মৃত সপোনৰ ঘৰ মোৰ প্ৰাত্যহিক অহা যোৱা বাটৰ কাষতে মৃতকসকল শোৱে আহোঁতে যাওঁতে কেতিয়াবা অশৰীৰি অস্তিত্ব এটাই মোৰ বাট আগচি ধৰি এখন দাপোণ তুলি ধৰে দাপোণৰ সিপাৰে সিঁচৰতি হৈ পৰি থকা বিধ্বস্ত সপোন এটা কিজানিবা সচকিত হৈ উঠে
খিৰিকীমুখৰ আকাশ মোৰ খিৰিকীৰে বাহিৰলৈ চাই তুমি ক’লা ইমান সীমাৱদ্ধ তোমাৰ আকাশ তুমি নুবুজিবা মুকলি আকাশৰ বিশালতাই মোক সংকীৰ্ণ কৰে খিৰিকীমূখৰ আকাশখনেই ভাল আন্ধাৰে পোহৰে মোৰ স’তে থাকে
দাপোনখন মাজে মাজে আমিও নিজক দেখোঁ , দাপোনত দেখোঁ সকলো পুৰি ছাই কৰা সেই একেকুৱা জুই ..
৷ বিশালতাক পৰিত্যাগ নকৰি কোনোবা সীমনাত খোপনি পুতি ৰ’ব পৰাটোৱেই সুখী জীৱন ৷