নিকানোৰ পাৰাৰ কবিতা

অনুবাদ: ড কল্যাণ ভূঞা

Issue: Vol. V, No. 1, May-July, 2026

নিকানোৰ পাৰা (জ. ১৯১৪-মৃ. ২੦১৮) লেতিন আমেৰিকাৰ এগৰাকী প্ৰখ্যাত কবি আৰু পদাৰ্থবিজ্ঞানী৷ প্ৰচলিত ধাৰাৰ বিপৰীতে এক শ্লেষাত্মক আৰু পোনপটীয়া কথিত ভংগীত লিখা নিজৰ কবিতাবোৰক পাৰাই “প্ৰতি-কবিতা” (anti-poetry) বুলি অভিহিত কৰিছিল৷

ৰোলাৰ কোষ্টাৰ

আধা শতিকা জুৰি
কবিতা আছিল স্বৰ্গ
গম্ভীৰ মূৰ্খৰ।
যেতিয়ালৈকে মই আহি
বনোৱা নাছিলোঁ মোৰ ৰোলাৰ কোষ্টাৰ।

মন গৈছে যদি যোৱা ওপৰলৈ
মোক পাছে নুদূষিবা, যদি তুমি নামি আহা
নাকে মুখে তেজ লৈ।


আৰক্ষীক আভুৱা ভাৰিবলৈ কোৱা কৌতুক

বঢ়িয়া! এতিয়া আমাক আমাৰ মুক্তিদাতাৰ পৰা
কোনে মুক্ত কৰিব!
তেওঁলোকে আমাক ঘেৰি আনিছে

প্ৰথম আৰু প্ৰধান কথা, চিলি এখন বৈয়াকৰণিক,
ইতিহাসবিদৰ দেশ,
এখন কবিৰ দেশ
এতিয়া এইখন হৈছে… ডট ডট ডটৰ দেশ

মই পঢ়ুৱৈ জনতাক বিশ্বাস কৰোঁ ১০০%
মই নিশ্চিত যে আনকি…
অসামৰিক মানুহবোৰে
অলিখিত কথাবোৰ পঢ়িব পাৰে

যুৱ আদৰ্শবাদীসকল
সকলো ঠাইৰ পৰা অহা শৰণাৰ্থীসকল
নিৰ্বাসিতসকল, অসন্তুষ্টসকল, অত্যাচাৰৰ বলিসকলে
সবিনয়ে সৰ্বোচ্চ চৰকাৰক সোধে
তেওঁলোকেও আমাক অনুমতি নিদিব নে
অন্ততঃ নিজা এখন নাৰ্ছিং হোমৰ

মই নভবাকৈ থাকিব নোৱাৰোঁ
কিয় এ এছ পি চি এই
দুৱাৰ মেলি নিদিয়ে
গৃহহীনসকলৰ বাবে

অত্যাচাৰ ৰক্তাক্ত হ’বই লাগিব
বুলি কথা নাই
এজন বুদ্ধিজীৱীৰ কথাকে ধৰি লওক
উদাহৰণ স্বৰূপে—
মাত্ৰ তেওঁৰ চশমাযোৰ লুকুৱাই থওক

চৰাইবোৰ
কুকুৰাবোৰৰ ভগৱান নহয়
চলাচলৰ পূৰ্ণ স্বাধীনতা
কুকুৰা গঁৰালৰ সীমাৰ ভিতৰত

কালি মাথোঁ
শূন্য পাত্ৰবোৰৰ মিছিল
আৰু এতিয়া
ঠাহি ঠাহি পূৰ্ণ কৰা মলপাত্ৰৰ পেৰেড

পাৰাই আমাক মূৰ্খ সজালে
মই ভাবিছিলোঁ তেওঁ আমাৰ ফালে
আপুনি কি আশা কৰিছিল, ইয়ৰ এক্সেলেন্সি?
অভ্যুত্থান এটাত
আপুনি গম পায়
কোন কি