উদয় কুমাৰ শৰ্মা
'তৎসম শব্দ' মানে হ'ল সংস্কৃতৰপৰা অবিকৃত অৱস্থাত আধুনিক ভাৰতীয় ভাষাত প্ৰচলিত হোৱা শব্দ। যেনে-- স্বপ্ন, শৃগাল। 'তদ্ভৱ শব্দ'ৰ অৰ্থ হ'ল সংস্কৃতৰপৰা প্ৰাকৃত ভাষা (যেনে-- 'বংক', 'ব'গন'; যাৰ অসমীয়া ৰূপ হ'ল-- 'বোকা', 'বেঙেনা')ৰ মাজেদি পৰিৱৰ্তিত হৈ আধুনিক ভাষালৈ অহা শব্দ। যেনে-- 'সপোন', 'শিয়াল'।
ভাষাক মিহি-সৰল কৰিবৰ বাবে কবিতাত, আমি সাধাৰণতে তদ্ভৱ শব্দহে ব্যৱহাৰ কৰোঁ; যেনে-- মাকৰ গাখীৰ, মাকৰ মৰম/চেনেহ; 'মাতৃৰ গাখীৰ' বা 'মাতৃৰ মৰম' বুলি নকওঁ আৰু নিলিখোঁও। কওঁ-- 'মাতৃ-দুগ্ধ', 'মাতৃ-স্নেহ'। ইয়াত, 'মাতৃ', 'দুগ্ধ', 'স্নেহ' শব্দকেইটা তৎসম শব্দহে। অৰ্থাৎ তৎসমৰ লগত তদ্ভৱ শব্দ লগাই নিলিখি তৎসমৰ লগত তৎসম আৰু তদ্ভৱৰ লগত তদ্ভৱ শব্দৰহে ব্যৱহাৰ উপযোগী বুলি মানি লোৱা হয়-- ধ্বনিৰ কাৰণেও। কিয়নো, আমি শিয়াল খেদোঁ, 'শৃগাল' নেখেদোঁ; সপোনহে দেখোঁ, 'স্বপ্ন' দেখোঁ বুলি নকওঁ।
অৰ্থৰ খাতিৰত বা প্ৰচলিত মাত-কথা অনুযায়ী, কেতিয়াবা এনে কথাকো নিৰ্ঘাত সত্য বুলি সততে মনা নহয়। যেনে-- মৃতকৰ 'অস্থি'('হাড়' নহয়)হে উটুওৱা হয়; কুকুৰে 'হাড়'('অস্থি' নহয়)হে চোবায়।
'তই কি বাঁহী বজালি' নামৰ কবিতাটিত নীলমণি ফুকনে লিখিছে :
'বাঁহী নে ওঁঠত তোৰ
অনুভূত সান্ত্বনাৰ পৃথ্বী'
ইয়াত, মূল সংস্কৃত শব্দ (তৎসম) 'সান্ত্বনা'ৰ লগত তৎসম শব্দ 'পৃথ্বী'হে ব্যৱহাৰ কৰিছে। তদুপৰি, এই দুয়োটা শব্দই যুক্তাক্ষৰযুক্ত ('পৃথিৱী'ৰ সলনি) হোৱা হেতু ধ্বনি সুন্দৰ হৈছে।
একেদৰে, হীৰেন ভট্টাচার্যই লিখিছিল :
'ৰ'দ গৈ গৈ ঢলি পৰে সূৰ্য / ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষ / অন্ধকাৰত জ্বলে কালপুৰুষৰ তৰোৱাল অনিবাৰ্য'
ইয়াতো, 'ত্ৰস্ত' তৎসম শব্দটোৰ লগত ('আকাশ'ৰ ঠাইত) 'অন্তৰীক্ষ' তৎসম শব্দটিহে প্ৰয়োগ কৰা হৈছে।
সুৰৰ প্ৰয়োজনত, গীতৰ ক্ষেত্রত, এনে কথা নাখাটিবও পাৰে। যেনে --
'বৰষা, তোমাৰ চকুত মেঘৰ অঞ্জন/ বিজুলীলতাৰে তোমাৰ কৱৰী বন্ধন'
কবিতাত, 'মেঘৰ অঞ্জন'ৰ ঠাইত 'মেঘৰ কাজল' বুলি নিলিখিম জানো? এই গীতৰ কলিটিত, সুৰৰ প্ৰয়োজনতহে ('বন্ধন'ৰ লগত মিলাবলৈ) 'মেঘ' তদ্ভৱ শব্দটোৰ লগত 'অঞ্জন' তৎসম শব্দটি ব্যৱহাৰ কৰা হৈছে।
আমাৰ দৈনন্দিন জীৱনত প্ৰচলিত মাত-কথাকে, কবিতাত ৰহস্যময় কৰি তুলিবৰ বাবে আমি সাধাৰণতে তদ্ভৱ শব্দৰহে যথাসম্ভৱ প্ৰয়োগ কৰিবলৈ যত্নপৰ হওঁহঁক।
উদয় কুমাৰ শৰ্মা অসমৰ এগৰাকী জ্যেষ্ঠ কবি আৰু লেখক।