ৰাজীৱ বৰুৱাৰ কবিতা

Issue: Vol. V, No. 1, May-July, 2026

জেব্রা ভাবনা

বান্ধি থোৱা ছাগলীজনীৰ দৰে
বেবাই থকা এটা দিন

মহানাগৰিকৰ এটা পৰিচিত ট্রেফিক জেম
বাইকত উঠি উৰি ফুৰিছে পিজ্জা

ট্রেফিকে ঠাণ্ডা কৰিব নেকি
আজি আইনুলৰ ধান্দা

তাতে অৱৰুদ্ধ মোৰ জেব্রা ভাবনা…


মাৰাডোনাৰ বাবে

সমতল পাহৰি দুই ভৰিৰ লীলা সামৰি
ওপৰলৈ উজাই আহি
নিগাজিকৈ বহি ৰ’ল ফুটবল
আমি হাত-চাপৰিও বজাব নোৱাৰিলোঁ
ৰেফাৰীয়ে হুইচেল বজাবলৈ পাহৰি গ’ল

কি মনোৰম আছিল সেই দৃশ্য
বহল সেউজীয়াত দুই ভৰিৰ মাজত
উদয় হোৱা টাইগাৰ হিলছৰ বেলি

দৰ্শকৰ অবিৰাম হাত-চাপৰি আৰু
কিৰীলি মাৰ নৌযাওঁতেই
অকালতে অদৃশ্য হ’ল ঘর্মাক্ত বেলি
যেন এটা আত্মঘাতী গ’ল

বুৰ গ’ল—
বুৰ গ’ল—

দুফাল কৰি শূন্যতাৰ চাৰি বেৰ
বতাহৰ হাড় ফালি কোনে আকৌ ভেদ কৰিব
দুই খুঁটাৰ দিগন্ত
ভীমকলৰ বাকলিৰ দৰে শুকাই যোৱা
বুট জোতাযোৰ দেখি কোনে আশা কৰিব
আৰু এটা গ’ল হ’ব

An English translation of the poems.