এলিয়টৰ ‘The Hippopotamus’ : জলহস্তীৰে গীর্জাৰ তুলনা!

সঞ্জীৱ কুমাৰ নাথ

টি এছ এলিয়ট

১৯১৯ চনত তেওঁৰ পয়েমছ্ নামৰ কবিতা-সংকলনত টি এছ এলিয়টে ‘The Hippopotamus’ নামৰ কবিতাটো প্রকাশ কৰে। সেই সময়ত এই কবিতাত এলিয়টে গীর্জাক উপলুঙা কৰা দেখি পঢ়ুৱৈসকল খুব বেছি আচৰিত হোৱা নাছিল, কাৰণ তেতিয়ালৈকে তেওঁৰ যিবোৰ কবিতা প্রকাশ হৈছিল, সেইবোৰত পঢ়ুৱৈয়ে এলিয়টে কবিতাত সৃষ্টি কৰা চৰিত্রসমূহৰ বা তেওঁৰ কবিতাৰ কথকৰ এক অবিশ্বাসী, সংশয়বাদী মন দেখা পাইছিল আৰু এই কবিতাটোত গীর্জাক উপলুঙা কৰা কথকৰ কথাতো প্রকাশ পাইছে সংশয়, তিক্ততা, বিতৃষ্ণা। কিন্তু গীর্জাক অতি কঠোৰ সমালোচনা কৰা এই কবিতাটো লিখা মানুহজনেই যেতিয়া ১৯২৭ চনত এংলো কেথলিক গীর্জাত যোগ দিলে তেতিয়া অনেক পঢ়ুৱৈৰ মনত বহুতো প্রশ্ন উঠিছিল : এলিয়ট প্রকৃততে আস্তিক নে নাস্তিক? তেওঁ গভীৰভাবে বিশ্বাসী খ্রীষ্টান নে সংশয়বাদী? ১৯২৭ চনৰপৰা ১৯৩০, ১৯৩১ চনমানলৈ এলিয়টে লিখা ‘Journey of the Magi’, ‘Song for Simeon’, ‘Marina’, ‘Animula’ আদি কবিতা আৰু বিশেষকৈ ১৯৩০ চনত প্রকাশ পোৱা ‘Ash Wednesday’ পঢ়িলে তেওঁৰ ধর্মীয় চিন্তা-ধাৰণাৰ বিষয়ে সন্দেহ নাথাকে। ইংৰাজী সাহিত্যৰ বুৰঞ্জীত আধুনিকতাৰ বাটকটীয়া বুলি প্রসিদ্ধ এলিয়টৰ সংশয়বাদে পঢ়ুৱৈক আচৰিত কৰা নাছিল, কিন্তু খ্রীষ্টান এলিয়টে বহুতকে আচৰিত কৰিছিল। আধুনিক বিপ্লৱীসত্তাই গীর্জাত শৰণাগত হোৱাতো হজম কৰিবলৈ সকলোৰে বাবে সহজ নাছিল। এলিয়টৰ কাব্য-জীৱনৰ শেষৰ ফালৰ আটাইতকৈ গুৰুত্বপূর্ণ সৃষ্টি ‘Four Quartets’ আকৌ বহুতৰ মতে তেওঁৰ সর্বশ্রেষ্ঠ সৃষ্টি। বেছিভাগ সমালোচকৰ মতে এলিয়টৰ ধার্মিক আৰু দার্শনিক চিন্তা-ভাৱনাৰ সৈতে ভাল পৰিচিতি থকিলেহে ‘Four Quartets’ৰ সোৱাদ পোৱা যায়।

কিন্তু তেওঁৰ ‘The Hippopotamus’ৰ সোৱাদ ল’বলৈ তেওঁৰ ধর্ম, দর্শন বুজাৰ বৰ বেছি প্রয়োজন নাই। এলিয়টৰ ধার্মিক, খ্রীষ্টান মনটোৰ সলনি ইয়াত আমি দেখা পাওঁ গীর্জাক কঠোৰতম সমালোচনা কৰা এক আধুনিক বিপ্লৱী সত্তা। কবিতাটোৰ সৰল অসমীয়া অনুবাদ কৰি চাই দেখিলো তাৰ ব্যংগৰ চোক অসমীয়াতো কোনো গুণে কম নহয়।

লগতে পঢ়ক একেজন লেখকৰ : ‘তিনি পণ্ডিতৰ যাত্রা’ৰে এলিয়টৰ কবিতাত এভুমুকি

সঞ্জীৱ কুমাৰ নাথ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক৷ তেওঁৰ অধ্যয়নৰ ক্ষেত্ৰসমূহ হ’ল কবিতা, আফ্ৰিকীয় সাহিত্য, অনুবাদ অধ্যয়ন, লোকসাহিত্য আৰু পাৰিপাৰ্শ্বিক সমীক্ষা৷