকি শেষ পৰ্যায়ৰ সত্য হয়; তাতে ৰামানুজী দৰ্শনৰ পুৰুষোত্তম তত্ত্বই শঙ্কৰাচাৰ্য চৰিত্ৰৰ ব্ৰহ্মবাদৰ ঠাইত গুৰুত্ব লাভ কৰে; তাতে বেদান্তৰ (Theistic) ঈশ্বৰবাদী চৰিত্ৰইহে সক্ৰিয় হৈ ৰয়।”

ইমানখিনি কোৱাৰ পিছতো আকৌ এবছৰৰ পিছত ১৯৯২ চনৰ ৬ মে’ তাৰিখৰ অগ্ৰদূতত ‘শঙ্কৰদেৱৰ দৰ্শনৰ প্ৰসঙ্গ’ শীৰ্ষক লেখাত আকৌ পৰমত খণ্ডন কৰিব লগা হৈছিল। “শংকৰদেৱ শংকৰাচাৰ্যৰ পথৰ নহয়, ৰামানুজৰ পথৰ”—এই কথাকে পুনৰবাৰ ইয়াত প্ৰতিষ্ঠা কৰিছে বেজবৰুৱা, বাণীকান্ত, কৃষ্ণকান্তৰ উপৰি মহেশ্বৰ নেওগে শেষৰ ফালৰ লিখনিত কোৱা কথাৰে বা বৰুৱাই খণ্ডন কৰিবলৈ লোৱা পূৰ্বপক্ষীজনে আশ্ৰয় লোৱা কালিৰাম মেধিৰো বক্তব্যৰ বিচাৰ কৰি দেখুৱাব লগা হৈছিল। লগতে অদ্বৈতবাদ আৰু একেশ্বৰবাদ অভিন্ন কৰি ভুল কথা কোৱা আন এজনৰ পাণ্ডিত্যকো উদঙাই দেখুৱাইছে।

১৯৯২ চনৰ মে’ মাহতে অগ্ৰদূতত প্ৰকাশিত ‘অসমৰ ইতিহাসত ভূঞা ঐতিহ্য’ শীৰ্ষক লেখা এটিতো বিশিষ্ট পণ্ডিত ভবানন্দ দত্তৰ সূক্ষ্ম ইতিহাস বিশ্লেষণৰ পোহৰত বৰুৱাই বেজবৰুৱা-কাকতিৰ সেই নিৰ্ধাৰিত পথেদি আহি মন্তব্য দিছে, “শঙ্কৰদেৱে হিন্দুধৰ্মৰ ‘প্ৰতিক্ৰিয়াশীল’ ধাৰাটোৰ প্ৰতিমুখে যি গণতন্ত্ৰী আদৰ্শ এটা দি থৈ গ’ল তাক সঁচাকৈয়ে গ্ৰহণ কৰিব পৰা মনবোৰেই পশ্চিমীয়া সভ্যতাৰ পৰা অহা নতুন যুগৰ গণতন্ত্ৰৰ আৰু বিজ্ঞানকো সাৰ্থক ৰূপত গ্ৰহণ কৰিবলৈ শেষত প্ৰস্তুত হ’ব পাৰিব।”

গণতান্ত্ৰিক প্ৰমূল্য, ব্যক্তি মৰ্যদা, সমতা, মৈত্ৰী, মানৱ প্ৰেম, নৈতিক তথা আধ্যাত্মিক আদৰ্শ আদিক গন্তব্য বুলি লৈ তেনে লক্ষ্যলৈ যাব পৰা পথবোৰকে বৰুৱাই ৰাজনীতি, সমাজনীতি, ইতিহাসৰ বিশ্লেষণেৰে দেখুৱাইছিল। এফালে শঙ্কৰদেৱ-বেজবৰুৱা-বাণীকান্তহঁতৰ পথটোৰ কথা কোৱাৰ দৰেই অন্যতম অভিন্ন শুভ পথ বুলি দেখুৱাইছিল গান্ধী-নেহৰুৰ পথ, যি পথে ৰবীন্দ্ৰনাথকো আদৰ্শ বুলি লয় আৰু য’ত দাৰ্শনিক প্ৰবৰ ৰাধাকৃষ্ণণৰো সমৰ্থন দেখা পাওঁ।

১৯৯২ চনৰ ১৩ ডিচেম্বৰত অগ্ৰদূতত প্ৰকাশিত ‘অসমৰ বিশ্ববিদ্যালয়ত শঙ্কৰদেৱৰ অসমীয়া জাতীয় জীৱন বনাম কলাখৰীয়া ঐতিহ্যৰ প্ৰহসন’ নামৰ লেখাটোত পাইছোঁ “হিন্দু হিন্দু ভাই ভাই” আৱাজটো হিন্দু সমাজৰ ভাল ঐতিহ্যৰ বাবে মঙ্গলজনক নহয় বুলি জৱাহৰলাল নেহেৰুৰ দৰে ময়ো ভাবোঁ সেয়ে এনে আৱাজৰ প্ৰতিকুলে ১৯৬৫ চনতেই লিখিছিলোঁ— “হিন্দু! হিন্দু! হিন্দু!” নেহৰুৰ ছেকুলাৰিজিমৰ আদৰ্শক ব্যঙ্গ বিদ্ৰুপ কৰা হিন্দু দেখিলেই মোৰ সদায় গাত পোৰণিও অনুভৱ কৰি আহিছোঁ।

মই শঙ্কৰদেৱ, গান্ধী, ৰবীন্দ্ৰনাথ, নেহেৰুৰ পথৰ হিন্দুহে। হিন্দুত্ববাদীৰ বিপদ সৰ্ম্পকেও সেয়ে সদায় consistently সচেতন। সেয়ে হিন্দু সমাজৰ সেই ঐতিহ্যটোকে গুৰুত্ব দি আহিছোঁ যিটোৱে ব্যক্তি মানৱক মায়া বুলি নেদেখুৱায় আৰু বিশেষ মূল্য দিয়ে: যি লিবাৰেল চিন্তাৰো বাহক। এই কাৰনেই অদ্বৈতবাদৰ মায়াবাদৰ লগত থকা বিপদৰ বিষয়েও মাত মাতি আহিছোঁ।”

১৯৯২ চনৰ ২০ ডিচেম্বৰৰ অগ্ৰদূতত ওলোৱা ‘গান্ধী-নেহেৰুৰ ধৰ্ম-নিৰপেক্ষতা বাদ কি?’—লেখাটোৰপৰা এষাৰ তুলি দিওঁ— “অসমত বাংলাদেশী মুছলমানৰ সংখ্যা বাঢ়িছে আৰু তাৰ সন্মুখত অসমীয়া হিন্দুসমাজক নেহেৰুৰ কংগ্ৰেছী পথে নহয়, বি.জে.পি.ৰ পথটোৱেহে ৰক্ষা কৰিব, এনে এটা অগভীৰ যুক্তিতে বহুত অসমীয়া হিন্দুও বিশেষকৈ অসম আন্দোলনৰ সময়ৰপৰা বি.জে.পি. তথা বিশ্বহিন্দুৰ প্ৰতি গোপনে আগোপনে আকৰ্ষিত হোৱা দেখা গ’ল। নেহৰুৰ লগত ইন্দিৰা গান্ধীকো একে শাৰীত ৰাখিব নোৱাৰি, ৰাজীৱ গান্ধীকো।” শেষৰ মন্তব্যটো হৈছে, “হিন্দুধৰ্মৰ প্ৰাণটোৰো সন্ধান পোৱা গান্ধী-নেহৰুৰ পথৰ ধৰ্ম নিৰপেক্ষতাবাদ সম্পৰ্কে সেয়ে গভীৰ চিন্তাৰ প্ৰয়োজন। ভাৰতৰ ৰাজনৈতিক বাস্তৱটোক এহাতে বিজেপি আৰু আনহাতে বামপন্থী দলবোৰৰ মাজত যি বিৰাট কনট্ৰাডিকশ্যন চলি আছে তাৰ পৰা মুক্ত হোৱাৰ পথটোও হ’ল মূলতঃ এই গান্ধী-নেহৰুৰ পথ। এই পথটো ভাৰতত যি লয় আৰু ল’ব সেইসকলৰ পক্ষতেই আচল ধৰ্ম বা শুভ শক্তিখিনিও বেছি পৰিমাণে থাকিব।”

লগতে পঢ়ক ভবেন বৰুৱাৰ কবিতা : সত্তাৰ ঐক্যৰ অন্বেষণ

পথদ্ৰষ্টা কবি দাৰ্শনিকজনে বিস্তৰ লেখাত কথাবোৰ বুজাই আছিল। সেইসময়ৰ লেখাৰ শিৰোনাম এখিনিকে উল্লেখ কৰোঁ— ‘Nehru’s Secularism and Reactionary Leftism’ (14th November, 1990, The Sentinel); ‘Nehru, Cabinet Mission and Assam’ (20th December 1991, The Sentinel); ‘Swargadeus, British Rule and Assam’ (12th May 91, The Sentinel); ‘কেবিনেট মিশ্যন, কেন্দ্ৰীয় কংগ্ৰেছ আৰু ফেডাৰেল কৰ্টৰ উপাখ্যন’ (১৯ জুলাই ৯২, অগ্ৰদূত); ‘সংখ্যালঘু প্ৰব্ৰজনৰ সমস্যা আৰু অসমৰ কংগ্ৰেছী ৰাজনীতিৰ ঐতিহ্য’ (১৯৯২ৰ নবেম্বৰৰ দুটা সংখ্যাত, অগ্ৰদূত)

ইতিহাসৰ ভুল ব্যাখ্যা বৰুৱাই সহ্য কৰিব নোৱাৰিছিল। ‘নেহৰু, কেবিনেট মিশ্যন, গোপীনাথ বৰদলৈ’ আদি সৰ্ম্পকে ভুলকৈ কোৱা কথা এখিনি উদঙাই ১৯৯২ চনত এনে লেখা এটাত মন্তব্য দিছিল এইদৰে— “কেবিনেট মিশ্যন আঁচনিৰ সামগ্ৰিক উপাখ্যানত তেনেহ’লে খৰামুৱা এইখিনি কথাৰ সীমাৰ মাজতে আজিৰ এবিধ একা-চেকা অসমীয়াইও ১৯৯২ চনতো বিচাৰি থাকিলে অসমলৈ পোহৰ আহিবনে?”

নতুন দৈনিকত ওলাইছিল (১৯৯২) ‘নতুন পোহৰত জ্যোতিপ্ৰসাদ’; ‘বেজবৰুৱাৰপৰা জ্যোতিপ্ৰসাদলৈ’ আদি আৰু ২০০২ চনত প্ৰসংগ জ্যোতিপ্ৰসাদ গ্ৰন্থও ছপা হয়। বৰুৱাই কৈছে, “জ্যোতিপ্ৰসাদৰ নিজৰ মাজতে এটা গভীৰতৰ তৰপ আছিল—যিটো গান্ধীবাদী। জ্যোতিপ্ৰসাদৰ ওপৰ স্তৰৰ কিছুমান কথা যেনে ‘তেজেৰে বলিশাল যামে বোলাই’ আদিয়ে হিংসাত্মক কাৰ্যলৈ কোমল মনক টানি নিবলৈ চালেও জ্যোতিপ্ৰসাদ আছিল মূলতে গান্ধীবাদী। তেওঁ কৈছিল, ‘যুদ্ধ আৰু বিপ্লৱ এই দুয়োটা কথা আজিলৈকে হিংসানীতিৰ ওপৰত প্ৰতিষ্ঠিত হৈ থকাৰ বাবে সমাজৰ কোনো সমস্যাৰ সমাধানকল্পে ইয়াৰ প্ৰয়োগ হ’লে মানুহৰ নীচ, সংস্কৃতিবিৰোধী আৰু দুস্কৃতিৰ পৰিপোষক প্ৰবৃত্তিবোৰ সাৰ পাই উঠি ক্ৰিয়া কৰিবলৈ ধৰে।” (জ্যোতিপ্ৰসাদ ৰচনাৱালী, পৃ: ৮৭০) গতিকে আন এবিধ যুদ্ধ চলাই যাব লাগিব—গান্ধীৰ পথতে।”

Also read: Bhaben Barua’s Poem

অসত্য তথা ইতিহাসৰ বিকৃতি কিছুমান অকাট্য যুক্তিৰে, তথ্যৰ ভিত্তিত প্ৰায়ে উদঙাই থাকিব লগা হৈছিল সত্যপ্ৰেমীজনে। তথ্যৰ ভিত্তিত বৰুৱাই আগবঢ়োৱা যৌক্তিক সিদ্ধান্তবোৰ বহুতৰে হয়তো বদ্ধমূল ধাৰণা কিছুমানৰ বিপৰীতে যোৱাত তেওঁ বহুতৰে অপ্ৰিয় হৈছিল। নেহৰু সম্পৰ্কীয় তেওঁৰ কথা এখিনি The Sentinal-ত সম্পাদকলৈ দিয়া এখন চিঠিৰেই হয়তো কাৰোবাৰ মুখত চুঙা চাই সোপা দিছিল। সেই চিঠিখনৰ ভিত্তিত থকা তেওঁৰ বক্তব্য— “However unlike the Marxists, Nehru was distinguished by an empiricist as well as sensitive approach to the problems of life. Even in 1938, we find him making a very sensitive assessment to the question of religion, which he was loth to dismiss with the typical Marxists as “the opium of the people’. He also made strong criticism of institutionalized religion but he was also sensitive enough to say in 1938: ‘Perhaps there is no real conflict between religion and science but is so, religion must put on the garb of science and approach all the problems in the spirit of science. A purely secular philosophy of life may be considered enough by most of us. Why should we trouble about matters beyond our ken when the problems in the world insistently demand solution? And yet that secular philosophy must itself have some background, some objective other than merely material wellbeing. It must necessarily have spiritual values and certain standards of behaviour and when we consider these, we enter immediately into the realm of what is called religion.” (An Address at the National Academy of Science, Allahabad, 5 March, 1938, Edited by S. Gopal, Jawaharlal Nehru —An Anthology,p.444)

নেহৰুৰ নিজৰ উদ্ধৃতিৰে কথাখিনি কৈ বৰুৱাই মন্তব্য “Nehru, the disciple of Gandhi had within him something which came to offer resistence to the consequences of Marxism more and more.”   

তেওঁৰ বক্তব্যৰ সমৰ্থনতে আকৌ সেইবছৰৰে ১৪ আগষ্টত The North East Times-ত কৈছে—  “After he had completed The Discovery of India and particularly since the second half of 1945 we find a further deepening of the critical strand in Nehru’s thoughts on Marxism and its consequence… That something deeper than the question of a particular communist party was touched in this process we may know also from this report of Fischer! “In new Delhi he (Jawaharlal Nehru) told me that as he grew older… he had moved closer to Christ and Buddha, especially Buddha, and further therefore from Marx, Lenin and Stallin and closer to Gandhi. (Louis Fischer : The Life of Mahatma Gandhi, p535)

   শিল্পায়ন বা ঔদ্যোগীকৰণত গুৰুত্ব দিয়া নেহৰুও মূলতে আছিল মাৰ্ক্সৰ বিপৰীতে গান্ধীৰ ভক্ত। বৰুৱাই লিখিছে, Because of his connection with Gandhism Nehru could come to see that not only socialism but also industrialism itself may be problem. There are insights which are related to a deeper knowledge of reality than what Marxism can offer. So even while he stood for India’s industrialization, Nehru could show a complex vision we cannot associate with Marxism: ‘I want to copy many of their (of the highly developed nations) methods and all that: and yet a fear seals into my mind lest I should grow like them, because there is something about their methods which I think is not good for individual or the group. The very things that have brought wealth and prosperity to the entire world—that is the growth of technology, industrialization and the rest—and many I say, in passing that I am all in favour of industrialization of India—have also brought about the gradual and progressive turning of the human being into a machine.” (S. Gopal ed. Jawaharlal Nehru- An Anthology, p445

১৯৯২ চনতে অগ্ৰদূত দুটা সংখ্যাত প্ৰকাশ পাইছিল ‘অসমীয়া জাতীয় জীৱন আৰু কলাগুৰুৰ প্ৰসঙ্গত’ শীৰ্ষক লেখা। স্কুলীয়া দিনত ১৯৫৪ চনতে ৰাভাৰ গীত শুনি ভাল পাই তেওঁক তেজপুৰত লগ ধৰা ভবেন বৰুৱাই ১৯৯২ চনত কিন্তু এই লেখাত এখিনি বহুতৰে অপ্ৰিয় সত্যই প্ৰকাশ কৰিছিল।

কিছুমান ‘প্ৰত্যয়'(Concepts)ত নিহিত হৈ থকা কিছুমান ইংগিত বা ব্যঞ্জনা জানিবলৈ আমাক হয়তো অনুমান প্ৰক্ৰিয়াৰ প্ৰয়োজন হ’ব, কিন্তু কবিজনে সেইবোৰ যেন অন্তৰ্দৃষ্টিৰে দেখি থাকিছিল, এনেকুৱা লাগে। ‘কামৰূপ-কামাখ্যা’ বনাম ‘প্ৰাগজ্যোতিষ’—সেইকিটা প্ৰত্যয়েই হয়তো তেওঁলৈ ইতিহাস, সমাজতত্ত্ব, ধৰ্ম, দৰ্শন আদিৰ বহু দৈশিক চিত্ৰ আনি দিব আৰু তথ্যৰ ভিত্তিত কথাবোৰ পুনৰীক্ষণ কৰাত লাগি যাব। সকলো বিলাকৰ প্ৰমাণৰ ভিত্তিত পিছত লিখি সম্পূৰ্ণ কৰিছিল প্ৰাগজ্যোতিষৰ পুনৰ আৱিষ্কাৰ, যিখনৰ কথা ক’বলৈ ড দীপক সেনৰে সহায় লওঁ। তেওঁ কৈছে, “প্ৰাগজ্যোতিষৰ পুনৰ আৱিষ্কাৰখনৰ প্ৰেছ কপিটোৰ ৬০০ পৃষ্ঠা তন্নতন্ন কৰি পঢ়াৰ সুযোগ মই পাইছিলোঁ। বিস্ময়কৰ পাণ্ডিত্য, অকাট্য তথ্য আৰু যুক্তিৰ দ্বাৰাই ইয়াত অতদিনে চলি অহা অসমৰ আৰু ভাৰতৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক ইতিহাস ৰচনাৰ ক্ষেত্ৰৰ বিভ্ৰান্তিবোৰক খণ্ডন কৰি এটি সম্পূৰ্ণ নতুন আৰু যথাৰ্থ ইতিহাস নিৰ্মাণ কৰাৰ প্ৰয়াস কৰা হৈছে। গভীৰ দাৰ্শনিক মূল্যবোধৰ দ্বাৰাই প্ৰেৰিত ঐতিহাসিক-প্ৰাগৈতিহাসিক তথ্যবোৰ অধ্যয়ন, বিশ্লেষণ, বিচাৰ ইয়াত দেখা যায়। সত্য আৰু শুভত্বৰ ভেটিত গঢ় লৈ উঠা আৰ্য সংস্কৃতিয়ে যে বিশ্বৰ শ্ৰেষ্ঠ সংস্কৃতি এই কথাটো গ্ৰন্থখনে প্ৰমাণিত কৰিলেই, তদুপৰি আমাৰ সকলোৰে বাবে পৰম আত্মশ্লাঘাৰ কথা গ্ৰন্থখনে প্ৰমাণ কৰি দেখুৱালে যে আমাৰ প্ৰাগজ্যোতিষৰপৰাই এদিন ভাৰতৰ আন ঠাইৰ লগতে ইউৰোপৰ আটালাণ্টিকলৈ আৰ্য সংস্কৃতি বিয়পিছিল। যীশুৰ নেতৃত্বত ছেমিটিক ইউৰোপেও এদিন এই সংস্কৃতিক আঁকোৱালি লৈছিল। ইণ্ডো-ইউৰোপীয় ভাষাস্তৰৰ পলসুৱা মাটি আগৰপৰাই তাত আছিল। সংস্কৃতিৰ এই মূল্যধাৰাত আৱিৰ্ভূত হৈছিল মহান কবি-দাৰ্শনিক মনীষীবৃন্দৰ। আৰ্য সংস্কৃতিৰ ধাৰা পছিমৰপৰা পূৰ্বাভিমুখী হৈছিল বুলি প্ৰচলিত ভাষ্যক সম্পূৰ্ণ নস্যাৎ কৰি শ্ৰীবৰুৱাৰ গ্ৰন্থখনে দেখুৱালে প্ৰকৃততে পূৰ্বৰ প্ৰাগজ্যোতিষৰপৰাই আৰ্য সংস্কৃতিৰ পোহৰ দেশে-বিদেশে বিয়পিছে।” (ড দীপক সেন, ‘ভবেন বৰুৱাৰ পুনৰাৱিষ্কাৰ, ইতিহাস চৰ্চা’, মিহিৰ দেউৰী সম্পাদিত প্ৰকাশ, নৱেম্বৰ, ২০১৭, পৃঃ ২১)

সমালোচকজনে সত্য উদ্ধাৰ কৰি কৰি বহুতৰ অপ্ৰিয় হৈ উঠাৰ কথা জানিয়েই তেওঁক মই কৈছিলোঁ, “সমালোচনা বাদ দিয়া, কবিতা লিখা”। পিছে নোৱাৰিলে অকল ‘কবি’ হৈ ৰ’ব। তেওঁৰ কবিতা দৰ্শন, বিজ্ঞান আদিৰ লগত অবিচ্ছেদ্যভাৱেই সংপৃক্ত। ২০১৬ চনত প্ৰকাশ পোৱা ভবেন বৰুৱাৰ কবিতাসমগ্ৰখনৰ ‘ভবেন বৰুৱাৰ কাব্য চিন্তা’ শীৰ্ষক দীঘল পাতনিখনত প্ৰকাশ ভূঞা(ঢাকা, বাংলাদেশ)ই সমালোচক ভবেন বৰুৱা সম্পৰ্কে কোৱা এষাৰ ক: “সংস্কৃতিৰ মাজত য’তেই ভবেন বৰুৱাই দেখিছে যে ‘The idea of an individual as a creative human being’ বিপদাপন্ন হৈছে জন সংস্কৃতিৰ (mass culture)ৰপৰা তাতে ভবেন বৰুৱাৰ কলমে চোকা ভূমিকা লৈছে সমালোচনাত।”

দাদাৰ কবিতাৰ বিষয়ে কোৱাৰ মোৰ সামৰ্থ্য নাই,—বুজি নাপালেও কিছুমান শব্দ সমষ্টিৰ প্ৰতি আকৃষ্ট হৈ দাদাৰ পৰা বুজিবলৈও চাইছিলোঁ আগতে। সোণালী জাহাজৰ ‘অমিতবাক’ মাজে মাজে এতিয়াও পঢ়োঁ। ভবেন বৰুৱাৰ কবিতাসমগ্ৰৰ পাতনিত ১৭ চনৰ জানুৱাৰীত লিখা ‘নতুন কথা’ত শেষ বাক্য—“এগৰাকী অধ্যয়নপ্ৰিয় পাঠিকাও এই কবিতাবোৰৰ মুগ্দ্ধ আৰু তন্ময় পাঠিকা আছিল আৰু এবিধ ব্যঞ্জনাৰ ভাষাৰেই এই ক্ষেত্ৰতে মোৰ মনৰ লগত থকা তেওঁৰ সতীৰ্থতাৰ সম্ভেদ দি আহিছিল। ইহ জগতত তেওঁ আজি নাই, কিন্তু তেওঁ মোৰ মনৰ ভিতৰত কবিতাৰ উৎস স্থানলৈও সোমাই গৈছিল—আজিও ৰৈ আছে।”—নবৌ মমতা বৰুৱাৰ বিয়োগে মোকো কম খালি কৰি যোৱা নাই, আমি দুইজনীয়ে একেলগে গৈ বিশ্বভাৰতীত পিএইচ.ডি.ৰ গৱেষণা আৰম্ভ কৰিছিলোঁ। ১৯৯৪ চনৰ ৩ জুনত তেওঁ এইদৰে আঁতৰি নোযোৱা হ’লে আজিলৈকে দাদাই কিমানযে লিখি থাকিলেহেঁতেন!

তাৰ দুবছৰ আগতে ১৯৯২ চনৰ ফেব্ৰুৱাৰী মাহত অসম সাহিত্য সভাৰ গোৰেশ্বৰ অধিবেশনত ভবেন বৰুৱা আছিল কবি সন্মিলনৰ সভাপতি। (সভাপতি লক্ষ্যধৰ চৌধুৰী।) ১৯ ফেব্ৰুৱাৰীত নতুন দৈনিকত কবি সন্মিলনৰ সভাপতিগৰাকীৰ বক্তৃতাৰ পূৰ্ণপাঠ পোৱা যায়। তাৰ অলপ দিছোঁ—

“আধুনিক কবিতাৰ বিষয়ে এক তাত্ত্বিক আৰু মননশীল ভাষণত কবি বৰুৱাই কয়, শংকৰদেৱ আৰু বেজবৰুৱাৰ ঐতিহাসিক ধাৰাৰ মাজেৰে প্ৰৱাহিত কেন্দ্ৰীয় ধাৰাটোৰ উপলব্ধিৰ অভাৱত এক বিশেষ বিপদৰ সৃষ্টি হৈছে আৰু অসমীয়া জাতীয় জীৱনৰ কেন্দ্ৰীয় ধাৰাটোৰে বিকৃত ব্যাখ্যা কৰা হৈছে। তেওঁ মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱে সৃষ্টি কৰা ঐতিহ্যক ৰোমান্তিক যুগত বেজবৰুৱা আৰু চন্দ্ৰকুমাৰে যি নতুন ৰূপ দিছিল তাক অনুসৰণ কৰিবলৈ কবিসকলক আহ্বান জনায়। “প্ৰয়োজনীয় ঐতিহ্যবোধ আৰু দৰ্শনবোধেহে অসমীয়াক আজি সঠিক পথ দেখুৱাব পাৰিব।” বৰুৱাই কয়, আধুনিক অসমীয়া কবিতাৰ পৰিৱেশত আজি বিচাৰিছোঁ এক সাৰ্থক ঐতিহ্যবোধ আৰু প্ৰজ্ঞাধৰ্মী দৰ্শনৰ এটা বিশেষ সক্ৰিয় ভূমিকা। দাৰ্শনিক মাৰিতাই উল্লেখ কৰা যাদুধৰ্মৰ নতুন গোপন আকৰ্ষণৰ বিপদৰ কথাটোৰ লগতে আন কথাও আমাৰ ক্ষেত্ৰত লগ লাগিছে। অসমীয়া কবিতাৰ ভৱিষ্যত অসমীয়া জাতীয়তাৰ কেন্দ্ৰীয় মূল্যবান পথটোৰ ভৱিষ্যৎটোৰ লগতো বিশেষভাৱে জড়িত হৈ আছে। এইটোও এটা তাৎপৰ্যপূৰ্ণ সত্যই। সেয়ে এই পথটোত সক্ৰিয় হৈ অহা মন তথা দৰ্শনবোধৰ চৰিত্ৰটোৰ বিষয়েও এটা ঐতিহাসিক চেতনা আজি অসমীয়াৰ কাব্যসাধনাৰ পথত সক্ৰিয় হোৱাটো প্ৰয়োজনীয় বুলিয়ে মই ভাবোঁ। অসমীয়া কবিতাৰ আধুনিকতাই অসমীয়াৰ শংকৰদেৱ, আজানপীৰ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ কেন্দ্ৰীয় আধ্যাত্মিক আৰু ভাৰতীয় পথটোৰ লগত নাড়ী সংযোগ ছিন্ন কৰি গতি কৰক এনে এটা ভৱিষ্যৎ মই কামনা নকৰোঁ।”

“গভীৰ স্তৰত আৰু কেন্দ্ৰীয় ৰূপত কবিতা পৃথিৱীত স্বৰ্গৰাজ্য স্থাপন কৰাৰ বাবে শক্তিবাদী এবিধ মানুহে চলাব পৰা কোনো ৰাজনৈতিক, অৰ্থনৈতিক আন্দোলনৰ হাথিয়াৰ নহয়, হ’ব নোৱাৰে। তাৰো এক সমালোচনাহে হ’ব পাৰে। সেই গভীৰ স্তৰতেই কবিতাক এক আধুনিক চৰিত্ৰৰ ‘আধ্যাত্মিক শক্তি’ হিচাপেও আমাৰ জীৱনত আমাৰ সমাজতো জীয়াই ৰখাৰ “হীৰাকৈ মুকুতা” জাতীয় সাধনা চলি থকাটো প্ৰয়োজনীয়।”

“জাগতিক জয় পৰাজয়ৰ সফলতা বিফলতাৰ প্ৰশ্নবোৰৰ ঊৰ্ধ্বতো যে মানৱজীৱনৰ এবিধ মৌলিক মানৱিক আধ্যাত্মিক প্ৰশ্ন আছে, দৃষ্টি আছে, কাব্যিক জীৱনবোধ আছে সেই সত্যটোৰ পৰিচয় আমি হোমাৰ, ব্যাস বাল্মীকিৰ পৰা ডাণ্টে, শ্বেইক্সপীয়েৰ, গ্যেটে, ওৱৰ্ডছওৱৰ্থ, ৰবীন্দ্ৰনাথৰ মাজত অনুভৱ কৰোঁ। আনহাতে জনতা, দেশ, দেশপ্ৰেম, জাতীয়তাবাদ, সমাজবাদ অদি আদৰ্শবোৰৰ মাজত এবিধ সত্য আৰু মূল্য নথকা নহয়, কিন্তু সিবোৰৰ চৰিত্ৰটোতে এনে এটা সীমাৱদ্ধতা আৰু অগভীৰতা আছে যে কোনো গুৰুত্বপূৰ্ণ বা মহৎ সাহিত্যৰ ঐতিহ্য এনেবোৰ জীৱনাদৰ্শৰ অনুপ্ৰেৰণাত সক্ৰিয় হ’ব পাৰে বুলি ক’ব নোৱাৰি।”

“দাৰ্শনিকৰ চিন্তা আৰু বৈজ্ঞানিক চিন্তাৰ দৰেই কবিৰ সাধনায়ো মনৰ মাজত নিৰাসক্তিৰ ধাৰা এটা দাবী কৰে আৰু সকলো কলাৰ দৰেই কবিতায়ো দেখা দিয়ে জীৱনৰ পৰা এটা দূৰত্বতে। এটা নান্দনিক দূৰত্বতহে ৰসধৰ্মী কাব্যধৰ্মী দৃষ্টিবোধ সম্ভৱপৰ, তাৰ জীৱন ব্যাখ্যাও সম্ভৱপৰ।”

“কবিতাৰ ঐতিহ্য আৰু স্বাস্থ্যৰ নেপথ্যত দৰ্শন আৰু ধৰ্মৰ শুভ ঐতিহ্যবোৰৰ ভুমিকা এটা লক্ষ্য কৰিব পাৰি। সেয়ে এই কথাটোও উপলব্ধি কৰিব পাৰি যে কবি-সাহিত্যিকৰ মনবোৰতেই হওক, পৰিৱেশতেই হওক যিমানেই গুৰুত্বপূৰ্ণ প্ৰজ্ঞাধৰ্মী মানৱিক চিন্তাচৰ্চা বা ভাব-মণ্ডলৰ সজীৱতা থাকে সিমানেই শেষবিচাৰত কবি আৰু মানুহৰ বাবে মঙ্গল।”

“মাধৱ কন্দলী, শঙ্কৰদেৱ, মাধৱদেৱে অসমত সৃষ্টি কৰি যোৱা সেই ঐতিহ্যটোক ৰোমাণ্টিক যুগত বেজবৰুৱা-চন্দ্ৰকুমাৰ আদিয়েই এটা নতুন ৰূপ দিছিল। অসমীয়া কবিতাৰ সেই কেন্দ্ৰীয় ঐতিহ্যটোক ৰোমাণ্টিক সাহিত্যাদৰ্শৰ যুগটোৰ পিছত বিশেষকৈ যুদ্ধোত্তৰ যুগটোত এটা আধুনিক চৰিত্ৰ দিয়াৰ সমস্যাবোৰে দেখা দিলে। এই ক্ষেত্ৰত প্ৰয়োজনীয় ইতিহাসবোধ আৰু দৰ্শনবোধেহে অসমীয়াক আজি সঠিক পথটো দেখুৱাব পাৰিব।”

দাদাৰ কবিতা মই বুজি নাপালেও পঢ়ি ভাল পাওঁ, হয়তো সুন্দৰ শব্দ সমষ্টিবোৰৰ বাবেই। সোণালী জাহাজৰপৰা আৰম্ভ কৰি প্ৰকাশ পালেই ধুনীয়া আখৰেৰে মোৰ আৰু চলিহাৰ নাম লিখি দিয়া কিতাপবোৰ পাই থাকিছিলোঁ প্ৰসংগ কবিতা আদি কিতাপো। কবি নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউক উছৰ্গা কৰা বগা জুই কলা জুই আৰু অন্যান্য কবিতাৰ কিতাপৰ নামকৰণৰ কবিতাটোও ভাল লাগে কিবা এটা—“বগা মাৰ্বলবোৰৰ মাজত/ শুভ্ৰতাৰ জলধাৰাত পূৱা/  হঠাতেই আমি ডুব গৈছিলোঁ/ বুকুৰ মাজত বগা জুই/ এতিয়া ডুব গ’ল/ সূৰ্যাস্তৰ সোণালী সিংহ/ ৰাতিৰ আন্ধাৰৰ মাজত/ বুকুৰ মাজত ক’লা জুই”।

কাগজত ওলোৱা প্ৰবন্ধ-পাতিৰ খবৰো দিয়ে মোক, লগে লগে আনি পঢ়ি চাই সামৰি থওঁ, মই নাপালে জেৰক্স কপি মোলৈ পঠায়। মোলৈ তেওঁৰ হাতেলিখা জেৰক্স কৰি পঠাইছিল ‘অসমীয়া সংস্কৃতিত নাইট মেয়াৰ’ নামৰ সেই লেখাটো, যিটো লিখিব লগা হৈছিল পৰৱৰ্তী কালৰ ‘কাব্যঋষি’জনক কেইজনমানে কৰা এক বিৰাট ষড়যন্ত্ৰৰ উত্তৰত! সেইদৰেই মোক দিছিল সেই ব্যতিক্ৰমী হাতে লিখা ছপা কিতাপখন পোন্ধৰটা কবিতা। তাৰ কবিতা কেইটা ‘শুভ্ৰতাৰ স্বৰ’ৰ পৰা ‘জাৰ মালতী’লৈকে, ইমান ভাল লাগে পঢ়ি— “সি যে এক গুপ্তস্বৰ—কালে কালে আন্ধাৰে পোহৰে অহা :  গাঁৱে গাঁৱে নগৰে চহৰে কুটিল বাষ্পত লুব্ধতাত বৰ্বৰৰ মত্ততাত আৰ্ত, লৌহ—সি যে শুভ্ৰতাৰ স্বৰ—”

   কবিতাৰ বিষয়ে মই নকওঁ, কবিসকলে ক’ব, দাদাই নিজে কোৱা কথাকেহে মই বিচাৰিছোঁ ক’বলৈ। ১৯৯১ চনৰ ৭ ছেপ্তেম্বৰ সান্ধ্য বাতৰিত প্ৰকাশ পাইছিল ‘কবিতা : এক অন্তৰঙ্গ আলাপ’ বুলি এটা লেখা। তাত দিয়া সম্পাদকৰ মন্তব্যটো উদ্ধৃত কৰিবৰ মন গৈছে, “অধুনা বিকট যান্ত্ৰিকতাৰ যুগতো ক’ৰবাত কেতিয়াবা সুনিয়াৰিকৈ শিল্প-কলা-সুষমাৰ বিষয়ে চিন্তা-চৰ্চা কৰিলেই আমাৰ মনত এক নতুন আশা-উদ্দীপনাই দোলা দি যায়, যাক বৰষাৰ বিমল প্ৰত্যয়ৰ সৈতে ৰিজাব পাৰি। অপৰিসীম কলাৰ জগতখনৰ অন্তৰালত আজিও কবিতাই এক সুকীয়া স্থান অধিকাৰ কৰি আহিছে। সকলো কলাৰ নিচিনাকৈ কবিতাৰো সম্পৰ্ক জীৱনৰ লগত। আচলতে বহুতে ক’বৰ দৰে জীনৱটোৱে এটা কবিতা। গতিকে এই প্ৰসঙ্গতে যোৱা ৩০ আগষ্টত অসম সাহিত্য সভাই কটন কলেজৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কবিতাৰ সামগ্ৰিক ৰূপটোৰ সম্পৰ্কত এক দিনতীয়া আলোচনাৰ আয়োজন কৰিছিল। আলোচনাটিৰ প্ৰধান অলোচক আছিল সোণালী জাহাজ কবিতাপুথিৰ ৰচক কবি-সমালোচক ভবেন বৰুৱা। কলেজৰ অধ্যপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীৰ লগতে কাব্যামোদী ৰাইজেৰে ঠাহ খাই থকা প্ৰেক্ষাগৃহটিৰ এক গাম্ভীৰ্য পূৰ্ণ পৰিৱেশত আলোচনাটিৰ শুভ উদ্বুধনী ঘোষণা কৰে জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই আৰু সঞ্চালকৰ ভূমিকা আগবঢ়াই অসম সাহিত্য সভাৰ সভানেত্ৰী ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে।

অসম সাহিত্য সভা আৰু সমালোচক বৰুৱাৰ সহযোগত এই মননশীল অনুষ্ঠনটিৰ কিয়দাংশ পাঠক পাঠিকালৈ অগবঢ়াইছে জিটুমনি শৰ্মা আৰু হীৰেন শইকীয়াই।”

এই ‘অন্তৰঙ্গ আলাপ’টিতে আছিল— ‘কেইটামান গুৰত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰত কবি সমালোচক বৰুৱা’। তাৰে মাত্ৰ এটা প্ৰশ্নোত্তৰ দিওঁ:

“প্ৰশ্ন: কবিতাৰ বিষয়বস্তুৰ ভিতৰত আপুনি ভবামতে আটাইতকৈ প্ৰয়োজনীয় বিষয়বস্তু কি হ’ব পাৰে?”

ভবেন বৰুৱাৰ উত্তৰ আছিল, “কবিতাৰ বিষয়বস্তু হ’ল জীৱন আৰু জগত। সেই বিষয়ে যি কাব্যিক বোধ আৰু অনুভূতি কবিৰ হৃদয়-মনত সঞ্চাৰিত হ’ব পাৰে মূল্যবান কবিতাবোৰত তাৰে প্ৰকাশ দেখোঁ। সেইবোৰ ৰূপেই কবিতা সৃষ্টিৰ বাবে বিশেষভাৱে অনুকুল যিবোৰ কোনো সংকীৰ্ণ বা utilitarian চৰিত্ৰ চিন্তাই দেখুওৱা ৰূপ নহয়। এইখিনি কথাকে এই ক্ষেত্ৰত সাধাৰণভাৱে ক’ব পাৰি।” 

অসম সাহিত্য সভাই ৩০ আগষ্ট তাৰিখে কটন কলেজ প্ৰেক্ষাগৃহত আয়োজন কৰা ‘কবিতা, অসমীয়া সংস্কৃতি আৰু আধুনিক যুগ’ শীৰ্ষক এটি বক্তৃতাত ভবেন বৰুৱাই বিশেষকৈ এই ধৰণৰ কথা কেইটামান প্ৰকাশ কৰে: জীৱন (life) আৰু বস্তু(matter)ৰ মাজত এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য থকাৰ দৰেই আচল জীৱনবাদী দৰ্শন আৰু বস্তুবাদী দৰ্শনৰ মাজতো এটা গুৰুত্বপূৰ্ণ বিৰোধ আছে। কবিতা মূলতঃ হ’ল জীৱন-ধৰ্মিতাৰে অভিজ্ঞান আৰু বস্তুবাদী দৰ্শনৰ যোগেদি ইয়াৰ আচল মূল্যায়ন নচলে, এক দৈহিক চৰিত্ৰৰ সংবেদনশীলতা একে সংগীতবোধ জীয়া কাব্যিক সংবেদনশীলতাৰ মূল পৰিচয়। কবিমাত্ৰেই সংবেদনশীলতাৰ (sensitivity) প্ৰতিনিধি। কিন্তু সকলো কবিৰে সংবেদনশীলতা একে পৰ্যায়ৰ বা গভীৰতাৰ নহয়। হৃদয় আৰু মনৰ চৰিত্ৰ সূত্ৰত কোনো কোনো কবিৰ সংবেদনশীলতা জীৱনৰ প্ৰতি এক নৈতিক চেতনাৰ লগতো জড়িত। বৌদ্ধিক-দাৰ্শনিক বোধ তথা আধ্যাত্মিক চিন্তাশক্তিৰ ভূমিকা এটাও সংবেদনশীলতাৰ গভীৰতাৰ ক্ষেত্ৰত দেখা যায়। কবিতা হিচাবে কবিতা কিন্তু ধৰ্মতত্ত্বও নহয়। কবিতা আচলতে দৰ্শন বা সমাজতত্ত্বৰ বহতীয়া হ’ব নোৱাৰে। কবিতাই দিব পৰা সম্পদখিনি বিজ্ঞানে দিব নোৱাৰে, ধৰ্মতত্ত্ব আৰু দৰ্শনেও দিব নোৱাৰে। সেইদৰে কাব্যিক আৰু নান্দনিক কথা দুটাৰ মাজতো সম্পৰ্ক থকাৰ দৰেই পাৰ্থক্যও আছে, কাৰণ কবিতাৰ মাধ্যম যে মানুহে কোৱা ভাষা, সেইটোও এটা সত্য। কবিতাৰ জীয়া ঐতিহ্যৰ সোঁতে এটা ভাষাকো নতুন জীৱন দি থাকে। কবিতা, জীয়া কবিতা সদায়েই এটা নতুন জীৱনৰ বাহক আৰু ভাষাৰ নৱ জীৱনৰ লগতো কবিতাৰ প্ৰক্ৰিয়াটো জড়িত।

   কবিতাৰ সত্য কি? এই প্ৰশ্নৰ উত্তৰ বিচাৰি পশ্চিমীয়া মনৰ ঐতিহ্যটোৱে ক্ৰমে ‘ইমিটেশ্বন’ আৰু ‘ইমাজিনেশ্যন’ এই দুটা পথৰ বিষয়ে ভালেখিনি চিন্তা কৰি আহিছে। দুই সুকীয়া ঐতিহাসিক পৰ্বৰো প্ৰতিনিধিত্বমূলক দুটা আদৰ্শ। কবিতাই আধুনিক যুগলৈ অহাৰ প্ৰক্ৰিয়াটোত যে ‘ইমাজিনেশ্যন’ৰ ধাৰণাটোৱে এটা বিশেষ গুৰুত্ব লাভ কৰিছিল সেই কথাটো মন কৰিবলগীয়া। প্ৰতিচ্ছবি আৰু কল্পনা এই দুয়োটাই অৱশ্যে কবিতাৰ সামগ্ৰিক সত্যটোৰ মাজত ৰৈ আছে। কবিতাৰ সত্যোপলব্ধিৰ ক্ষেত্ৰত নতুন নতুন ৰূপত হ’লেও হৃদয় আৰু অনুভুতিয়ে সদায় এটা বিশেষ ধৰণৰ গুৰুত্ব লাভ কৰি আহিছে। দাৰ্শনিকৰ মনৰ কাষ চাপিলেও কবিতা আৰু দৰ্শনৰ পথ দুটা সেয়ে অভিন্ন নহয়। মূৰ্ত, অনুভৱগম্য সত্যৰ ওপৰত কাব্যিক চেতনাৰে এটা বিশেষ ধৰণৰ গুৰুত্ব আছে।” দাদাৰ এটা কবিতাৰে সামৰিছোঁ— কবিতাটো নিৰ্বাচনৰ অন্য একো কথা নাই, কেৱল তাত থকা ‘নৈখনৰ সিপাৰত’ শব্দটোৱে মনলৈ আনে আমি শৈশৱত পাই থকা জাঁজী নৈখনৰ কথা, যিখন নৈৰ ইপাৰৰপৰা সিপাৰলৈ শিলগুটি দলিয়াই ‘যোৰহাটৰপৰা শিৱসাগৰলৈ দলিয়াইছোঁ’ বুলি দাদাৰ লগত খেলিছিলোঁ বা যিখন নৈৰ ঘাটত আমি চিঞৰি সিপাৰৰ পৰা অহা প্ৰতিধ্বনিবোৰ শুনিছিলোঁ।

ভঙা টোপনিৰ স্বৰ

দুপৰীয়া নে দুপৰ ৰাতি
নৈখনৰ সিপাৰত
কোনে যেন কাক চিঞৰিলে
ন-ৰে-শ্ব-ৰ।

ক'ত কেতিয়া যে হঠাতেই বাজে
ভঙা টোপনিৰ স্বৰ।

অঞ্জনা চলিহা যোৰহাট জগন্নাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আৰু দৰ্শনবিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। তেওঁ এগৰাকী লেখক আৰু অনুবাদক।