কাব্যিক সংবেদনশীলতা আৰু এন্টি-পয়েট্ৰি

ৰমেন শইকীয়া

কবিতাৰ সম্পৰ্ক হৃদয়ৰ সৈতে। আমি হৃদয়েৰে কবিতাৰ আৱেদন অনুভৱ কৰোঁ। আমি কওঁ, আমাৰ সকলোৰে অন্তৰত একোজন কবি আছে, অৰ্থাৎ আমি সকলোৱেই একোজন কবি, কিন্তু আমি সকলোৱেই কবিতা লিখিব নোৱাৰোঁ। আমাৰ অনেকেই কবিতা লিখে বা কবিতা লিখিবলৈ চেষ্টা কৰে, কিন্তু সকলোবোৰ কবিতাকেই কবিতা বুলিব নোৱাৰি। বোধকৰো সেই কাৰণতে বাংলা কবি জীবনানন্দ দাশে কৈছিল, “সকলোৱেই কবি নহয়, কোনোবা কোনোবাহে কবি।” (সকলেই কবি নয়, কেউ কেউ কবি৷) কবিৰ কাব্যিক প্ৰতিভা জন্মপ্ৰদত্ত—এই কথা সমৰ্থনযোগ্য নহয়। জীবনানন্দ দাশেও এনে অৰ্থত কথাষাৰ কোৱা নাছিল। জীবনানন্দই তেওঁ কোৱা কথাষাৰৰ বিস্তৃত ব্যাখ্যা আগঢ়াইছে এইদৰে : “সকলেই কবি নয়। কেউ কেউ কবি; কবি—কেননা তাদেৰ হৃদয়ে কল্পনাৰ এবং কল্পনাৰ ভিতৰে চিন্তা ও অভিজ্ঞতাৰ সাৰবত্তা ৰয়েছে, এবং তাদেৰ পশ্চাতে অনেক বিগত শতাব্দী ধৰে এবং তাদেৰ সঙ্গে সঙ্গে আধুনিক জগতেৰ নব নব কাব্যবিকীৰণ তাদেৰ সাহায্য কৰেছে। কিন্তু সকলকে সাহায্য কৰতে পাৰে না; যাদেৰ হৃদয়ে কল্পনা ও কল্পনাৰ ভিতৰে অভিজ্ঞতা ও চিন্তাৰ সাৰবত্তা ৰয়েছে তাৰাই সাহায্যপ্রাপ্ত হয়; নানা ৰকম চৰাচৰেৰ সম্পর্কে এসে তাৰা কবিতা সৃষ্টি কৰবাৰ অবসৰ পায়।” (কবিতাৰ কথা)

জীবনানন্দ দাশৰ কবিতা যিসকলে পঢ়িছে, তেওঁলোকে নিশ্চয় অনুভৱ কৰে যে, এই কবিৰ কাব্যিক সংবেদনশীলতা অনন্য। জীবনানন্দৰ কবিতা, বিশেষকৈ ‘বনলতা সেনʼ পঢ়িলে ধাৰণা হয় যেন এনেকুৱা কবিতা কেৱল বাংলা ভাষাতহে লিখা সম্ভৱ। বাংলাৰ প্ৰখ্যাত কবি আৰু সমালোচক অমিয় চক্ৰৱৰ্তীয়ে জীবনানন্দৰ ‘বনলতা সেনʼ সম্পৰ্কত কৰা মন্তব্যটো হʼল : “ৰবীন্দ্ৰোত্তৰ যুগৰ অসামান্য কবি জীবনানন্দ দাশে যি এখন গ্ৰন্থত তেওঁৰ সাৰ্থকতম পৰিচয় ৰাখি থৈ গৈছে, সেই গ্ৰন্থ হʼল বনলতা সেন। ৰবীন্দ্ৰনাথৰ ভাষাত তেওঁৰ কাব্যৰ প্ৰধান গুণ হʼল : ‘চিত্রৰূপময়… বাংলা কাব্যৰ কʼতো তাৰ তুলনা পাবলৈ নাই।” জীবনানন্দৰ কাব্যিক সংবেদনশীলতাৰ সূক্ষ্মতম আৰু অনন্য ৰূপ  দেখা পোৱা যায় সাধাৰণ যেন লগা তেওঁৰ কবিতাবোৰতো, যেনে ‘কখন জন্মেছি,/কখন শেষ হয়ে গেলাম, /কেউ খবৰ ৰাখে না/ পৃথিবীৰ একগুচ্ছ মৃত ঘাসেৰ মত : একদিন সবুজ ছিলাম/ এই আনন্দ নিয়ে হাৰিয়ে যেতে হবে’ —সৃষ্টি কাৰিগৰ (গুৰুত্ব-চিহ্ন লেখকৰ)। যিসকল কবিৰ কবিতাই আমাৰ হৃদয়ক স্পৰ্শ কৰি যায় সেই কবিতাবোৰ হৈছে তেওঁলোকৰ জীৱনৰ সাৰ বা নিৰ্যাস—যাক তেওঁলোকে আহৰণ কৰে বহিৰ্জগতৰ সৈতে হোৱা তেওঁলোকৰ বিৰোধ আৰু তাৰপৰা লাভ কৰা অভিজ্ঞতাৰ জড়িয়তে। ড বাণীকান্ত কাকতিয়েও তেওঁৰ ‘আমাৰ নতুন সাহিত্য’ নামৰ নিবন্ধটোত কৈছে, “বহিৰ্জগতৰ সৈতে মানুহৰ যি বিৰোধ আৰু সংগ্ৰাম সেয়েই সাহিত্যৰ প্ৰেৰণা৷”

আমাৰ হৃদয়ত কাব্যৰ প্ৰতি সংবেদনশীলতা থাকিলেও কাব্য সৃষ্টিৰ বাবে প্ৰয়োজনীয় প্ৰতিভা আৰু সংবেদনশীলতা নথাকিবও পাৰে। তথাপি অনেকেই কবিতা লিখি আছে আৰু অনেক কবিতা লিখাও হৈছে। এই কাৰণতে বোধকৰো বহু কবিৰ কবিতাই পাঠকৰ হৃদয় স্পৰ্শ কৰিবলৈ সমৰ্থ হোৱা নাই। কাব্য সৃষ্টিৰ বাবে কোনোবাই মনত তীব্ৰ আবেগিক তাগিদা অনুভৱ কৰিলেই যথেষ্ট নহয়। মেক্সিম গৰ্কীয়ে তেওঁৰ ‘How I learn to write’ নামৰ ৰচনাখনত এই সৃষ্টিৰ তাড়নাৰ সম্পৰ্কত আগবঢ়োৱা বিস্তৃত আলোচনাত মানুহৰ সামজিক জীৱনৰ মৌলিক বিষয়বোৰৰ সৈতে কলাৰ জগতখনৰ অভিন্নতাৰ সম্পৰ্কৰ কথাকেই দোহাৰিছে। তেওঁৰ মতে শিল্পী-সাহিত্যিকে কলাৰ এই সামাজিক তাৎপৰ্যক উপলব্ধি কৰিব পাৰিব লাগিব। শ্ৰেণীবিভক্ত সমাজত কু-সংস্কাৰ, অন্ধবিশ্বাস, পক্ষপাতিত্ব, বৰ্ণবাদ, আৰ্থিক বৈষম্য আদি নানান শ্বাসৰূদ্ধ পৰিৱেশ আৰু সামাজিক নিপীড়নে মানুহৰ জীৱন নীৰস ( drab) কৰি পেলাইছে। এই ‘oppressively drab’ জীৱনটো সমৃদ্ধ আৰু সুন্দৰ কৰি তুলিবৰ বাবে তাহানি কালৰ পৰাই আনকি অনুন্নত জনগোষ্ঠীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সমাজবোৰতো অনেক নিনাও কবি, গীতিকাৰ, কথক আদিয়ে তেওঁলোকৰ গান, সাধুকথা, কাহিনী, আখ্যান, পৌৰাণিক কথা আদিৰে অৰিহণা যোগাই আহিছিল, যাৰ অনেকৰেই হয়তো বৰ্ণমালাৰ সৈতে পৰিচয়েই ঘটা নাছিল। সেইবোৰৰ আবেদন আজিও অক্ষয়। শিল্প-সাহিত্যৰ সামাজিক তাৎপৰ্য বুলিলে শিল্পী- সাহিত্যিকৰ ক্ষেত্রত এই সামাজিক তাৎপৰ্যৰ উপলব্ধি আৰু ভূমিকাৰ কথাকে বুজায়।

সমাজৰ সকলো মানুহেই বিভিন্ন কৰ্মত নিযুক্ত হৈ থাকে। শিল্পী-সাহিত্যিকৰ সৃষ্টিশীল কৰ্ম হʼল তেওঁৰ পেছাগত ভূমিকাৰ উপৰি অন্য এক ধৰণৰ বৌদ্ধিক ক্ৰিয়াত আত্মনিয়োগ। সন্দেহ নাই, শিল্পী আৰু সাহিত্যিকসকল একোজন ৰুচিবান মানুহ আৰু তেওঁলোক কোনো এটা নহয় এটা বিশ্বদৰ্শনত বিশ্বাসী। এই বিশ্বাসৰ পৰাই মানুহৰ মনত উদয় হয় জগতৰ সংস্কাৰ সাধনৰ চিন্তা। এইটোৱেই হʼল মানৱ জীৱনৰ বাবে প্ৰগতিশীল (progressive) দৃষ্টিভঙ্গী। মেক্সিম গৰ্কীয়ে কৈছে, “যিটো গুৰুত্বপূৰ্ণ সেইটো হʼল এই সত্যটোৰ উপলব্ধি কৰা যে, অনাদি কালৰেপৰা মানুহৰ আত্মাক বন্দী কৰিবলৈ সৰ্বত্র জাল পেলাই থোৱা আছে।” মানুহৰ এই নিকৃষ্ট অৱস্থাটো শ্ৰেণীবিভক্ত সমাজৰ সৃষ্টি। গৰ্কীয়ে আৰু কৈছে, সদায় আৰু সকলোতে এনেকুৱা মানুহো আছে যিয়ে এনে অশুভ শক্তিবোৰৰ প্ৰভাৱৰপৰা মানুহক মুক্ত কৰাটো নিজৰ কামৰ লক্ষ্য কৰি লৈছে। আমাৰ জ্যোতিপ্ৰসাদো আছিল তেনে এজন শিল্পী যি মানুহৰ ‘oppressively drab’ জীৱনটো সমৃদ্ধ আৰু সুন্দৰ কৰি তুলিবৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। মানুহৰ আত্মাক বন্দী কৰি ৰাখিব খোজা ষড়যন্ত্ৰকাৰী আৰু অপসংস্কৃতিৰ বিৰুদ্ধে আমাৰ জ্যোতিপ্ৰসাদেও তুলি লৈছিল সংস্কৃতিৰ হাথিয়াৰ। এই প্ৰসংগতে লেখকসকলে লিখাৰ বাবে কৰা প্ৰয়াসৰ (striving to write) সম্পৰ্কত গৰ্কীয়ে কোৱা এই কথাষাৰো উল্লেখ কৰা প্ৰয়োজন, “এই প্ৰয়াস জীৱনৰ দাৰিদ্র্যতাৰ (poverty of life) পৰা আহৰণ কৰিব নোৱাৰি, ইয়াক আহৰণ কৰা হয় ঐশ্বর্য্যৰপৰা, লেখকৰ মনত প্ৰভাৱ পেলাব পৰা সাঁচৰ প্ৰাচুৰ্যতাৰ পৰা (exubarance of impression) আৰু সিবিলাকক বর্ণনা কৰাৰ বাবে উদ্ভূত এক আভ্যন্তৰীণ তাগিদাৰ পৰা।”

শিল্পী-সাহিত্যিকসকলে জীৱন আৰু সামাজিক বাস্তৱতাৰ যথাৰ্থ অনুধাৱনৰ জড়িয়তেহে তেওঁলোকৰ অভিনৱ সৃষ্টিৰ বাবে উৎকৃষ্ট উপাদান আহৰণ কৰিবলৈ সমৰ্থ হয়। পৃথিৱীৰ সমগ্ৰ মহৎ সাহিত্যৰ বিশেষত্ব হৈছে সামাজিক বাস্তৱতাৰ উন্মোচন। সংবেদনশীল শিল্পী-সাহিত্যিকৰ পক্ষে সমাজৰ বাস্তৱতাক উপেক্ষা কৰাটো সম্ভৱ নহয়। এজন সাহিত্যিক যদি যৰ্থাথতে সাহিত্যিক হয়, সাহিত্যিকজনৰ যি অভিপ্ৰায়েই নাথাকক, তেওঁ যেতিয়া মানুহৰ মৰ্মবেদনাক গভীৰভাৱে অনুধাবন কৰে আৰু তাক সাহিত্যত তুলি ধৰিবলৈ প্ৰয়াস কৰে, তেতিয়া সেই সাহিত্যই তেওঁৰ অভিপ্ৰায়কো অতিক্ৰম কৰি য়ায়। এলিজাবেথান যুগৰ নাট্যকাৰ শ্বেইক্সপীয়েৰৰ নাটকসমূহ মঞ্চস্থ কৰিছিল লৰ্ড চেম্বাৰলেইনছ মেন নামৰ নাট্য দলটোৱে। ১৬০৩ চনত প্ৰথম ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছত ৰজা প্ৰথম জেমছে ৰাজকীয় মৰ্যাদা দি দলটোৰ নাম ‘কিংছ মেন’লৈ সলনি কৰে। এক কথাত কʼবলৈ গʼলে শ্বেইক্সপীয়েৰ আছিল ৰাজসভাৰ কবি আৰু নাট্যকাৰ। অথচ তেওঁৰ ট্ৰেজেডী নাটককেইখনত আমি দেখিবলৈ পাওঁ যে, তাত ৰাজতন্ত্ৰৰ তোষামোদৰ পৰিৱৰ্তে উন্মোচিত হৈছে ৰাজতন্ত্ৰৰ ভয়ংকৰ ৰূপ।

সম্প্ৰতিক কালৰ আধুনিক অসমীয়া কবিতা সম্পৰ্কত সাহিত্যিক-সমালোচক নগেন শইকীয়াই ‘কল্যাণ খৰমানʼ নামৰ ৰচনাখনত (প্ৰকাশ, মাৰ্চ, ২০২৩) লিখিছে, ”ভাল কবিতা পঢ়িবলৈ মন যায়। কিন্তু আমাৰ অনেক প্ৰতিষ্ঠিত নতুন কবিৰ কবিতাতো মই বিচৰা সোৱাদ নাপাওঁ।” এজন কাব্য ৰসিক পাঠকৰ বাবে এই সোৱাদ হʼল ভাল কবিতা পাঠ কৰি পোৱা অভিজ্ঞাৰ সম্পৰ্কত ৰবাৰ্ট ফ্ৰষ্টে কোৱা ‘অবিনাশী আঘাতʼ (immortal wound)। ড আনন্দ বৰমুদৈয়ে ʼতৰুণৰ কবিতাত নতুন চেতনাʼ শীৰ্ষক এটি লেখাত কৈছে, “কেতিয়াবা কোনো কবিয়ে ভাষাক বুদ্ধিদীপ্ত কৰি কবিতাক পাঠকৰ বাবে আমোদজনক কৰিছে, কিন্তু আমোদদানক অতিক্ৰম কৰি কবিতাই যুগৰ সুক্ষ্মতম চেতনাক ধৰি ৰাখিব পৰা নাই।” (অসমীয়া খবৰ, ২৩ মাৰ্চ, ২০২৩) ড বৰমুদৈয়ে অন্য এক লেখাত প্ৰশ্ন কৰিছে, “…আধুনিক, উত্তৰ আধুনিক অথবা সাম্প্ৰতিক সাহিত্য জনজীৱনৰপৰা আঁতৰত এচাম মধ্যবিত্তৰ মাজতে সীমাবদ্ধ থাকিব নেকি?” (আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস, পৃষ্ঠা-৭২১) বৰ্তমানৰ অসমীয়া কবিতাৰ বিপুল পয়োভৰৰ মাজতো ‘যুগৰ সূক্ষ্মতম চেতনাক ধৰি ৰাখিব পৰাʼ আৰু যুগৰ গভীৰ সত্যক উন্মোচন কৰা কবিতাৰ অনুপস্থিতি চিন্তাৰ বিষয়। পাঠকৰ এই অসন্তুষ্টিক কবিসকলে গুৰুত্ব সহকাৰে আৰু গম্ভীৰভাৱে বাৰে বাৰে বিচাৰ আৰু পুনঃবিচাৰ কৰি চোৱাটো বোধকৰো জৰুৰী হৈ পৰিছে।

এজৰা পাউণ্ডে তেওঁৰ ‘A Retrospect’ নামৰ ৰচনাখনত কৈছে, প্ৰতিজন মানুহেই কবিতাৰ বিষয়ে যিমানেই জানে সিমানেই ভাল। তেওঁ আশা কৰে, যি কবিতা লিখিবলৈ বিচাৰে বা বেছিভাগেই লিখি আছে, সেই প্ৰতিজন ব্যক্তিয়েই কবিতা লিখক। সেইদৰে তেওঁ বিচাৰে, প্ৰতিজন মানুহেই হাৰমনিয়ামত “ঈশ্বৰে আমাৰ ঘৰখনক আশীৰ্বাদ কৰক” বজাব পৰাকৈ সংগীতৰ বিষয়ে যথেষ্ট জানক, কিন্তু প্ৰতিজন মানুহেই কনচাৰ্ট পৰিচালনা কৰাটো আৰু তেওঁৰ পাপ ছপা কৰাটো তেওঁ নিবিচাৰে। (…but I do not believe in every man giving concerts and printing his sin.)

কবিতা সম্পৰ্কে ইমানবোৰ আলোচনা কৰাৰ পিছতো এটা মৌলিক প্ৰশ্ন উত্থাপন হʼব পাৰে : কবিতানো কি? সংক্ষেপে কবিতা হʼল চিত্রকল্প আৰু উপমাৰ সহায়ত কবিৰ হৃদয়-নিহিত আৱেগ-অনুভূতি, চিন্তা আৰু উপলব্ধিবোৰৰ ছন্দবদ্ধ বাক্যৰে ৰচিত এক সংক্ষিপ্ত কলাত্মক প্ৰকাশ। আৰিষ্টʼটলে কোৱা কবিতাৰ উৎপত্তিৰ দুটা কাৰণৰ ভিতৰত এটা হʼল মানুহৰ মনত শৈশৱৰ পৰাই ৰোপণ হৈ ৰোৱা কল্পনাৰ প্ৰবৃত্তি (instinct of imagination) আৰু আনটো হʼল অনুকৰণৰ প্ৰবৃত্তি। তেওঁ ব্যাৱহাৰিক কলা আৰু সুকুমাৰ কলাৰ প্ৰভেদ আঙুলিয়াই দি কবিক ‘নিৰ্মাতাʼ (maker) আখ্যা দিছে। আৰিষ্টʼটলে বোধকৰো কবিতাৰ এই ব্যাখ্যা গ্ৰীক ভাষাত ‘পয়েট্ৰিʼক বুজোৱা ‘poienʼ (to make) শব্দৰ পৰাই গ্ৰহণ কৰিছে। কোনো কোনো লোকৰ মতে বেদনাবিদ্ধ হৃদয়েই কবিতাৰ জন্মভূমি। আৰিষ্টʼটলৰ মতে কবিতা বাস্তৱৰ এক অনুকৰণ যদিও এক উচ্চ স্তৰৰ অনুকৰণ। ইয়াৰ সৈতে জড়িত হৈ আছে বিবেক, কল্পনা আৰু বৌদ্ধিক প্ৰয়াসৰ সহায়ত কৰা এক সত্যৰ অন্বেষণ, যাৰ উপলব্ধি কাব্যৰ ৰূপতহে সম্ভৱ। আনহাতে কবিতাৰ আন এটা গুণ হʼল হৃদয়গ্ৰাহীতা—কবিতাত অৱশ্যেই থাকিব লাগিব।

১৯৫৪ চনত স্পেনিছ ভাষাৰ কবি নিকানোৰ পাৰৰাই ‘পয়েমছ এণ্ড এন্টি-পয়েমছʼ নামেৰে কবিতাপুথি এখন প্ৰকাশ কৰি সমগ্ৰ স্পেনিছভাষীৰ লগতে বিশ্বৰ সাহিত্যিকসকলৰ মাজতো এটা তীব্ৰ আলোড়ন সৃষ্টি কৰে। তেওঁ প্ৰতিষ্ঠিত কাব্যিক পৰম্পৰাৰ বিপৰীত স্থিতি লৈ এই এন্টি-পয়েট্ৰিৰ আন্দেলনটো গঢ়ি তুলিছিল। ইয়াৰ কাৰণ আছিল, ‘মানবিশিষ্ট কাব্যিক জাকজমক কাৰ্যকলাপৰ প্ৰতি তেওঁৰ বিতৃষ্ণাʼ (distaste for standard poetic pomp and function)। তেওঁৰ মতে বিষাক্ত গেছৰপৰা হাত হাৰিবলৈ যি দৰে মুখা পিন্ধিব লগা হয়, এন্টি-পয়ে়ট্ৰি হʼল সেই মুখা। তেওঁৰ এটা কবিতাত এনে উক্তিও আছে : “In poetry everything is permitted/ With only the condition/ You have to improve the blank verse.” কবিতা যি ধৰণেই ৰচনা কৰা নহওক, একমাত্র চৰ্তটো হʼল মুক্তছন্দৰ উৎকৰ্ষ সাধন কৰিব লাগিব, কাৰণ কলাত্মক আৰু নান্দিনক দৃষ্টিকোণৰ পৰাও কবিতাক বিচাৰ কৰা হয়।

দেশ আলোচনীত (২ ফ্ৰেবুৱাৰী, ২০২৩) প্ৰকাশিত ‘অ্যান্টি-পয়েট্ৰিৰ দেবদূতʼ নামৰ প্ৰবন্ধত বাংলাৰ সাহিত্য সমালোচক সুবোধ সৰকাৰে লিখিছে, “লেটিন আমেৰিকাৰপৰা এটা ঢৌ আহি পৰিছিল পূৰ্ব য়ুৰোপত, তাৰপৰা সেই ঢৌ ৰুছদেশ, গ্ৰীচত ঘনীভূত হৈ ভূমধ্যসাগৰ পাৰ হৈ তুৰস্ক আৰু ইৰানত খুন্দা খাই ভাৰতীয় উপমহাদেশত প্ৰৱেশ কৰিছিল। এনেকুৱা কবিতা লিখিব লাগিব যাতে কল-কাৰখানাৰ সন্মুখত থিয় দি থকা মানুহেও বুজিব পাৰে। কবিতা আহি পথত ভৰি দিবহি লাগিব। ৰাজদৰবাত থিয হৈ হৈ তাৰ কঁকাল শক্তিহীন হৈ গৈছে। আঁঠুত তাৰ শক্তি নাই। আঁঠু পুনঃস্থাপন কৰিব লাগিব। কবিতা কেৱল এলিটৰ বাবে নহয়। কবিতাক দলিতৰ চোতালত নি বহুৱাবগৈ লাগিব। ক্ষমতাবান সকলক লৈ হাঁহি-তামাচা কৰিব লাগিব। মণিবন্ধত জোৰ থাকিব লাগিব। পাঞ্জাত জোৰ থকিব লাগিব। মধুৰ মিথ্যাচাৰেৰে কবিতা লিখাৰ দিন শেষ হৈছে। অসভ্যালি কৰাৰ সময় আমাৰ নাই। যিসকলে নিজকে মিছা সাধক সজাবলৈ বিচাৰিছে, যিসকল ভণ্ড, সিহঁতক ভণ্ড বুলি কʼব লাগিব। এন্টি-পয়েট্ৰি আচলতে সেইবোৰ কবিতা, যিবোৰে ভণ্ডামীৰ বিৰুদ্ধে কথা কয়। সকলো সময়তে যে হাত সাবটি কথা কʼব লাগিব, তাৰ কোনো মানে নাই। …কবিতাৰ ইতিহাস হৈছে সৌন্দৰ্যৰ ইতিহাস। ইতিহাসৰ বেছমেন্ট জুৰি এটা কম্পিটিশ্যন—কোনে কিমান সুন্দৰকৈ এজনী ছোৱালীৰ চকু আঁকিব পাৰে, কোনে কিমান সুন্দৰকৈ তাইৰ চুলিৰ বৰ্ণনা কৰিব পাৰে। এইবোৰ কৰি কৰি আমাৰ ইন্দ্ৰিয়ক অৱশ কৰি ৰাখিছে। …যি সুন্দৰতাক আমি আগেয়ে দেখা নাই তাকহে দেখুৱাব লাগিব। কবিতাৰ ভাষা হʼব লাগিব মানুহৰ মুখৰ ভাষা। এন্টি-পয়েট্ৰি কোনো আইভৰি টাৱাৰৰ কবিতা নহয়। কবিতা ইয়াত হৈ উঠিছে এজন সৰল মানুহৰ পিঠি, যʼত আছে মাৰ খোৱাৰ দাগ, চাবুকৰ দাগ, অশ্ৰুপাতৰ দাগ।”

আমেৰিকা য়ুক্তৰাষ্ট্ৰৰ ‘লিবাৰ্টিʼৰ প্ৰসংগত পাৰৰাৰ এটা কবিতা হʼল : “USA / Where / Liberty is a statute.” আমেৰিকাত ‘লিবাৰ্টিʼ বিধিবদ্ধ আইনৰ এটা সংজ্ঞা মাত্র। এই কবিতা়টো কবিতা নহয় যেন, এটা বিস্ফোৰণ। পাৰৰাৰ বাহিৰে কোনো কবিয়েই আমেৰিকাৰ গণতন্ত্ৰক ইমান জোৰেৰে প্ৰহাৰ কৰা নাই। গণতন্ত্ৰৰ পীঠস্থান আমেৰিকাত একৈশ শতিকাতো কৃ্ষ্ণাংগসকলে সমান অধিকাৰৰ বাবে যুঁজ দি থাকিবলগীয়া হৈছে। আমেৰিকাই দিনৰ প্ছিত দিন, বছৰৰ পিছত বছৰ লেটিন আমেৰিকাৰ সৈতে যি কৰি আহিছে, সেই ইতিহাস মানুহে পাহৰিব নোৱাৰে, পাৰৰায়ো পাহৰিব পৰা নাই। জগতখন বিচিত্র। জীৱন আৰু জগতৰ অনিশ্চিত ভৱিষ্যৎ আৰু বিচিত্র ৰূপভেদ প্ৰত্যক্ষ কৰিয়েই পাৰৰাই ‘The last toast’ নামৰ এটা কবিতাত জীৱনৰ খেলাক তাচপাতৰ খেলাৰে তুলনা কৰি কৈছে, “তাচ পাতৰ খেলা/ মানুহ মাথোন দুজন/ এজন বৰ্তমান আৰু আনজন ভৱিষ্যৎ” (The cards to play/Are only two : /the present and the future)। এই খেলত বিজয়ৰ হাঁহি মাৰিব ভবিষ্যতে আৰু শেষত থাকিবগৈ কেৱল এজনহে খেলুৱৈ (In the end/ We are only left with tomorrow.)৷ কাৰণ বৰ্তমানো উপস্থিত হোৱাৰ পিছ মুহূৰ্ততে অতীত হোৱাৰ পথত, তৎসত্ত্বেও বৰ্তমানৰ অভিসন্ধিৰ অন্ত নাই।

নিকানোৰ পাৰৰাৰ জীৱনতো এনে ধৰণৰ ঘটনা ঘটিছে—নিজ দেশ আমেৰিকাতে তেওঁক অপমান কৰা হৈছিল, হেয় কৰা হৈছিল, খ্যাতিচ্যুত কৰিবলৈ চক্ৰান্ত কৰা হৈছিল, কালিমালিপ্ত কৰিবলৈ চেষ্টা কৰা হৈছিল, কিন্তু তেওঁ সকলোবোৰ অপমান হাঁহি উৰাই দিছিল। পাৰৰাই নিজৰ দেশক কি দৃষ্টিৰে চাইছিল, তাৰ প্ৰমাণ তেওঁৰ কবিতাবোৰ। তেওঁ এবাৰ চিলিলৈ গৈ কবি পাবলো নেৰুডাৰ ঘৰৰ বাহিৰত থিয় হৈ কৈছিল, “মই এনেকুৱা এখন দেশৰ পৰা আহিছোঁ যʼত নিৰ্বাচনত চুৰি কৰা হয়, দুখীয়া মানুহবোৰক ধনী মানুহবোৰৰ পৰা পৃথক কৰা হয়। যি দেশে তোমালোকৰ সৈতে অন্যায় কৰিছে, সেই দেশৰ হৈ মই ক্ষমা বিচাৰিছোঁ।” নিকানোৰ পাৰৰাৰ এই এন্টি-পয়েট্ৰিবোৰও কিন্তু কবিতা বুলিয়েই স্বীকৃতি লাভ কৰিছে। তেওঁৰ কবিতা তৰুণ কবিসকলৰ মুখে মুখে আজিও এখন দেশৰপৰা আন এখন দেশলৈ, এটা ভাষাৰপৰা আন এটা ভাষালৈ চৰ্চিত হৈ আহিছে। পাৰৰাৰ কবিতাই ইমান খ্যাতি অৰ্জন কৰাৰ পিছতো তেওঁ নিজৰ কবিতা আৰু কাব্যিক ক্ষমতাক লৈ সন্তুষ্ট হʼব পৰা নাছিল। সেয়ে তেওঁ বিনম্ৰতাৰে  ‘I take back Everything I’ve saidʼ শীৰ্ষক কবিতাটোত এইদৰে লিখি থৈ গʼল:

“মই গুচি যোৱাৰ আগতে
এটা মোৰ শেষ ইচ্ছা :
প্ৰিয় পাঠক
মোৰ এই কিতাপখন পুৰি পেলাওক 
মই যি কথাটো ক’বলৈ বিচৰিছিলোঁ কʼব নোৱাৰিলোঁ   
যদিও কিতাপখন তেজেৰে লিখা। 
এইটো মই ক’বলৈ বিচৰা ধৰণৰটো নহয়,
মই যি লিখিবলৈ বিচাৰিছিলোঁ লিখিব নোৱাৰিলোঁ 
মই মোৰ নিজৰ ছাঁৰ দ্বাৰাই পৰাজিত হ’লোঁ :
মোৰ কথাই মোৰ ওপৰত প্ৰতিশোধ ল’লে।
মোক ক্ষমা কৰিব পাঠক, সহৃদয় পাঠক,
যদিও মই এক উষ্ম আলিংগনেৰে
তোমাক এৰি যাব নোৱাৰিলোঁ, মই বিদায় লʼলোঁ 
এক কষ্টকৰ আৰু বিষণ্ণ হাঁহিৰে ।
মই বোধকৰো এনেকুৱাই
কিন্তু মোৰ শেষ কথাষাৰ শুনা :
মই কোৱা সকলো কথা ঘূৰাই লʼলোঁ 
পৃথিৱীৰ সৰ্বাধিক তিক্ততাৰে
মই কোৱা সকলো কথা ঘূৰাই লʼলোঁ ।” (অনুবাদ লেখকৰ)

আমেৰিকাৰ সাহিত্য সমালোচক হেৰল্ড ব্লমে(Herold Bloom, ১৯৩੦-২੦১৯) কৈছিল, “এই শতাব্দীৰ শ্ৰেষ্ঠ কবিতাবোৰ গদ্যত লিখা।” সকলো সময়তে এন্টি-পয়েট্ৰি প্ৰায় গদ্যতেই লিখা হয়, কিন্তু তাৰমানে এইটো নহয় যে কবিতাৰপৰা আয়াম্বিক পেন্টামিটাৰ ব্যৱহাৰ উঠি গʼল। নিকানোৰ পাৰৰাই যি কবিতা লিখি লেটিন আমেৰিকাত খ্যাতিৰ শীৰ্ষত আৰোহণ কৰিছিল, সেই কবিতাৰ সৈতে মধুৰ লিৰিকৰ এটা নিৰন্তৰ বিদ্বেষপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আছে। মধুৰ ৰোমান্টিক কবিতাৰ সৈতে তেওঁৰ দেখা-সাক্ষাৎ বন্ধ আছিল। তেওঁৰ কবিতাৰ ছন্দৰ প্ৰসংগত হাঁহি হাঁহি কৈছিল, “মোৰ ছন্দৰ নাম লেটিন আমেৰিকা।”

কবিতাৰ ক্ষেত্রত কবিতাৰ ভাষা, শৈলী, শব্দবিন্যাস আদি কেনে হোৱা উচিত সেইটো ডাঙৰ কথা নহয়, আৱশ্যকীয় কথাটো হʼল যাৰ ‘হৃদয় আৰু কল্পনাৰ ভিতৰত অভিজ্ঞতা আৰু চিন্তাৰ সাৰমৰ্ম থাকেʼ (জীবনানন্দ), যি বিশেষ দৃষ্টিৰে জীৱনৰ গভীৰলৈ দৃষ্টিপাত কৰিব পাৰে আৰু মানৱ জীৱনৰ মৰ্মবেদনা গভীৰ সংবেদনশীলতাৰে অনুভৱ কৰিব পাৰে, তেওঁহে প্ৰকৃত কবি হোৱাৰ ক্ষমতা আৰু গৌৰৱ অৰ্জন কৰিব পাৰে আৰু আনকো দিব পাৰে কাব্যৰ বিৰল অনুভূতি।

ৰমেন শইকীয়া গুৱাহাটী-নিবাসী এগৰাকী চিন্তাশীল লেখক৷