Issue: Vol. V, No. 1, May-July, 2026
কৃষক
মুকলি আকাশৰ তলত কোন থাকে?
কৃষক।
ভৰিৰ তলত মাটি কাৰ আছে?
কৃষকৰ।
মাতৃদুগ্ধতকৈও মিঠা কি?
কৃষকৰ ঘাম।
কালৰ কুটিল গতিও স্তব্ধ হয় ক’ত?
নাঙলৰ সীৰলুত।
জগতৰ হানি হোৱা প্ৰাণ
পুনৰ জাগি উঠিব কেতিয়া?
নাঙলৰ ফালত কটুৰ মাটি
ছিৰাছিৰ হ’ব যেতিয়া৷
আমি গৰখীয়া ল’ৰাবোৰে—
আমি গৰখীয়া ল’ৰাবোৰে
চিলাইৰ ওপৰত চিলাই মাৰি
গৈ থকাৰ দৰে, পৰিশেষত পথাৰে
টিকা ঢাকিব নোৱাৰিলে নিজৰ
অলপ ঢিলাই দিয়াতে
টিকাবোৰ উদং হ’ল৷ উদং হ’ল—
টিকাৰ তলৰ নল বিৰিণাৰ হোলাবোৰো
পাখি গজিল আৰু আমি এদিন প্ৰিয় পথাৰ এৰি
পথত উঠিলোঁ,
কিন্তু, ৰঙিয়াল হাবিখন
হাবিখনৰ হেঁটুলুকা চৰাইবোৰ…
পাৰাপাৰ হেৰুৱাই অথাই সমুদ্ৰত পৰিল
ডেউকা ভাগিল, সিহঁত ঠাইতে জাহ গ’ল
বিদ্যুৎ টাৱাৰবোৰে গতিহীনকৈ বান্ধিলে
চিলা উৰা আকাশ আমাৰ
এতিয়াও একেই দিন ৰাতি
অথচ, শৰালি এটালৈ সুৰুঙা এটা নাই পুৱা-গধূলি
আমি পৈতৃক মাটি ভেটি বিচাৰি আকৌ
ঘূৰি আহিলোঁ ঠিকেই,
কিন্তু, আহি বিচাৰিলোঁনে সিহঁতকো এবাৰ!