Issue: Vol. V, No. 1, May-July, 2026
বেৰ
খিৰিকীমুখৰ পৰাই দেখি
থৰ লাগি ৰৈ থকা এখন গজদন্ত বেৰ
যাৰ বুকুত খোদিত হৈ আছে
যুগ-যুগৰ নিঃসংগতাৰ বৰ্ণিল গাথা
ৰ’দ-বৰষুণ, ধুমুহাকো কেৰেপ নকৰি
কাৰোবালৈ যেন সোণালী অপেক্ষা
এৰা, বেৰে কেৱল পৃথক কৰে
বাটৰ হেঙাৰ হৈ নিব পাৰে অবাটে
ভুলত ভজাই কেতিয়াবা প্ৰেমাষ্পদজনৰ পৰাও
ঘটাব পাৰে বিচ্ছেদ
এনে নেতিবাচক ধাৰণা কিছুমানৰ কাৰণে
বেৰৰ প্ৰতি মই বীতশ্ৰদ্ধ আছিলোঁ
পিছে, আজি এটা ব্যতিক্ৰমে মোক
ন-কৈ ভবালে
হঠাৎ দেখিলোঁ বেৰখনত
এজাক চৰাই শাৰীকৈ বহি
ৰ’দৰ সুমধুৰ গীত জুৰিছেহি
সুধিলত ক’লে আমি জাৰৰ দেশৰ
পৰা আহিছোঁ
তৎমুহূৰ্ততে বেৰখনো দেখোন ৰঙিয়াল হৈ পৰিল
চৰাইজাকৰ মধুৰ কাকলিবোৰ
তাৰ ধমনীৰে বৈ গ’ল সুৰৰ এটি
নিজৰা হৈ
যেন জাগ্ৰত এটা শিল্পী সত্তা
আৰু এয়া কি?
আমি পৰস্পৰে পৰস্পৰলৈ দেখোন
আগবঢ়াই দিছোঁ কৰমৰ্দনৰ
দীঘল হাত
আৰু সৌৱা বেলিটোৱে আমালৈ চাই
খিলখিলকৈ হাঁহিছে
নামহীন বেৰপ্ৰীতি এটাই অজানিতে
মোক বন্দী কৰি পেলালে
ক’ব নোৱৰাকৈয়ে মই বেৰৰ প্ৰেমিক হৈ পৰিলোঁ
ক্ৰমে তীব্ৰ হৈ অহা অনুভৱৰ স্বৰ এটাই
এই যেন কৈ গ’ল
কেৱল প্ৰেম-প্ৰীতিয়েহে মনৰ জটিল জট ভাঙি ভাঙি
জীৱন কৰিব পাৰে অৰ্থপূৰ্ণ
কি কয় আপুনি?
মন-কথা
মনৰো এখন আদালত আছে
মন-গহনত
কেতিয়াবা মনৰ বাঘে বিদ্ধ কৰে
আপোনাৰ চেতনাৰ শৰীৰ
তেতিয়াই মনে বিৰুদ্ধাচৰণ কৰি
শুদ্ধকৈ ভুলবোৰ কৰি থাকে
কেতিয়াবা নাভাবেনে নিৰলাত বহি
সংযম সংগী হ’লে মনৰ,
প্ৰশান্তিৰ বিস্তৃতিয়ে
আকাশ চুব
হয়, আইনাত প্ৰতিবিম্বিত নোহোৱা
মনটো চাবলৈ অথবা
শব্দ-বৰ্ণ অবিহনে মনটো পঢ়িবলে’
জ্বলাই ল’ব লাগিব মন-চাকিগছি
পিছে,দৃষ্টি সতৰ্ক নহ’লে শনখেৰৰ
দৰে টনটনীয়া মনটোও
সময়ৰ চাকনৈয়াত হ’ব পাৰে বিধ্বস্ত
অচিন শঙ্কাত অথিৰ মনে তেতিয়াই
নেদেখা জনলৈ আগবঢ়াই দিয়ে
প্ৰাৰ্থনাৰ ছিন্থেটিক দুহাত।