‘তিনি পণ্ডিতৰ যাত্রা’ৰে এলিয়টৰ কবিতাত এভুমুকি

সঞ্জীৱ কুমাৰ নাথ

“আমাৰ বিশ্বাস যে অনুবাদ কৰাৰ প্রয়াসেৰে কবিতা এটাৰ বেছি ওচৰ চাপিব পাৰি। মাতৃভাষাৰ কবিতা এটাও অন্য ভাষালৈ ভাঙনি কৰি চালে সেই একেই কথা : কবিতাটোৰ সৈতে সম্বন্ধ আৰু দৃঢ় হয়, আৰু এক প্রকাৰৰ আনন্দ পোৱা যায়।”

The Journey of the Magi (1927) 
By T S Eliot (26 September 1888-4 January 1965)

"A cold coming we had of it,
Just the worst time of the year
For a journey, and such a long journey:
The ways deep and the weather sharp,
The very dead of winter."
And the camels galled, sore-footed, refractory,
Lying down in the melting snow.
There were times we regretted
The summer palaces on slopes, the terraces,
And the silken girls bringing sherbet.
Then the camel men cursing and grumbling
And running away, and wanting their liquor and women,
And the night-fires going out, and the lack of shelters,
And the cities hostile and the towns unfriendly
And the villages dirty and charging high prices:
A hard time we had of it.
At the end we preferred to travel all night,
Sleeping in snatches,
With the voices singing in our ears, saying
That this was all folly.

Then at dawn we came down to a temperate valley,
Wet, below the snow line, smelling of vegetation;
With a running stream and a water-mill beating the darkness,
And three trees on the low sky,
And an old white horse galloped away in the meadow.
Then we came to a tavern with vine-leaves over the lintel,
Six hands at an open door dicing for pieces of silver,
And feet kicking the empty wine-skins.
But there was no information, and so we continued
And arriving at evening, not a moment too soon
Finding the place; it was (you may say) satisfactory.

All this was a long time ago, I remember,
And I would do it again, but set down
This set down
This: were we led all that way for
Birth or Death? There was a birth, certainly,
We had evidence and no doubt. I had seen birth and death,
But had thought they were different; this Birth was
Hard and bitter agony for us, like Death, our death.
We returned to our places, these Kingdoms,
But no longer at ease here, in the old dispensation,
With an alien people clutching their gods.
I should be glad of another death.



তিনি পণ্ডিতৰ যাত্রা (১৯২৭)
টি এছ এলিয়ট (২৬ ছেপ্তেম্বৰ ১৮৮৮-৪ জানুৱাৰী ১৯৬৫)


“ঠেৰেঙা লগোৱা জাৰ,
বছৰটোৰ আটাইতকৈ বেয়া সময়
যাত্রাৰ বাবে, তাতে ইমান দীঘলীয়া যাত্রা :
বোকা-বৰফত পোত যোৱা বাট আৰু নিষ্ঠুৰ বতৰ,
শীতৰ কঠিনতম সময়৷”
আৰু গলিবলৈ ধৰা বৰফতে শুই পৰা,
খঙাল, ভৰিত ঘা লগা, বশ নমনা উটবোৰ।
মাজে মাজে আমাৰ আক্ষেপ হৈছিল
পাহাৰৰ হেলনীয়াত সেই গ্রীষ্মকালীন প্রাসাদবোৰ, আগচালিবোৰ,
আৰু ৰেচম-পৰিহিত সেই ছৰবত অনা ছোৱালীবোৰ।
তদুপৰি উট-মাউতহঁতৰ গালি-গালাজ, ভোৰভোৰণি,
আৰু নাৰী আৰু সুৰা বিচাৰি সিহঁতৰ পলায়ন,
আৰু নিশা আমাৰ জুই নির্বাপিত হৈ পৰা, আৰু আশ্রয়হীনতা,
আৰু অসভ্য নগৰবোৰ আৰু গোঙোৰা চহৰবোৰ
আৰু লেতেৰা গাঁওবোৰৰ চৰা দামৰ আশ্রয়: 
বৰ কষ্ট হৈছিল আমাৰ।
অৱশেষত আমি ৰাতি ৰাতিয়েই যাবলৈ ধৰিলোঁ,
মাজে-মধ্যে টোপনিয়াই,
কাণত আমাৰ বাজিছিল সেই বাণী,
যে এই সমস্ত প্রপঞ্চ কেৱল ভ্রান্তি।

পিছত কাহিলি পুৱাতে আমি নামি গ’লোঁ এক নাতিশীতোষ্ণ সমতল উপত্যকালৈ,
বৰষুণে কোবোৱা, বৰফৰ প্রকোপৰ পৰা দূৰত, তৰু-তৃণৰ গোন্ধেৰে সমৃদ্ধ।
এটি বোঁৱতী জুৰি আৰু এটা জল-যন্ত্র দেখা পালোঁ ছয়াময়া আন্ধাৰ-পোহৰত,
আৰু দূৰ দিগন্তত তিনিজোপা গছ,
আৰু এটা বুঢ়া বগা ঘোঁৰাই দৌৰ ধৰিছিল পথাৰখনত।
তাৰ পিছত আমি পালোঁগৈ এক মদৰ দোকান য’ত দুৱাৰৰ ওপৰত আছিল দ্রাক্ষালতাৰ পাত,
এখন খোলা দুৱাৰেৰে দেখিলোঁ ছখন হাত,
ব্যস্ত ৰূপৰ মুদ্রাৰ বাবে পাশা মৰাত,
আৰু খালি হৈ পৰা মদৰ চামৰাৰ মোনাত মদাহীৰ ভৰিৰ গোৰ।
কিন্তু নাপালোঁ তাতো কোনো খবৰ, গতিকে আমি অব্যাহত ৰাখিলোঁ সেই যাত্রা
আৰু সন্ধিয়া, পলমকৈ হ’লেও ঠাইখন পালোঁগৈ; ক’ব পাৰি যে আমি সন্তুষ্ট হৈছিলোঁ।

এয়া আছিল অনেক দিন আগৰ কথা, মোৰ মনত পৰে,
আৰু সেই কষ্টকৰ যাত্রা পুনৰ কৰিবলৈও মই কুণ্ঠাবোধ নকৰিম, 
কিন্তু এইটো কথা লিখাচোন, 
এইটো কথা লিখা: 
আমাক ইমান দূৰ বাট দেখুৱাই কিয় নিয়া হৈছিল? জন্মৰ বাবে নে মৃত্যুৰ বাবে?
জন্ম যে হৈছিল, সেয়া নিশ্চিত,
প্রমাণ পাইছিলোঁ, কোনো সন্দেহ নাই। জন্ম আৰু মৃত্যু মই আগেয়ে দেখিছিলোঁ,
কিন্তু দুয়োটা পৃথক বস্তু বুলি ভাবিছিলোঁ; এই জন্ম আছিল
অতি কঠোৰ, তিক্ততাপূর্ণ, কষ্টকৰ : মৃত্যুৰ দৰে, আমাৰ মৃত্যুৰ দৰে।
উভতিলোঁ আমি আমাৰ নিজৰ ঠাই, এই দেশবোৰলৈ,
কিন্তু ইয়াৰ পুৰণি ধর্মীয় ৰীতি-নীতিত আমি আৰু শান্তি নাপালোঁ,
অচিনাকি হৈ পৰা মানুহবোৰে খামুচি ধৰি আছে সিহঁতৰ সেই দেৱতাবোৰ।
অন্য এক মৃত্যুৰ অপেক্ষাত এতিয়া মই!

তিনি পণ্ডিতৰ যাত্রা বিষয়ে:

কুৰি শতিকাৰ প্রথমার্ধত ইংৰাজী সাহিত্যৰ ক্ষেত্রখনত প্রায় একছত্রী সম্রাট হৈ পৰা টি এছ এলিয়ট(১৮৮৮-১৯৬৫)ৰ বিখ্যাত কবিতা ‘The Waste Land’ প্রকাশ হৈছিল এশ বছৰ আগতে, ১৯২২ চনত। এতিয়াও সেই কবিতাই বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ পাঠ্যক্রমত ঠাই পাই আছে, এতিয়াও এলিয়টৰ কবিতা আৰু সমালোচনাৰ অধ্যয়ন, আলোচনা হৈয়েই আছে। কিন্তু সাধাৰণতে এটা ধাৰণা আছে যে এলিয়টৰ কবিতাবোৰ দুর্বোধ্য, যে সাধাৰণ মানুহে সেইবোৰৰ ওচৰ নচপাই ভাল। এই ধাৰণাটো সম্পূর্ণ শুদ্ধ নহয়। এলিয়টৰ কিছুমান কবিতাৰ বিদ্যায়তনিক অধ্যয়নৰ বাবে কিছু কষ্ট কৰিবলগীয়া হয়, তাত সন্দেহ নাই, কিন্তু এনেকুৱা উদাহৰণো আছে যে তেওঁৰ ‘Ash Wednesday’ৰ দৰে ‘কঠিন’ কবিতা ড্রাগ ডিএডিকশন কেন্দ্রত ৰোগীসকলক শুনোৱা হৈছে, আৰু কোনো বিদ্যায়তনিক পাৰদর্শিতা নথকা সেই ৰোগীসকলে কবিতাটো শুনি আনন্দিত হৈছে, উপকৃত হৈছে। অৱশ্যে সেই ধৰণে কবিতাক চিকিৎসাত ব্যৱহাৰ কৰিব পৰা বিষয়ে ইয়াত আলোচনা কৰিবলৈ লোৱা নাই। ইয়াত মাত্র এটা কবিতাৰ উদাহৰণেৰে এলিয়টৰ কবিতাৰ সোৱাদ কেনেকুৱা সেয়া আলোচনা কৰা হ’ব, আৰু আলোচনাত কবিতাটোৰ সাধাৰণ ভাবে কৰা অসমীয়া অনুবাদৰ ব্যৱহাৰ কৰা হ’ব।

টি এছ এলিয়ট

কবিতাটো হ’ল এলিয়টে ১৯২৭ চনত প্রকাশ কৰা ‘Journey of the Magi’ (আৰু আমি কৰা তাৰ অসমীয়া অনুবাদৰ শিৰোনাম ‘তিনি পণ্ডিতৰ যাত্রা’)। মূল ইংৰাজী কবিতাটো প্রকাশ হোৱা বছৰতেই, অর্থাৎ ১৯২৭ চনত এলিয়টে তেওঁৰ পৰিয়ালৰ Unitarianism ধর্ম এৰি ইংলেণ্ডত Anglo-Catholic ধর্মত দীক্ষিত হয়, আৰু এই দুটা ঘটনাৰ সম্বন্ধ কেৱল কাকতালীয় নহয়। এলিয়টৰ ককাক উইলিয়াম গ্রীনলীফ এলিয়ট আছিল আমেৰিকাৰ ইউনিটেৰিয়ান গীর্জাৰ এজন দিগ্গজ নেতা, আৰু তেওঁৰ মুখৰ কথাই এলিয়ট পৰিয়ালৰ আইন আছিল। পিছৰ জীৱনত এলিয়টে কৈছিল যে তেওঁৰ ককাকে কবৰৰপৰাও এলিয়ট পৰিয়ালৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণ কৰিছিল। ইউনিটেৰিয়ান খ্রীষ্টানসকলৰ বাবে বিশ্বাসতকৈ যুক্তি বেছি গুৰুত্বপূর্ণ, আৰু তেওঁলোকে সামাজিক কাম-কাজত খুব বেছি গুৰুত্ব দিয়ে। এই যুক্তি-সর্বস্ব, সমাজসেৱাত গুৰুত্ব দিয়া ধর্মই কিন্তু সকলো মানুহক সন্তুষ্ট কৰিব নোৱাৰে, কাৰণ ইউনিটেৰিয়ান গীর্জাত প্রার্থনা, উপাসনা আদিৰ স্থান গৌণ।

উপাসনা কৰা, প্রার্থনা কৰা অন্ততঃ কিছুমান মানুহৰ সহজ বৃত্তিৰ দৰে। কাৰেন আর্মষ্ট্ৰঙে তেওঁৰ A History of God নামৰ গ্রন্থত এটা কাহিনী কৈছে: দ্বিতীয় বিশ্বযুদ্ধত ইহুদীসকলৰ বিনাশ হোৱাৰ অন্তত কেইজনমান ইহুদী ধর্মগুৰুৱে তেওঁলোকৰ ঈশ্বৰৰ বিৰুদ্ধে গোচৰ তৰিলে। তেওঁলোকক কিয় তেওঁলোকৰ ঈশ্বৰে ৰক্ষা নকৰিলে? কিয় তেওঁলোকক হিটলাৰৰ অত্যাচাৰৰপৰা, গেছ চেম্বাৰৰপৰা নবচালে? তেওঁলোকেতো ঈশ্বৰৰ আৰাধনা ঠিকেই কৰি আহিছে! সেই বিচাৰত ভাগ লোৱা ধর্ম গুৰুসকলৰ যুক্তি-তর্ক শুনাৰ পিছত বিচাৰপতি ধর্ম গুৰুজনে শেষত নিজৰ ৰায় দিলে। তেওঁ ক’লে যে “আমাৰ বাবে আমাৰ ঈশ্বৰ এতিয়া নাই। তেওঁ মৃত। পিছে এতিয়া সন্ধিয়াৰ প্রার্থনাৰ সময় হ’ল, প্রার্থনাৰ বাবে যাওঁহক, ব’লক”।

এলিয়টৰ জীৱনী অধ্যয়ন কৰিলে ভাব হয় যে তেওঁৰ ভিতৰতো উপাসনা কৰাৰ, প্রার্থনা কৰাৰ হাবিয়াস থকা ধর্ম-বিশ্বাসী এজন আছিল। তেওঁৰ পৰিয়ালৰ ধর্মই কিন্তু তেওঁৰ অন্তৰৰ সেই হাবিয়াস পুৰণ হ’বলৈ বিশেষ সহায় কৰা নাছিল, আৰু সেই বাবেই, অৱশেষত ১৯২৭ চনত তেওঁ ধর্ম সলনি কৰে। ‘তিনি পণ্ডিতৰ যাত্রা’ই ধর্ম সলনি কৰা অভিজ্ঞতা যে সহজ নহয়—অন্ততঃ এলিয়টৰ দৰে ধর্মক অতি গুৰুত্ব সহকাৰে লোৱা মানুহৰ বাবে—সেই কথাকে নাটকীয় ভাবে দেখুৱাইছে। কবিতাটোৰ আমি কৰা অসমীয়া অনুবাদটো নিখুঁত নহয়, আৰু বোধকৰো সম্পূর্ণ নিখুঁত অনুবাদ সম্ভৱো নহয়, কিন্তু সাধাৰণভাবে এই অনুবাদেৰে কবিতাটোৰ ভাব হৃদয়ঙ্গম কৰিব পাৰি। 

বাইবেলত থকা যীশুৰ জন্মৰ কাহিনীত আছে যে প্রাচ্যৰ তিনিজন পণ্ডিতে আকাশত ওলোৱা এটা বিশেষ তৰা দেখি বুজিছিল যে সেই তৰাৰ তলতে কোনো ঠাইত ত্রাণকৰ্তা যীশুৰ জন্ম হৈছে। তেওঁলোকে শিশু যীশুক সন্মান জনাবৰ বাবে, আৰু কেইটামান বিশেষ উপহাৰ দিবৰ বাবে নিজৰ ঠাইৰ পৰা দীঘলীয়া যাত্রা কৰি গৈ কণমাণি যীশুক দেখা কৰিছিল। এলিয়টে বিভিন্ন ঠাইত প্রশংসা কৰা তেওঁৰ এজন প্রিয় ধর্মগুৰু বিশ্বপ লান্সলট এন্দ্র্যুজে (১৫৫৫-১৬২৬) ৰজা জেইমছ(প্রথম)ৰ সমুখত ১৬২২ চনৰ বৰদিনৰ প্রার্থনা সভাত এই তিনি পণ্ডিতৰ যাত্রাৰ কষ্টৰ কথা কৈছিল এইদৰে: “A cold coming they had of it at this time of year, just the worst time of year to take a journey, and especially a long journey in. The ways deep, the weather sharp, the days short, the sun farthest off in solstitio brumadi, ‘the very dead of winter’ ”। এন্দ্র্যুজৰ শব্দখিনিৰ নাম মাত্র সালসলনি কৰি এলিয়টে কবিতাটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিছে, আৰু এই কথাখিনি ঊৰ্ধ্বকমাৰ মাজত ৰাখি এলিয়টে জানিবলৈ দিছে যে তেওঁ আনৰ শব্দ ব্যৱহাৰ কৰি কবিতাটোৰ আৰম্ভণি কৰিছে। এই কবিতা লিখাৰ সাত বছৰ আগতে, ১৯২০ চনতে এলিয়টে তেওঁৰ ‘Philip Massinger’ নামৰ ৰচনাত কৈছে যে “অপৰিপক্ব কবিয়ে আনৰ অনুকৰণ কৰে, পৰিপক্ব কবিয়ে চুৰি কৰে” (Immature poets imitate; mature poets steal)। ১৯২১ চনত লিখা তেওঁৰ ৰচনা ‘The Metaphysical Poets’ৰ এঠাইত এলিয়টে কবিৰ মনে কিদৰে কাম কৰে সেই বিষয়ে কৈছে। তেওঁৰ মতে সাধাৰণ মানুহতকৈ কবিৰ পার্থক্য এইখিনিতে যে সাধাৰণ মানুহে নিজৰ অভিজ্ঞতাখিনিৰ কোনো বিশেষ ব্যৱহাৰ নকৰে, কিন্তু কবিৰ যিকোনো অভিজ্ঞতাই কাব্যৰূপ ল’ব পাৰে, তেওঁৰ মনত বিভিন্ন অভিজ্ঞতা সানমিহলি হৈ, সলনি হৈ, কাব্যলৈ ৰূপান্তৰিত হয়। ‘তিনি পণ্ডিতৰ যাত্রা’ৰ আৰম্ভণিত এলিয়টে কিদৰে এন্দ্র্যুজৰ শব্দ ‘চুৰি’ কৰিছে সেইটো লক্ষ্য কৰিলে এটা কথা স্পষ্ট হয় যে এলিয়টে বিশ্বপ লান্সলট এন্দ্র্যুজৰ ধর্মোপদেশটো পঢ়োঁতে তাত তেওঁ কবিতাৰ সম্ভাৱনা দেখা পাইছিল।

বিশ্বপ এন্দ্র্যুজে সেইদিনা ৰজাৰ সমুখত দিয়া ধর্মোপদেশত নৱজাত যীশুক শ্রদ্ধা নিবেদন কৰিবলৈ অহা তিনি পণ্ডিতৰ যাত্রাৰ কষ্টৰ কথা কৈছিল, আৰু এলিয়টেও তেওঁৰ কবিতাত সেই কষ্টৰ বর্ণনাত বিশেষ গুৰুত্ব দিছে। শীতৰ প্রকোপ, সহজে আদেশ নমনা উটবোৰ, উট মাউতবোৰৰ অসভ্য মাত-কথা আৰু আচৰণৰ উপৰি তেওঁলোকে পাৰ হৈ যোৱা ঠাইবোৰত লগ পোৱা ভোগ-বাসনা, বেপাৰ আদিত ব্যস্ত মানুহৰ সঙ্গ—এনে অনেক কথাৰ বর্ণনাৰে এলিয়টে পণ্ডিত তিনিজনৰ শাৰীৰিক আৰু মানসিক যন্ত্রণাৰ নাটকীয় ৰূপ দিছে। ছন্দৰ সহায়েৰে আৰু শব্দৰ পুনৰাবৃত্তিৰ অতি কৌশলী ব্যৱহাৰৰ দ্বাৰা এলিয়টে তিনি পণ্ডিতৰ যন্ত্রণাৰ নাটকীয় ৰূপ অধিক আকর্ষণীয় কৰি তুলিছে। কেৱল এটা সৰু শব্দ ‘and’ৰ পুনৰাবৃত্তিয়ে তিনি পণ্ডিতৰ মনৰ বিৰক্তিৰ ভাব অতি সুন্দৰকৈ প্রকাশ কৰিছে:

And the silken girls bringing sherbet.
Then the camel men cursing and grumbling
And running away, and wanting their liquor and women,
And the night-fires going out, and the lack of shelters,
And the cities hostile and the towns unfriendly
And the villages dirty and charging high prices:
A hard time we had of it.

আৰু ৰেচম-পৰিহিত সেই ছৰবত অনা ছোৱালীবোৰ।
তদুপৰি উট-মাউতহঁতৰ গালি-গালাজ আৰু ভোৰভোৰণি,
আৰু সুৰা আৰু নাৰী বিচাৰি সিহঁতৰ পলায়ন,
আৰু আমাৰ নিশাৰ জুই নির্বাপিত হৈ পৰা, আৰু আশ্রয়হীনতা,
আৰু অসভ্য নগৰবোৰ আৰু গোঙোৰা চহৰবোৰ
আৰু লেতেৰা আৰু অধিক দাম বিচৰা গাঁওবোৰ: 
বৰ কষ্ট হৈছিল আমাৰ।

এইকেইটা শাৰীত এলিয়টে এঘাৰ বাৰ ‘and’ শব্দটো ব্যৱহাৰ কৰাৰ দৰে অসমীয়া অনুবাদতো দহবাৰ ‘আৰু’ শব্দটো ব্যৱহাৰ কৰি আৰু কিছু পৰিমাণে ছন্দৰ মিল ৰাখি আমি কৰা দৰে অসমীয়া অনুবাদ কৰিব পাৰি। এনে অনুবাদে মূল ইংৰাজীৰ ছন্দ আৰু পুনৰাবৃত্তিৰ কৌশল কিছু পৰিমাণে হ’লেও ধৰি ৰাখিবলৈ চেষ্টা কৰি অলপ হ’লেও এলিয়টৰ মূল কবিতাটোৰ সোৱাদ অসমীয়া পঢ়ুৱৈক দিব পাৰে। কিন্তু এই ধৰণে অনুবাদ নকৰি, অর্থাৎ মূল ইংৰাজী কবিতৰ ছন্দ আৰু পুনৰাবৃত্তিৰ কৌশল অনুকৰণ কৰিবলৈ যত্ন নকৰি কবিতাটোৰ শব্দ, ছন্দ আদি অধিক ‘অসমীয়া’ কৰি অনুবাদ কৰাও সম্ভৱ। যিকোনো অনুবাদেই এইদৰে উৎস ভাষাৰ বেছি ওচৰ চাপিব পাৰে বা লক্ষ্য ভাষাৰ বেছি ওচৰ চাপিব পাৰে। ঠিক কি ধৰণৰ অনুবাদ বেছি গ্রহণযোগ্য হ’ব সেয়া বোধকৰোঁ পৰিৱেশ-পৰিস্থিতি লৈ বেলেগ বেলেগ হ’ব পাৰে। 

কিন্তু এলিয়টৰ এই কবিতাৰ অনুবাদ আমি কোনো বিদ্যায়তনিক প্রয়োজনীয়তা আগত লৈ কৰা নাই, মাত্র কবিতাটো পঢ়াৰ আনন্দৰ এটা অংশ হিচাপেহে তাৰ অনুবাদ কৰা হ’ল। আমাৰ বিশ্বাস যে অনুবাদ কৰাৰ প্রয়াসেৰে কবিতা এটাৰ বেছি ওচৰ চাপিব পাৰি। মাতৃভাষাৰ কবিতা এটাও অন্য ভাষালৈ ভাঙনি কৰি চালে সেই একেই কথা : কবিতাটোৰ সৈতে সম্বন্ধ আৰু দৃঢ় হয়, আৰু এক প্রকাৰৰ আনন্দ পোৱা যায়। টি এছ এলিয়টেই কৈছিল যে কবিতা হ’ল এক “উচ্চখাপৰ মনোৰঞ্জন” (“superior amusement”), আৰু কবিতাৰ অনুবাদ-কর্মতো যে সেই মনোৰঞ্জন আছে, সেয়া অনুবাদকসকলে নিশ্চয় জানে। অনুবাদ কৰা মুঠেই সহজ কাম নহয়, কিন্তু পর্বতাৰোহীয়ে যিদৰে কঠিন কাম কৰি আনন্দ পায়, অনুবাদকেও সেইদৰে কঠিন কাম কৰাৰ আনন্দ পায়। আনন্দ পাবলৈ হ’লে কিছু পৰিমাণৰ কষ্টৰ মুখামুখি হ’ব লাগিব—সেইটোৱেই নিয়ম, সাধাৰণ খেল-ধেমালিতে হওক বা সাহিত্য-সৃষ্টি বা অনুবাদ-সৃষ্টিতেই হওক, বা বিজ্ঞানৰ পৰীক্ষাগাৰতেই হওক।

এলিয়টৰ কবিতাটো সাধাৰণতে তিনিটা পৰিচ্ছেদত ছপা কৰা হয় : প্রথম শাৰীৰ পৰা “That this was all folly.”লৈ। (আমাৰ অনুবাদত “যে এই সমস্ত প্রপঞ্চ কেৱল ভ্রান্তি”লৈ।) এই প্রথম পৰিচ্ছেদত কথকে সেই যাত্রাত পোৱা বিভিন্ন আধিভৌতিক, আধিদৈৱিক, আধ্যাত্মিক কষ্টৰ বর্ণনা কৰি সেই অভিজ্ঞতাৰ তিক্ততাৰ কথা সুঁৱৰিছে। দ্বিতীয় পৰিচ্ছেদ আৰম্ভ হয় “Then at dawn we came down to a temperate valley,”ৰ পৰা (আমাৰ অনুবাদত “পিছত কাহিলি পুৱাতে আমি নামি গ’লোঁ এক নাতিশীতোষ্ণ সমতল উপত্যকালৈ,”ৰ পৰা) আৰু শেষ হয় “Finding the place; it was (you may say) satisfactory.”ত (আমাৰ অনুবাদত “আৰু সন্ধিয়া, পলমকৈ হ’লেও ঠাইখন পালোঁগৈ; ক’ব পাৰি যে আমি সন্তুষ্ট হৈছিলোঁ।”ত)। এই পৰিচ্ছেদত বর্ণিত কিছুমান দৃশ্যাংশই যীশুৰ হ’বলগীয়া মৃত্যুৰ কথা সোঁৱৰাইছে। নৱজাতক যীশুৰ কথা ক’বলৈ যাওঁতে যীশুৰ মৃত্যুৰ কথাও টানি আনি কবিয়ে যি ধৰণৰ বৈপৰীত্যৰ সহাৱস্থান ঘটাইছে, সেয়া এলিয়টৰ (আৰু আধুনিক ইউৰোপীয় সাহিত্যৰ) কবিতাৰ এটা বিশেষ বৈশিষ্ট্য। তিনি পণ্ডিতে “দূৰ দিগন্তত তিনিজোপা গছ” দেখা পোৱাৰ পৰা পঢ়ুৱৈৰ মনলৈ আহিব জেৰুছালেমৰ বাহিৰৰ গ’লগাটা নামৰ ঠাইৰ সেই দৃশ্য—তিনিটা ক্রুছৰ মাজৰটোত ঈশ্বৰ পুত্র যীশু আৰু কাষৰ দুটাত দুটা চোৰক ক্রুছবিদ্ধ কৰা হৈছিল। কবিতাৰ কথকে কৈছে নৱজাত যীশুক চাবলৈ যোৱাৰ অভিজ্ঞতাৰ কথা, কিন্তু তেওঁৰ বর্ণনাই পাঠকৰ মনলৈ আনি দিছে প্রভু যীশুক ক্রুছবিদ্ধ কৰা দৃশ্য। এয়া মাত্র এটা উদাহৰণ। (যীশুৰ বিশ্বাসঘাতক জুদাছলৈ মনত পেলায় ‘ৰূপৰ মূদ্রা’ৰ বাবে পাশা মৰা হাত আৰু মদৰ দোকানৰ পৰিৱেশে, পথাৰত দৌৰ দিয়া বগা ঘোঁৰাটোৱে মনত পেলায় যীশুলৈ…) এনে অনেক বৈপৰীত্যৰ সহাৱস্থানে সৃষ্টি কৰা দ্ব্যর্থতাই আকৌ পঢ়ুৱৈক তিনি পণ্ডিতৰ মনৰ উগুলথুগুল অৱস্থাৰ উমান দিয়ে, আৰু অর্থক লৈ হোৱা এই আটাইবোৰ খেলাৰ পৰা প্রকাৰন্তে বুজা যায় ধর্ম সলনি কৰা কবিৰ মনৰ অৱস্থা। ইউনেটেৰিয়ান গীর্জাৰ অতি সন্মানীয়, প্রতিষ্ঠিত পৰিয়ালৰ সদস্য, উইলিয়াম গ্রীনলীফ এলিয়ট হেন ব্যক্তিৰ নাতি এলিয়টে ইউনিটেৰিয়ানিজম ত্যাগ কৰা সহজ নাছিল। এই বিষয়ে তেওঁৰ মনত সৃষ্টি হোৱা দ্বন্দ্ব, সংঘাতৰ কোনো তথ্য আমাৰ হাতত নাই, কিন্তু তেওঁৰ ধর্মান্তৰৰ বছৰতে লিখা এই কবিতাই যেন এই বিষয়ে বহুত কথাই কয়। কবিতাটোৰ তৃতীয় আৰু শেষ পৰিচ্ছেদত কথকে যে এই যাত্রা শেষ হোৱাৰ বহুত দিনৰ পিছত কাৰোবাক এই যাত্রাৰ কাহিনী কৈছে—লিখি ৰাখিবলৈ— সেয়া স্পষ্ট হৈছে: “এয়া আছিল অনেক দিন আগৰ কথা, মোৰ মনত পৰে…”। আৰু এই অন্তিম পৰিচ্ছেদত কথকৰ মনৰ ভিতৰৰ দ্বন্দ্ব অতি স্পষ্টকৈ ধৰা পৰিছে, আৰু পুনৰ এলিয়টে পুনৰুক্তিৰ মনোৰম ব্যৱহাৰেৰে কথকৰ মনৰ দ্বিধা দর্শাইছে :

…but set down
This set down
This: were we led all that way for
Birth or Death? There was a birth, certainly,
We had evidence and no doubt. I had seen birth and death,
But had thought they were different; this Birth was
Hard and bitter agony for us, like Death, our death.

তেওঁ কৈ যোৱা কথা লিখি যোৱা মানুহজনক পণ্ডিতে হঠাৎ জোৰ দি কৈছে যে এই কথাটো লিখিবলৈ নাপাহৰিবা :

কিন্তু এইটো কথা লিখাচোন, 
এইটো কথা লিখা: 
আমাক ইমান দূৰ বাট দেখুৱাই কিয় নিয়া হৈছিল? জন্মৰ বাবে নে মৃত্যুৰ বাবে?
জন্ম যে হৈছিল, সেয়া নিশ্চিত,
আমি প্রমাণ পাইছিলোঁ, কোনো সন্দেহ নাই। জন্ম আৰু মৃত্যু মই আগেয়ে দেখিছিলোঁ,
কিন্তু দুয়োটা পৃথক বস্তু বুলি ভাবিছিলোঁ; এই জন্ম আছিল
অতি কঠোৰ, তিক্ততাপূর্ণ, কষ্টকৰ : মৃত্যুৰ দৰে, আমাৰ মৃত্যু।

জন্ম আৰু মৃত্যুক এইদৰে সানমিহলি কৰি এলিয়টে তিনি পণ্ডিতৰ মনৰ অৱস্থাৰ কথা কৈছে, কিন্তু আওপকীয়াকৈ সেয়া তেওঁৰ নিজৰে মনৰ দ্বিধাৰ বর্ণনা। এয়া অবিশ্বাসীয়ে বিশ্বাসলৈ গতি কৰা যাত্রাৰ বর্ণনা নহয়, এয়া এটা ধর্ম বিশ্বাসত মজি থকা মানুহে সেই ধর্ম এৰি অন্য এটালৈ গতি কৰোঁতে হোৱা মনোকষ্টৰ বর্ণনা। তিনি পণ্ডিতে তেওঁলোকৰ ঠাইৰ পুৰণি, মূৰ্তি পূজাৰ পয়োভৰ থকা ধর্ম (“কিন্তু ইয়াৰ পুৰণি ধর্মীয় ৰীতি-নীতিত আমি আৰু শান্তি নাপালোঁ,/অচিনাকি হৈ পৰা মানুহবোৰে খামুচি ধৰি আছে সিহঁতৰ সেই দেৱতাবোৰ।”) এৰি যীশুক মানিবলৈ বাধ্য, কাৰণ তেওঁলোকে বুজি পাইছে যে যীশুৱেই সেই মছিহা যাৰ আগমনৰ কথা তেওঁলোকৰ শাস্ত্রই কয়, কিন্তু সদায় মানি অহা ধর্ম এৰি নতুন ধর্ম গ্রহণ কৰা যে সহজ নহয়। এলিয়টৰ মূৰত পবিত্র জল ঢালি তেওঁক এংলো কেথলিক গীর্জাই আদৰি ল’লে, কিন্তু ককাদেউতাকৰ ধর্ম এৰি অহা তেওঁৰ বাবেও আছিল দুৰূহ। কবিতাৰ মাধ্যমেৰে এলিয়টে এই মনোকষ্টৰ অতি সুন্দৰ নাটকীয় ৰূপ দিছে। এলিয়টৰ কবিতা বুজিবলৈ কঠিন বুলি ওচৰ নচপাতকৈ ১৯২৭ চনৰ পৰা একেৰাহে কেইবছৰ মান তেওঁ লিখা Ariel Poems (বিশেষকৈ ‘Journey of the Magi’, ‘Song for Simeon’, আৰু ‘Marina’)ৰে এলিয়টৰ কবিতাত ভুমুকি মাৰি আনন্দিত আৰু লাভান্বিত হ’ব পাৰি, আৰু পঢ়ি থকা কবিতাটো মাতৃভাষালৈ ভাঙনি কৰি চালে সেই আনন্দ দুগুণ হ’ব।

সঞ্জীৱ কুমাৰ নাথ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক৷ তেওঁৰ অধ্যয়নৰ ক্ষেত্ৰসমূহ হ’ল কবিতা, আফ্ৰিকীয় সাহিত্য, অনুবাদ অধ্যয়ন, লোকসাহিত্য আৰু পাৰিপাৰ্শ্বিক সমীক্ষা৷