নৈ-কথা

বিনোদ চন্দ্ৰ বড়া

ছৈ দিয়া নাওখনত বৈ আহিল
এখন নৈ
ছৈৰ কোঁচত নাও, নাৱৰ বুকুত নৈ
নাৱৰ টিঙত এঠেং বগলী
গধূলি আছিল বগলী পিঠিতে ৰৈ

ৰৈ ৰৈ ৰতি মইনামতী

চেৰেংকৈ মনত পৰিলে অ’ মইনা
কিনো শানে দিয়া চকু
সাধি মই নাহিলোঁ তোকে ঐ কপালত
বিৰিয়াই শালিলে বুকু

ছৈৰ তলতে কুচিমুচি হৈ
ৰৈ আছে বৈ নৈ

Click here for an English translation of the poem.

2 thoughts on “নৈ-কথা

Leave a Reply to Sidhartha Goswami Cancel reply

Your email address will not be published. Required fields are marked *