কবিতা নপঢ়া মানুহে
কবিতা নপঢ়া মানুহে সাঁতুৰিব নাজানে৷
খেলা কৰিব নাজানে জুইৰ স'তে৷
কবিতা নপঢ়া মানুহে জীৱনত হ’ব নোৱাৰে
ধুমুহাৰ মুখামুখি৷ কবিতা নপঢ়া মানুহবোৰ
কাৰোবাৰ ক্ৰীতদাস হৈ ৰয় আজীৱন৷
কবিতা নপঢ়া মানুহে অনুভৱ নকৰে
সত্যবোৰ কেনেকৈ লাহে লাহে হৈ উঠিছে সপোন
আৰু দুঃস্বপ্নবোৰ হৈ উঠিছে সত্য৷
কবিতা নপঢ়া মানুহে নেদেখে
চাৰিওফালে অদৃশ্য শ্বাপদৰ সন্ত্ৰাস৷
কবিতা নপঢ়া মানুহবোৰ ব্যাকুল হৈ উঠে
কল্পিত ঈশ্বৰৰ সন্ধানত৷ মন্দিৰ-মছজিদ-গীৰ্জা
আনকি মাটিৰ তলতো চলাথ কৰে৷
বিচাৰি নাপায় ঈশ্বৰ৷ কবিতা নপঢ়া মানুহে
নাজানে যে ঈশ্বৰে আড্ডা মাৰি অকৰ্মণ্য জীৱন কটাই
মোৰ দৰে নাস্তিকৰ স’তে৷
কবিতা নপঢ়া মানুহে নুশুনে
ধ্বংসপ্রায় অৰণ্য অথবা শীৰ্ণ হৈ অহা
নদীৰ কান্দোন। কবিতা নপঢ়া মানুহে
অনুভৱ নকৰে, ফুলৰ ভিতৰত শুই থাকে
আবেলিৰ অলপ পোহৰ আলফুলে।
হে নতুন সময়
কুশলে আছোঁ বাহিৰৰ পৰা,
ভিতৰত ধুমুহা৷
প্ৰতিটো উশাহেই এক হাহাকাৰ
ভয়ংকৰ ভৱিষ্যতৰ আশংকাত
কান্দিছোঁ নিভৃতে।
শৰীৰত পাঁচগ্ৰাম হিম'গ্লবিন লৈ
কোনে আৰু চিনি উলিয়াব পাৰে
কাৰ তৰ্জনীৰ নিৰ্দেশত হয়
উপত্যকাৰ সূৰ্যোদয় সূৰ্যাস্ত!
কাৰ ইচ্ছাত নদীবোৰ নগ্ন হয়,
অৰণ্যবোৰ শূন্য হয়,
যৌৱনবোৰ বিদ্ৰোহী হয়,
কৃষকবোৰ আত্মঘাতী হয়!
স্বাধীনতা,
কি যে এক চমৎকাৰ শব্দ!
যি শব্দৰ ছন্দত এদিন
নাচিছিল কোটি কোটি জনতা
সেই শব্দৰ সন্ধানত
নিৰুদ্দেশ হৈছে তেওঁলোকৰ উত্তৰ পুৰুষ৷
হে নতুন সময়,
আৰুনো কি বিচাৰিম তোমাৰ পৰা?
মোক ঘূৰাই দিয়া মোৰ ঈপ্সিত উপত্যকা,
ঘূৰাই দিয়া বিলুপ্ত চেতনা,
মুক্তি দিয়া নৈৰাজ্যৰ পৰা,
আঁতৰাই দিয়া
বিশাল জনঅৰণ্যত
লাহে লাহে 'না’ হৈ অহাৰ যন্ত্ৰণা৷
English translation of the poems.