সংলাপ
নিশকতীয়া দু্ৰ্বল যেন লগা গান্ধী মানুহজন
উজুতি খাই ক’ৰবাত পৰিব যেন লাগে,
হাতৰ লাখুটিডাল মুষ্টিচ্যুত হ’ব যেন লাগে
অথচ তেওঁ এজন এই জগতখনৰ সুন্দৰ মানুহ,
শক্তিশালী মানুহ
এয়া এক দৃষ্টি, প্ৰকৃতিৰ অনিন্দ্য বিচাৰ
মানুহৰ চিন্তাই বিচাৰি ফুৰা এক সমৃদ্ধ সংলাপ
এক মহা প্ৰস্তাৱনাৰ গতিধাৰা
যাৰ বুকুত জিলিকি ৰয় সময়ৰ অক্ষয় কাৰ্যকুশলতা৷
সকলো কথাই সুমধুৰ নহয়, সকলো সময়তে
কেতিয়াবা অৰ্ধ আলিঙ্গন কৰি ওলমি ৰয় বাদুলীৰ দৰে
সৃষ্টি হ’ব পাৰে একোটা ভাৰাক্ৰান্ত কাহিনী
নিৰস্ত্ৰ বা প্ৰশ্নহীন কৰিব নোৱাৰি সাগৰৰ গৰ্জন
নাপাব পাৰোঁ সময়ৰ মহাকাব্যিক ৰূপ বা পথ
সকলো সময়ৰ বোকোচাত উঠি প্ৰসাৰিত হয়
এজোপা বিশাল বৃক্ষৰ দৰে৷
অভিপ্ৰায়বোৰে তাৰ নিজৰ ঠাই দখল কৰে
যিমানেই সুৰ-লয়ৰ কথা নকওঁ
তাক ভাঙিব নোৱাৰে কঠিন শিলৰ দৰে
সি আমাৰ পৰাজয় বা অক্ষমতাৰ পৰিচয়ো হ’ব পাৰে
হয়তো পুনৰ বিচাৰ আৰম্ভ হ’ব
প্ৰশ্ন হ’ব পাৰে সংলাপবোৰ কাৰ আছিল?
সময়ে কঢ়িয়াই ফুৰা অমৃত সংলাপ
থমকি ৰয়গৈ জড়াগ্ৰস্ত বুদ্ধৰ কাষত,
আকৌ এবাৰ চেতনাৰ প্ৰশ্ন
আৰোহণৰ জখলাডাল পুনৰ যদি ভাগি পৰে মাজবাটতে?
হয়তো পুনৰ বিচাৰ বা নতুন উত্থানৰ
আমাৰ কাষত ধ্বনিত হ’ব জীৱন-দীপ্ত বাণী৷
An English translation of the poem.