চেনীৰাম গগৈ
Issue: Vol. V, No. 1, May-July, 2026

অসমীয়া মানুহৰ জীৱন আৰু সাহিত্যক দীৰ্ঘকালৰ বাবে প্ৰভাৱিত কৰি ৰখা প্ৰাতঃস্মৰণীয় সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিক দেখা কৰাৰ মানসেৰে এদিন আমাৰ অসম কাকতৰ কাৰ্যালয়লৈ গৈছিলোঁ। লগত আছিল মোৰ সহকৰ্মী বেংক-বিষয়া চিলাপথাৰৰ খৰ্গেশ্বৰ টায়ে। কাৰ্যালয়ত কথা-বতৰা পাতি থাকোঁতে হোমেন বৰগোহাঞিয়ে মোক বোকাখাতৰ কবি-নাট্যকাৰ-পৰিচালক ৰফিকুল হোছেইনৰ শেহতীয়া খবৰ কি সুধিলে আৰু তেৱেঁই এক মন্তব্যৰে বিষয়টো সামৰিলে, ”ৰফিকুলে গৈ থৈ নাটকৰ সৈতেই বিয়া পাতিলে। তেওঁ এজন ভাল কবি।” স্মৰ্তব্য যে হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা বিখ্যাত কাকত সাপ্তাহিক নীলাচলত ৰফিকুলে লিখা কেইটামান কবিতাই সেই সময়ত পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
নাটক আৰু কবিতা, বামপন্থী-প্ৰগতিশীল চিন্তা, সাধাৰণ চাল-চলনেৰে অসমৰ দিহিঙে-দিপাঙে ঘূৰি ফুৰা এইজন ৰফিকুল হোছেইনৰ বিয়োগত শোকাহত হৈ পৰা তেওঁৰ গুণগ্ৰাহী শুভাকাংক্ষীৰ সংখ্যাই দেখুৱায় যে ৰফিকুলে অতদিনে অকলশৰীয়াকৈয়ে তেওঁৰ সপোনৰ সংস্কৃতিৰ চৰ্চাৰে এক নীৰৱ বিপ্লৱ চলাই গৈছিল। উজনি-নামনি, উত্তৰ-দক্ষিণ অসমৰ গাঁৱে-ভূঁইত অৱস্থিত মঞ্চই মঞ্চই তেওঁৰ পৰিচালনাৰে নতুন আংগিকৰ নাটক কৰাইছিল, ন-পুৰণি অভিনেতা-অভিনেত্ৰী, কবি আৰু অন্য সাংস্কৃতিক কৰ্মীসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰি সমাজখনক কিবা এটা দি যোৱাৰ চেষ্টা চলাই গৈছিল। তেওঁৰ এনে ব্যস্ততাৰ কাৰণেই শেষৰ ফালে বোকাখাতৰ ঘৰত প্ৰায়েই লগ পোৱা নগৈছিল। কেতিয়াবা চতিয়া-বিশ্বনাথ-তেজপুৰ-ধেমাজি-লখিমপুৰ, কেতিয়াবা মৰিগাঁও-জাগীৰোড-কাৰবি আংলঙত শিৱিৰ পাতি কাম কৰাৰ খবৰ আহে, কেতিয়াবা আকৌ অকস্মাতে গুচি যায় উজনিৰ ঢলা-শদিয়ালৈ। কেৱল নাটক আৰু কবিতা পাগল এইজন ৰফিকুলে তেওঁৰ প্ৰতিভাৰ পোহৰেৰে পোহৰাই ৰাখিছিল ঐতিহ্যবিজড়িত বোকাখাত নাট্য মন্দিৰৰ মজিয়া, এসময়ত নিজৰ ঘৰৰ বাৰাণ্ডাখনকে কৰি তুলিছিল তৰুণ কবিসকলৰ আড্ডাৰ থলী। তেওঁৰ সংস্পৰ্শ-সান্নিধ্য পোৱা অনেকজনেই পাছলৈ নিজৰ কৰ্মক্ষেত্ৰত জিলিকি উঠিছিল, তেওঁলোকৰ বাবে ৰফিকুল হোছেইন হৈ পৰিছিল মৰমৰ ৰফিকদা আৰু সেয়ে এই নিৰহংকাৰী, মৰমীয়াল মানুহজনৰ মৃত্যুৰ খবৰ আছিল সকলোৰে বাবেই অসহনীয় আৰু অপূৰণীয়।
ৰফিকুল হোছেইনৰ সৈতে মোৰ প্ৰথম পৰিচয় হয় ১৯৮১-৮২ চনত, যেতিয়া মই ওচৰৰে কাজিৰঙাৰ পৰা আহি বোকাখাত কলেজত পঢ়ি আছিলোঁ। সাহিত্যৰ প্ৰতি অলপ ৰাপ থকাৰ কাৰণেই বোকাখাতৰ কবি অজিৎ গগৈয়ে এদিন বোকাখাত টাউনৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা ৰফিকুলৰ ঘৰলৈ মোক লৈ গৈছিল। আগৰ দিনৰ আৰ্হিত সজা এটা পুৰণি ঘৰ, আগফালৰ খুঁটা এটাত বান্ধি সজাই থোৱা আছে ফেৰেঙনি মেলি থকা এটা প্ৰকাণ্ড ম’হৰ শিং। এই ঘৰটোৰেই বাৰাণ্ডাৰ চকী-বেঞ্চত পুৱা অথবা আবেলি আড্ডা মাৰি বহি থাকে বৃহত্তৰ অঞ্চলটোৰ ভালেকেইজন কবি, শিল্পী, নাট্যকাৰ। কবি-নাট্যকাৰ পুলিন শৰ্মা, কবি-সাংবাদিক পুতুল হাজৰিকা, কবি মৃদুল বৰুৱা, অভিনেতা-শিল্পী অৰুণ হাজৰিকা, কবি-ঔপন্যাসিক দিলীপ ফুকন, কবি অজিৎ গগৈ, কবি সুশান্ত শইকীয়া আদি অনেকজনেই ভাগ লৈছিল এই আড্ডাত। ময়ো ইয়াৰ এচুকত বহি লৈ তেওঁলোকৰ ৰসাল কথাবোৰ শুনি শুনি কবিতা, নাটক সম্পৰ্কে বহু নতুন কথা শিকিছিলোঁ। কবিতা যে বৰ সহজেই ৰচনা কৰা বস্তু নহয়, লিখিবলৈ লোৱাৰ আগতে লেখকজন যে কবিতা সম্পৰ্কে বহুখিনি জ্ঞানৰ অধিকাৰী হ’ব লাগে, অধ্যয়নশীল নহ’লে কেৱল যে পনীয়া পদ্যহে লিখিব পাৰি, ইত্যাদি কথাবোৰ ৰফিকুলে প্ৰায়েই কৈছিল। পৃথিৱীৰ আৰু ভাৰতৰ, বিশেষকৈ বাংলা ভাষাৰ নামজ্বলা কবিসকলৰ নাম, খ্যাতি আৰু তেওঁলোকৰ কিতাপবোৰৰ বিষয়ে ৰফিকুলৰ মুখেৰেই প্ৰথম শুনিছিলোঁ।

শংখ ঘোষ, বীৰেন চট্টোপাধ্যায়, নীৰেন চক্ৰৱৰ্তী, লৰকা, নীলমণি, ভবেন বৰুৱা, হীৰেন ভট্টাচাৰ্য প্ৰমুখ্যে অগণন কবিৰ কবিতাৰ পাঠ আৰু তাৰ ঐতিহাসিক প্ৰেক্ষাপটৰ বৰ্ণনা দি কবিতাবোৰৰ নিৰ্মাণ-কৌশলৰ ইংগিতেৰে ৰফিকুলে আমাৰ কৈশোৰ অতিক্ৰান্ত মনবোৰ ভৰাই তুলিছিল। সেই উৎসাহতে আমিও দুই-এটা পদ্য লিখি আড্ডাৰ মাজলৈ আগবঢ়াই নিজকে পৰীক্ষা কৰাৰ সুযোগ লোৱা মনত আছে। পাছলৈ ৰফিকুলে সাহস দিয়াৰ কাৰণেই পান্থপাদপ; আজিৰ কবিতা আৰু কেইবাখনো লিটল মেগাজিনলৈ পদ্যবোৰ পঠিয়াই নিজৰ নামটো ছপা আখৰত দেখাৰ সৌভাগ্য হৈছিল। এনেকৈয়ে আমি অজিৎ গগৈ, মৃদুল বৰুৱা আদি বোকাখতীয়া কবিসকল সমসাময়িক হৈ চৰ্চা অব্যাহত ৰখাৰ সময়তে বৰ্তমান ভাৰতবৰ্ষৰ বিখ্যাত কবি হৈ উঠা আমাতকৈ কনিষ্ঠ জীৱন নৰহৰ আবিৰ্ভাৱ হয় আৰু তেওঁকো মাজে-সময়ে আমাৰ আড্ডালৈ অহা দেখিছিলোঁ। সুখৰ কথা যে বৰ্তমানো বোকাখাতত এচাম নতুন কবি-গল্পকাৰ-ঔপন্যাসিকে সাহিত্য-চৰ্চা কৰি অঞ্চলটোৰ নাম উজ্বলাই ৰাখিছে। এইক্ষেত্ৰত সফল গল্পকাৰ অপু ভৰদ্বাজ, প্ৰতিশ্ৰুতিৰে ভৰপূৰ কবি পল্লৱ হাজৰিকা, অমৰ শৰ্মাৰ আদিৰ নাম ল’ব পাৰি।
বোকাখাত অঞ্চলৰ সাহিত্য-কলা-সাংস্কৃতিক জগতখনৰ অতীতৰ আৰু ভৱিষ্যতৰ প্ৰজন্মৰ মাজৰ এগৰাকী প্ৰধান সংযোগ সাধক হিচাপে ৰফিকুলক সকলোৱেই গণ্য কৰি আহিছে। তেওঁৰ প্ৰথম কবিতাৰ কিতাপ শৰবিদ্ধআকাশখনে আশীৰ দশকৰ অসমীয়া কবিতালৈ নতুন আংগিকৰ অৱতাৰণা ঘটাইছিল। নতুন কৌশলেৰে নাটক লিখা, পৰিচালনা কৰাৰ নতুন প্ৰচেষ্টাক তেওঁ আত্মস্থ কৰি অসমৰ বহল ক্ষেত্ৰলৈ লৈ যোৱাৰ ইচ্ছাৰে আত্মনিয়োগ কৰিছিল। এনে ধৰণে কেৱল নাটকৰ কাৰণে মৰিগাঁৱত শিৱিৰ পাতি থাকোঁতেই এদিন ৰাতি তেওঁ হোটেলৰ কোঠাতে অসুস্থ হৈ অৱশেষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাবটি আমাৰ দৰে মানুহবোৰক শোকাহত কৰে। তেওঁৰ নাটক, তেওঁৰ কবিতাই অসমীয়া সাহিত্যক কিঞ্চিৎ হ’লেও সমৃদ্ধ কৰিছে, সৰ্বোপৰি তেওঁৰ পাছৰ প্ৰজন্মৰ ভালেমান তৰুণক সেইখন ক্ষেত্ৰত কাম কৰি থকাৰ অনুপ্ৰেৰণা যোগাই গৈছে। তেওঁৰ সেই নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ কথা সকলোৱেই মনত ৰাখিব। মই এই চমু লেখাৰে আজি আকৌ তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ।
লগতে পঢ়ক: চেনীৰাম গগৈৰ ‘পথাৰ’ৰ কবি ৰাম গগৈ : কবিতা আৰু মানুহজন