জীৱন নৰহৰ ‘পেলনীয়া ব্যাখ্যা’

অসীম চুতীয়া

Issue: Vol. V, No. 1, May-July, 2026

পেলনীয়া ব্যাখ্যা জীৱন নৰহৰ স্বাক্ষৰ বহন কৰা শেহতীয়া কাব্যিক অভিজ্ঞতাৰ নৱতম সংকলন৷ এই সংকলনৰ কবিতাসমূহত ‘সময়’ আৰু ‘স্মৃতি’ৰ প্ৰাসংগিক উপস্থিতি বিশেষভাবে ধৰা পৰিছে৷ সময় ইয়াত কেৱল ঘড়ীৰ চলমান কাঁটাডাল নহয়; ই মানুহৰ জীৱনৰ আৰ্জিত অভিজ্ঞতাৰ বিভিন্ন স্তৰ৷ তেওঁৰ কবিতাত সময় কেতিয়াবা আগবাঢ়ে, কেতিয়াবা থমকি ৰয়, কেতিয়াবা পুনৰ উভতি আহে স্মৃতিৰ ৰূপ লৈ৷ এই সময়-বোধ কবিৰ দৈনন্দিন জীৱনৰ সৰু সৰু মুহূৰ্ত, অনুভৱ আৰু উপলব্ধিৰ মাজেৰে ধৰা দিছে৷ ফলত পঢ়ুৱৈয়ে নিজৰ জীৱনৰ সময়ৰ সৈতে এই কবিতাৰ সময়ক মিলাই চাব পাৰে বা একাত্ম হোৱাৰ অৱকাশ বিচাৰি পাইছে৷

জীৱন নৰহৰ কবিতাত সমাজ-চেতনা আছে, কিন্তু সি কেতিয়াও শ্লোগান বা প্ৰচাৰধৰ্মী ৰূপ নলয়৷ সমাজখনৰ আটাইতকৈ নিঃস্ব, উপেক্ষিত আৰু সংবেদনশীল মানুহবোৰৰ প্ৰতি থকা গভীৰ আত্মীয়তাৰ পৰাই তেওঁৰ সামাজিক দৃষ্টিভংগীয়ে গঢ় লৈছে৷ সেই কাৰণেই এই কবিতাবোৰত কোনো অপ্ৰয়োজনীয় ব্যাখ্যা বা মতবাদী দাবী নাথাকে৷ ইয়াত আছে কিছু প্ৰশ্ন, আক্ষেপ আৰু গভীৰ সহমৰ্মিতা৷ এই সংযমেই জীৱন নৰহৰ কবিতাবোৰক অধিক বিশ্বাসযোগ্য আৰু প্ৰভাৱশালী কৰি তুলিছে৷

ছন্দৰ ক্ষেত্ৰতো জীৱন নৰহৰ কবিতা বিশেষ ধৰণৰ৷ পৰম্পৰাগত অৰ্থত ছন্দ নাথাকিলেও এই কবিতাবোৰ সম্পূৰ্ণৰূপে লীৰিকেল৷ শব্দৰ পুনৰাবৃত্তি, বাক্যৰ সৰল গতি আৰু ভাষাৰ স্বাভাৱিক সোঁতেই এক অন্তৰ্নিহিত সংগীত সৃষ্টি কৰে৷ এই সংগীত বাহ্যিক নহয়; এই সংগীত পঢ়ুৱৈয়ে কবিতাসমূহ পঢ়োঁতে নিজেই অনুভৱ কৰিব পাৰে৷ সেই কাৰণেই এই কবিতাবোৰ পঢ়িলে হৃদস্পন্দনৰ সৈতে এক ধৰণৰ মিল অনুভূত হয়৷ এই সুৰটোৱেই জীৱন নৰহৰ কবিতাক পৃথক দৃষ্টিভংগী প্ৰদান কৰিছে৷

পেলনীয়া ব্যাখ্যা সংকলনটোত সন্নিৱিষ্ট কবিতাসমূহৰ বিষয়বস্তুৰ বৈচিত্ৰ্য বিশেষভাবে লক্ষণীয়৷ ব্যক্তিগত স্মৃতি, সমাজ-জীৱনৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু আত্মোপলব্ধিৰ পৰা জীৱন নৰহে এই কবিতাসমূহ লিখি উলিয়াইছে৷ তথাপি এই সকলো কবিতাক একেডাল সূতাৰেই বান্ধি ৰাখিছে— সেয়া হৈছে কবিৰ সংবেদনশীলতা৷ কবিৰ দৃষ্টি সদায়ে মানুহ আৰু মানুহৰ চৌপাশৰ জগতখনৰ ওপৰত নিবদ্ধ৷ এই জগতখন কেতিয়াবা স্নিগ্ধ, কেতিয়াবা কঠোৰ, কেতিয়াবা অসহ্য বেদনাৰে ভৰা, কিন্তু সদায়ে জীৱন্ত৷

‘পেলনীয়া ব্যাখ্যা’ কবিতাটিত কবিয়ে কবিতা, কবি আৰু ব্যাখ্যাকাৰীৰ মাজৰ সম্পৰ্কক প্ৰতীক-চিত্ৰকল্পৰ সহায়ত ব্যাখ্যা কৰিছে৷ কবিতাটোৰ আৰম্ভণিতে সহজ ভাবনাৰ কথা ক’লেও,— ক্ৰমাগতভাৱে বুজাই দিয়া হৈছে যে সহজ ভাবনা কবিতাৰ জন্মবিন্দু হ’লেও কবিতা নিজে কেতিয়াও সম্পূৰ্ণ সহজ নহয়৷ ভাবনাবোৰ নতুন নহয়, আগতেই কোনোবাই ভাবি থৈ গৈছে— কিন্তু সময়, মনোভংগী আৰু ভাষাৰ ‘হেলনীয়া’ই সেই ভাবনাক নতুন ৰূপ দিয়ে৷ কথক বা পৰ্যবেক্ষকৰ চেতনাত সেই নতুনত্বই ধৰা দিয়ে৷ কথকজনক অতীত, বৰ্তমান আৰু ভবিষ্যতৰ ‘নিৰ্ধাৰক’ হিচাপে দেখুওৱা হৈছে৷ এই প্ৰতীকে কবিতাক এক সময়াতীত সৃষ্টিৰূপে প্ৰতিষ্ঠা কৰে, য’ত কবিৰ চেতনাই সকলো সময়কে একেলগে ধাৰণ কৰিব পাৰে৷ কিন্তু বয়স অনুসৰি যি ভাবনা সহজে মনলৈ আহে, তাক কবিতাৰ ৰূপ দিয়াটো কঠিন— এইখিনিতে কবিয়ে কবিতা আৰু সৰল ভাষাৰ মাজৰ মৌলিক পাৰ্থক্য দেখুৱাইছে৷ এই কঠিনতাই ব্যাখ্যাৰ জন্ম দিয়ে, আৰু সেই ব্যাখ্যা বহু সময়ত ‘জটিল’, ‘অৰ্থহীন’ বা ‘শূন্য’ হৈ পৰে৷ ইয়াত ব্যাখ্যাকাৰীজন এক প্ৰকাৰৰ বিকাৰগ্ৰস্ততাৰ প্ৰতীক হৈ ধৰা দিছে— যি কবিতাৰ জীৱন্ত অনুভৱক বুদ্ধিদ্দীপ্ত পৰিকাঠামোত বন্দী কৰিব খোজে৷

কবিতাক “কোমল সেউজীয়া ঘাঁহ এডাল” বা “বতাহত নাচি থকা মন্থৰ অথবা ধীৰ লয়ৰ এডাল জীয়া কোঁহ”ৰ সৈতে তুলনা কৰি কবিয়ে কবিতাৰ স্বাভাৱিকতা, সজীৱতাৰ প্ৰসংগ উনুকিয়াইছে৷ এই চিত্ৰকল্পই কবিতাক এক জীৱন্ত সত্তা হিচাপে চিত্ৰিত কৰে– যাক বুজাব নোৱাৰি, কেৱল অনুভৱহে কৰিব পাৰি৷ ব্যাখ্যা ইয়াৰ বিপৰীতে এক জটিল প্ৰক্ৰিয়া, যিয়ে এই সজীৱতাক বহু সময়ত ক্ষতিগ্ৰস্ত কৰি আহিছে৷

কবিতাটোত কবিয়ে স্পষ্ট কৰি দিছে যে কবিবোৰ কবিতাৰ বাবেই জন্ম— পেলনীয়া ব্যাখ্যাকাৰীৰূপে নহয়৷ ইয়াত কবিৰ সৃষ্টিশীলতাৰ ওপৰত জোৰ দিয়া হৈছে আৰু কবিতাৰ অতিৰঞ্জিত ব্যাখ্যাকাৰীজনৰ প্ৰতি একপ্ৰকাৰৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ ‘‘কবিৰ জয়জয়কাৰ’’ ধবনিৰ জৰিয়তে কবিয়ে সৃষ্টিকৰ্তাক ব্যাখ্যাকাৰীজনতকৈও উচ্চ আসনত স্থান দিছে৷

মূলতঃ এই কবিতাটিত কবিয়ে প্ৰতীক আৰু চিত্ৰকল্পৰ সহায়ত কবিতাৰ স্বভাৱ, কবিৰ ভূমিকা আৰু ব্যাখ্যাকাৰীৰ সীমাবদ্ধতা স্পষ্টকৈ উল্লেখ কৰিছে৷ কবিয়ে ক’ব খোজা কথাটো হ’ল— কবিতা বুজি পোৱাৰ নামত তাক ধ্বংস কৰি পেলোৱাতকৈ, তাৰ সজীৱ লয় আৰু অনুভৱক স্বীকাৰ কৰাটোৱেই কবিতাৰ প্ৰতি সত্যনিষ্ঠ আচৰণ৷

‘কৃষ্ণ আৰু শিৱ’ এই সংকলনৰ এটি উল্লেখযোগ্য কবিতা৷ কবিতাটিত উল্লিখিত ‘কৃষ্ণ’ আৰু ‘শিৱ’ কোনো ‘দেৱতা’ নহয়, বৰঞ্চ গভীৰ মানৱতাৰ প্ৰতীক৷ কবিয়ে পুৰুষৰ ‘‘বহু তৰপৰ মোহ আৰু গ্লানি’’ৰ কথা কৈ কৃষ্ণ আৰু শিৱক তাৰ সাক্ষী বুলি কোৱা প্ৰসংগটো বিশেষভাৱে অৰ্থৱহ৷ ইয়াত কৃষ্ণ মানে মোহ, লীলা, প্ৰেম, ইন্দ্ৰিয়গ্ৰাহ্য আনন্দ আৰু জীৱনৰ প্ৰাচূৰ্যতা; আনহাতে শিৱ মানে বৈৰাগ্য, নীৰৱতা, ধ্বংস, আত্মসংযম আৰু গভীৰ বেদনাৰ একপ্ৰকাৰৰ স্বীকৃতি৷ এই দুয়োটা চৰিত্ৰ একেলগে ৰাখি কবিয়ে ক’ব খুজিছে যে মানুহৰ জীৱন একমাত্ৰ সুখ অথবা দুখৰ সমষ্টি নহয়– বৰঞ্চ ই দুয়োটাৰে সহাৱস্থান৷

জীৱন নৰহ (ফটো ফেচবুকৰ সৌজন্যত)

‘‘নীৰৱতাৰ মাজত বহু নাৰীয়ে/কৃষ্ণ আৰু শিৱক বিচাৰে’’ বুলি কওঁতে কবিয়ে নাৰীৰ অন্তৰ্জগতৰ এক সূক্ষ্ম সত্য উন্মোচন কৰিছে৷ ইয়াত ‘কৃষ্ণ’ হৈছে নাৰীৰ আকাংক্ষা আৰু প্ৰেমৰ প্ৰতীক; শিৱ হৈছে নাৰীৰ নীৰৱ বেদনা, সহনশীলতা আৰু গভীৰ উপলব্ধিৰ প্ৰতীক৷ অৰ্থাৎ নাৰীৰ মনত একেলগে মোহো আছে, বৈৰাগ্যও আছে৷ ই মানুহৰ মনৰ অন্তৰ্জগতত গভীৰভাৱে শিপাই থাকে৷

‘‘এই আছে এই নাই’’ শাৰীটোত কবিয়ে কৃষ্ণ-শিৱৰ দ্বৈত সত্তা প্ৰকাশ কৰিছে৷ তেওঁলোক দৃশ্যমানো, অদৃশ্যও; উপলব্ধিযোগ্য, ধৰিব পাৰিও নোৱাৰিও৷ যেন মানুহৰ স্পষ্ট-অস্পষ্ট মানসিকতাৰ বহিৰ্প্ৰকাশ ঘটাইছে এই শাৰীটোত৷ ইয়াৰ দ্বাৰা কবিয়ে জীৱনৰ অনিশ্চয়তা আৰু দ্বন্দ্বক প্ৰতীকৰ সহায়ত ধৰি ৰাখিছে৷

‘‘যাৰ প্ৰচুৰ সুখ আছে/তাৰ প্ৰচুৰ গ্লানিও আছে’’ এই পংক্তিত কবিৰ দাৰ্শনিক দৃষ্টিভংগী প্ৰকাশ পাইছে৷ ‘সুখ’ আৰু ‘গ্লানি’ একেটা মুদ্ৰাৰ দুটা পিঠি৷ কৃষ্ণৰ প্ৰচুৰ আনন্দৰ আঁৰত বিচ্ছেদ আৰু কৰ্তব্যৰ গ্লানি আছে; শিৱৰ ত্যাগ আৰু তপস্যাৰ আঁৰত গভীৰ প্ৰেম আৰু বেদনাৰ ইতিহাস আছে৷ সেয়েহে এই দুয়োটা চৰিত্ৰ সকলোৰে ‘‘প্ৰিয় বিষ আৰু অমৃত’’ হৈ উঠিছে— কাৰণ মানুহে নিজৰ সম্পূৰ্ণ সত্তাক, নিজৰ সুখ-দুখৰ সানমিহলি ৰূপটোক ‘কৃষ্ণ আৰু শিৱ’ৰ মাজত চিনাক্ত কৰিব পাৰে৷

‘তোমাৰ মুখখন’ শীৰ্ষক কবিতাত ‘মুখ’, ‘চকু’, ‘গাঁও’ আৰু ‘ইয়াতেই’ আদি চিত্ৰকল্পৰ যোগেদি কবিয়ে মাতৃত্ব আৰু কৰুণাৰ এক সাৰ্বজনীন অনুভৱ প্ৰকাশ কৰিছে৷ ‘তোমাৰ মুখখন কৰুণাৰ এখন দুৱাৰ’ বুলি কওঁতে এগৰাকী মততাময়ী মাতৃৰ নিঃচৰ্ত ভালপোৱাৰ এখন পৃথিৱীৰ সন্ধান দিছে৷ “তোমাৰ চকুযুৰি আকাশজুৰি ব্যাপ্ত” শাৰীটোত মাতৃৰ চকুযুৰিক অসীম সহানুভূতি আৰু সৰ্বব্যাপী দৃষ্টিৰ প্ৰতীক হিচাপে চিহ্নিত কৰিছে৷ মাতৃৰ চকুত সকলো ধৰা পৰে— সন্তানৰ দুখ, ভয়, আশা-আকাংক্ষা আদি৷ আকাশৰ দৰে ব্যাপ্ত হোৱাৰ অৰ্থই হৈছে সেই দৃষ্টিৰ সীমা নাই, যি সকলো আৱৰি লয় বা ল’ব পাৰে৷ ‘‘তুমি আছা সৌ ওপজা গাঁৱত/ অথচ তুমি ইয়াতেই’’ এই চিত্ৰকল্পই দূৰত্ব আৰু উপস্থিতিৰ দ্বন্দ্ব উন্মোচিত কৰিছে৷ মাতৃগৰাকী শাৰীৰিকভাৱে দূৰত থাকিলেও তেওঁৰ স্নেহ আৰু কৰুণা সন্তানৰ চেতনাত সদায়ে উপস্থিত৷ ‘‘ইয়াতেই’’ শব্দটোৰ পুনৰুক্তিয়ে কবিৰ মানসিক আৰু আত্মিক উপলব্ধিক আৰু দৃঢ় কৰি তোলে৷

শেষৰ অংশত থকা ‘‘কৰুণ কোমল এখন মুখ/ মোৰ আই/ মোক কোলাত লোৱা’’ পংক্তিটোৰ যোগেদি কবিয়ে সকলো বিমূৰ্ত প্ৰতীকক এক গভীৰ মানৱীয় আকাংক্ষালৈ নমাই আনিছে৷ ইয়াত উল্লিখিত ‘আই’গৰাকীক কেৱল জৈৱিক মাতৃ বুলিব নোৱাৰি, সম্ভৱতঃ এই ‘আই’গৰাকী আশ্ৰয়, নিৰাপত্তা আৰু নিঃচৰ্ত ভালপোৱাৰ চিৰন্তন প্ৰতীক৷ “মোক কোলাত লোৱা” বুলি জনোৱো আহ্বানে হয়তো মানুহৰ জীৱনৰ ক্লান্তি, ভয় আৰু একাকীত্বৰ পৰা মুক্তি বিচৰা অন্তিম আকুতিও হ’ব পাৰে৷ এই কবিতাটিত কবিয়ে এগৰাকী মাতৃক ব্যক্তিগত অনুভৱৰ পৰা উলিয়াই আনি সাৰ্বজনীন দৃষ্টিভংগী প্ৰদান কৰিছে৷ যিগৰাকী মাতৃ সকলো মানুহৰ দুখ, একাকীত্ব আৰু ক্লান্তিৰ আশ্বাসৰ প্ৰতীক হৈ ধৰা দিছে৷

‘আয়ে দিয়া মাতষাৰ’ কবিতাটিত ‘আইৰ মাতষাৰ’ৰ মাজত কবিয়ে এক গভীৰ মানৱীয় নৈতিকতা বিচাৰি পাইছে৷ ধৰ্মৰ সৈতে মাতৃৰ মাতষাৰক তুলনা কৰি কবিয়ে লিখিছে– “ধৰ্মতকৈ আইৰ মাতষাৰ/ মই বেছি বিশ্বাস কৰোঁ৷” মাতৃৰ মাতত কোনো দৃষ্টান্তমূলক বিধি বা ভীতি নাই; ইয়াত আছে নিঃচৰ্ত বিশ্বাস আৰু মানৱতা৷ ‘সাগৰ আৰু তৰা’ৰ চিত্ৰকল্পৰ সহায়ত এই বিশ্বাস আৰু মানৱতাৰ বিশালতা প্ৰকাশ কৰা হৈছে৷ সাগৰৰ তলি চুব নোৱাৰাৰ দৰে আৰু তৰালৈ হাত মেলিও ঢুকি নোপোৱাৰ দৰে আইৰ মাতত নিহিত বিশ্বাসো তুলনাবিহীন৷ এই বিশ্বাস যুক্তি বা প্ৰমাণৰ বিষয় নহয়; ই অনুভৱ আৰু অভিজ্ঞতাৰ পৰা জন্ম লোৱা এক গভীৰ আত্মিক উপলব্ধি৷ কবিতাটিৰ গুৰুত্বপূৰ্ণ বক্তব্যটো হৈছে ধৰ্ম আৰু ৰাজনীতিৰ সম্পৰ্কৰ প্ৰতি কবিৰ সমালোচনামূলক দৃষ্টিভংগী৷ ধৰ্মক ৰাজনীতিৰ ‘‘ভৃত্য’’ বুলি কোৱা প্ৰসংগটো একপ্ৰকাৰৰ তীব্ৰ শ্লেষ, যাৰ জৰিয়তে কবিয়ে ইংগিত দিছে যে ধৰ্ম বহু সময়ত ক্ষমতা আৰু স্বাৰ্থৰ হাতত ব্যৱহৃত হয়৷ এই পৰিপ্ৰেক্ষিতত আইৰ মাতষাৰ ‘‘ধৰ্মতকৈ ওখ’’ হৈ পৰিছে— কাৰণ ‘আইৰ মাতষাৰ’ কোনো স্বাৰ্থ, বিভাজন বা শাসনৰ সৈতে জড়িত নহয়৷ জড়িত হোৱাৰ সম্ভাৱনাও নাই৷ এই কবিতাটিয়ে আইৰ মাতষাৰক নৈতিকতা আৰু মানৱতাৰ প্ৰতীকী ৰূপত উন্মোচিত কৰিছে৷

‘মুখ আৰু মুখা’ কবিতাটিত ‘মুখ’ আৰু ‘মুখা’ৰ প্ৰতীক ব্যৱহাৰ কৰি কবিয়ে মানুহ আৰু কবিৰ সত্তাগত পাৰ্থক্য, লগতে কবিতাৰ জন্মপ্ৰক্ৰিয়া আৰু গ্ৰহণযোগ্যতা সম্পৰ্কে এক তীক্ষ্ণ দাৰ্শনিক বক্তব্য আগবঢ়াইছে৷ ইয়াত মানুহ মানে সমাজত বাস কৰা এক সৰল, সীমাবদ্ধ আৰু আত্মৰক্ষামূলক সত্তা, যাৰ মুখা আছে অৰ্থাৎ যি নিজৰ সত্য আড়াল কৰি চলে৷ বিপৰীতে কবি কোনো নিৰ্দিষ্ট মুখাৰে আৱদ্ধ নহয়; কবি নিজেই মুখাৰে গঠিত, অৰ্থাৎ বহুস্বৰ আৰু বহুবিৰোধেৰে গঢ় লোৱা এক জটিল সত্তা৷

মানুহৰ ‘অপবাদ’ আৰু ‘দুৰ্ঘটনা’ বাহ্যিক, যাক মানুহে এৰাই চলিব বিচাৰে৷ কিন্তু কবিৰ ক্ষেত্ৰত এইবোৰ এৰাব নোৱাৰা প্ৰসংগ, ই কবিৰ সৃষ্টিৰ মূল উপাদান৷ …কবি অপবাদেৰে নিৰ্মিত, …কবি দুৰ্ঘটনাতেই জন্ম —এই বক্তব্যৰ জৰিয়তে কবিয়ে ক’ব খুজিছে যে মানুহে বিৰক্তি, ব্যৰ্থতা বা অস্বস্তি এইবোৰক এৰাই চলে, কিন্তু কবিয়ে সেইবোৰকেই কাব্যিক সত্যলৈ ৰূপান্তৰ কৰে৷ সেয়েহে পৃথিৱীৰ সমস্ত গ্লানি-গৰিহণা কবিয়ে মূৰ পাতি লয়, কাৰণ কবিতাৰ জন্মই হয় গ্লানি আৰু গৰিহণাৰ পৰা৷

‘মানুহ সৰল-মূৰ্খ/ আৰু কবি জটিল মুখা’’ এই উক্তিত মানুহক হেয় প্ৰতিপন্ন কৰা উদ্দেশ্যত নহয়, বৰঞ্চ মানুহে জটিল সত্য সহজভাৱে গ্ৰহণ কৰিব নোৱাৰাৰ সীমাবদ্ধতাক সূচোৱা হৈছে৷ কবিৰ মুখা জটিল, কাৰণ কবিতা নিজেই ভ্ৰম, প্ৰতীক আৰু বহুস্তৰীয় অৰ্থেৰে গঠিত৷ সেয়ে ‘‘কাব্য ভ্ৰমৰ পৃষ্ঠভূমিত সৃষ্টি হোৱা’’ কবিৰ ধাৰণা সহজে গ্ৰহণযোগ্য নহয়৷

শেষৰ ফালে কবিয়ে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে— এই ভ্ৰমটো কাৰ? কওঁতাৰ, শুনোতাৰ নে পাঠকৰ? ইয়াৰ উত্তৰ কবিয়ে দিয়া নাই৷ এই দায়িত্ব কবিৰ অনুগামীসকলৰ, অৰ্থাৎ পাঠক অথবা ব্যাখ্যাকাৰীলৈ ঠেলি দিছে৷ সামগ্ৰিকভাৱে এই কবিতাটিয়ে কবি, কবিতা আৰু পাঠকৰ মাজৰ জটিল সম্পৰ্কৰ লগতে সত্য আৰু ভ্ৰমৰ সীমাৰেখাডালৰ অনুসন্ধান কৰিছে৷ এই কবিতাত কবিগৰাকী সমাজৰ বাহ্যিক সত্তা নহয়, বৰঞ্চ সমাজে বহন কৰিব নোখোজা অপ্ৰিয় সত্যবোৰ নিজে মূৰ পাতি লোৱা এক অস্থিৰ কিন্তু অনিবাৰ্য সত্তা৷

‘প্ৰকৃতিৰ পৰমায়ুস’ কবিতাত প্ৰকৃতি আৰু আধুনিক নগৰায়নৰ মাজৰ সংঘাত, লগতে প্ৰকৃতিৰ ধীৰে ধীৰে ক্ষয় হোৱাৰ বেদনাদায়ক সত্য প্ৰকাশ কৰিছে৷ শুকান গছ, নৈ, চৰাই, গাঁও আৰু নগৰ —এইবোৰ সকলো একো একোটা স্বাভাৱিক দৃশ্য হ’লেও, ইহঁতে সময়ৰ পৰিৱৰ্তন আৰু মানৱ হস্তক্ষেপৰ ধ্বংসাত্মক দিশটো স্পষ্ট কৰি তোলে৷

শুকান গছজোপাৰ কাষৰে¸ নৈখনলৈ নামি যোৱা বাটটো প্ৰকৃতিৰ জীৰ্ণতা আৰু চলমান জীৱনৰ প্ৰতীক৷ গছ শুকাই যোৱা মানে প্ৰকৃতিৰ শক্তি ক্ষয় হোৱা, অথচ নৈখন এতিয়াও বৈ আছে— যি জীৱনৰ গতিশীলতাক প্ৰতিনিধিত্ব কৰিছে৷ কিন্তু সেই নৈখনলৈ যোৱা বাটটোৱেই দেখুৱাই দিছে যে প্ৰকৃতি এতিয়া ধ্বংস পৰাহত৷ প্ৰকৃতিক লৈ কোনো চিন্তিত নহয়৷ নৈখনৰ পানীৰ ঢৌৰ ওপৰে ওপৰে উৰি যোৱা কাম বৰণীয়া চৰাইবোৰে প্ৰাকৃতিক ছন্দ আৰু নিয়মৰ প্ৰতীকী অৰ্থ বহন কৰে৷ ‘‘নিয়ম ভাঙি দূৰ দূৰলৈ উৰিছে’’ –এই চিত্ৰকল্পই ইংগিত দিয়ে যে প্ৰকৃতিৰ স্বাভাৱিক ছন্দ ভাঙি গৈছে; চৰাইবোৰেও নিৰাপত্তা আৰু আশ্ৰয় বিচাৰি ভাগৰি পৰিছে৷

গাঁওখন নগৰলৈ পৰিৱৰ্তন হোৱা আৰু নগৰখনে ৰাতিৰ নিৰ্জনতা হেৰুওৱা প্ৰসংগটো এক অনিবাৰ্য কিন্তু উদ্বেগজনক ছবি৷ ইয়াত ‘উন্নয়ন’ বাহ্যিকভাৱে আগবঢ়া যেন লাগিলেও অন্তৰ্নিহিতভাৱে ই প্ৰকৃতি, নীৰৱতা আৰু মানৱীয় সৰলতাক ক্ষতিগ্ৰস্ত কৰিছে৷ ৰাতিৰ নিৰ্জনতা হেৰুৱা মানে মানুহ আৰু প্ৰকৃতিৰ অন্তৰঙ্গ সম্পৰ্ক ছিঙি-ভাঙি পেলোৱাৰ ইংগিত বহন কৰিছে৷ ‘‘ক্ৰমান্বয়ে নগৰখনে নৈখনক হেঁচা মাৰি ধৰিছে’’ শাৰীটোৱে কবিতাটোৰ কেন্দ্ৰীয় অৰ্থটো স্পষ্ট কৰি দিয়ে৷ নৈখন ইয়াত প্ৰকৃতি আৰু জীৱনৰ প্ৰৱাহৰ প্ৰতীক, আৰু নগৰখন ক্ষমতা, ভোগ আৰু আধিপত্যৰ প্ৰতীক৷ এই হেঁচাই প্ৰকৃতিৰ পৰমায়ুস— তাৰ সহনশীলতাৰ সীমাৰেখাক সূচায়৷ কবিয়ে ক’ব খোজে যে বৰ্তমানলৈকে প্ৰকৃতিয়ে নীৰৱে সকলো সহ্য কৰি আছে, কিন্তু এই সহনশীলতাৰো এক অন্তিম সীমাৰেখা আছে৷

এই কবিতাটিয়ে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাক অতিক্ৰম কৰি মানৱ সভ্যতাৰ এক আত্মসমালোচনামূলক দিশলৈ গতি কৰিছে৷ কবিয়ে কবিতাটিৰ যোগেদি সকীয়াই দিছে যে উন্নয়নৰ নামত যদি প্ৰকৃতিৰ স্বাভাৱিক ছন্দ ধ্বংস কৰা হয়, তেন্তে সেই উন্নয়নেই এদিন মানুহৰ বাবে সংকট হৈ উঠিব পাৰে৷

পেলনীয়াব্যাখ্যা জীৱন নৰহৰ কবিতা-জগতৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়৷ ইয়াত আধুনিক মানুহৰ সময়বোধ, স্মৃতিবোধ আৰু সংবেদনশীল অস্তিত্বৰ এক গভীৰ সত্যৰ প্ৰকাশ ঘটিছে৷ এই সংকলনৰ কবিতাসমূহত কবিয়ে ভাষাক অলংকাৰ বা বৌদ্ধিক কৌশলৰ পৰা মুক্ত কৰি জীৱনৰ স্বাভাৱিক প্ৰৱাহৰ সৈতে একীভূত কৰিছে৷ সময় ইয়াত কেৱল গতিশীলতা নহয়, স্মৃতি আৰু অভিজ্ঞতাৰ সানমিহলি ৰূপ; সমাজ-চেতনা ইয়াত শ্লোগান নহয়, নীৰৱ সহমৰ্মিতা; আৰু প্ৰতিবাদো উচ্চস্বৰ নহয়, কিন্তু গভীৰভাৱে অনুভূত৷ কবি, কবিতা আৰু পাঠকৰ মাজৰ সম্পৰ্কক লৈ কৰা আত্মসমালোচনাই এই সংকলনক আৰু অধিক তাৎপৰ্যপূৰ্ণ কৰি তুলিছে৷ লগতে কৃষ্ণ-শিৱ, মাতৃত্ব, আইৰ মাত, মুখ-মুখা, প্ৰকৃতি আৰু নগৰায়ন আদি প্ৰতীক, চিত্ৰকল্পৰ জৰিয়তে কবিয়ে মানুহৰ সুখ-দুখ, মোহ-বৈৰাগ্য, বিশ্বাস-ভ্ৰম আৰু উন্নয়ন-বিনাশৰ দ্বন্দ্বসমূহ সূক্ষ্মভাৱে উন্মোচন কৰিছে৷ এই কবিতাবোৰ পঢোঁতে পাঠকে কেৱল কবিৰ অভিজ্ঞতা নহয়, নিজৰ জীৱনৰ ছবি, নিজৰ সময়ৰ চাপ আৰু নিজৰ মনৰ প্ৰশ্নসমূহো স্পষ্টকৈ অনুভৱ কৰিব৷ সেই অৰ্থতেই জীৱন নৰহৰ কবিতা পেলনীয়া ব্যাখ্যাৰ কবিতাসমূহে বিষয়বস্তুতকৈও অনুভৱৰ, মতবাদতকৈও মানৱতাৰ আৰু শব্দতকৈও জীৱনৰ অধিক ওচৰ চপা এক কাব্যিক অভিজ্ঞতা হৈ ধৰা দিছে৷

লগতে পঢ়ক:  অসীম চুতীয়াৰ কৰবী ডেকা হাজৰিকাৰ ‘পৰীৰ বাঁহী’