Issue: Vol. V, No. 1, May-July, 2026
প্ৰেম শিশুৰ দৰে
তেওঁ ক’বলৈহে পালে প্ৰেম শিশুৰ দৰে
লগে লগে প্ৰেম এটি শিশু হৈ গ’ল
দুয়োজনে দাঙি নি
ডাৱৰৰ ওপৰত বহুৱাই দিলে
আৰু ডাৱৰবোৰ
নীলা আকাশৰ বুকুত
কমোৱা তুলা হৈ
উপঙি বৈ গৈ থাকিল
শিশুটিৰ ইমান আনন্দ;
ৰৈ ৰৈ ৰিঙিয়াই
কলকলাই কৈ যায়
প্ৰেমৰ বিশালতা
সাত সাগৰৰ সমান!
হিচাপ-নিকাচ
জীৱনে মেলি দিলে হাত
হাতে হাত ধৰি মাথোঁ আগুৱালোঁ
চৌপাশে এবাৰ চকু ফুৰালোঁ
জিঞা আৰু পখিলা খেদিলোঁ
ৰং ৰূপ পোহৰৰ জিলমিল
হাঁহিৰ খলকনি মন থৌকিবাথৌ
ৰঙৰ সঁফুৰা তুমি ৰং বুটলোঁ
জীৱন আগবাঢ়ে লগতে আগুৱাওঁ
চঞ্চলতা চপলতাই লগ দিয়েহি
মন উতলা উন্মনা
অকৃপণে জীৱন জীবলৈ দিয়া
উলাহে নধৰে হিয়া
দুহাতেৰে লওঁ আঁকোৱালি
বেছি একো বিচৰা নাছিলোঁ
খাই হাবাথুৰি
যোগ্যতা নথকাও নহয়
ভাগ-বতৰাত হ’ব পাৰে খেলিমেলি
হয়তো তোমাৰ গতিবেগত
নিমিলিল ছন্দ আৰু লয়লাস গতি
ৰামধেনুৰ সাত ৰং
নাথাকিল আকাশ সাৱটি
পৰি ৰ’লোঁ পথৰ দাঁতিত
সময়ৰ হীন-ডেঢ়ি
গ্ৰহ-নক্ষত্ৰৰ ওপৰত দোষ জাপি
তোমাক নিস্কলুষ ৰাখি
ৰৈ গ’লোঁ ভাগ্যক ধিয়াই।